নিশিতাৰ সৈতে কথা পাতি থকা সুনন্দাই অচিনাকি মাতটো শুনি নীলৰ পিনে লাহেকৈ ঘূৰি চালে ।( Best story )
"নিশ্চয় ।"--তাই নীলৰ পিনে চাই সামান্য
হাঁহিলে ।
"কথা পাতা তোমালোকে .. । "--কথাষাৰ কৈ সুনন্দা আৰু নীলৰ পিনে চাই সামান্য হাঁহি
নিশিতাই সিহঁতৰ পৰা বিদায় লৈ আঁতৰি গ'ল ।
সুনন্দাৰ কাষত অলপ সহজ হ'বলৈ চেষ্টা কৰিলে নীলে । ক'ৰ পৰা জানো সুনন্দাক মাতষাৰ মাতি চিনাকি হ'বলৈ তাৰ সাহসকণ হ'ল আজি,সি নিজেও নাজানে ।
সিহঁত দুয়োটাই বাটৰ কাষৰ ফুটপাথৰ ওপৰেৰে লাহে লাহে খোজ কাঢ়ি আগবাঢ়িল ।
ঠাইডোখৰৰ নিৰ্জ্জন পৰিৱেশত লাহে লাহে বলি থকা কোমল বতাহজাকে আহি সিহঁত দুয়োকে চুই গৈছে মাজে মাজে । ফুটপাথৰ কাষত শাৰী শাৰীকৈ থকা কৃষ্ণচূড়াৰ গছবোৰৰ পৰা সৰা ফুলৰ ৰঙা পাহিবোৰ, বতাহত লাহে লাহে উৰি আহি ফুটপাথ আৰু বাটৰ আশে-পাশেও গৈ পৰিছেগৈ । তাৰে দুই -এটা কৃষ্ণচূড়াৰ ৰঙা পাহি সিহঁতৰ গাতো আহি পৰিছেহি ... ।
সুনন্দাৰ মেলি থোৱা চুলিখিনিৰ দুই এডাল বতাহত উৰি ফুৰি তাইৰ মুখত বাৰে বাৰে
পৰিছে । বতাহত মাজে মাজে তাইৰ চুলিখিনি নীলৰ গালৈকো উৰি গৈ তাৰ গাত ঠেকা
খাইছেগৈ । কথাটো সি মন কৰিছে । বেয়া লগা নাই তাৰ । তাৰ মনটোত কিবা এটাই দোলা দি গ'ল । এক বুজাব নোৱাৰা শিহৰণ সি অনুভৱ কৰিবলৈ ল'লে ... !
হঠাতে ৰৈ দি ফুটপাথৰ পৰা তিনি চাৰি পাহমান কৃষ্ণচূড়াৰ পাহি বুটলি লৈ সুনন্দাই শুঙি চালে ।
"কৃষ্ণচূড়াৰ ফুল ভাল পোৱা ?"--নীলে তাইৰ পিনে চালে ।
"ওঁ , খুব ভাল লাগে মোৰ কৃষ্ণচূড়া !" --তাই লাহেকৈ ক'লে ।
"মোৰো । "
"ফুল ভাল নোপোৱা মানুহ আছে জানো ?"--তাই সামান্য হাঁহি তাৰ পিনে চালে ।
"ওঁহো, নাই । "--সিও দুটামান কৃষ্ণচূড়াৰ ৰঙা পাহি ফুটপাথৰ পৰা বুটলি লৈ শুঙিলে ।
ছোৱালী এজনীৰ সৈতে জীৱনত প্ৰথম বাৰলৈ ইমান ওচৰৰ পৰা কথা পাতিছে সি । সিহঁত আকৌ আগবাঢ়িল ।
" ক্লাছ কৰি কেনেকুৱা লাগিছে ?"--সি তাইৰ পিনে চালে ।
" ভালেই লাগিছে । তোমাৰ ? "
" মোৰো । নতুন ঠাই , নতুন বন্ধু-বান্ধৱী ... । বিশেষকৈ ইয়াৰ শান্ত পৰিৱেশ মোৰ খুব ভাল লাগিছে । ইয়াত পঢ়াৰ মন এটা আছিল । সেয়ে
গুচি আহিলোঁ । "
" ওঁ , তোমাৰ ঘৰ ?"--সুনন্দাই তালৈ চালে ।
"ডিব্ৰুগড়ত । আৰু তোমাৰ ?"--সি সুধিলে ।
"ইয়াতেই । মানে গুৱাহাটীত । ঘৰ ইয়াত যদিও হোষ্টেলত থাকিয়ে পঢ়া -শুনা কৰিছোঁ । "-- তাই সামান্য হাঁহিলে ।
"অহ ! ময়ো হোষ্টেলত থাকিয়ে পঢ়া-শুনা
কৰা । "--সি তাইৰ পিনে চাই ক'লে ।
"ওঁ । "
কথা পাতি পাতি সিহঁত যে কিমান দূৰ পালেগৈ, গমেই নাপালে । নীল বহুখিনি সহজ হৈ পৰিল সুনন্দাৰ লগত । মুকলি আকাশখনৰ পিনে সি এনেয়ে এবাৰ মূৰ তুলি চালে । মনটো বহুত মুকলি মুকলি লাগিল তাৰ ।
হোষ্টেলৰ পৰা সিহঁত নিতৌ নিজ নিজ ভাগে ক্লাছলৈ ওলাই যোৱা , ক্লাছ শেষ হোৱাৰ পিছত প্ৰায়ে ক'ৰবালৈ ফুৰিবলৈ ওলাই যোৱাটো সিহঁতৰ দৈনন্দিন ৰুটিনৰ দৰে হৈ পৰিল ।
সময় যিমানে আগুৱালে ,নীল আৰু সুনন্দাৰ বন্ধুত্বও গভীৰ হৈ শিপাবলৈ ল'লে । সময়ৰ লগত সিহঁতৰ সম্বন্ধও সলনি হৈ এদিন ভালপোৱালৈ ৰূপান্তৰিত হ'ল ।
ইউনিভাৰ্চিটিত পঢ়ি থকা অৱস্থাত নীলৰ জীৱনলৈয়ো বহুতো ছোৱালীৰ প্ৰেমৰ প্ৰস্তাৱ আহিছিল । কিন্তু সি সেইবোৰলৈ কোনোদিন মূৰ তুলি চোৱা নাছিল । সুনন্দাৰ বাহিৰে সি যেন কাকোৱে গ্ৰহণ কৰিব নোৱাৰে ... !
"নাজানোঁ , কেনেকৈ মই ইমান গভীৰভাৱে তোমাক ভাল পাই পেলালোঁ সুনন্দা !"--সুনন্দাৰ হাত এখন তাৰ দুহাতৰ মাজত লৈ সি তাইলৈ
চালে ।
"ময়ো নীল ! প্ৰেম বোধকৰো এনেকুৱাই ! সংগোপনে সোমাই আহে হৃদয় নামৰ নিৰ্জ্জন কোঠাটিলৈ ..।"-- সামান্য হাঁহি সুনন্দাই নীলৰ
পিনে চাই ক'লে ।
"বাহ ! একেবাৰে কবিৰ দৰে কথা ক'লাচোন !"
"প্ৰেমে সকলোকে কবি হ'বলৈ শিকায় নীল !"
"আচ্ছা! ক'তা মইতো হোৱা নাই !ময়োতো প্ৰেমত পৰিছোঁ !"--সি হাঁহে ।
"তোমাৰ মাজতো এজন কবিৰ সত্ত্বা সোমাই আছে নীল ! সেয়া তুমি নিজেও নাজানা । সেয়েহে আজি তুমি প্ৰেমৰ বাটেৰে বাট বুলিছা !"
"আহ! ইমান সুন্দৰ সুন্দৰ কথাবোৰ কেনেকৈ ক'ব পাৰা তুমি ? তুমি সঁচাই বহুত ভাল সুনন্দা ! ৰিয়েলী আই লাভ ইউ !"
"ইচ্ ! ঠাট্টা কৰিছা নহয় !"
"নহয়,সঁচাকৈয়ে কৈছোঁ ।
" বাৰু, হ'ব হ'ব । আচ্ছা এটা কথা কোৱাচোন । "
"কি কথা ?"--সি তাইলৈ চায় ।
"তুমি বাৰু মোক কিয় ভাল পালা ?"
"অহ! এইটোহে বৰ জটিল প্ৰশ্ন !"
"একো জটিল নহয়, কোৱা । "
" নাজানোঁ ।"
" কি নাজানা ?"
" আই ডণ্ট ন' । মোৰ ভাল লাগিল তোমাক । ইমানেই । "--সি হাঁহে ।
" অহ !"
"এতিয়া তুমি কোৱা ।"
" কি ?"--তাই তাৰ মুখলৈ চায় ।
"মোক কিয় ভাল লাগিল তোমাৰ ?"
" ময়ো নাজানোঁ । "--তাই হাঁহিলে ।
" প্লিজ,কোৱানা সুনন্দা ! তোমাৰ মুখেৰে শুনিবলৈ মন গৈছে মোৰ !"
" দেখিছোঁ নেৰিবা আজি !"
" ওঁ ,ক'বই লাগিব !"
সৰু ল'ৰা এটাৰ দৰে নীলে তাইৰ ওচৰত জিদ ধৰিছে । সুনন্দাৰ কিবা এটা তালৈ মৰম লাগি গ'ল । ইমান ভাল পাই সি তাইক ! --তাই তাৰ পিনে চাই ভাবিবলৈ ধৰিলে ।( Best story )
" এই , কি ভাবি আছা ? "--নীলে তাইৰ চকুৰ আগত তাৰ হাতখন জোকাৰি দি তাইৰ চকুলৈ চালে
" হুঁ -- !"-- সুনন্দা সম্বিৎ ঘূৰাই পোৱাৰ দৰে
হ'ল ।
" কি ভাবি আছা এনেকৈ মোৰ পিনে চাই ?"
" নাই ,এনেই ! "
" এনেয়ে নহয় ! কিবা এটা জৰুৰ ভাবিছা ! কোৱা কি ভাবিছা ?"--সি আকৌ জিদ ধৰিলে
" ভাবিছোঁ তোমাৰ কথা ।"
" কি ?"
" তুমি বহুত ভাল নীল !"-- তাই লাহেকৈ তাৰ পিনে চালে ।
" কিয় ভাল ক'বানে ?"
" নাজানোঁ । তোমাক মোৰ ভাল লাগে কাৰণেই হয়তো !"
" অহ ! আৰু একো নাই ক'বলগীয়া ?"
" আছে !"
" তেন্তে কোৱা!"
"কথাবোৰ প্ৰকাশ নকৰাকৈয়ো বুজিব পাৰিচোন নীল !"
" মই নক'লে বুজি নাপাওঁ ।"
" মোৰ হৃদয়ে জানে নহয়, তোমাক কিয় ভাল পাওঁ!"--তাই লাহকৈ কৈ তাৰ পিনে চালে ।
" ওঁ, বুজিলোঁ । এই হৃদয় বোলা বস্তুটো বৰ
জটিল । "--সি তাইৰ পিনে চাই সামান্য হাঁহিলে ।
"একো জটিল নহয় । তুমিওচোন ক'ব নোৱাৰিলা মোক তুমি কিয় ভাল পোৱা । কিন্তু তোমাৰ হৃদয়ে জানে সেই কথা নীল । তুমি মাথোঁ প্ৰকাশ কৰিব নোৱাৰা । "
" ঠিক কৈছা সুনন্দা,প্ৰেম এনেকুৱাই । হৃদয়ৰ গোপন কোঠাত আশ্ৰয় লোৱা এমুঠি শিহৰণকাৰী আৱেগ ... !"
"সেয়া, কৈছিলোঁ নহয় ..! "
"কি কৈছিলা ?"
" তুমিওচোন কবি হৈ পৰিছা !"
" মানে ?"--সি আচৰিত হৈ তাইৰ পিনে চায় ।
" কি ক'লা এইমাত্ৰ তুমি জানানে ?"
" কি ক'লোঁ ?"
" কবিৰ দৰে কথা ক'লাচোন !"
" অহ ! সঁচাই সুনন্দা ! তুমি ঠিকেই কৈছিলা । প্ৰেমে সকলোকে কবিৰ সত্ত্বা দান কৰে । সকলো একোজন কবি হৈ পৰে প্ৰেমত পৰিলে । "
" মানিলাতো !"--সুনন্দাই হাঁহে ।
" ওঁ ।"
" ব'লা , গৈ থাকোঁ এতিয়া । সন্ধিয়াই হ'বৰ হ'ল । "
" ব'লা ।"--নীল বহাৰ পৰা উঠিল ।
ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিচৰৰ পৰা নীলে পানীৰ মাজভাগলৈ চাই পঠিয়ালে । বেলিটো সেন্দূৰীয়া হৈ পানীৰ ওপৰত ভাহি আছে । শুকুলা মেঘৰ চাদৰখন উৰি লৈ সন্ধিয়াৰ আকাশখনে কপালত সেন্দুৰৰ ৰঙা ফোঁট এটি লোৱা যেন লাগিছে অপৰাহ্নৰ বেলিটো ।বেলিটোলৈ চাই নীলৰ মনটো কিবা এটা ভাল লাগি গ'ল । বালিচৰৰ ওপৰেৰে সিহঁতে লাহে লাহে খোজ ল'লে ... ।
(আগলৈ)
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা অঞ্জনা দত্ত ডাঙৰীয়াণীৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Best story )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment