আমাৰ ওচৰৰ শৰ্মাৰ ঘৰত এমাহ মানৰ পৰাই প্ৰস্তুতি চলি আছে। ক'ৰবাত ঘৰটো মেৰামতি,ক'ৰবাত ড্ৰ'ইইৰুম নিৰ্মাণ, কোনোবা ফালে বাথৰুম কোনোবা ফালে শৌচালয় নিৰ্মাণ চলি আছিল। ঘৰত কাম কাজৰ ব্যস্ততাৰ লগতে সুখৰ পৰিৱেশ আছিল। শৰ্মাই সময়ে সময়ে মিস্ত্ৰী কেইজনক আৰু আন কাম কৰা মানুহ কেইজনক গালি দি আছিল। ইহঁতি কেৱল টকা কেনেদৰে ল'ব লাগে জানে আৰু কামত পাল মাৰিব জানে। যদি সিহঁতি অলপ কঠোৰ পৰিশ্ৰম কৰিব লগা হয় তেতিয়া সিহঁতৰ আইতাকৰ মৃত্যু হ'ল,অমুকৰ মৃত্যু হল বুলি মিছা কথা কযৈ কামলৈ নাহে। পইচা গছত লাগে নেকি যে তাৰ পৰা চিঙি সিহঁতক দি দিম। ৩০ দিন অফিচত কলম চলোৱাৰ পিছতহে লক্ষ্মীৰ দৰ্শন হয়। অলপ যদি বাহিৰা পইচা নাপালো হয় ঘৰ বিক্ৰী কৰিব লাগিল হয়। এফালে, চৰকাৰৰ প্ৰতিটো বিভাগত তীক্ষ্ণ নজৰ আছে। দ্বিতীয়তে, এই শ্ৰমিকসকলে ভাবে যে আমি নোট ছপা কৰো। যদি সিহঁতি মোৰ দৰে কাম কৰিব লগা হয় তেতিয়াহে কথাতো বুজি পালে হয়। কেনেকৈ আমি মানুহ ফঁচাও, সেইয়া আমি হে জানো। ইহঁতৰ নো কি, ইহঁতক কাম নকৰাকৈ অকল পইচা লাগে।( Best story )
আচলতে শৰ্মাৰ ঘৰত ডাঙৰ ল'ৰাৰ বিয়াৰ প্ৰস্তুতি চলি আছিল। তেওঁৰ দুটা ল'ৰা অবিনাশ আৰু বিকাশ। ছোৱালী কেইজনী বিয়া দিলে এতিয়া অকল ল'ৰা দুটা আছে।
অবিনাশে টানি আঁজোৰি বি.এ পাচ কৰি এতিয়া বেলেগৰ খিৰিকীয়ে দি ছোৱালী চাই থাকে। নহ'লে ৰাতিপুৱা আৰু সন্ধিয়া ঘৰৰ চতৰ ওপৰত চিনেমা গান গুণগুণাই, মোবাইলত চাতিং কৰি নজেই চেতেলাইট হৈ ঘূৰি ফুৰে। এইবোৰ কাৰণতেই মানুহে তাক বহুত বাৰ মাৰ পিতো কৰিছে। কিন্তু বয়স আৰু প্ৰেমত উত্তেজনা।সিনো কি কৰিব? যৌৱনৰ পিৰপিৰনি। এনেকুৱাত প্ৰেম নহ'লে, ভাল পোৱা নহ'লে, জীৱনত ৰস ক'ত থাকিব। বহুতে যৌৱনৰ বিষয়ে বহুত কিবা কিবি কৈছে। মোৰ অল্প বুদ্ধিৰ মূৰতোটো কিছুমান তীক্ষ্ণ বিচাৰ আছে। যেনে->
তুমি দিয়া গামোচাৰে জুলুঙা মই চিলাই লম
মৰমেৰে ৰুমাল খনো চিলিমত মেৰিয়াই লম…
এতিয়া তাৰ বৰলা জীৱন যাপন শেষ হ'ব গৈ আছিল আৰু বিয়াৰ শুভ মুহুৰ্ত আৰম্ভ হ'বলৈ ওলাইছিল।
এইফালে শৰ্মাৰ পত্নীয়েও বহুত কষ্ট কৰি নতুন বোৱাৰী বাবে ব্যবস্থা কৰি আছিল।শৰ্মাই ল'ৰাৰ বিয়াৰ বাবে বহুতো ছোৱালীৰ ফটো গোটাই আনি মিলাই চালে। কাৰোবাৰ চকু ডাঙৰ ডাঙৰ আৰু নাক চেপেটা । কোনোবা ওখ আৰু কোনোবা চাপৰ।কাৰোবাৰ চৰ্বি বেছি আৰু কোনোবা শকত। যি কেইজনী দেখিবলৈ ভাল সেই কেইজনী বহুত ভাল।কোনোবা বগা দেহৰ আৰু ওখ দাৰিকি আৰু কোনোবা হিৰিম্বা ৰাক্ষসী দৰে ডাঙৰ ডাঙৰ দাঁতৰ মালিকনী। কোনোবাই ৰঙত মাইকী ম'হৰ লগত ফেৰ মাৰিছে।
অৱশেষত বহুত কষ্টৰ মোৰত এটা সম্বন্ধ গঢ়ি উঠিল। ছোৱালীজনী ধুনীয়া,ওখ পাখ আৰু সুশিক্ষিত আছিল। শৰ্মায়ে সেইকাৰণে সোনকালেই হ'ব কৈ দিলে। বোৱাৰীয়ে নিজৰ লগত বহুত যৌতুক অনা লগতে গৰ্ভত তিনিমহীয়া এটা সন্তানো লৈ আহিছিল। নতুন বোৱাৰীৰ আদৰ -সংস্কাৰ তেনেকৈয়ে হৈছিল যেনেকৈ এখন নতুন বাইক বা কাৰৰ হয়। কেইদিনমান সদায় মুচা আৰু ধোৱা তাৰ পাছত সপ্তাহত তাৰ পাছত মাহত আকৌ তাৰ পাছত বছেৰেকত আৰু কেইবা বছৰমান পাছত কাপোৰে মুচাও নহয়। অকল চলাই থকা হয়। আৰম্ভণিতে শৰ্মাৰ পত্নীয়ে নতুন বোৱাৰীয়েকৰ প্ৰশংসা ওচৰ চুবুৰীয়াৰ ওচৰত বহুত কৰে। বহুত ভাল,সংস্কাৰী আৰু ধুনীয়া এগৰাকী আজ্ঞাকাৰী বোৱাৰী। তাইৰ বিষয়ে যিমান কোৱা হয়, সেইবোৰ কমেই হয়। ভগৱানে এনেকুৱা বোৱাৰী সকলোকে দিয়ক। মই তাইক বহুত মৰম কৰো বেলেগৰ দৰে নহয় নিজৰ বোৱাৰীক হাৰাশাস্তি আৰু অশান্তি কৰা আৰু লাঠীৰে মৰা । মই তাইক নিজৰ ছোৱালী বুলি ভাবোঁ। বেচেৰি জনীৰ মুখখন মা মা মাতি থাকোঁতেই শুকাই যায়। অবিনাশ তাইৰ কাৰণে বহুত সুখী । আমাক আৰু কি লাগে সুখ , শান্তি পৰিয়ালত ভৰি আছে সেইয়ায়ে বহুত। পইচা চোন সকলোৱে ইনকম কৰে সেইটো হাতৰ খেল।
কিন্তু এই আধুনিক বোৱাৰী জনীৰ গাত সেই সকলোবোৰ গুণ আছে যিবোৰ এজনী পঢ়া-শুনা আৰু সমৃদ্ধিশালী বোৱাৰী গাত থাকে।
তাই শৰ্মাৰ পুত্ৰ অবিনাশৰ লগত বিয়া হৈ অহাৰ লগে লগে চেহেৰাৰ যাদু চলাই অৰ্থাৎ তাক নিজৰ প্ৰেমৰ পিঞ্জীৰাত বন্দী কৰি ল'লে। অবিনাশে বোৱাৰীৰ এনেকৈ চোৱা চিতা কৰে যেনেকৈ লক্ষ্মণে বানবাসত সীতাক কৰিছিল। তাই তাক বেবী বুলি মাতে। শাহুৱেকে তাত কিবা ক'লে তেওঁৰ অৱস্থা বেয়া হৈ গৈছিল। এইফালে বোৱাৰীৰ প্ৰেমৰ ফান্দত পৰি অবিনাশৰ চাকৰিৰ আশাও আঁতৰি গ'ল। বোৱাৰীয়ে ওচৰৰ গাঁৱৰ অংগনৱাড়ী কেন্দ্ৰৰ অংগনৱাড়ী কৰ্মীৰ চাকৰিত সোমাল। এতিয়াটো তাই গোটেই পৰিয়ালটো ওপৰত সাম্ৰাজ্য প্ৰতিষ্ঠিত কৰি লৈছিল। কাৰ ইমান সাহস যে তাইক কোনোবাই কিবা ক'ব? যৌতুক, নিৰ্যাতন আদি দৰে আইনী ধাৰা লগাই দিম বুলি কোৱা গালি শুনিয়ে তেওঁলোক কঁপি উঠে। তাই সকলোৰে ওপৰত শাসন কৰিবলৈ আৰম্ভ কৰিছিল। লাহে লাহে শহুৰ-শাহুৰ ,দেউৰেক স্বামী সকলোৱে তাই মতে চলিব লগা হ'ল। এতিয়া তাইক বিচনা এৰি যোৱাৰ ঠিক আগতে বিচনাত চাহ লাগে। ৰাতিপুৱাৰ আহাৰ, তাইৰ স্বামী নাইবা তাইৰ শাহুৱেকে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলে। অকমান বেমাৰত পাৰিলেই তাই চিঞৰ বাখৰ কৰে আৰু বেছি বেমাৰ হোৱা যেন কৰি দেখাই। তাই পানী লাগিলে বিচনাত শুই থাকে আৰু সকলোকে চিঞৰি বাখৰি কয় যে মই ইয়াত বিচনাত পৰি আছো আৰু আপোনালোকে কামৰ পিছত পৰি আছে। এইখন ঘৰত মানুহে কাম কৰি কৰি মৰিব লাগিব। এইখন ঘৰ নে কাৰখানা? খোৱা বোৱা,বাচন, কাপোৰ ধোৱা, গৰু আৰু ম'হ,খেতি সকলোবোৰ অকল মোৰ ওপৰতে দায়িত্ব পাৰে।
নাই একো সুখ, শান্তি অকল দিন-ৰাত কামেই কাম।
তাই যদি দুই তিনি দিন কাম কৰে। তেতিয়া তাই চতুৰ্থ দিনা বেমাৰ বুলি বিচনাত পৰি থাকে। যেতিয়া তাই সাজি কাচি স্কুলৰ বিভাগীয় সভালৈ যায় তাইক দেখি কিমানৰ লেলাৱতি ওলাবলৈ আৰম্ভ কৰে। কিমানে যে ইন্দ্ৰৰ আকাশৰ দৰে কৰে। তাইৰ গোন্ধ, সুন্দৰতা, আদি চাবৰ বাবে গাওঁৰ ল'ৰাবোৰে তাইৰ পাছে পাছে নেতাৰ লগত যোৱা দৰে যায়। যাক হাঁহি কৈ দিয়ে , সি তাইৰ সপোন দিন-ৰাত দেখিবলৈ আৰম্ভ কৰে। তাইৰ কাৰণে কেইটামানে জোটা-চেণ্ডেলৰ মাৰো খাইছিল। তাই ঘৰত ইনেই যদি থাকে তেতিয়া তাই যিটি ভিডিও বনাই আপলোড কৰি থাকে। ( Best story )
সময় বাগৰি গৈ আছিল আৰু তাই এটা সন্তানৰ মাক হৈ পৰিলে। কিন্তু অভ্যাস একেই কাজিয়া আৰু এলেহুৱা ।
এতিয়া শৰ্মা দাৰো চাকৰিৰ পৰা অৱসৰ ল'ব হ'ল। তেওঁৰ পত্নীও বেমাৰত পৰি থকা হ'ল আৰু সৰু পুতেক বিকাশ ও পঢ়িবলৈ বেলেগ চহৰলৈ গ'ল। বোৱাৰী আৰু পুতেকৰ ওপৰত এতিয়া দায়িত্ব বাঢ়িবলৈ ধৰিলে। শাহুৱেকে কথাই প্ৰতি বোৱাৰীয়েকক চিঞৰে,গালি দিয়ে আৰু ঠাট্টা কৰে। তেওঁ বোৱাৰীয়েকৰ ফেচন চাই চাই আমনি পাইছিল। তেওঁ বেলেগ শুনাই কয় , আজি কালি বোৱাৰীবোৰ এনেকুৱা । তাই ভাবে স্বামী তাইৰ চাকৰ হৈ যায় আৰু শাহুৱেক তাইক চোৱা চিতা মানুহ।
নিজৰ কৰ্তব্য নাজানে যে তাইৰো আমাৰ প্ৰতি অলপ কৰ্তব্য আছে। ইহঁতি অকল সেৱা কৰোৱাব জানে,কৰিব নহয়। এনেকুৱা লাগে যে সিহঁতি ভাবে সকলো সম্পত্তি বুঢ়া-বুঢ়ীৰ পৰা লৈ লঁও নহ'লে মৰোতে লগত লৈ যাব। কি কৰিম আৰু? ল'ৰাবোৰো এনেকুৱা হৈ গৈছে যে পত্নী মুখ ভালকৈ নেদেখেই আৰু তাইৰ পাছত কুকুৰৰ দৰে ঘূৰিব ধৰে।
এদিন শাহুৱেকে এনেদৰে ওচৰৰ মানুহ এজনীক কৈ থাকোঁতে বোৱাৰীয়েকে লোকাই শুনি আছিল। সেই দিনা ৰাতি শাহু আৰু বোৱাৰী মাজত বহুত কাজিয়া হ'ল। বোৱাৰীয়েকে শাহুৱেকক ঠেলা মাৰি পেলাই , চুলিকোচা টানি বহুত মাৰিলে। বহুত কষ্ট কৰি মানুহবোৰে এৰোৱালে। বেচেৰিয়ে হাই ৰাম হাই ৰাম কৈ জীৱন বচাই পলাই ফুৰিলে। সেইদিনাই বোৱাৰীয়েকে অবিনাশক স্পষ্টকৈ ক'লে যে তাই আৰু এই পৰিয়ালৰ লগত নাথাকে। মই সজা কচা দেখিলে ইহঁতৰ হিংসা লাগে। মই জিন্স পিন্ধো বা কাপোৰ নিপিন্ধাকে ঘূৰো ইহঁতৰ কি দৰকাৰ। যিমান যি কৰিলেও অকল বেয়াহে নাম পাওঁ। যেতিয়া নিজেই কৰি খাব তেতিয়া গম পাব।বহি বহি সকলোবোৰ পাই বাবে বেছি হৈ গৈছে। তেতিয়াৰে পৰা মাক-দেউতাক , বোৱাৰী আৰু পুতেকে বেলেগে বনাই খায়। সিহঁতি নিজৰ সন্তানক বুঢ়া -বুঢ়ী ওচৰলৈ যাব নিদিয়ে।
বুঢ়ীজনীয়েও সন্তানটোক দেখি গালি দিয়ে যে এতিয়া ইয়াত কিয় আহিছ । আমি তোৰ একো নহয়। এইবাৰ শাহুৱেকে ভাবিলে চাম নহয় ইহঁতৰ সন্তানটো এতিয়া কোনে চোৱা চিতা কৰাত সহায় কৰে। সেইবাৰ বোৱাৰীয়ে ছাগলী দৰে চিঞৰি আছিল । মই হে সকলোবোৰ কৰিছিলো। তাৰ পাছতো একো অনুভৱ নকৰে। "মোৰ মেকুৰী ,মোকে আকৌ কামুৰে?" এইবাৰ তাই পাব শাহুক মৰা চুলি জোকাৰা ফল।
বুঢ়া হোৱা শৰ্মাই বিচনাতে শুই শুই চাই থাকে আৰু শুনি থাকে আৰু তেওঁ কৰিম ভাবিলেও একো কৰিব নোৱাৰে। তেওঁ কাৰ ফালে ক'ব? পত্নীক গালি দিলে বোৱাৰীৰ লগত বেয়া সম্পৰ্ক আছে বুলি ভাবে। বোৱাৰীক গালি দিলে তাইও বুঢ়া বয়সত বুদ্ধি নাইকীয়া হ'ল বুলি গালি দিয়ে। তেওঁ আগৰ ঘটনাটোতয়ে আঘাত প্ৰাপ্ত যেতিয়া শৰ্মাই নাতিনীয়েকক মাতি কেইটামান মিঠাই দি দিছিল। বোৱাৰীয়ে ল'ৰাটোক ইমান মাৰিছিল যে সি মুটি গৈছিল। তাৰ পাছতো কাণত ধৰোৱাই ক্ষমা খোজাই হে তাক এৰিছিল। তেতিয়াৰে পৰা শৰ্মাই বহুত মাতিলেও সি ওচৰলৈ নাহে। তেওঁ নিজৰ অৱস্থা দেখি দুখ কৰে আৰু কান্দে। তেওঁ সমাজখনো চাব লাগিব আৰু সৰু পুতেকৰ বিয়াও কৰাব লাগিব। পৰিয়ালৰ দুসংবাদ উলোৱাৰ পৰা ভয় কৰে। তেওঁ বেচেৰা এইফালে যাবনে সেইফালে?
এফালে কুঁৱা যদি আনফালে গাতৰ দৰে স্থিতি। ওচৰৰ মানুহবোৰে তেওঁলোকৰ কথা পাতি মজা লয় আৰু হাঁহে । তেওঁলোকে এইবোৰ শুনি বহুত ভাল পাইছিল। লাহে লাহে পৰিয়ালৰ কাজিয়া সম্পৰ্কীয় মানুহেও গম পাব ধৰিলে। সিহঁতিও এতিয়া ইহঁতৰ ঘৰলৈ আহা কম কৰি দিলে। ভাবে তাত সকলোৱে নিজৰ মাজত কাজিয়া লাগি থাকে আৰু মাত বোল নকৰে আৰু আমাক কোনে সুধিব আৰু যেতিয়াই যাও তেওঁলোকে সিহঁতৰ কথা কয় আৰু সিহঁতি এওঁলোকৰ কথা কয় কোনে এতিয়া সিহঁতৰ মুৰব্বী হৈ সমস্যা নাইকীয়া কৰিব। সঁচা কথা কোনেও ভাল নাপায়। গালি আৰু বদনামটো আছেই। ইয়াতকৈ ভাল যে মানুহে শুদাই-নিকাই যি পাইছে সেয়াকে খাই নিজৰ ঘৰত থাকক। তেওঁলোক এদিন ইনেও পুনৰ ভাল হৈ যাব আৰু আমি জীৱন ভৰ শত্ৰু হ'ব লাগিব ।নাই দেই.. । এতিয়া গোটেই গাঁওৰ প্ৰায় মানুহেই সেইগৰাকী বোৱাৰীৰ পৰা দূৰত থাকে।আৰু তাই নিজৰ ফেচন আৰু সুন্দৰতা সময়ে সময়ে ৰাইজক দেখোৱাই থাকে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Best story )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment