"ৰবা, মাত্ৰ এক মিনিট মই আহি আছো ......" নীলক এনেদৰে কৈ,সেই শৰীৰটো আধা খোলা আধা ধকা কাপোৰ পিন্ধা ছোৱালীজনী থৰক বৰকৈ বাৰখনৰ বাথৰুমৰ ফালে গ'ল।( Storyboard )
নীলে তাইক একো নকলে অলপ বেকাকৈ চোৱা দৰে পিছলৈ ঘূৰি চাই নিজৰ মন পছন্দৰ হুইচকি গিলাছটোৰ শেষৰ ঘুট মাৰিলে আৰু খালি গিলাছটো বাৰটেণ্ডাৰ জনৰ ফালে আগবঢ়ায় আকৌ ভৰাই দিবলে ক'লে।
এতিয়া নীলৰ হাতত আকৌ হুইচকিৰে ভৰা গিলাছ আছিল।
সেই ছোৱালীজনী যোৱা বহুত সময় হৈ গৈছিল । সেইকাৰণে নিচাত ৰঙা হৈ থকা নীলৰ চকুজোৰে বাৰে বাৰে বাথৰুমৰ ফালে চাই আছিল। তেতিয়াই তাৰ ফোনটো বাজি উঠিল। সি চক খাই উঠি দেখিলে যে সেই ফোনটো তাৰ পত্নী অনুৱে কৰিছিল। সি অলপ মুখখন দেখিবলৈ বেয়া লগা কৰি দিলে আৰু ফুটো নুফুটোকৈ উলোৱা মাতেৰে ডাঙৰকৈ ক'লে ,"কি হ'ল...কিয় অশান্তি কৰিছা....। তোমাক কৈছিলো নহয় অফিচৰ কামৰ মিটিংত আছো.......কথা বেয়া হ'ব যদি তুমি মোক আকৌ ফোন কৰা"। তাৰ পাছত সি বকি বকি ফোন কাটি দিলে। এতিয়া সি ফোনটো কাটি গিলাছটো খাই শেষ কৰিব খোঁজোতেই সি তাৰ পাছফালে কিবা হুলস্থূল শুনিবলৈ পালে। সি চক খাই উঠি পাছলৈ চাই দেখিলে যে তাত এজন ৬০-৬৫ বছৰীয়া বুঢ়া মানুহে তাত বহি মদ খাই থকা ৩০বছৰীয়া ল'ৰা এটা ওচৰত হাত জোৰ কৰি কিবা কৈ আছিল আৰু সেই ল'ৰাটোৱে বুঢ়া মানুহজনক জোঁকাৰি ঠেলা মাৰি দিছিল।
কিছু সময়ৰ বাবে বৃদ্ধ মানুহজনে যুৱকজনক বুজাবলৈ ভৰিটোও ধৰিলে আৰু তাৰ পিছত ভাগৰুৱা হৈ তেওঁ থৰক বৰকৈ নীল বহি থকাৰ ফালে আহিবলৈ ধৰিলে।
সেই বৃদ্ধজনে নীলৰ সমানত থকা আসনত আহি বহিল। তাৰ পাছত তেওঁ বাৰটেণ্ডাৰ জনক সেই হুইচকিটো বিচাৰিছিল যিটো নীলে খাই আছিল। গিলাচটো হাতত ধৰি বুঢ়াজনে হাঁহি মাৰি নীলৰ ফালে চালে আৰু তাৰ পিছত তেওঁ গিলাচটো নীলৰ ফালে আগবঢ়ায় চিয়ৰ্ছ বুলি কৈ,গিলাচটো মুখত লগালে। তেওঁ এবাৰতে গোটেই গিলাচটো খালী কৰি, বাৰ টেণ্ডাৰজনৰ ফালে আগবঢ়ায় দি ভৰাব বাবে ইংগিত দিলে আৰু নীলাক ক'লে,"কি নাম তোমাৰ"?
"নীল.... "নীলে এইটো আশা কৰা নাছিল যে তেওঁ তাক কিবা সুধিব, সেয়েহে নীলৰ মুখৰ পৰা কেৱল নিজৰ নামটো হে ওলাল।
"বাহ...কি যে কথা.... মোৰ নামটোও নীল হয়।"সেই বুঢ়াজনে শেঁতা হাঁহি মাৰি নীলক ক'লে আৰু লগতে দুই নম্বৰ প্ৰশ্নটো সুধিলে,"আচ্ছা তুমি কি কাম কৰা"?
"মই এজন আৰ্কিটেক্ট।" নীলে অতি অবিচলিত ভাৱে উত্তৰ দিলে। সেই বুঢ়াজনৰ প্ৰশ্ন শুনি তাৰ নিচা নাইকীয়া হ'বলৈ আৰম্ভ কৰিছিল।
"ওহ ভাই........এইটো আশ্চৰ্যজনক চোন..... মইও আৰ্কিটেক্ট আছিলোঁ। এতিয়া তুমি নক'বা যে তুমি কাপুৰ এন কাপুৰ আৰ্কিটেক্ট স্কোম্পানীত কাম কৰা। কাৰণ মইও তাত চাকৰি কৰিছিলোঁ।"সেই বুঢ়া মানুহজনে ডাঙৰকৈ হাঁহি মাৰি ক'লে।
"হয় হয়..... মই তাতে কাম কৰোঁ।" নীলে আচৰিত হৈ তৎক্ষণাৎ উত্তৰ দিলে।
নীলে এতিয়া বুঢ়াজনক কোনোবা আনক ঠগা মানুহ বুলি ভাবিছিল। গতিকে সি তেওঁৰ বিষয়ে জানিবলৈ তেওঁকেই প্ৰশ্ন কৰিছিল। "সেই ল'ৰাটো কোন হয় তাক আপুনি হাত জোৰ কৰি কাকতি মিনতি কৰি আছিল?"
"সেইটো মোৰ ল'ৰা"।এইটো কঁওতে বুঢ়াজনৰ চেহেৰাত বহুত দিনৰ পৰা থকা দুখবোৰ ভৰি পৰিছিল।
"পুত্ৰ????" নীলৰ চকুত আশ্চৰ্যজনক শাৰীৰে ভৰি পৰিছিল। সি আকৌ সেই বৃদ্ধজনৰ আগত এটা প্ৰশ্ন উত্থাপন কৰিলে," কিন্তু আপুনি তাৰ আগত কিয় কাকুতি মিনতি কৰি আছিল???"
"এইটো বহুত দীঘলীয়া কাহিনী....শুনিবৰ বাবে ইমান সময় আছে জানো তোমাৰ?" বৃদ্ধজনে তাক তাৰ ঘড়ীটো দেখাই সুধিলে।
"হয় খুৰা....শুনিম" নীলে ভাবিলে নিচাটো এই বুঢ়াজনে নাইকীয়া কৰিয়ে দিলে আৰু এতিয়া ঠিক নাই এইজনীও কেতিয়া বাথৰুমৰ পৰা আহিব। তেতিয়ালৈকে এই বৃদ্ধজনৰে কাহিনী শুনি সময় কটাও।
"তেতিয়া শুনা .. সেইটো মোৰ ল'ৰা.... এতিয়া আৰবে খঙ কৰি আছে আৰু মোৰ ভুলৰ কাৰণে ....." তেতিয়া বৃদ্ধজনে ক'বলৈ আৰম্ভ কৰোঁতেই নীলে আশ্চৰ্যজনক মাতেৰে তেওঁক মাজতেই ৰখাই দিলে আৰু তেওঁক ক'লে ,এইটো বৰ আচৰিত কথা......। মোৰ পুত্ৰৰ নামও আৰব।" তাৰ পিছত, বৃদ্ধজনে তাক একো নোকোৱাকৈ এটা ৰহস্যজনক হাঁহি মাৰি আকৌ কোৱা আৰম্ভ কৰিলে। "মই কয় আছিলোঁ যে মোৰ পুত্ৰই মোক ইমান বেয়া পায় যে আনকি মোৰ চেহেৰাও চাব নিবিচাৰে.......। সকলোবোৰ মোৰ কৰ্মৰ ফল হয়। এটা সময়ত মই এক নম্বৰ মদাহী আৰু আয়াছী কৰি ফুৰা মানুহ আছিলোঁ।
ঘৰত ধুনীয়া পত্নী থকা স্বত্বেও, মই বাহিৰত বেলেগক চাই ফুৰো। আধা ৰাতি মদৰ নিচাত ঘৰলৈ যাঁও আৰু পত্নীয়ে ৰখালে তাইক বহুত মাৰো......। মোৰ এই ল'ৰাটো তেতিয়া ৬-৭বছৰীয়া আছিল......। সি বিছনা তলত সোমাই সকলোবোৰ চাই থাকে আৰু কান্দি কান্দি তাতে শুই থাকে......। লাহে লাহে মোৰ কুকৰ্ম বাবে সি আৰু মোৰ পত্নী মোৰ পৰা আঁতৰি গৈছিল আৰু কেইবছৰমান পাছতো যেতিয়া মোৰ স্বভাৱ ভাল নহ'ল । মোৰ পত্নীয়ে জীৱন আৰু মোৰ ওপৰত নিৰাশ হৈ আত্মহত্যা কৰিলে..... কেইদিনমানৰ বাবে মই হতবাক হৈ আছিলো আৰু আয়াছী কৰা নাছিলোঁ । কিন্তু আকৌ সেই ৰাস্তাতে গুছি গৈছিলো। মোৰ ল'ৰাই নিজেই নিজক স্বম্ভালীলে আৰু নিজৰ ভৰিত থিয় দিলে। এতিয়াটো মোক ইমান বেয়া পাই যে মোৰ চেহেৰাও চাব নিবিচাৰে আৰু মোৰ লগতো নাথাকে......। মই এতিয়া বৃদ্ধ অৱস্থাত অকলে আছোঁ আৰু বহুত ঠেকা খাইছো । নিজৰ আপোন মানুহ থকা পাছতো মোক আপোন কৰা কোনো নাই....। এতিয়াটো এনেকুৱা লাগে যে মই মৰা পাছত মোক খৰি দিয়া মানুহো কোনো নোলাব। এতিয়া মই বুজি পাইছোঁ যে মই নিজৰ জীৱনত কিমান ডাঙৰ ভুক কাম কৰিলো। ( Storyboard )
"তুমিও কৈ আছিলা যে তোমাৰ পত্নী নাম অনু..... কিন্তু মোৰ পত্নী নাম ও অনু.....। এনেকুৱা কেনেকৈ হ'ব পাৰে যে তোমাৰ পত্নী নাম ও অনু আৰু ল'ৰাৰ নাম ও আৰব।
তুমি ও আৰ্কিটেক্ট মই ও.... আৰু তোমাৰ নাম নীল মোৰ নাম ও নীল। কামো মোৰ কোম্পানীতে কৰা। তোমাৰ অভ্যাসও মোৰ দৰে.....হুইচকিও মই খোৱাটোৱে খোৱা আৰু চিগাৰেট ও মই খোৱাটোৱেই খাই আছা..... আৰু তুমি ও সম্পূৰ্ণ আয়াছী আৰু মইও। তুমি ও পত্নীক মাৰা আৰু মইও মাৰিছিলো....। তোমাৰ ল'ৰাই ও ভয়তে বিচনা তলত সোমাই আৰু মোৰ ল'ৰায়েও..... শুনা বুঢ়া বহুত দেৰি পৰা তোমাৰ নাটক চাই আৰু শুনি আছো। কিন্তু এতিয়া তোমাৰ এই নাটক মোৰ আগত নচলে......। তোমাৰ দৰে ঠগবাজ মানুহক মই ভালকৈ চিনি পাওঁ..... এতিয়া সোনকালে কোৱা তুমি কোন হয় আৰু মোৰ এই কথাবোৰ কৈ মোক কিয় অশান্তি কৰিছা নহ'লে মই পুলিচ মাতিম।
"নীলেই খঙত ডাঙৰকৈ চিঞৰি ৰঙা ৰঙা চকুৰে সেই মানুহজনৰ ফালে ঘূৰি চাই ক'লে।
"হা....হা......হা ...তুমি এতিয়াও মোক চিনি নাই পোৱা"। সেই বৃদ্ধজনে এটা ডাঙৰ হাঁহি মাৰি নীলক ক'লে।
"নাই পোৱা.... মই তোমাক কেনেকৈ চিনি পাম আজি আমি প্ৰথমবাৰ লগ হৈছোঁ যেতিয়া।" তেওঁ বহুত হাঁহি থকা দেখি নীলৰ খঙৰ ঠাইত আশ্চৰ্যজনক ভাব হে অনুভৱ হৈছিল।
"অত্যাধিক সাঁথৰ কৈ থাকিব নালাগে। তুমি কোন মোক সঠিকভাৱে কোৱা।" নীলে আকৌ খঙত বৃদ্ধজনক সুধিলে।
"মই নীল.....অৰ্থাৎ, মই তুমি।" বৃদ্ধজনে ৰহস্যজনক হাঁহি মাৰি ক'লে।
"তুমি কি বাজে কথা কৈ আছা? মোক সঠিকভাৱে কোৱা নহ'লে মোতকৈ বেয়া আৰু কোনো নহ'ব।" এইবাৰ নীলৰ খঙে সকলো সীমা অতিক্ৰম কৰিলে। সি লগে লগে বৃদ্ধজনৰ ডিঙিৰ গুৰিত ধৰিলে।
"কৈছোঁ য়ে চোন , মই তুমি বুলি.........। সঠিক ভাবে চিনাক্তকৰণ কৰা। মই তোমাৰ ভৱিষ্যত হয়। মই তোমাক অৰ্থাৎ মোৰ ভৱিষ্যত ক'বলৈ আহিছোঁ। এতিয়া ভাল হ'বলে চেষ্টা কৰা, অন্যথা পিছত তোমাৰ অনুশোচনা কৰাৰ বাহিৰে আন একো নাথাকিব......। যেনেকে মই তোমাৰ ভৱিষ্যত আৰু বৰ্তমানত ইয়াৰ বাবে অনুশোচনা কৰি আছোঁ।" নীলে মুখখন মেলি তেওঁৰ কথা শুনি আছিল। সি একো বুজি পোৱা নাছিল যে সেই বৃদ্ধজনে কি কৈ আছিল আৰু বৃদ্ধজনৰ কথা এতিয়াও অব্যাহত আছিল।
"মই নিবিচাৰোঁ যাতে তুমি তোমাৰ বৃদ্ধ বয়সত ভৱিষ্যত......অৰ্থাৎ, মই....অনুশোচনা কৰি থাকা আৰু একো কৰিব নোৱাৰা ।কাৰণ যদি এই সময় পাৰ হৈ যায়। তাৰ পাছত তুমি ভৱিষ্যতে কৰিম ভাবিলেও একো কৰিব নোৱাৰিবা। গতিকে মই তোমাক তোমাৰ ভৱিষ্যতৰ পৰা বুজাবলৈ....... বা ভাবি লোৱা সতৰ্কবাণী দিবলৈ আহিছোঁ।
"এতিয়া তুমি নিজেই জ্ঞানী। তুমি এইটো অব্যাহত কৰি ৰাখিব নে নিজকে নিজেই শুধৰাই নিজৰ পত্নীৰ প্ৰতি দায়িত্বশীল ,ল'ৰাটোৰ মৰমৰ আৰু সঁচা পিতৃ হ'বলৈ সক্ষম হ'বনে নে নোহোৱা?
"ঠিক আছে, এতিয়া মই উভতি যাঁও তোমাৰ ভৱিষ্যত আৰু তোমাৰ বৰ্তমানলৈ। তাৰ পাছত চাম যে তুমি তোমাৰ ভৱিষ্যত আৰু বৰ্তমান শুধৰাবলৈ পৰা নে নোৱাৰা।"
তাৰ পাছত ইমানেই কৈ বৃদ্ধ নীলজন তাৰ পৰা উঠি , সেই বাৰখনৰ দুৱাৰৰ ফালে গ'ল আৰু দুৱাৰখন পোৱা আগতেই নাইকীয়া হৈ গ'ল।
এইফালে নীলে নিজৰ ভৱিষ্যতক চকু ডাঙৰ ডাঙৰকৈ মেলি আৰু মুখখন খুলি নিজৰ ওচৰৰ পৰা নাইকীয়া হোৱা আচৰিত হৈ চাই আছিল।
নীলৰ চেহেৰাটো দেখি গম পোৱা গৈছিল যে সি ভৱিষ্যতৰ পৰামৰ্শ সমূহ হৃদয়ঙ্গম কৰি আছিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment