ন-ছোৱালীয়ে ওৰণি নোলোৱাৰ বাবে অতিথিৰ লাগিল যগৰ : Assamese Storyboard - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Wednesday, June 30, 2021

demo-image

ন-ছোৱালীয়ে ওৰণি নোলোৱাৰ বাবে অতিথিৰ লাগিল যগৰ : Assamese Storyboard

PhotoGrid_1625053745279

মেঘালী সেইদিনা প্ৰথম পাকঘৰত সোমাইছে। তেওঁৰ গিৰিয়েকৰ সম্পৰ্কীয় দুই-এজনো সেইদিনা তেওঁলোকৰ অতিথি। ভাতসাজ তৃপ্তিৰ আছিল, ক'ব পাৰি মৰমৰ এসাঁজ। মেঘালীয়ে আটাইকেইজন অতিথিকে একোখনকৈ গামোচা উপহাৰ দিলে।( Assamese Storyboard )


আবেলি সময়ত তেওঁলোক যাবলৈ ওলাল। পৰিয়ালৰ সকলোৱে তেওঁলোকক পদূলিমুখলৈকে আগবঢ়াই দিলোঁ। মেঘালীৰ গিৰিয়েকে মিচিকীয়া হাঁহি মাৰি সুধিলে- "বোৱাৰী, কেনে দেখিলে?" অতিথিকেইজন গহীন হৈ পৰিল। অকণমান আগলৈকে সকলোকে কথাৰে বান্ধি ৰখা অতিথি কেইজনে কৰ্কশভাৱে কৈ যোৱা কথাখিনিৰ সাৰমৰ্ম হ'ল- "ওৰণিহীন 'মেঘালী' তেওঁলোকৰ পৰিয়ালৰ লায়কৰ নহয়!" থাউকতে মেঘালীৰ মূৰত আকাশখন ভাঙি পৰিল। 


মেঘালীৰ গিৰিয়েকে পুনৰ অতিথিকেইজনক ঘৰলৈ মতাই আনিলে। তেওঁ মেঘালীক চাহ বনাবলৈ ক'লে। তেওঁলোকক চাহ যঁতনোৱাৰ ইচ্ছা মেঘালীৰ সমূলি নাছিল। কিন্তু গিৰিয়েকৰ কথা, তাই এইবাৰ ওৰণিখন দীঘলকৈ লৈ, আন্তৰিকতাশূন্য চাহৰ বাটিকেইটা আগবঢ়াই দিলে। মেঘালীৰ গিৰিয়েকে গহীনাই কৈ গ'ল- "খুৰাদেউ হয়, তাই ভুল কৰিলে, আপোনালোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ তাই ওৰণিখন লৈ অহা উচিত আছিল। কিন্তু সন্মানীয়জনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ জানো এজনী নাৰীৰ ওৰণিখনেই একমাত্ৰ সম্বল। এই নাৰীগৰাকীয়ে আপোনালোকৰ ক্ষেত্ৰত অকণো হেমাহি কৰা নাছিল।( Assamese Storyboard )


ওৰণিহীন হ'লেও তেওঁৰ আন্তৰিকতা আছিল অকৃত্ৰিম। তেওঁ সেই সময়ৰ পৰিচৰ্যা বিপৰীতে ওৰণিখনৰ প্ৰাসংগিকতা কিবা আছে জানো! তাই অনাগত দিনত ওৰণি ল'ব খুৰাদেউ, আপোন মাক-দেউতাকক এৰি এখন নতুন ঘৰক আপোন কৰি ল'ব বিচৰা বেছিদিন হোৱাই নাই। সদায় ডিঙিত উৰ্ণাখন লৈ ঘূৰি ফুৰা ছোৱালীজনীয়ে পলকতে ওৰণিখন আদৰি লোৱাটোও সহজ কথা নহয়। সেয়ে ছাগৈ তাই ওৰণিখন ল'বলৈ পাহৰি থাকিলে। আপোনালোকে তাইক বেয়া নাপাব, তাইক ক্ষমা কৰি দিব!"


"সদায় তহঁত সুখেৰে থাকিবি' বুলি কৈ অতিথিকেইজন গ'লগৈ। মেঘালীয়ে গিৰিয়েকৰ মুখলৈ তন্ময়তাৰে চাই ৰ'ল।


PhotoGrid_1606810891850

 

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages