আজিৰ দিনটোত শনিদেৱক প্ৰসন্ন কৰিবলৈ আপুনি কি কৰিব কি নকৰিব ? Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, June 10, 2021

আজিৰ দিনটোত শনিদেৱক প্ৰসন্ন কৰিবলৈ আপুনি কি কৰিব কি নকৰিব ? Religious Studies

 

Religious Studies

আজি  ১০ জুন। আধ্যাত্মিক আৰু জ্যোতিষৰ দিশত এই দিনটোৰ অধিক গুৰুত্ব আছে --( Religious Studies )

১) শণি জয়ন্তী অৰ্থাৎ জেঠ মাহৰ অমাৱস্যা শণি দেৱৰ জন্ম তিথি। 

২) বছৰৰ প্ৰথম সূৰ্য্য গ্ৰহণ ।

শণি গ্ৰহৰ কথা কলেই সাধাৰণতে সকলোৱে ভয় খায় ।  শণিয়ে মানুহক শেষ কৰি নেপেলায়। শণি গ্ৰহেই বহুত খেলি মেলি কৰিব পাৰে কিন্তু যদি সত্য পথত থাকে, মানুহৰ হিত চিন্তা কৰে  তেন্তে শণি দেৱে বেয়া নকৰে । শণি দশা চলি থাকোতে বিভিন্ন কামত, বাধা , মানুহৰ লগত কাজিয়া হোৱা, ধন হানি আদি  কথা বিলাক হোৱা দেখা যায়। 


ভাৰতৰ প্ৰাচীন ঋষি সকলে আৰু সাধক সকলে প্ৰতিটো গ্ৰহৰ ওপৰত গৱেষণা কৰি  গ্ৰহৰ কু প্ৰভাৱৰ পৰা ৰক্ষা পাবৰ বাবে বহুত কথাই লিখি গৈছে । ইয়াৰ উপৰিও ভাৰতৰ বিভিন্ন ঠাইত অতি প্ৰাচীন কালৰে পৰা কিছুমান সৰু সৰু কাম কৰি গ্ৰহৰ কু প্ৰভাৱৰ পৰা ৰক্ষা পোৱাৰ নিয়ম চলি আহিছে।  এই কাম বিলাক দেখাত অলৌকিক কথা যেন লাগিলেও কাম অতি সোনকালে হয়। 


এই সৰু সৰু কাম বিলাক প্ৰকৃততে সৰু সৰু  তন্ত্ৰ।  তন্ত্ৰ এই বাবেই কোৱা হয় কিয়নো কিছুমান বিশেষ তিথিত , বিশেষ  সময়ত কিছুমান বিশেষ দ্ৰব্যৰ প্ৰয়োগ কৰা হয় । কিন্তু এই বিলাক কাম কৰিবৰ বাবে কোনো বিশেষ তান্ত্ৰিক নালাগে প্ৰতিজন মানুহে নিজৰ বা পৰিয়ালৰ কল্যানৰ বাবে নিজেই কৰিব পাৰে। 


শণি জয়ন্তীৰ দিনা শণি দেৱে ভাল পোৱা কাম কৰিলে শণি দেৱ প্ৰসন্ন হয় আৰু কাৰোবাৰ জন্ম কুণ্ডলীত যদি শণি গ্ৰহ বেয়া স্থানত থাকে বা শণি দেৱৰ দৃষ্টি বেয়া থাকে তেন্তে সেইবিলাক কু ফলৰ প্ৰভাৱ কমি যায় --


১) শণি জয়ন্তীৰ দিনা শণি চালিসা পাঠ কৰিলে শুভ ফল পোৱা যায়। 

২) শণি জয়ন্তীৰ দিনা শণি দেৱে ভালপোৱা  বস্তু - ক'লা তিল , মিঠাতেল বা তিল তেল,  ক'লা মাটি ডাইল শণি মন্দিৰত দিলে শণি দেৱতাৰ কু প্ৰভাৱৰ পৰা ৰক্ষা পাব পাৰি। 


৩) শণি জয়ন্তীৰ দিনা মহাদেৱ শিৱক আৰাধনা কৰিলে , শিৱ লিঙ্গত পানী আৰু  বেল পাত দিলে শণি দেৱ প্ৰসন্ন হয়। 

৪)কলি যুগত শণি গ্ৰহৰ বা কোনো গ্ৰহৰ কু প্ৰভাৱ দূৰ কৰিবৰ বাবে হনুমান দেৱক মানিব লাগে। 

শণি জয়ন্তীৰ দিনা ৰাতিপুৱা বা গধূলী সূৰ্য্যাস্তৰ পাছত সাত বাৰ বা এঘাৰ বাৰ হনুমান চালিসা পাঠ কৰিলে সকলো কৰ্ম বাধা আৰু বিবাহ বাধা  দূৰ হয় বুলি কোৱা হয়। 

৫) শণি জয়ন্তীৰ দিনা সূৰ্য্যাস্তৰ পাছত হনুমান দেৱক ক'লা তিল তেলৰ চাকি জ্বলাই নীলা ফুল আৰু সেন্দুৰ দিলে শণি দেৱৰ কু প্ৰভাৱ পৰা ৰক্ষা পাব পাৰি। 

৬) শণি জয়ন্তীৰ দিনা ক'লা কুকুৰ বা বান্দৰক বুন্দিয়া লাডু খুৱাব লাগে।  

৭) শণি জয়ন্তীৰ দিনা এটা বাতিত মিঠাতেল ভৰাই নিজৰ মূখ খন তেলত চাই তেল খিনি শণিৰ দান লোৱা মানুহক দিব লাগে।  


শণি জয়ন্তীৰ দিনা সূৰ্য্য গ্ৰহণো হব । যদিও  ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান নহয় তথাপিও  গ্ৰহণ আমাৰ এই ব্ৰহ্মাণ্ডতেই হব আৰু বিভিন্ন ৰাশি বিলাকৰ ওপৰত তাৰ প্ৰভাৱ পৰিব । সেয়ে সূৰ্য্য গ্ৰহণৰ সময় ছোৱাত হনুমান চালিসা পাঠ কৰিলে বহুত সুফল পাব । 

জুলা শৰ্মা 

নতুন দিল্লী

Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages