মা , মই আজি লৰাটোৰ ওচৰৰ পৰা আঁহোগৈ । কালি লৰাটোৱে বৰকৈ আমনি কৰিছে বুলি কৈছে ( Assamese Story )। তাইৰ কাৰণে নহলেও লৰাটোৰ কাৰণেই যাব লাগিব । ফুলকমলীয়া লৰাটোৱে কি জানেনো......!
: মই হা বুলিও নকওঁ , না বুলিও নকওঁ ....,
: দাদা আপুনি গৈ আহক , নহলে কথাটো বেয়া হ'ব ....! উৰ্মিয়ে লাহেকৈ কলে ।
: ঠিক আছে , তুমি ভাইটিৰ লগতে মোলৈও খাবলৈ উলিয়াই দিবা ।
: হ'ব দাদা , আপুনি ওলাই লওঁক ।
....উৰ্মিয়ে পাকঘৰত সোমায় অনিমেষৰ টিফিনৰ বাবে লুচিকেইখন বনাই । প্ৰেচাৰটোতে চাউল কেইটামান উঠাই দিলে আৰু দিম দুটা অমলেট কৰি ভাতকেইটা বাঢ়ি দিলে । ভাতকেইটা খাই অনিৰ্বাণ ওলাই গ'ল মৃণালিনীৰ ঘৰলৈ । এঘাৰমান বজাতেই অনিৰ্বাণ গৈ মৃণালিনীৰ ঘৰ পালেগৈ । দুৰ্বল দুৰ্বল লাগি থকাৰ বাবেই মৃণালিনী বিচনাতে শুই আছিল । কলিং বেলটো বজোৱাৰ লগে লগেই জয়শ্ৰী বাহিৰলৈ ওলাই আহিল । দুৱাৰখন খুলি দিয়ে অনিৰ্বাণক দেখি জয়শ্ৰীৰ চকু কপালত উঠিল....
: অনিৰ্বাণ....! আহাঁ...., বহাচোন..., মই মাক মাতি দিছোঁ । ড্ৰয়িং ৰূমতে বহিবলৈ দি জয়শ্ৰী সাউৎকৰি ভিতৰলৈ সোমাই গল ।
......বৰ ডাঙৰ কথা হ'ল মৃণা । উঠা সোনকালে ...., অনিৰ্বাণ আহিছে ।
: কি .....? অনিৰ্বাণৰ নামটো শুনি মৃণা উচপ খাই উঠিল ।
: উঠা , চুলিকোচা ভালকৈ আচুৰী অনিৰ্বাণক মাত এষাৰ দি থৈ আহা ।
: বৌ..., গাটো বৰ দুৰ্বল লাগি আছে ।
: লাহে লাহে ওলাই গৈ মাত এষাৰ দি আহা গৈ । সাৱধানে যাবা কিন্তু ....., দেউতাও ঘৰতে আছে , কেনেবাকৈ কথাবোৰ অনিৰ্বাণক কৈ দিলে বৰ ডাঙৰ কথা হ'ব । ৰবা , মই এবাৰ চাই আহোঁ অনিৰ্বাণৰ কাষত কোন আছে ।
..... তুমি হ'বলা এইৰ গা বেয়াৰ খবৰটো পালা। কালি তাই মূৰ ঘূৰাই পৰি গৈছিল দুপৰীয়া...,
: দেউতা , নবৌয়ে মোক মৃণাৰ গা বেয়া বুলি কোৱা নাছিল নহয় । লৰাটোৱে আমনি কৰি থকা বুলিহে কৈছিল.....
দুৱাৰমুখৰ পৰাই কথাবোৰ শুনি জয়শ্ৰী বৰ বিপদত পৰিল । ......হে ভগৱান...! যিটো কথালৈ ভয় কৰি আছিলোঁ সেইটোৱেই হ'ল...., দেউতাই সকলো শেষ কৰি দিলে..., উধাতু খাই জয়শ্ৰী মৃণাৰ কাষ পালেগৈ.... এইবাৰ বৰ বেয়াকৈ ফচিলোঁ মৃণা , দেউতাই সকলোবোৰ কথা অনিৰ্বাণক কৈ দিলে ....,
: কি ....? কি হ'ব এতিয়া...?
: একো ভাবিবই পৰা নাই....!
: ভন্টী আছে নাই বৌ...?
: ছাগলী এৰাল দিবলৈ গৈছে , কিয় সুধিলা...?
: ভন্টীৰ গা বেয়া বুলি কম । তাইক তুমি মেনেজ কৰিবা । মই অনিৰ্বাণক মাত এষাৰ দি , চাহ একাপ কৰোগৈ ।
: পাৰিবা জানো....?
: পাৰিব লাগিব ...., তুমি ইয়াক অকণমান ধৰি দিয়া .....
মৰণতে শৰণ দি মৃণা ওলাই আহিল ড্ৰয়িং ৰূমলৈ , ..... বহিছে নে....? মই ইয়াক খুৱাই আছিলোঁ । সেয়ে ওলায় অহা নাছিলো ।
: তহঁতে কথা পাত , মই বাৰীৰ পৰা আঁহোগৈ । অনিৰ্বাণ তুমি বহা...। কথাষাৰ কৈ দেউতাক বাৰীলৈ ওলাই গ'ল ।
: ..... তোমাৰ গা বেয়া নেকি ....?
: নাই ঠিকেই আছোঁ .., কিয় সুধিলে...?
: দেউতাই তোমাৰ গা বেয়া বুলি কোৱা নিচিনা লাগিলে ....!
: মোৰ নহয় , ভন্টীৰ হে গা বেয়া ..., কালিৰ পৰা কি হৈছে জানো মূৰটো ঘূৰাই আছে । আপুনি বহকচোন মই চাহ একাপ কৰি আনো ।
: মা নাই নেকি.....?
: ভন্টী গা ধুবলৈ গৈছে । মায়ে পাছ বাৰাণ্ডাতে বহি ভন্টীক ৰখি আছে ...., ৰ'ব মই চাহ কাপ কৰি আনো ......
কোনোৰকম উঠি আহি বেৰত ধৰি ধৰি মৃণালিনী পাকঘৰ পালেগৈ , চাহৰ চ'চটো তুলিবলৈ লওঁতেই হাতৰ পৰা চ'চটো পকাত সৰি পৰিল । শব্দটো শুনি জয়শ্ৰী আহি পাকঘৰ পালেহি ।
..... এই মেকুৰী কেইটাৰ পৰা উপায় নাইকিয়া হ'ল ....! বয় বস্তুবোৰ ভাঙি শেষ কৰিব । অনিৰ্বাণে শুনাকৈ অলপ ডাঙৰকৈয়ে ক'লে জয়শ্ৰীয়ে । .......
তুমি অলপ বহা , মই চাহকাপ বনাই দিওঁ । ভন্টীক মেনেজ কৰি থৈ আহিছোঁ । মাক ভন্টীৰ ওচৰতে বহুৱাই থৈ আহিছোঁ ।
: ভালেই কৰিলা , মোৰ গাটো বৰ বেয়া লাগিছে ।
: অলপ ধৈৰ্য্য ধৰা , বিপদৰ সময়ত ধৈৰ্য্য নধৰিলে ইয়াতকৈয়ো ডাঙৰ বিপদ হ'ব । এটা কথা মনত ৰাখিবা , অনিৰ্বাণে যাতে কোনোপধ্যেই গম নাপায় তোমাৰ গা বেয়া বুলি.....!
: ঠিক আছে , ভাল আহিল আজি ... মোৰ ধৈৰ্য্য পৰীক্ষা ল'বলৈ ....!
: লোৱা , মই অনিৰ্বাণৰ ওচৰতে আছো.... চাহৰ ট্রেখন মৃণাৰ হাতত দি জয়শ্ৰী ওলাই গ'ল । ড্ৰয়িং ৰূমলৈ । ...... বুজিছা অনিৰ্বাণ ক'ৰ পৰা যে মেকুৰী কেইটামান আহিল ক'ব নোৱাৰো । গোটেই গাখীৰসোপা পেলালে ।
: মেকুৰী থাকিলে এইবোৰ হৈয়ে থাকে ।
কথাপাতি থাকোঁতেই হাতত চাহৰ ট্রেখন লৈ মৃণালিনী ওলাই আহিল । .....চাহ খাবচোন ,
: লৰাটো শুয়ে আছে নেকি...?
: শুয়ে আছে , খুব শুইছে । হাঁহি এটা মাৰি মৃণালিনীয়ে কলে ।
: অনিৰ্বাণ..., তুমি আহিলা বুলি জয়শ্ৰীৰ মুখত শুনিলোঁ , কিন্তু মাত এষাৰ দিবলৈহে আহিব পৰা নাই । এইৰ গাটো ভাল নহয় , কালি ৰাতিৰ পৰা মূৰ ঘূৰাই আছে , গাটো ধুৱাই আনি , বিচনাত উঠাই থৈ আহিছোঁ ।
: দেউতাই কৈছে , গাভৰু ছোৱালী জনীৰ হঠাৎ কি হ'ল আকৌ...? ডাক্তৰক ভালকৈ দেখাওঁক ।
: এওঁক কৈ পঠাইছোঁ নামটো লিখাবলৈ , ফোন কৰিলে যামেই ।। জয়শ্ৰীয়ে তপৰাই উত্তৰ দিলে ।
: তই তালৈ ফোন এটা কৰ , যিহে কথা পাহৰে , এইটো কথা পাহৰিব লাগিলে বৰ ডাঙৰ কথা হ'ব ।
: হয় মা , মই ফোন এটা কৰি লওঁ । ।
: মা ভন্টী ক'ত আছে...?
: শুই আছে বলা, পৰ্দাখন দাঙি লাহেকৈ ৰূমটোলৈ সোমায় গ'ল মাক আৰু অনিৰ্বাণ ।
: ভিনদেউ আহিছে , অকণমান উঠচোন..... , মাকৰ মাতষাৰ শুনি লাহেকৈ চকুদুটা মেলি শেহাই শেহাই মাত এষাৰ দিলে অনিৰ্বাণক ।
: গা বেয়া বোলে .....
: উম..., ভিনদেউ , কি হৈছে একো ধৰিবই পৰা নাই । চকুৱে গোটেইখন ধোঁৱা ধোঁৱা দেখিছোঁ( Assamese Story ) ।
: অ' তোমাৰ তেন্তে প্ৰেচাৰ ল' হৈছে । খোৱা বোৱা ভালকৈ নকৰা চাগৈ...!
: কিবা এটা খাবলৈ দিলে কুকুৰাৰ দৰে খুচৰি থাকিব । এইবোৰৰ প্ৰেচাৰ ল' নহৈ কি হ'ব...?
: মা..., আপুনি ভন্টীক কাপোৰ কেইটা সলাই দিয়ক । দুটা বজাত পাবগৈ লাগিব । । মা মৃণাকো লৈ যাব লাগিব । গাখীৰ কিয় ইমান কমিছে ডাক্তৰক দেখুৱাই আনিব লাগিব । অনিৰ্বাণ তুমি ভাত কেইটামান খাই যাবা । ডাইল ভাজি সকলো হৈ আছে , মায়ে ভাত কেইটা ৰান্ধিলেই হ'ব । মই ৰেডী হৈ লওঁ । আপুনি ভন্টীক কাপোৰ কেইটা পিন্ধাই দিয়ক । কথাষাৰ কৈয়ে জয়শ্ৰী ৰূমটোৰ পৰা ওলাই গ'ল ।
: নালাগে মা , মই ভাত খায়ে আহিছোঁ । মিছাতেই আপুনি সেইবোৰ কৰিব নালাগে ।
মৃণা ... , মৃণা..., লৰাটো মই লৈ দিওঁ তুমি ওলাই লোৱা । অনিৰ্বাণৰ কথা শুনি মৃণালিনীয়ে
লৰাটোক আনি অনিৰ্বাণৰ কোলাত তুলি দিলে আৰু জয়শ্ৰীৰ ৰূমত সোমাই দুৱাৰখন জপাই দিলে ।
......এতিয়া কি কৰিম বুলি ভাবিছা বৌ ।
: তাকেই ভাবিছোঁ । যি হয় হ'ব ওলাই যাওঁ ।
: কিন্তু .....
: কোনো কিন্তু নাই , আমাৰ লগতে অনিৰ্বাণকো লৈ যাম তিনি আলিলৈকে । অনিৰ্বাণেটো আমাক চাই নাথাকে...., তিনি আলিত অনিৰ্বাণক নমাই আগৰ ৰাস্তাটোৱেদি আমি সোমাই দিম ।
: তোমাক কিন্তু মানিছোঁ দেই বৌ..., ইমান বুদ্ধি কেনেকৈ তোমাৰ মনত খেলাই ।
: জয়শ্ৰী মোৰ নাম , গতিকে সকলোকে যি জয় কৰে তেঁৱে জয়শ্ৰী নহয় জানো....! এতিয়া সেইবোৰ বাদ দিয়া , সোনকালে কাপোৰ পিন্ধি ৰেডী হোৱা । ড্ৰাইভাৰ পাবহি এতিয়া....।
খৰখেদাকৈ ওলাই আহিল জয়শ্ৰী , ড্ৰাইভাৰ জনে গাড়ীখন ষ্টাৰ্ট দিয়াৰ লগে লগেই মাক আৰু জয়শ্ৰীয়ে ভনীয়েকক ধৰি ধৰি আনি গাড়ীত বহুৱাই দিলে । অনিৰ্বাণক আগত বহিবলৈ দি জয়শ্ৰী মৃণালিনীৰ কাষতে বহিল । ......মা , আহিছোঁ দেই...., দেউতাক হে নাপালোঁ ।
: মই তেওঁক কৈ দিম । বেয়া নাপায় দিয়া ,
জয়শ্ৰীহঁত ওলাই যোৱাৰ পাছত , মাকে দীঘলকৈ উশাহ এটা ল'লে । তিনি আলিত অনিৰ্বাণক নমাই দিয়াৰ পাছত অনিৰ্বাণৰ মনত বহু প্ৰশ্নৰ উদয় হ'ল .....,। উত্তৰবিহীন বহু প্ৰশ্ন মনত লৈ অনিৰ্বাণ আহি ঘৰ পালেহি ......., উৰ্মি আৰু মাক টি.ভি.ৰ সমুখতে বহি চিৰিয়েল চাই আছিল , আবেলি সময়খিনি অনিৰ্বাণৰ মাকে প্ৰায়ে টি.ভি. চাই পাৰ কৰে । দুৱাৰখন খুলি অনিৰ্বাণ সোমাই আহি মাকৰ বিচনাখনতে ঢমহকৈ বহি দিলে .... , অনিৰ্বাণক দেখি উৰ্মি বহি থকা চকীখনৰ পৰা উঠি দিলে ,
: দাদা , পালেহি ...! মাইনাৰ ভাল নহয় ...!
: মাইনাৰ ভালেই কিন্তু ভনীয়েকৰহে বেমাৰ.....
: কিন্তু নবৌয়েটো সেইটো কথা কোৱা নাছিল ,
: ময়ো তাকেই ভাবিছোঁ , দেউতাকে দুপৰীয়াই মূৰ ঘূৰাই পৰিল বুলি কলে , কিন্তু মাকে ৰাতিৰ পৰা মূৰ ঘূৰাই আছে বুলি ক'লে...., কিবা এটা ৰহস্য নিশ্চয় আছে উৰ্মি.... ,
: নবৌয়েক জনী মহাভাৰতৰ মন্থৰা আৰু শুকুনিতকৈয়ো ভয়ংকৰ , বিচনাৰ পৰাই অনিৰ্বাণৰ মাকে মাত লগালে ।
: দাদা , কথাবোৰ আমি ভবাৰ দৰে নহ'বও পাৰে , ঘৰখনত বেমাৰী এটা থাকিলে মানুহৰ মনবোৰ খেলি মেলি হৈ থাকে , সেয়ে হয়টো খেলিমেলি হৈছে ।
: বাদ দিয়া , সেইবোৰ কথা ভাবি থাকিলে মূৰটোহে গৰম হ'ব , যোৱা ডাঠকে চাহ একাপ বাকী আনা । মই কাপোৰ কেইটা সলাই লওঁ ।
: ঠিক আছে দাদা , আপুনি মুখ হাত ধুই লওঁক মই চাহ কৰোগৈ । বাহিৰলৈ আহোঁতে বেয়া নাপায় যদি মাকো বাৰাণ্ডালৈ উলিয়াই দিব । কথাষাৰ কৈ উৰ্মি পাকঘৰলৈ সোমাই গ'ল ।
ক্ৰমশঃ.....
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment