ইয়াৰ বাবে আমাক লাগিব মাত্ৰ এটাই বস্তু৷আমাৰ পাছলিৰ ৰজা আলু৷সেইবাবে কোৱা হয় আলু এনেকুৱা এবিধ বস্তু যি সকলোতে মিলি যায়৷এইবাৰ এই আলুৱেদি আমি আণ্ডাৰআৰ্মচৰ ক’লা দাগ আতৰাম( Beauty tips in Assaamese )৷এটা আলু ভালদৰে ধুই চাফা কৰি চকল চকলকে কাটি লব৷ইয়াৰ পিছত এই চকলকে কটা আলুডোখৰ আপুনাৰ কাষলতিৰ তলত ঘহিঁব৷এইদৰে ৩/৪ মিনিট মানৰ বাবে ঘহিঁব৷ঘঁহি হোৱাৰ পিছত আধা ঘন্টাৰ বাবে তেনেদৰে এৰি দিব৷আধাঘণ্টা হৈ যোৱাৰ পিছত কুহুমীয়া পানীৰে ধুই শুকান টাৱেল এখনেৰে ভালদৰে মচি দিব৷শেষত ক্ৰীম লগাব৷
ইয়াৰ উপৰিও আলু কাটি ভালদৰে পিহনাত পিহি বা মিক্সিত মাৰি পেষ্ট বনাই লব৷এই পেষ্টটো ১০ মিনিটৰ বাবে কাষলতিৰ তলত লগাই থব৷তাৰপিছত কুহুমীয়া পানীৰে ভালদৰে ধুই দিব৷শেষত শুকান টাৱেল এখনেৰে মোহাৰি ক্ৰীম লগাব৷এইদৰে প্ৰতিদিনে কৰিব এমাহৰ বাবে৷নিশ্চয় সুফল পাব৷
No comments:
Post a Comment