মই এটা কথা ভাবিছোঁ উৰ্মি , নবৌক দুদিনমানৰ কাৰণে ঘৰলৈকে মাতি দিওঁ( Assamese story )।
: তুমি বলিয়া হৈছা নেকি....! দাদাক নোসোধাকৈ নবৌক মাতি আনিলে কথাটো বৰ এটা ভাল নহ'ব । দাদাক এবাৰ সুধি চাবা...
: উম , ৰাতিপুৱা দাদাক সুধিব লাগিব , বাৰু সেইবোৰ বাদ দিয়া মালৈ ফোন এটা কৰিলা নে...!
: কৰিছিলোঁ , নেটৱৰ্ক পোৱা নাছিল । মিছাকৈয়ে ক'লে উৰ্মিয়ে ।
: এতিয়া এবাৰ লগাই চোৱা....
: এতিয়া থাকক দিয়া , মাহঁত শুলে চাগৈ ।
কথা পাতি থাকোঁতেই অনিমেষৰ ফোনটো বাজি উঠিল ...., জয়শ্ৰীয়ে ফোন কৰিছে । স্ক্ৰীনত জয়শ্ৰীৰ নামটো দেখিয়েই অনিমেষৰ বুকুখন চিৰিং কৰি গ'ল । ধৰোঁ নধৰোঁকৈ ফোনটো ৰিচিভ কৰিলে ..... হেল্ল" নবৌ....,
: হেল্ল" অনিমেষ ....., খোৱা বোৱা হ'ল নে......?
: হ'ল , আপোনাৰ ....?
: উম.... খালোঁ , অনিৰ্বাণৰ কাৰণে আজি আমি বৰ লাজ পালোঁ জানানে ...!
: কিয় নবৌ ....?
: নক'বা আৰু ....., সকলোৱে ভাবিছিল অনিৰ্বাণে অনা মাছেৰে মৃণালিনীৰ জাল দিম । বৰমায়েটো কৈয়ে দিলে ...... কি জোঁৱাই পালি এইটো , ঘৈণীয়েকক জ্বালৰ মাছ অকণো খোৱাব নোৱাৰে নে.....? কথাটো মৃণালিনীয়ে নুশুনিলে বুলিহে , নহলে সেইখন ডাঙৰ কাজিয়া হ'ল হেঁতেন ....!
: পিছে এটা কথা নবৌ , আমিয়ো বৰ লাজ পাইছোঁ সকলোৰে মুখত এটাই কথা .... বেমাৰী বুঢ়ীজনীক কেঁচুৱাটো দেখুৱাই নিব নোৱাৰিলে নে.........? দাদায়ো বহুত দুখ পাইছে মনত । মায়ে বৰ আশা কৰিছিল চাবলৈ । উৰ্মিক কৈ বাকচৰ পৰা মাৰ সোণৰ চেইনডাল উলিয়াই থৈছিল নাতিক দিবলৈ । দাদা অকলে অহা দেখি মা উচুপি উঠিল..... , বৰ বেয়া লাগিল মাক দেখি.....,
: মানুহবোৰৰ এইটোৱেই ভুল অনিমেষ , সৰু ল'ৰা ছোৱালীৰ সোনকালে ইনফেকচন হয় , সেয়ে আমি বাহিৰে বাহিৰে ইয়ালৈ লৈ আহিলোঁ । মোৰো বেয়া লাগিছে মাক দেখুৱাব নোৱাৰাৰ বাবে , কিন্তু কি কৰিবা , ডাক্তৰৰ নিৰ্দেশবোৰ মানি চলা ভাল( Assamese story ) ।
: হয় দিয়ক , নবৌৰ ভাল নহয় ...! কিবা অসুবিধা হ'লে ক'ব । দাদাক পঠিয়াই দিম ।
: নাই নাই , মিছাতেই অনিৰ্বাণৰ কষ্ট হ'ব । ঠিক আছে দিয়া এতিয়া ৰাখিছোঁ । শুভৰাত্রি ।
: শুভৰাত্রি....
..... কি আচৰিত মানুহ এইবোৰ ! নিজে কৰা কামবোৰ ভাল , আনে কৰাবোৰ বেয়া । কেনেকুৱা মানসিকতা । সেই সাধাৰণ কথাটোকে ফোন কৰি নজনোৱা হলেও হয় ।
: অনি.... কোনে ফোন কৰিছিল...?
: জয়শ্ৰী নবৌয়ে....,
: ৰাতিখন ফোন কৰিলে যে....!
: অভিযোগ দিবলৈ ফোন কৰিছিল
: কিহৰ অভিযোগ.... , প্ৰশ্নবোধক দৃষ্টিৰে অনি লৈ চালে উৰ্মিয়ে ।
: দাদাই মাছ দিবলৈ নোযোৱাৰ বাবে তেওঁলোকে হেনো লাজ পাইছে , সেয়ে ময়ো কৈ দিলোঁ । কেঁচুৱাটো বাহিৰে বাহিৰে তালৈ লৈ যোৱাৰ বাবে আমিও বৰ লাজ পাইছোঁ ।
: তুমিও বৰ আচৰিত মানুহ অনি...., কি দৰকাৰ আছিল সেইবোৰ কবলৈ...?
: কিয় নকম..., কথাবোৰ খোলা খুলিকৈ কৈ দিয়াটো ভাল , আমাৰ ওপৰত দোষবোৰ জাপি থাকিব আমি মনে মনে শুনি থাকিম ...
: তুমি জানাই দেখুন জয়শ্ৰী বৌ কেনেকুৱা.... এই কথাটোকে যদি মৃণালিনী বৌক ওলোটাই লগাই দিয়ে দাদাৰ লগত কাজিয়া নহ'ব নে....!
: সেইবোৰ বাদ দিয়া , যি হয় হ'ব । এতিয়া শুই থাকা । কালিলৈ অফিচত মোৰ মিটিং এখন আছে সোনকালে যাব লাগিব অলপ ।
: ok বাবা , ok , শুই থাকা ।
লাইটতো অফ কৰি দুয়ো চকুহাল জপাই দিলে , মাকৰ কথাবোৰ উৰ্মিৰ মনত আকৌ ভাহি আহিল , কথাবোৰ ভাবি ভাবি বিচনাত ইকাটি সিকাটি কৰি বাগৰ সলাই আছে । কথাবোৰ ভাবি থাকোতেই কেতিয়া যে টোপনি গ'ল উৰ্মিয়ে গমেই নাপালে । ৰাতি দেৰিলৈকে সাৰে থকাৰ বাবেই পুৱা সোনকালে সাৰ পোৱা নাছিল উৰ্মিয়ে । উৰ্মিক আমনি নকৰি অনিমেষ লাহেকৈ উঠি আহিল । মুখখন ধুই অনিমেষে চাহকাপ বনাই মানে অনিৰ্বানো উঠি আহিল । .....চাহ তই বনাইছ যে...! উৰ্মি উঠা নাই নেকি.....?
: নাই উঠা , ৰাতি বহু দেৰিলৈকে সাৰে আছিল ।
: কিয় ...? তই কিবা কলি নেকি....?
: একো কোৱা নাই , কিয় নাজানো ৰাতি বহু দেৰিলৈকে সাৰে আছিল । হয়টো মাক দেউতাক লৈ মনত পৰিছিল । তই মুখ ধুই আহ ..., মই চাহ বাকো...,
: উম.....,
পুৱাৰ ৰ'দজাক খিৰিকীৰে সোমাই আহি উৰ্মিৰ চকুত পৰিল । লাহেকৈ চকুহাল মেলি উৰ্মিয়ে ঘড়ীটোলৈ চালে । সাত বাজিবৰ হ'ল । খৰখেদাকৈ বিচনাৰ পৰা নামি আহিল উৰ্মি । বাহী বনত হাত নিদিয়াকৈ গাটো তিয়াই গোসাঁইঘৰত চাকিগজি জ্বলাই পাকঘৰত সোমাল উৰ্মি । ....... দাদা , চাওঁ আটাখিনি মোক দিয়ক ।
: মই আটাকেইটা মঠি দিছোঁ । তুমি চাহকাপ খাই লোৱা....।
: ঠিক আছে দাদা , মই চাহকাপ খাই লওঁ ।
: উঠিলা ,
: তোমাক বেয়া পাইছোঁ অনি.., মোক কিয় উঠাই নিদিলা ,
: ৰাতিটো ভালকৈ শোৱা নাছিলা , সেয়ে ভাবিলোঁ টোপনি পোৰা হৈ লওঁক ।
: দাদাৰ আগত মই লাজ পাইছোঁ অনি..., কি ভাবিব দাদাই ।
: দাদাই সেইবোৰ একো নাভাবে ..., যোৱা তুমি কামত লাগা , মই ৰেডী হৈ লওঁ ।
চাহকন খাই উৰ্মিয়ে ৰুটিকেইখন বেলি কেৰাহীখন পাতি দিলে । তেলখিনি গৰম হয় মানে গুচাই থোৱা আলু কেইটা সৰু সৰুকৈ কাটি ললে । তেলখিনি গৰম হোৱা লগে লগেই পিয়াজ অলপ দি আলুখিনি বঢ়াই দিলে আৰু গেছটো কমাই আনটো স্তভত লুচিকেইখন পুৰি ললে । অনিক খাবলৈ দি টিফিনটো ৰেডী কৰি বেগত ভৰাই দিলে । দেৰিকৈ উঠাৰ বাবেই ঘৰৰ সকলো কাম বাদ পৰি গল সেয়ে বিচনাখন কোবাই ৰূমকেইটা ঝাৰু দি শাহুৱেকক বাহিৰলৈ উলিয়াই আনি বাৰাণ্ডাৰ চকীখনতে বহুৱাই দিলে । .....মা বেয়া নাপাব , উঠা দেৰি হৈ গল , সেয়ে আপোনাক বাহিৰলৈ উলিয়াই আনোতে অলপ দেৰি হৈ গ'ল ।
: কিয় বেয়া পামনো বোৱাৰী..., তুমি মোৰ বাবে যিখিনি কৰিছা সেয়াই যথেষ্ঠ । যোৱা ভালকৈ চাহ একাপ কৰি অনা ।
: ঠিক আছে মা ......,
উৰ্মি পাকঘৰলৈ সোমাই গ'ল চাহ কৰিবলৈ , .....উৰ্মি , অনিয়ে ৰাতি কাৰ লগত কথা পাতি আছিল ফোনত ....?
: মানে মা..., কথাবোৰ কি বুলি ক'ব একো ভাবি পোৱা নাছিল উৰ্মিয়ে ....,
: ৰৈ গ'লা যে....! নিশ্চয় জয়শ্ৰীয়ে ফোন কৰিছিল ...!
: হয় মা , জয়শ্ৰী বৌয়ে ফোন কৰিছিল ।
: কি কলে জয়শ্ৰীয়ে ।
: মই ভালকৈ নুশুনিলোঁ মা ,
: ঠিক আছে , মই অনিৰ্বাণক ফোন কৰিবলৈ কম জয়শ্ৰীলৈ .....
: ৰাতিপুৱাই জয়শ্ৰীৰ নাম ওলাল যে .....! প্ৰশ্নবোধক দৃষ্টিৰে মাকলৈ চাই অনিৰ্বাণ আহি মাকৰ কাষতে বহিল ।
: কালি জয়শ্ৰীয়ে অনিমেষলৈ ফোন কৰিছিল , কি পাতিলে উৰ্মিয়ে একো গম নাপালে । গতিকে তই এবাৰ ফোন কৰি চাবি ।
: ঠিক আছে মই এতিয়াই ফোন কৰিম ।
: মা চাহ লওঁক । দাদা আপুনি কথাবোৰ নজনাৰ দৰে বৌলৈ ফোন কৰিব । নহলে আকৌ বৌয়ে অনিমেষক লগনীয়া বুলি ভাবিব ।
: ৰবা , মই এতিয়াই ফোন কৰিম সকলোৱে শুনাকৈ কথা পাতিম । কথাষাৰ কৈ ভিতৰলৈ সোমাই গৈ ফোনটো আনি জয়শ্ৰী লৈ ফোন লগালে ...
: হেল্ল' অনিৰ্বাণ.... গুড মৰ্নিং , কি কৰিছা
: মৰ্নিং , এনেয়ে বহি আছোঁ । মৃণাৰ ফোনটো অফ যে....?
: লৰাটোৱে বৰকৈ আমনি কৰি আছে , সেয়ে ফোনটো বন্ধ কৰি থৈছে ...,
: আমনি কৰিছে ....! কিয় ...?
: নাই.....! কিবা এটা ক'ব খুজিও ৰৈ গৈছিল জয়শ্ৰী ।
: হেল্ল' , নবৌ , একো নকলে যে....!
: হেল্ল' .... হেল্ল'..... শুনিছানে....? হেল্ল' .....! নেটৱৰ্কটোৱে বৰ আমনি কৰিছে একোৱেই শুনা নাই..... হেল্ল' ......! নুশুনাৰ অভিনয় কৰি ফোনটো কাটি দিলে জয়শ্ৰীয়ে আৰু লগে লগে ফোনটো অফ কৰি দিলে । ........সঁচা কথাবোৰ কৈ দিলেও বৰ ডাঙৰ কথা হ'ব । মৃণাৰ অসুখ বুলি কৈ দিয়াই ভাল আছিল নেকি...? কৈ দিলে আমি ফচিব লাগিব ...., ডাক্তৰৰ লগত কথা পাতি দৰৱখিনি খোৱাই দিব লাগিব । কথাটো নহলে কৈয়ে দিওঁ ....! যদি লৰাই আমনি কৰা কাৰণ জানিবলৈ অনিৰ্বাণ আহি ঘৰ ওলায়হি....! তেতিয়া কি হ'ব ......? কিবা এটা উপায় ওলিয়াবই লাগিব ...., সাপো মৰিব লাগিব , লাঠিও ভাগিব নালাগিব.......! কাম এটা কৰোঁ ...., মৃণাৰ গাখীৰ কমকৈ ওলাইছে , ভোক লাগিছে ল'ৰাটোৰ সেয়ে ভোকতে কান্দি আছে ........, উম..... এইটোৱেই ভাল আইডিয়া ......, জয়শ্ৰীয়ে মোবাইলটো অন কৰি অনিৰ্বাণলৈ ফোন লগালে ..... বহু সময় ফোনটো বাজি থকা দেখি উৰ্মিয়ে ফোনটো ৰিচিভ কৰিলে .....
: হেল্ল' অনিৰ্বাণ....
: মই উৰ্মিয়ে কৈছোঁ বৌ , দাদা গা ধুবলৈ গৈছে( Assamese story ) ।
: ভাল তোমাৰ ...?
: ভালে আঁচো বৌ....,
: আজি যে নেটৱৰ্কৰ ইমান সমস্যা হৈছে , অথনি কথাবোৰ ভালকৈ শুনাই নাপালোঁ । এতিয়া ৰাস্তালৈ ওলাই আহিহে ফোন কৰিছোঁ ।
: কেতিয়াবা তেনেকুৱা হয় ।
: উৰ্মি , কথা এটা কওঁ , তুমি দাদা বা মাক কৈ দিবা , নবৌয়েকজনী হৈ সকলোবোৰ কথা অনিৰ্বাণক কৈ দিব নোৱাৰো দিয়াচোন ।
: হয় , বৌ । কওঁক, মই মাক কৈ দিম ।
: মানে , মৃণালিনীৰ গাখীৰটো কমকৈ আহিছে , সেয়ে হয়টো লৰাটোৰ পেট ভৰা নাই কান্দি আছে ।মই ডাক্তৰৰ লগত কথা পাতিলোঁ , চিন্তা কৰিব নালাগে বুলি কৈছে । মিছাতেই অনিৰ্বাণে চিন্তা কৰি থাকিব । সেয়ে মই ৰাস্তালৈ আহি ফোন কৰিছোঁ । তুমি অনিৰ্বাণক কৈ দিবা ,এতিয়া ৰাখিছোঁ দিয়া , মৃণালিনীক খাবলৈ দিওঁগৈ ।
: ঠিক আছে বৌ , আপুনি চিন্তা নকৰিব.....
ফোনটো কাট খাই যোৱাৰ পাছত দাদাই ফোন কৰোঁতেটো চুইচ অফ বুলি কৈছিল , নেটৱৰ্ক নাথাকিলেটো চুইচ অফ নেদেখাই .....! নে জয়শ্ৰী বৌয়ে আমাৰ পৰা কিবা লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছে..... ? সেই প্ৰশ্নটোৱে উৰ্মিক কিছুসময়ৰ বাবে হ'লেও চিন্তিত কৰি তুলিলে ।
ক্ৰমশঃ......
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment