পুতলি আইতাৰ লগত তাই কিছুদিনৰ পৰা আহিবলৈ লৈছিল।আইতাই কৈছিল, তাইৰ ককায়েক বৌয়েকৰ মৃত্যুৰ পাছত তেওঁলোকৰ ছোৱালী মিলি'ক কাৰ হাতত এৰি থৈ যাব। সেইবাবে মই নিজৰ ওচৰলৈ লৈ আনিলো। প্ৰায় সাত বছৰীয়া অলপ মাগুৰ বৰণীয়া মিলি, উদাশ মনেৰে এই খুটাটোৰ ওচৰতে প্ৰায়ে নিজৰ গুলপীয়া ফ্ৰগটোৰ সৈতে থিয় হৈ থাকে। স্কুলৰপৰা অহা পাছত তাইক সদায়ে লগ পাইছিলো। ( Storyboardy )
বহু বাৰ মিলিৰ সৈতে কথা পাতিবলৈ চেস্তা কৰিছিলো যদিও, তাই গুলপীয়া ফ্ৰগটোত থকা ফুলবোৰক চিকুটি চুকুটি খুটাটোৰ আঁৰত চেপেটা লাগি ৰৈ থাকিছিল। মিলি বিশেষ ধুনীয়া নাছিল। কিন্তু তাইৰ কোমলতা ভৰা শৈশৱে মোক তাইৰ কাষলৈ লৈ গৈছিল। আজি বহু চেষ্টা পাছত যেতিয়া তাইৰ ফালে এটা চকলেট আগবঢ়ালো, তেতিয়া তাই অকনো লাজ নকৰাকৈ জাপ মাৰি হাতৰপৰা চকলেটটো লৈ ললে।সেই সময়ত তাইৰ আলফুল মুখ খন চাই হাঁহি পৰিলো। t>
এতিয়া সদায়ে তাইৰ বাবে চকলেট আনে আৰু মিলিৰ লাজটো এতিয়া লাহে লাহে কমিব ধৰিছিল।মোৰ সৈতে কথা পাতিবলৈ লৈছিল। চকলেট ভালপোৱা মিলিক ,যিকোনো লোকেই এটা চকলেট দিয়ে ফুচুলাই লব পাৰিব তেনেকোৱা অনুমান হৈছিল।
আজি যেতিয়া স্কুলৰ পৰা আহিলো, তেতিয়া খুটাটোৰ সেই ঠাই দুখৰ খালি হৈ আছিল। পুতলি আইতাও আজি বাচন ধোবলৈ অহা নাছিল। কাষৰে লীলায়ে পুতলি আইতাৰ খবৰ লবলৈ ফোন কৰিলে যদিও পুতলি আইতাৰ একো খবৰ পোৱা নগল। কিন্তু আনএটা নতুন খবৰ হে পোৱা গল। ( Storyboard )
গম পোৱা গল যে, কাষৰে ঠাই এডোখৰত ছয়-সাত বছৰীয়া ছোৱালী এজনীক ধৰ্ষণ কৰা হৈছে। এনেবোৰ বিষয়ত মই খোব সোনাকালেই আবেগি হৈ পৰো, মই ভয় খালে। এইবোৰ ঠাইলৈ মই স্বাভাৱিকতে যাবলৈ কুণ্ঠাবোধ কৰো, কিন্তু কিয় জানো,আজি মনে নামানিলে আৰু বেগটো টেবুলতে থৈ কাষৰ সেই ঠাইলৈ খোজ ললো।
দূৰৰ পৰাই মানুহৰ জোম বান্ধি থকা মই দেখা পালে।উৎকণ্ঠা বাঢ়িল, তেতিয়া মই খোজটো অলপ বেগেৰে আগবঢ়ালে। পুলিচ এতিয়াও আহিপোৱা নাছিল। ওচৰ পাজৰ লোকে গোট খায় মেলাৰ দৰে জোম বান্ধিছিল।
মানুহৰ জোমৰ মাজেৰে মই খৰখেদাকৈ সোমাই গৈ দেখিলো, অলপ দূৰত তেজ লাগি থকা গুলপীয়া ফ্ৰগটো। মোৰ উশাহ দীঘল হল আৰু ভৰিবোৰ কপিঁবলৈ ধৰিলে। মানুহৰ জোমৰ মাজেৰে আৰু অলপ আগুৱাই গলত যি দেখা পালে যেন ভিতৰি ভিতৰি মই শিল পৰা কপৌটোৰ দৰে হৈ পৰিলো। দুচকোৱে দুধাৰি চকুলো বৈ আহিল। সেই ছোৱালীজনী আন কোনো নাছিল, মিলি আছিল। চকু দুটা বন্ধ হৈ পৰি থকা গুলপীয়া ফ্ৰগটোৰ জেপত চকলেটেৰে ভৰি আছিল। কোনো দানৱৰ হাতত আৰু এজনী কণমানি আজি কামনাৰ বলী হল।
আইন যিমানে শক্তিশালী নহঁওক কিয়, যেতিয়ালৈকে সমাজে নিজৰ ধাৰণা নসলাই, তেতিয়ালৈকে পৰিস্থিতিও সলনি নহয়।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment