আন্ধাৰৰ মাজত সামন্য পোহৰৰ জিলিকনিত তাই দেখিছিল সিহতৰ গাওঁৰ মিলনক | যি সময়ত মিলনে তৰালিক অত্যাচাৰ কৰিছিল সেই সময়ত তৰালি অন্ধ আছিল | তেতিয়া তাই দেখা নাছিল মিলনৰ বাহ্যিক আকৃতি | কিন্তু এদিনা খন মিলনে সৰু হৈ সিহঁতৰ ওচৰত গাওঁৰ বাৰ্ষিক সভাৰ বাবে চান্দা বিছাৰি আহিছিল তেতিয়াই তৰালিৰ চকু ভাল হৈছিল | তাই প্রথম বাৰ মিলনৰ ঘৃনা লগা মুখ খন দেখিছিল | তাৰ পিছত আজি আকৌ সেই মিলন সিহঁতৰ ঘৰত | তাই আচৰিত | তাই বিচনাৰ পৰা উঠি বহিছিল |
- আপুনি আকৌ কিয় আহিছে ? কিয় আহিছে মোৰ কাষত |
- তৰালি শুনা মই তোমাক বহুত পইচাঁ দিম | মাত্র তোমাৰ ধুনীয়া শৰীৰটো মোক দিয়া |
- ঐ চুপ | তৰালিয়ে বহুত যন্ত্রণা সহ্য কৰিব পাৰে | কিন্তু এনেবোৰ কথা কেতিয়াওঁ সহ্য নকৰে |
সি আকৌ তাইৰ হাত খন তাৰ ওচৰত টানি ল'লে |
- তুমি খং কিয় কৰিছা ? হাৰে আজিৰ দুনিয়াত এইবোৰে চলি আছে | এইবোৰ সৰু কথা |
- কি ক'লে সতীত্ব বিবাহৰ আগত নাশ কৰাটো সৰু কথা ! সেয়া আপোনাৰ বাবে হ'ব পাৰে সৰু কথা কিন্তু মই মোৰ ভৱিষ্যতৰ স্বামীক প্রতাৰণা কৰিব নোৱাৰো | তাতে মই এজনী সমাজৰ চকুত চিনাকী ছোৱালী |
- আস হা তৰালি শুনাছোন | আজি আমাৰ সমাজ খনত কিমান ছোৱালীয়ে লাইফটো ফুৰ্ত্তি কৰিছে ,ধেমালি কৰিছে তুমি কিয় নোৱাৰা ? অলপ আধুনিক হ'ব শিকা |
- শুনক , মই গাওঁৰ ছোৱালী,মই দেহৰ সম্পূৰ্ণ অংগ ঢাকিব জানো, মই গাওঁৰ পৰা আহি চহৰীয়া ধংত চলিব নোৱাৰো |
- প্লীজ আহা এবাৰ মোৰ বুকুৰ মাজত,তোমাৰ কোমল দেহৰ অনুপম সৌন্দৰ্য্যতা মই ভোগ কৰো |
- কি ! আপোনাৰ লাজ নাই লগা তেনে কথা ক'ব ? এজন গাওঁৰ মুখিয়াল মানুহ হৈ,এজন বিবাহিতা পুৰুষ হৈ আপুনি ইমান তলত নামিব পাৰিছে | ওলাই যাওঁক আপুনি মোৰ কোঠাৰ পৰা |
মিলনে জোৰকৈ তৰালিক বুকুৰ মাজত টানি অনাৰ চেষ্টা কৰিলে | তাই আৰু ধৰ্য্যৰ বান্ধ চিঙি পেলালে | তাই মিলনৰ গালত এটা প্রচণ্ড চৰ সোধালে |
- ওলাই যা পাষণ্ড ,এতিয়াই মোৰ কোঠাৰ পৰা ওলা নহ'লে তোৰ ৰক্তৰে মই ফাকু খেলিম |
এয়াই এজনী সতী নাৰী | যাৰ ধৰ্য্যৰ বান্ধ চিগি গ'লে হৈ পৰে দুৰ্গা গোঁসানীৰ দৰে ভয়ংকৰ ৰূপ | সঁচাই নাৰী আৰু কিমান দুৰ্বল হৈ থাকিব পুুৰুষৰ ওচৰত |
মিলনে তাৰ গাল খনত হাত খন দি ,সি ক'লে
- চাই থাক মই তোক কি কৰিব পাৰো | আহঃ সি জোৰকৈ চিঞঁৰি দিলে |
ইতিমধ্যে অংকিতে গান বন্ধ কৰিছিল | মিলনৰ চিঞঁৰ শুনি অংকিত তৰালিৰ কোঠাত দৌৰি আহিল |
- কি হ'ল মিলন দা ?
- তৰালিয়ে মোক চৰ মাৰিছে অংকিত |
- কি ? কিন্তু কিয় ?
- মই এবাৰ তাইৰ ওচৰত আহিছিলোঁ | বোলো তৰালি জনীৰ খৱৰ এটা লওঁ | কিন্তু কি হ'ল জানো তাইৰ খৱৰ সোধাৰ লগে লগে তাই মোক এটা প্রচণ্ড তৰ সোধালে |
তৰালিৰ ধৈৰ্য্যৰ বান্ধ চিগি গ'ল |তাই খুৱ জোৰে চিঞঁৰিলে |
- মিছা কথা,সি মোক ধৰ্ষণ কৰিব চেষ্টা কৰিছিল,সি মোৰ শৰীৰ পইচাৰ বিনিময়ত ভোগ কৰিব আহিছিল |
- নাই নাই মিছা কৈছে অংকিত তই বিশ্বাস কৰ |
মিলনৰ কথাত অংকিতে সহাঁৰি জনাইছিল |
- মোৰ ঘৰত অহা মানুহক তই বদনামী কৰি মোৰ ওপৰত প্রতিশোধ লব বিচাৰিছ ?
- সৰু দা তই
- শুন মিলনক তই মিছা অপবাদ দিয়াৰ চেষ্টা কৰিছ |
- তই নিজৰ ভনীক চিনি নোপোৱা হ'লি ? কি হৈছে তোৰ ? এইজন মানুহে আমাৰ লগত অতীতত কি কি কৰিলে তই পাহৰি গ'লি ?
- এইজন মানুহে সেইবোৰ নকৰা হ'লে মই গাৱতে থাকিলো হৈ,আজিৰ দৰে জীৱন এটা সজাৱ নোৱাৰিলো হৈ | মিলন দা আহ |
অংকিত ওলাই যোৱাৰ পাছত ,মিলনে তৰালিৰ ফালে চাই এটা বেকা হাঁহি মাৰিলে | তৰালিৰ এনেকুৱা মন গ'ল যেন এতিয়াই তাৰ চকু কেইটা বাহিৰলৈ উলিয়াই আনিব | এয়াই অংকিত সকলো বোৰ পাহৰি গ'ল সি | সিহঁতৰ জীৱনৰ প্রধান খলনায়ক জনৰ লগত সি আজি বন্ধু | তৰালিয়ে যেন কিবা এটা ৰহস্যৰ গোন্ধ পালে | মিলন আজি সিহঁতৰ ঘৰত কিয় আহিছে ! তাই যে জানিৱই লাগিব | তাই নিজৰ কোঠাৰ পৰা ওলাই অংকিতৰ কোঠাৰ সন্মুখত ৰৈ থাকিল | ইতিমধ্যে অংকিতৰ কোঠাৰ দৰ্জা বন্ধ |
- ইয়াত চহী এটা কৰ |
মিলনে কৈছিল অংকিতক | তৰালিৰ বুকু কঁপি উঠিছিল | কিহৰ চহী হ'ব !
- এইখিনিতে ন
অংকিতে কৈছিল |
- উম বঢ়িয়া | এয়া ল' তোৰ টকা
টকা ! কিহৰ টকা | তৰালি মনত সন্দেহ হ'ল |
- কিমান আছে
- পাচ লাখ
- বাকী খিনি ?
- অহা মাহত দিম মোৰ অলপ ঘৰুৱা অসুবিধা আছিল |
- ঠিক আছে ধন্যবাদ তোক মিলন দা
- তেন্তে আজিৰ পৰা তহঁতৰ গাওঁৰ ৯ বিঘা ৭ লেছা মাটিৰ মালিক মই |
বাকী পাচৰ কথা খিনি তৰালিৰ কাণত নোসোমাল | তাই দৌৰি তাইৰ ৰুম ত পৰি গ'ল | সিহঁতৰ পৈতৃক সম্পত্তি খিনিৰ পৰা ও আজি সিহঁত বঞ্চিত হ'ল | টকাৰ লুভীয়া অংকিতে শেষত এই সিদ্ধান্ত হে ল'লে | সি ককায়েক মনক চৰম প্রতৰণা কৰিলে | তৰালিয়ে যেন কথাবোৰ সহ্য কৰিব পৰা নাই | কিন্তু তাই নো কি কৰিব,বেছিকৈ ক'লে মনে তাইক মাৰিব | তাই আকৌ এবাৰ বিচনাৰ পৰা উঠি আহি অংকিতৰ দৰ্জা খনৰ ওচৰত ৰ'ল |
- মিলন দা মোক বহুত পইচাৰ দৰকাৰ |মই মাত্র ইনজয় কৰিব বিচাৰো |
- এটা কাম কৰ
- কি কাম ?
- তৰালি দেখাত বহুতে ধুনীয়া |
- তাৰপাছত ?
- তাইক কোনোবা বেশ্যালয়ত বিক্ৰি কৰি দে | তই বহুত পইচা পাবি | তই ভাৱিছ নেকি গান গাই তাই তোক খুৱাব,তাই বেলেগক খুৱাব | গতিকে তাৰ আগতে তই ব্যৱস্থা কৰ |
কি ! তৰালিয়ে বহুত ভয় খালে | অংকিতে পইচাৰ কাৰনে এনে কাম কৰাতো অসম্ভৱ নহয় | তাইৰ আৰু পাছৰ কথাবোৰ নুশুনিলে | তাই যেন আজি সকলো বোৰ আন্ধাৰ আন্ধাৰ দেখিছে | তাই দৌৰি চাদৰ ওপৰত উঠিলে | ৰাতিৰ আকাশ খনত তৰাবোৰ জিলিকি আছিল | মহানগীৰ ডাঙৰ ডাঙৰ অট্রালিকা বোৰৰ লাইট বোৰ জ্বলি আছিল | কিন্তু এই লাইটৰ পোহৰতে এইখন মহানগৰীত কিমান বোৰ অপৰাধ মূলক কাম হৈ আছে | তাইৰ আজি কিছুমান মানুহলৈ ঘৃণা লাগিল | তাই নোৱাৰে কিছুমান কামাতুৰৰ ৰাতিৰ লগৰী হ'ব | তাই নোৱাৰে তাইৰ পবিত্র দেহক অপবিত্র কৰিব | তাইৰ বাবে মৃত্যুয়ে শ্রেয় | কি লাভ এনেকুৱা জীৱন এটা লৈ জীয়াই থাকি | তাই এই জীৱন আজিয়ে শেষ কৰিব | হয়টো কাইলৈ টিভি,বাতৰি কাকত ত ওলাৱ ডাঙৰ ডাঙৰ আখৰেৰে " অসমৰ জনপ্রিয় গায়িকা তৰালি কলিতাৰ আত্মাহত্যা " কিন্তু কিয় ! সকলোৱে একে মুখে প্রশ্ন কৰিব | তৰালি চাদৰ পৰা জপিয়াবলৈ সাজু হ'ল |
চকুৰে মাত্র বাৰিষাৰ ধল নামিছিল | ডাঙৰ ককায়েকলৈ মনত পৰিছিল | তাৰ বুকুৰ মাজত শুই শুই টোপনি যোৱা ছোৱালী জনীয়ে আজি আত্মাহত্যা কৰিব | " তই মোক ক্ষমা কৰি দিবি অ ডাঙৰ দা,মই অহা জনমত ও তোক দাদা হিচাপে বিচাৰিম | আজি মাত্র জীৱনৰ দুৰ্ভাগ্যৰ বাবে আমাৰ এৰা এৰি হ'ল | তই থকা হ'লে মই এনেকুৱা কাম কৰিব নালাগিল হেতেন | মই হাৰি গৈছো ডাঙৰ দা ,জীৱনটো ভয়ংকৰ দিনলৈ বাট বুলিছে | মোৰো জীয়াই থাকিব মন আছিল ,কিন্তু আৰু নোৱাৰো কষ্ট খাৱ | মাত্র সৰুৰ পৰা আজিলৈ কান্দি কান্দি দিনবোৰ পাৰ কৰিলোঁ আজি আৰু কান্দিব মন নাই আহো দে "
" #তৰালি_আপুনি_এয়া_কি_ ৰিব_ওলাইছে_এবাৰ_মোৰ_কথা_ভাৱক_মই_আপোনাক_কংখৰ_কাৰাগাৰৰ_পৰা_উদ্ধাৰ_কৰিম_জীৱন_এবাৰ
আকাশবাণী , এয়া ইন্সপেক্টৰ মনৰ মাতৰ নিছিনা,তৰালি থমকি ৰৈছিল | এৰা মন তাইৰ জীৱনৰ নতুন পথিক এজন | যিজন মানুহৰ চকুত তাই প্রথম বাৰৰ বাবে দেখিছে ভালপোৱাৰ উজ্জ্বলতা | যাৰ হৃদয়ৰ আকুল আহ্বান অমান্য কৰিব নোৱাৰে | নাই তাই আৰু আত্মাহত্যা নকৰে | মনে তাইক উদ্ধাৰ কৰিব | তাই মনলৈ অপেক্ষা কৰিব |মন এদিন আহিবই |
ময়ূৰীয়ে বিচনাত বাগৰি বাগৰি গাৰুটো সাৱতি শুই আছিল | তাই নিজৰ কোমলকৈ গাৰুটোক মন সজাই লৈছিল | আৰু এজনী পাগলীৰ দৰে অকলে অকলে বকি আছিলে |
- মন তুমি ইমান অভিমানী,মৰম আকলুৱা | তোমাৰ মৰমে মোক পাগল কৰি পেলাইছে | তুমি মোৰ হৃদয়ত সঁচা প্রেমৰ জোৱাৰ তুলিলা | তুমি অবিহনে মই জীয়াই থকাটো কঠিন হ'ব | সঁচা অৰ্থত তুমি মোৰ সঁচা প্রেমিক ,যুগান্তৰৰ নায়ক |
- ময়ূৰী
মাকৰ মাতত ময়ূৰী উচপ খাই উঠিল | তাই বিচনাত বহি ল'লে | তাই জিভা খন কামুৰি ধৰিলে | মাকে বাৰু দেখিলে নেকি !
- কি কৰিছ তই ?
- নাই মানে মা এনে,,,,,,
- অকলে অকলে কি বকি আছিলি ?
- মই মানে গান গাই আছিলো |
- মই কথা এটা কওঁ বুলি ভাৱিছোঁ
- কি মা ?
- সম্পৰ্ক বোৰ যিহেতু আগবাঢ়িছে,ল'ৰা যিহেতু পচন্দ হৈছে | তহঁতৰ বিয়া খন অহা মাহত আয়োজন কৰিছোঁ |
- মা
- তই মনক কথাটো জনাই দে |
কথা খিনি কৈ ময়ূৰীৰ কোঠাৰ পৰা মাক ওলাই গৈছিল | তাইৰ মনটো বহুত ভাল লাগিল অৱশেষত সেই হেপাঁহৰ দিনটো আহিব | তাই কইনা হ'ব | কিমান যে ভাল লাগিব | সেইদিনা যে মনৰ চকুত চাবলৈ ও লাজ লাগিব | তাই মনলৈ ফোন লগালে |
- হেল্ল'
- ঐ হিৰ' কি কৰি আছা ?
- মই হিৰ' নহয় দে
- তুমি মোৰ হিৰ' কিন্তু দে
- হ'ব
- ঐ শুনা না
- কি
- মই যে নহয় শ্বাহিদ কাপোৰক তামাম ভালপাওঁ
- হয় নেকি ! তেন্তে তাৰ লগতে বিয়াত বহা
- মোক তোমাক হে লাগে
- কিয়,সদায় ভালপোৱাঁ জনৰ লগত বিয়াত বহিব লাগে |
- হ'ব , শুনা মায়ে আমাৰ বিয়াৰ অহা মাহত তাৰিখ কৰিব |
- কি
- উচপ খাই উঠিলা যে
- নাই মানে
- আৰু কৰবাত তোমাৰ ভালপোৱাঁ আছে যদি কৈ দিয়া |
- কি ?
- আজিৰ ডেকাক ধৰিব ও নোৱাৰি ন ?
- হ'ব মই তেনেকুৱা নহয় | মাৰ খাবা তুমি
- এতিয়া সাজু হোৱা তুমি | দৰা হবলৈ
ঐ ৰাম আজি মন - ময়ূৰীৰ বিয়া হে
ঐ ৰাম ৰামে সীতাক আজি নিব হে
ময়ূৰীৰ পদুলি আজি উদুলি মুদুলি
ৰভা তলিত বহিছে আমাৰ মন হে
- ঐ মোৰ দৰাতো কি হ'ল মাত নাই যে !
- দৰা হবলৈ লাজে লাগেচোন |
- তেন্তে পলাই নিবা নেকি
- তোমাক মই
ময়ূৰীয়ে মনৰ কথা শুনি জোৰকৈ হাঁহি দিলে |
তৰালিয়ে আজি জীৱনৰ ভয় শংকাবোৰ ভাৱি বিচনাৰ ওপৰতে বহি আছে | তাই তাৰ মনৰ কথা চিন্তা কৰি আছে | সি আহিব নে তাইৰ ওচৰত |
- তৰালি ,তৰালি
তাই খিৰিকি খনৰে চালে | অ আজিওঁ মন সেই একে বেলকনিত |
- আপুনি
- অ মই
- কেনে আছে ?
- জানে দেখোন কাৰাগাৰত বন্দী
- ওলাই আহক এবাৰ |
- আজিওঁ একে
- কিমান দিন এনেকে থাকিব ?
- মোক হেনো বেশ্যালয়ত বিক্ৰী কৰিব |আৰু আজি এজনে পইচাঁৰে মোৰ দেহ কিনিব আহিছিল |
- কি ! কোন সেইজন কেনেকে ইমান সাহস তাৰ | নাম কওঁক মোক | এতিয়াই তাক থানাৰ ভিতৰত যমৰ যাতনা দিম |
- অকমান সময় অপেক্ষা কৰক মই সকলো ফাদিল কৰিম | আগতে মুক্ত হওঁ কাৰাগাৰৰ পৰা |
- নহব আৰু মই ধৈৰ্য্য নধৰো মই আপোনাক ইয়াৰ পৰা লৈ যাম |
- কিন্তু কেনেকে ?
- মই আমাৰ আৰক্ষীৰ সহায় লম |
- কিন্তু সৰু দা
- যিজন মানুহে আপোনাক আজি ইমান শাস্তি দিছে,সেইজন মানুহৰ কথা আপুনি ইমানকৈ কিয় চিন্তা কৰে ?
- সি যে মোৰ তেজ মঙহৰ ভাই |
- সেইজন ভায়ে আপোনাক মাৰি পেলাব আপুনি কি সহ্য কৰিব |
- আৰু দুদিন ধৈৰ্য্য ধৰক |
- ঠিক আছে |
- আপুনি এতিয়া যাওঁক সি আহি পাব |
- আপোনাক এৰি যাৱ মনে নাই
- প্লীজ যাওঁক ,আপোনাৰ ভাল প্রতিচ্ছৱি খন বদনামী নকৰিব |
- ঠিক আছে আহো | কিন্তু আপোনাক অতিশিঘ্রে উদ্ধাৰ কৰিম |
মন গুছি গৈছিল | তৰালিয়ে এয়া শেষ ধৈৰ্য্য ধৰিব | ইয়াৰ পাছত অংকিত সলনি নহ'লে তাই আইনৰ সহায় লব | মনৰ সহযোগত |
ইন্সপেক্টৰ মন কান্দি উঠিল ,এজনী গায়িকাৰ দুৰ্বিসহ ইমান কষ্টকৰ জীৱন দেখি | হয়টো আজিৰ দিনত তৰালিক কিমানে বিচাৰে,কিন্তু কোনোবাই জানেনে তাইৰ এই গোপন অধ্যায় বোৰ | হয় সি তাইক উদ্ধাৰ কৰি নিজৰ কৰি লব |সি থানা আহি পালে | সি গৈ দেখিলে থানাৰ লকআপত এজন মানুহ |
- গগৈ এইজন কোন অপৰাধী ?
- ছাৰ এইজন এজন ডকাইট |
- ডকাইট ?
- হয় ছাৰ
- ইয়াৰ নাম ?
- তাৰ নাম ,,,,,,,,,,,,,,,,, !!!
ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment