নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৪৯) : Assames story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 16, 2021

নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ৪৯) : Assames story

        

Assamese Story

 বাহিৰলৈ উলিয়াই দিলে...., আগফালৰ ৰছীডালত কাপোৰ কেইটা মেলিবলৈ গৈ উৰ্মিক পদূলিমুখত দেখি মৃণালিনী আচৰিত হ'ল.., ...উৰ্মি...! কাৰ লগত আহিলা....? ( Assamese Story )

: অকলে আহিলোঁ বৌ..., কাপোৰবোৰ কিয় উলিয়াইছে....? 

: ৰ'দজাক দেখি উলিয়াই দিছোঁ । উখোমা উখোম গোন্ধাইছে কাপোৰবোৰ...., 

: অনি ডিউটিলৈ গ'ল নেকি....? 

: নাই যোৱা..., ঘৰতে আছে । 

        উৰ্মি ভিতৰলৈ সোমাই আহিল.., কো- কোৱাই ৰূমটোলৈ সোমাই গৈ কাপোৰযোৰ সলাই মুখ হাত কেইটা ধুই ললে উৰ্মিয়ে । টেবুলফেনখন লগাই বাৰাণ্ডাৰ চকীখনতে অকণমান আৰাম কৰিম বুলি বহি দিলে উৰ্মি..., কাপোৰ কেইটা মেলি মৃণালিনী ভিতৰলৈ সোমাই আহিল..., উৰ্মি , ভাইতিয়েটো তুমি কেইদিনমান থাকিবা বুলি কৈছিল...? তুমি গুচি আহিলা যে...!

: সেইবোৰ বহুত কথা , পাছত কম , বেয়া নাপায় যদি মোক কিবা এটা খাবলৈ দিয়কচোন..! 

: ৰ'বা , ৰাতিপুৱা বনোৱা ৰুটি আছে.., চাহ বনাওঁ চাহৰ লগতে খাই দিবা...., গাখীৰ আজি গোটেইসোপা পৰিলে..., 

: চাহখাবলৈও নহ'ব নেকি...? 

: চাহ খাবলৈ অকণমান আছে..., ৰ'বা মই চাহ কৰি আনিছোঁ । 

         দুয়োজনীয়ে কথা পাতি থাকোঁতেই ধুনুক কোলাত লৈ অনিমেষ সোমাই আহিল...., 

: তুমি... কেতিয়া আহিলা....? 

: অলপ সময় হ'ল , ধুনু ফুফু গৈছিলা নেকি...!

: তুমি কিয় গুচি আহিলা.....?

: সহ্যৰ এটা সীমা থাকে অনি..., নিজৰ হ'ল বুলিয়েই সকলো কথা সহ্য কৰিব নোৱাৰো মই..., মায়ে চাগৈ ভাবিছে তুমি মোক সম্পত্তিৰ আশাত মাৰ লগত এৰি থৈ আহিছা...., স্পষ্টকৈ নকলেও আকাৰে ইঙ্গিতে যে মায়ে তাকেই কৈছে মই সেইটো ভালকৈ বুজি পাইছোঁ...., 

: তুমিয়ো যে আৰু..., দেউতাৰ দৰে একেই । আচলতে তোমালোকৰ ঘৰখনৰ মানুহবোৰেই জেদী..., 

: হ'ব অনি , এতিয়া আৰু দেউতাৰ কথা নুলিয়াবা , এনেয়ে মোৰ মনটো ভাল নহয় ..., 

       ...... উৰ্মি চাহ লোৱা , চাহ আৰু ৰুটিৰ প্লেটখন আগবঢ়াই দিলে মৃণালিনীয়ে , ....ভাইটি চাহ খাবা নহয়...! অনিৰ্বাণ ক'ত..? 

: বাকিলে যদি দিয়ক , দাদা বাৰীলৈ গ'ল নেকি...! 

: উম..., আনিছোঁ ৰ'বা ,   

      সাউৎকৈ পাকঘৰলৈ সোমাই গৈ চাহৰ কাপটো আনি দিলে মৃণালিনীয়ে...., তেনেতে হাতত পাচলি কেইটামান লৈ অনিৰ্বানো ঘৰ পালেহি....., বৰ ৰ'দ দিছে দেই...., মৃণা পানী এগিলাচ দিয়াচোন....! অনিৰ্বাণৰ মাতটো শুনি হাতত পানী গিলাচ লৈ মৃণা ওলাই আহি অনিৰ্বাণলৈ পানী গিলাচ আগবঢ়াই দিলে...., কেৰাহিকৈ সকলোলৈকে এবাৰ চালে মৃণালিনীয়ে....., কওঁ নকওঁকৈ মৃণাই কথাবোৰ আৰম্ভ কৰিলে.….., অনিৰ্বাণ মই আপোনালোকৰ পৰা কথা এটা লুকুৱাই ৰাখিচিলোঁ...., আচলতে সেইটো মোৰ ভুল হ'ল.....,   কথাবোৰ মই বহুত আগতেই ক'ব লাগিছিল...., কিন্তু সেই সময়ত মোৰ কি হৈছিল নাজানো....! জয়শ্ৰীবৌৰ কথাবোৰ সঁচা বুলি ভাবিছিলোঁ আৰু বৌয়ে কামবোৰ যেনেকৈ কৰিবলৈ কৈছিল সেইমতেই কৰিছিলোঁ ..., বৌৰ কথাবোৰ বিবেচনা নকৰাকৈ মই কামবোৰ কৰি গৈছিলোঁ..., সেইটো মোৰ ভুল হৈছিল ....,

: এইবোৰ আকৌ কিহৰ প্ৰলাপ আৰম্ভ কৰিছা...., জকজকাই উঠিল অনিৰ্বাণ । 

: ৰহ: চোন....! বৌক কথাবোৰ ক'বলৈ দে...., 

: অনিৰ্বাণ মই একো প্ৰলাপ বলকা নাই...., হয়টো আপোনালোকৰ মোৰ প্ৰতি বিশ্বাস হেৰাই গৈছে , কিন্তু আজি যিবোৰ কথা কম সকলো সঁচা কথাই ক'ম , কথাবোৰ শুনাৰ পাছত মোক যি শাস্তিয়ে দিয়ে মই মোৰ পাতি লম..., অনিৰ্বাণৰ লগত বিয়াৰ কথা বতৰা হোৱাৰ আগতে তিনিবাৰ মোৰ বিয়া ভাগিছিল...., সঁচা কথাবোৰ কৈ দিয়াৰ বাবেই , সেয়ে আপোনাৰ পৰা কথাবোৰ লুকুৱাই থোৱা হৈছিল....( Assamese Story ), 

: কি কথা লুকুৱাই ৰাখিছিলা আমাৰ পৰা..., কথাবোৰ পাক নলগাই চিধা চিধিকৈ কোৱা...? অনিৰ্বাণে খঙেৰে কলে...,

: মানে মোৰ মূৰ ঘূৰণী বেমাৰটো বহুত পুৰণি..., বৌয়ে চিকিৎসা কৰাই আছে । সঁচা কথাবোৰ গম পালে মোক ঘৰলৈ পঠিয়াই দিব বুলি ভাবিয়ে ইমান দিনে কথাবোৰ লুকাই ৰাখিছিলোঁ..., 

: হাৰামজাদি...., নবৌয়েৰাৰ লগত লগ লৈ আমাৰ লগত খেল খেলি আছিলি....! চোঁচা মাৰি গৈছিল অনিৰ্বাণ কিন্তু উৰ্মিয়ে মৃণালিনীক আঁতৰাই আনিলে , .....দাদা , ধৈৰ্য ধৰকচোন...., মানুহ মাত্ৰেই ভুল হয়...., বৌয়ে নিজে কৰা ভুলবোৰৰ সংশোধন কৰিব বিচাৰিছে..., গতিকে বৌক শুদ্ধ পথলৈ আহিবলৈ এটা সুযোগ দিয়ক....,   লাহেকৈ কলে উৰ্মিয়ে...,

: আচলতে বৌয়ে মোৰ ওপৰত প্ৰতিশোধ লবলৈকে এইবোৰ কৰি আছিল , বৌৰ কাৰণেই মই সঁচা কথাবোৰ লুকুৱাই থব লগা হৈছিল...., আপুনি যে সেইদিনা আমাৰ ঘৰলৈ গৈছিল ,  সেইদিনা ভন্টীৰ গা বেয়া হোৱা নাছিল , ৰাতিৰ পৰা মোৰেই মূৰ ঘূৰাইছিল...., কিন্তু কথাবোৰ আপুনি গমপালে বেয়া হ'ব বুলি ভাবিয়ে ভন্টীৰ গা বেয়া বুলি কৈছিলোঁ ...., মাক মৃত্যুৰ মুখলৈ ঠেলি দিবৰ বাবে মই ঘৰলৈ পুলিচ মতাই অনা নাছিলোঁ..., আপোনালোকৰ ওপৰত মিছা বদনাম এটা জাপি দি মোটা অংকৰ ধন লৈ আপোনাৰ জীৱনৰ পৰা আতঁৰহৈ যাম বুলি ভাবিছিলোঁ , কিন্তু মা ঢুকাই থকাৰ বাবেই সেয়া হৈ নুঠিল...., মাৰ সকামত আহোঁতে জয়শ্ৰী বৌয়ে সকলোবোৰ সঁচা কথা উৰ্মিক কৈ দিছিল, নিজকে মহান সজাবলৈ...., উৰ্মিয়ে যেতিয়া সঁচা কথাবোৰ জানিলেই গতিকে সকলোবোৰ কথা আপোনালোকৰ আগত কৈ দিয়াটো উচিত হ'ব বুলি ভাবিলোঁ..., মাৰ মৃত্যুৰ বাবে মই জগৰীয়া ...., মই মোৰ দোষ স্বীকাৰ কৰিছোঁ ....., এতিয়া সিদ্ধান্ত আপোনাৰ হাতত অনিৰ্বাণ...,   কথাবোৰ কৈ হুকহুকাই কান্দি অনিৰ্বাণৰ ভৰিত দীঘল দি পৰিল মৃণালিনী....,
মৃণালিনীৰ কথাবোৰ বিশ্বাসত লব পৰা নাছিল অনিৰ্বাণ আৰু অনিমেষে ...., 

: ভাইটি এইবোৰ কথা শুনাৰ পিছত মৃণাৰ প্ৰতি মোৰ ঘৃণা উপজিছে....., মই গতিয়াই বাহিৰ কৰি দিয়াৰ আগতেই স্ব-ইচ্ছাই ঘৰৰ পৰা ওলাই যাবলৈ ক....! নবৌয়েকৰ লগত মিলি ঘৰখন শেষ কৰি দিলে..., এতিয়া সঁচা কথাবোৰ কৈ লাভ...? পাৰিবানে.... মাক উভতাই আনিব....? কোৱা.....? পাৰিবা....? গোটেই ঘৰখন তুমি শেষ কৰি দিলা..…, 

: দাদা , এতিয়া হৈ যোৱা কথাবোৰ ভাবি মনটোক কষ্ট নিদিব ...., বৌয়ে সঁচা কথাবোৰ নোকোৱা কৈয়ো থব পাৰিলেহেঁতেন...., কিন্তু বৌয়ে সঁচা কথাবোৰ এইকাৰণেই কৈছে যাতে বৌৰ প্ৰতি থকা আমাৰ ভুল ধাৰণাবোৰ সলনি হওঁক...., দিনৰ পাছত ৰাতি হোৱাৰ দৰেই ভুলবোৰৰো শুধৰণি হয়..., দোষীক শাস্তি দিয়াৰ এটা সহজ উপায় আছে , বৌক ঘৰৰ পৰা উলিয়াই দিলেই সমস্যা শেষ হৈ নাযায় দাদা , সমস্যা দুগুণে বাঢ়িব হে....,  ক্ষমা সকলোৱে কৰিব নোৱাৰে দাদা , ক্ষমা কৰি দিলে কোনো কাৰো ওচৰত সৰু হৈ নাযায় কিন্তু ক্ষমা কৰি দিয়াজন মহান হৈ যায়..., মই মোৰ অনুভৱটোহে কৈছো ... বাকী সিদ্ধান্ত আপোনাৰ হাতত...., 

             উৰ্মিৰ কথাবোৰ শুনি কিছুসময় নীৰৱে ৰ'ল অনিৰ্বাণে...., মৃণালিনীয়েও উচুপি উচুপি অনিৰ্বাণৰ মুখলৈ চাই আছিল...., অনিমেষে মুখেৰে একো মাত নিদি ধুনুক লৈ ভিতৰলৈ সোমাই গ'ল....., নীৰৱতা ভংগ কৰি উৰ্মিয়ে আকৌ আৰম্ভ কৰিলে......, দাদা , এইদৰে নিমাতে থাকিলে জানো সমস্যাৰ সমাধান হ'ব ....?  মৃণালিনী লাহেকৈ ভিতৰলৈ সোমাই গ'ল । আলনাত থকা কাপোৰ কানি কেইটা সামৰি , গদৰেজৰ পৰা কাপোৰ কেইযোৰমান উলিয়াই ভি.আই.পি. টোত সামৰি ললে....., পিন্ধি থকা কাপোৰযোৰ সলাই ৰঙা ৰঙৰ কাপোৰ এযোৰ পিন্ধি ললে মৃণালিনীয়ে..., শিৰৰ সেন্দুৰখিনি অলপ গাঢ় কৈ লৈ ভি.আই.পি.টো লৈ ওলাই আহিল....., উৰ্মি , মই ওলালোঁ...., অকলে এইখন ঘৰলৈ আহিছিলোঁ যেতিয়া অকলে মই ঘূৰি যাম...., ধুনুক তোমাৰ হাতত গতালো...., আজিৰ পৰা আৰম্ভ হ'ব মোৰ জীৱনৰ প্ৰকৃত যুদ্ধ..., সীতাই যিদৰে নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ অগ্নি পৰীক্ষা দিছিল , সেইদৰে ময়ো নিজে কৰা ভুলবোৰৰ প্ৰায়চিত্ত কৰিবলৈ অগ্নি পৰীক্ষা দিবলৈ ওলাইছোঁ...., নাজানো পৰীক্ষাত নিজকে নিৰ্দোষী প্ৰমাণ কৰিব পাৰোঁ নে নোৱাৰোঁ....., 

: কিন্তু বৌ , আপুনি যাব ক'লৈ.....? আপুনি ঘৰ এৰি গুচি গলে ধুনুৰ কি হ'ব...., আপোনাৰ অবিহনে ধুনু মাতৃহাৰা নহ'বনে.....? এবাৰ ধুনুৰ কথা চিন্তা কৰক বৌ....,

: মই এতিয়া নিজৰ অবিহনে আনৰ কথা ভাবিব নোৱাৰোঁ উৰ্মি..., দোষ কৰিছোঁ মই...., গতিকে শাস্তি পাবই লাগিব..., ধুনুৱে কোনো দোষ কৰা নাই গতিকে ধুনুৱে শাস্তি পোৱাটো মই নিবিচাৰোঁ । মই আহিছোঁ উৰ্মি....., অনিৰ্বাণক সেৱা এটা কৰি মৃণালিনী ঘৰৰ পৰা ওলাই যাবলৈ লওঁতেই অনিৰ্বাণে মাত লগালে.... তুমি তোমাৰ কথাবোৰ ক'লা আমি সকলোৱে শুনিলোঁ...., এতিয়া মই কৈছোঁ শুনা ....... তুমি এইখন ঘৰ এৰি ক'তো যাব নোৱাৰা...., ঘৰখন ভাঙিবলৈ যত্ন কৰিছিলা তুমি..., নিজকে যদি সলনি কৰিব বিচাৰিছা তেন্তে তুমি ঘৰখন ঘৰ কৰি তুলিবলৈ চেষ্টা কৰা..., হেৰাই যোৱা হাঁহিবোৰ ঘূৰাই আনিবলৈ চেষ্টা কৰা , সেয়াই তোমাৰ শাস্তি......

                  

                    #সমাপ্ত

                 *****-----*****
Assamese Story
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই
Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group

SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page

SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com

No comments:

Post a Comment

Advertisement

Pages