এনে যখিনীৰ বিষয়ে জানি আপুনি ভয় খাব নে হাঁহিব ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 9, 2021

এনে যখিনীৰ বিষয়ে জানি আপুনি ভয় খাব নে হাঁহিব ? Storyboard

Storyboard

এদিন সন্ধিয়া ককাই মোক লগ ধৰিলে। ময়ো সহজতে মান্তি হ'লো। ককাই মোক অচিনাকি ঠাই এখনলৈ লৈ গ'ল। মই আচৰিত হ'লো, ককাই মোক এনে পাণ্ডৱ বৰ্জিত ঠাইলৈ কিয় আনিছে( Storyboard )। প্ৰতিবাদো কৰা নাছিলোঁ। পৃথিৱীত এনে কিছুমান মানুহ আছে যাক যিকোনো পৰিস্থিতিতে একো প্ৰশ্ন কৰিব পৰা নাযায়। ইয়াৰ মুখ্য কাৰণ- মানুহজনৰ প্ৰতি থকা বিশ্বাস অথবা ভৰসা।


আন্ধাৰে আখল পাতিছে। বৰ ভেকুলীৰ টোৰ্ টোৰ্ শব্দত সন্ধিয়াটো বেছি ঘন হৈ আহিছে। ককাৰ গাৰ পৰা এটা আচহুৱা মাটি মাটি গোন্ধ মোৰ নাকত আহি লাগিছেহি। মাটিৰ গোন্ধো ইমান কোমল হ'ব পাৰেনে? আপোনাৰ ক্ষেত্ৰতো এনে হয় নেকি- আপোন হ'লে উৎকট গাৰ গোন্ধো মিঠা।


খুদিৰাম বৰদেউতাৰ ঘৰ পাই দেখো- বৰমাই টেমা এটা বজাই নাচি আছে। মোৰ গা চেবাই গ'ল। বৰমাৰ গাত যখিনী লম্ভীছে। মানুহবোৰৰ উৎসুকতা দুগুণে বঢ়াই বৰমাই এবাৰ হাঁহিছে, এবাৰ কান্দিছে।


ককাই সাঁচিপাতৰ পুঁথি এখন উলিয়াই মন্ত্ৰ মাতিবলৈ ধৰিলে। মন্ত্ৰৰ তালে তালে বৰমাই জপিয়াই জপিয়াই নাচিবলৈ ধৰিলে।( Storyboard )


পুঁথি শেষ হ'ল। যখিনী নগ'ল। ককাই আৰু এখন দেওলগা পুঁথি উলিয়াই ল'লে। মোৰ জীৱ যাওঁ যাওঁ। মন্ত্ৰৰ মাজে মাজে ককাৰ প্ৰশ্ন- 'কি নাম তোৰ, কিয় আহিলি ইয়ালৈ, ক'লৈ যাবি?' টেকেলা চকুৱা যখিনীৰ কৰ্কশ চিঞৰ- 'বাপু(ককাৰ নাম) বুঢ়াক লৈ হাতীদ'লা পুখুৰীলৈ যাম!'


এইবাৰ মোৰ আৰু ভয় লাগিল। জানোচা যখিনীয়ে ককাক লৈ গুচি যায়। মনতে ভাবিলো- 'নেচোন ককাক কেনেকৈ নিয়, পিঠিফালৰ ঘাপ দি দিম, বাপেৰক চিনি পোৱা নাই!'


নিস্ফলভাবে দ্বিতীয় পুঁথিৰ যৱনিকা পৰিল। ককা আচৰিত হ'ল। ককাই হেনো সেইকেইখন পুঁথিৰে ভয়ানক ভূতকো খেদি পঠাব পাৰে! এইবাৰৰ কথা সুকীয়া, এইটো শক্তিশালী প্ৰেত আত্মা লম্ভিছে।


এঘন্টামানৰ পাছত যখিনীজনী নিজে আঁতৰি গৈছিল। সকলো আচৰিত হৈছিল। ককা বৰমাৰ কাষ চাপি আহিল- 'আই অ' তই কেতিয়াৰ পৰা গম পালি বাহিৰা বস্তু লাগিছে বুলি!' বৰমায়ে ককাৰ ভৰি দুটাত সাৱটি ধৰিলে- 'দেদাই, তিলেশ্বৰৰ ঘৈণীয়েকে যেতিয়াই ভাঙৰ ভাজিকণ খাবলৈ দিলে, তেতিয়াৰ পৰাই মোৰ গাত ভূতটো লাগিলে।'


'আই ঐ মৰতী' বুলি চিঞৰ এটা মাৰি, ককাই বৰ বেয়া মাত কেইটামান মাতিছিলে, লিখিব নোৱাৰি। ৰাতি ১২ বজাত তিলেশ্বৰ বৰতা আৰু খুদিৰাম বৰদেউতাৰ যুক্তিতৰ্কখন লিখিব পৰা হ'লে কি মজা লাগিলহেঁতেন।







এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।( Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages