গাঁৱৰ খেলে ইতিমধ্যে ইয়াৰ চুড়ান্ত ৰায় দিছিল। নিশাৰ মাক-দেউতাক,সৰু ভাই-ভনীয়েকে সমাজৰ সন্মুখত আঁঠু কাঢ়ি গাঁৱৰ খেলৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ গৈছিল ( Storyboard )। সিদ্ধান্তটোৰ বিষয়ে গম পোৱাৰ লগে লগে নিশাই বন্ধ হৈ থকা কোঠৰ দেৱালত মূৰটো মাৰিলে। তাৰ পাছত তাই কঁপি উঠিল অসহনীয় কষ্টত। চাৰিদিন আগলৈকে তাই জীৱনটো কিমান যে আশাৰে ভৰি আছিল। তাইৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আহিব লগা আছিল। তাই ঘৰ সাৰোতে, কেঁচা বাৰাণ্ডা মুচুতে, কাপোৰ ধুওঁতে,বাচন ধুওঁতে,মাকৰ লগত ৰুটি বেলুতে..... অকল কলেজত পঢ়াৰ সপোন দেখিছিল। গোটেই চুবুৰীয়াটোত অকল তাইয়ে উচ্চতৰ মাধ্যমিক স্তৰলৈ সফলতাৰে আগবাঢ়ি যোৱা। দুখীয়া ঘৰৰ ছোৱালী ,যাৰ মাক -দেউতাকে দিন হাজিৰা কৰি তাইক পঢ়াইছিল.... ফুলৰ কলি হেন নিশায়ে কেতিয়াও চিন্তায়ে কৰা নাছিল যে কোনোবাই তাইৰ সৰ্বোচ্চ শেষ কৰিবলৈ তাইৰ আশে পাশে ঘূৰি ফুৰিছে।
৪০-৪৫ বছৰীয়া সেই মুকুলক ৰাস্তাৰ সকলো ল'ৰা-ছোৱালীয়ে খুৰা বুলি মাতিছিল। সি কেতিয়াবা খাৰু বিক্ৰী কৰাৰ অজুহাতত ,কেতিয়াবা গজৰা,কেতিয়াবা সেন্দুৰ ,কেতিয়াবা চাদৰ মেখেলা......যাৰ দ্বাৰা ঘৰৰ মহিলাসকলৰ লগত কথা পতা সুযোগ পায়। তাকে তুলি লৈ আৰু নিশাহঁতৰ ৰাস্তাত বিক্ৰী কৰিবলৈ আহে। সকলো কামতকৈ বেছি সি খাৰু বিক্ৰী কৰি ভাল পায়।কাৰণ খাৰু পিন্ধোৱাৰ অজুহাতত মহিলাৰ কোমল হাত চোৱাৰ সুযোগ পায় যে সেই দুষ্ট স্বভাৱৰ মানুহটোৱে। নিশাৰ মাকেও কেতিয়াবা তাৰ পৰা কিবা কিবি কিনিছিল। নিশা সেই দুৰ্ভাগ্যজনক দিনটোত ঘৰত অকলে আছিল। যেতিয়া সেই কুকৰ্ম কৰা মানুহজন সিহঁতৰ ঘৰলৈ আহিছিল।
নিশাই বন্ধ হৈ থকা দুৱৰাৰ ফাঁকে দিয়ে কৈছিল"ঘৰত কোনো নাই......কাইলৈ আহিব মায়ে আপোনাৰ পৰা খাৰু লৈ ল'ব"। সেই কুকৰ্ম কৰা মানুহজন চকু ''ঘৰত কোনো নাই "বুলি কোৱা শুনি উজ্জ্বল হৈ উঠিছিল কামনাৰ হেঁপাহত। সি কাঁহ মাৰি ক'লে," ভন্টী বহুত পিয়াহঁত আছোঁ..... দুৱাৰখন খুলি অলপ পানী খাবলৈ দিয়া"। নিৰ্দোষী নিশাই তাৰ কামনাৰ পিয়াহঁক বুজি পোৱা নাছিল আৰু তাই দুৱৰাখন খুলি পানী আনিবলৈ গ'ল।
সেই দুষ্ট মানুহজন নিশাই পানী আনিবলৈ ভিতৰলৈ যাঁওতেই ঘৰৰ ভিতৰত সোমাল । তাৰ পাছত নিজৰ বস্তু পেলায় দুৱাৰ বন্ধ কৰি ভিতৰত নিশাৰ ওচৰ পালেগে।নিশাই কিবা বুজি পোৱা আগতেই সি চিলনীৰ দৰে নিশাক এনেকৈ ধৰিলে যে নিৰ্দোষী চৰাই দৰে তাই চটপতাই থাকি গ'ল।
যেতিয়া ঘৰৰ সকলোৱে ঘূৰি আহিছিল। তেতিয়া নিশাৰ ওপৰত হোৱা অত্যাচাৰৰ কথা শুনি গোটেই চুবুৰীটোত হুলস্থূল হৈ গ'ল। নিশাৰ মাক-দেউতাক থানালে গলত তেওঁলোকৰ কথাত কোনো গুৰিত্ব নিদি তেওলোকক গঁতা মাৰি উলিয়াইহে দিলে।
বিষয়টো এতিয়া গাঁৱৰ খেললৈ লৈ যোৱা হ'ল।খেলৰ বিষয়ববীয়াই এইটো কৈ নিজকে বিষয়টোৰ পৰা আঁতৰাই পেলাইছিল যে "চোৱা তোমালোকে, এই মানুহজনে তেওঁৰ পাপ মানি লৈছে। মদ খাই আছিল। হৈ গ'ল ভুল........ এইটো কাৰণে এতিয়া ফাঁচি দিম নেকি ?ছোৱালীজনীয়ে চাব লাগিছিল । তাই দুৱাৰ খুলিছিল কিয় ঘৰত যেতিয়া মাক-দেউতাক নাছিল! সি কামনাত ভাঁহি গ'ল আৰু সিঁও পুৰুষ হে.....হ'ব এতিয়া এইবোৰ বাদ দে..... আগলেও কোনো নাই পাছলেও কোনো নাই...শুন নিশাৰ দেউতাক এই ধৰ্ষণকাৰী লগতে নিশাৰ বিয়া পাতি দে নহ'লে পাছত গাঁওত বহুত বাদনাম হ'ব.......। সি যেতিয়া উচ্চ জাতিৰ , তথাপিও যেতিয়া নিশাক বিয়া পাতিবলৈ সন্মতি দিছে তেতিয়া তোৰ কি অসুবিধা। "নিশাৰ মাকে চিঞৰি কথাষাৰৰ বিৰোধিতা কৰিলে,- অত্যাচাৰ হয় এইটো...... ক'ত সেই জংঘলী জীৱটো আৰু ক'ত মোৰ ফুলৰ কলিৰ দৰে ছোৱালীজনী!" কিন্তু কোনে শুনিব তাইৰ কথা। খেলে নিজৰ যুক্তি আগবঢ়াব ধৰিলে, "আঁতৰ ইয়াৰ পৰা"......ফুলৰ কলি দৰে ছোৱালী.....দাগ লাগিল তাইৰ..... কোনে এইবোৰৰ লগত কথা পাতে!"
মন আৰু আত্মাত আঘাত লৈ নিশা কইনা হ'ল। বিয়া হোমৰ গুৰিত সেই ধৰ্ষণকাৰীটোৱে যেনে তেনেহে ঘূৰিলে কাৰণ সি তেতিয়াও মদ খাই আছিল। নিশাক বিদায় দিয়া পাছত তাই নিজৰ গাঁওতে অলপ দূৰত থকা শহুৰেকৰ ঘৰ পালেগৈ আৰু মানুহৰ মাজত মদৰ নিচাত থকা সেই ধৰ্ষণকাৰীটোক সহায় কৰি ৰুমলৈ নি বিছনাত শুৱাই দিলে...... লাহে লাহে ওচৰ চুবুৰীয়াবোৰ তাৰ পৰা গুচি গ'ল।
নিশাই আঘাতপ্ৰাপ্ত ফেঁটী সাপে চোৱা দৰে ইফালে সিফালে চালে আৰু ততালিকে গৈ ঘৰৰ মুখ্য দুবাৰখন বন্ধ কৰি আহিলে। তাই দেখিলে ঘৰৰ এটা চুকত কেৰাচিনৰ ডাঙৰ বটল থয় দিয়া আছিল......। তাই বটলটো উঠাই লৈ নিচাত তং হৈ থকা ধৰ্ষণকাৰী স্বামীৰ ওপৰত ধালি দিলে। সি নিচাত আছিল যদিও অলপ অলপ চেতনা ঘূৰাই পালে আৰু সি আহিব লগীয়া বিপদৰ উমান পাই নিশাৰ ডিঙিত টেপা মাৰি ধৰিলে। নিশায়েও নিজৰ আঁঠুৱে দি তাৰ পেটত ইমান জোৰে মাৰিলে যে সি চিঞৰি উঠিল আৰু পেটত ধৰি মাটিত পৰি গ'ল। নিশাই নিজৰ বিয়াৰ চাদৰখন সোনকালেই খুলিলে আৰু তাৰ ওপৰত আৱৰি দিয়া দৰে দি দিলে। সি চাদৰৰ মাজত সোমাই থাকোঁতেই নিশাই নিজৰ ব্লাউজত লোকোৱাই থোৱা লাইটাৰটো জ্বলালে আৰু সেই ধৰ্ষণকাৰীটোৰ কাপোৰত লগাই দিলে। তাৰ পাছত তাই বহুত ফুৰ্টিত বাহিৰলৈ উলাই আহিলে আৰু দুৱৰা বন্ধ কৰি বাহিৰৰ পৰা হুক লগাই দিলে। ( Storyboard )
ধৰ্ষণকাৰী স্বামীয়ে জুই মাজত সোমাই তাইক গালি দি আছিল আৰু তাই জোৰে জোৰে চিঞৰি আছিল।"শুনক .....এনেকুৱা নকৰিব.... মই আপোনাক ক্ষমা কৰি দিলোঁ....। দুৱাৰ ভিতৰৰ পৰা কিয় বন্ধ কৰি দিলে.......।একো খিৰিকী ও নাই আপুনি কি কৰিছে ....... হে ভগৱান এই জুই ক'ৰ পৰা আহিল.......। আপুনি নিজৰ গাত জুই লগাই ল'লে......"।"শুনক .....এনেকুৱা নকৰিব...মই চোন কইনা হৈয়ে বিধবা হয় যাম........। "শুনক ..... দুৱাৰখন খুলি দিয়ক......।"এইফালে, নীলা আৰু ধৰ্ষণকাৰী স্বামীৰ মাত শুনি মানুহ আহি জমা হৈ গ'ল। সকলো বাহিৰৰ পৰা সিহঁতৰ দৰ্জা ধকিয়াই আছিল। তাই জ্বলি থকা ধৰ্ষণকাৰী স্বামীক দৰ্জা ফাঁকেৰে চাই আছিল আৰু যেতিয়া সি আধা মৰা হৈ মাটিত বাগৰি পৰিল ।
তাই তেতিয়া জোৰে হেঁচা দি যেন ভিতৰৰ পৰা বন্ধ হৈ থকা দৰ্জা খুলিছে তেনেকৈ খুলিলে। তাৰ পাছত ব্লাউজ,পেটিকোত পিন্ধিয়ে ঘৰৰ মুখ্য দোৱাৰখন খুলিবলৈ দৌৰি গ'ল। তাইক তেনেকৈ দেখি এজনী মহিলাই লৈ থকা এখন সৰু চুৰনি তাই গাত মেৰিয়াই দিলে । নিশাই অচেতন হোৱাৰ দৰে দৌৰি ভিতৰলৈ গ'ল। ভিতৰলে পুৰুষবোৰ দৌৰি গৈ ৰুমৰ পৰা ধৰ্ষণকাৰী স্বামীক উঠাই আৰু চৰকাৰী চিকিৎসালয়লে লৈ যায়। তাত গৈ পোৱা লৈকে তাৰ প্ৰাণ বায়ু উৰি গৈছিল। সেই পুলিচটো যিয়ে নিশাৰ মাক-দেউতাকক ঠেলা মাৰি উলিয়াই কৈছিল যে, নিজৰ মান সন্মান আছে নে নাই ...... যা গাঁৱৰ খেললৈ গৈ নিজৰ সন্মান বচা । "আজি সেই পুলিচটোৱে নিজৰ লগত কেইটামান আৰু পুলিচ আনি তাত আহি নিশাই কোৱা কথাবোৰ লিখি আছিল।" ওচৰ চুবুৰীয়াবোৰ যোৱা পাছত মোৰ স্বামীয়ে মোৰ ভৰিত ধৰিলে আৰু ক'লে,-মই তোৰ লগত বহুত বেয়া কৰিলো। মই তোৰ যোগ্য নহয় ?মোৰ দৰে ধৰ্ষণকাৰীৰ লগত, তই কি শান্তিত থাকিবি? ভগৱানৰ ওচৰত মোৰ দীঘলীয়া আয়ুসৰ বাবে কি বুলি বৰ খুজিবি? কি বুলি শিৰত সেন্দুৰ ল'বি.......মই এটা জন্মৰ বাবেও তোৰ স্বামী হোৱাৰ যোগ্য নহয়।তাৰ পিছত সাতটা জন্মৰ কথা বাদ দে......। এতিয়া মই প্ৰায়শ্চিত্ত কৰিম বুলি কৈ কেৰাচিনৰ বটলটো লৈ নিজৰ গাত ধালি দিলে।মই নকৰিবলৈ ক'লত মোক ঠেলি দিলে । মই উঠিবলৈ লওঁতেই তেওঁ লাইটাৰেৰে কাপোৰত জুই লগাই দিলে।যেতিয়া মই তেওঁ ওচৰলৈ দৌৰি গৈছিলো, মোৰ চাদৰতো জুই লাগিছিল।তেওঁ এইটো দেখি মোৰ চাদৰখন টানি মোক বাহিৰলৈ ঠেলি দিলে আৰু দুৱৰাখন ভিতৰৰ পৰা বন্ধ কৰি দিলে।মই দুৱাৰখন ধকিয়াই আছিলোঁ আৰু কৈছিলোঁ, "মই আপোনাক ক্ষমা কৰি দিলোঁ" । কিন্তু তেওঁ দুৱাৰখন খুলি নিদিলে। যেতিয়া মই একেৰাহে দুৱাৰখনত ধকিয়াই আছিলোঁ । ভিতৰৰ হুকটো খুল খাই দুৱৰাখন খুলি গ'ল আৰু মই দেখিলোঁ তেওঁ আধা মৰা হৈ মাটিত পৰি আছিল। মই সেই অৱস্থাতে গৈ ঘৰৰ মূখ্য দুৱাৰখন খুলিছিলো আৰু.......এইটো কৈ তাই নিজৰ হাতখন চিকিৎসালয়ৰ দেৱালত খুন্দা মাৰি দিছিল। যাৰ ফলত তাই পিন্ধি থকা খাৰুবোৰ ভাঙি পকাত পৰি গৈছিল। তাই হাতত খাৰুৰ চিঁচাৰ সোমাই তেজ উলাই আহিল.....। নিশাৰ মাক-দেউতাকে খবৰ পায় তাত আহি উপস্থিত হ'ল।
মাক-দেউতাক আহি পোৱাৰ লগে লগে মাকে নিশাক বুকু মাজত সাবতি ধৰি ক'লে , "নিশা তুমি দুখ পাইছা নি ভালে আছা নে" বুলি কৈ তাইৰ কপালত চুমা খালে। নিশাই তাইৰ মাকক এটা কোণলৈ নি কাণত লাহেকৈ ফুচফুচাই ক'লে," মা এইটো মোৰ সিদ্ধান্ত আছিল।সমাজে মোৰ দাগ লগা বুলি কৈছিল ন ? গতিকে মই দাগ লগোৱা মানুহটোক জ্বলাই ছাঁই কৰি দিলোঁ। বনৰীয়া গাহৰিটোক তাৰ ঘৰতে সোমাৱাই কাটি পেলালো। ধৰ্ষণকাৰী কেতিয়াও স্বামী হ'ব নোৱাৰে মা! সি কেৱল ধৰ্ষণকাৰীয়ে হৈ থাকিল হেঁতেন মোৰ বাবে। সি যিমান কষ্ট মোৰ মন আৰু আত্মাত দিছিল।আজি মোৰ সেই সকলোবোৰ কষ্টৰ পৰা মুক্তি পোৱা যেন লাগিছিল তাক জ্বলা দেখি। "নিশাই এইবোৰ কোৱা পাছত মাকে নিজৰ চকুত তাইৰ দ্বাৰা হোৱা দুষ্ট সংহাৰত বহুত সন্তোষ প্ৰকাশ কৰিলে আৰু তাইক সাবতি ধৰিলে। পুলিচে বিষয়টো আত্মহত্যা বুলি নিৰ্ণয় কৰি তাৰ পৰা গুচি গ'ল। তাত জুম খাই থকা পুৰুষ মহিলাবোৰেও,"কিয়নো কৰিলে.....কি যে হৈ গ'ল কৈ... ধৰ্ষণকাৰী স্বামীক অন্ত্যেষ্টি ক্ৰিয়াৰ বাবে সাজু কৰিবলৈ ধৰিলে।
সমাপ্ত
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


ভাল লাগিল পঢ়ি
ReplyDelete