মা, মা,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
কি হ'ল সপোনত চোন মই মা,মা বুলি চিঞৰিলো |মই বিচনাৰ পৰা উঠি আহিলো ( Assamese story )|আৰু ওৱালত থকা মাৰ ফটো খন এবাৰ অশ্রুসিক্ত নয়নৰে চালো |
- মা, তোমাৰ মৰম কেনে মই অনুভৱ কৰিব নোবাৰিলো মা | তুমি মোক কিয় এনেকে এৰি গুছি গৈছিলা ? তুমি অবিহনে মই বহুত কষ্টত জীৱন কটাইছিলো |যেতিয়া কোনোবাই মা বুলি মাতে মোৰো মাতিব বৰ মন যায় মা !!!
i love you forever maa, i really miss you,,,,,really miss u,,,,,
কব নোৱাৰাকৈ বহুত কান্দিলো আজি | আকৌ বিচনাত পৰিলো | কিন্তু বাৰে বাৰে চকুৰ পৰ্দাত ভাহি থাকিল সেই অসহায় মাতৃজনীৰ ছবি খন | আজি আমাৰ " শান্তি আশ্রম" ত চকুপানী মছি মছি আহিছিল মানুহ জনী | হাতযোৰ কৰি কৈছিল মোক অকমান আশ্রয় লাগে | আমাৰ হিয়াবোৰ ভাগি গৈছিল সেই মাতৃজনীৰ কান্দোন দেখি | সাবতি ধৰিব মন গৈছিল মা মা বুলি চিঞৰি |
খুলিছিল মানুহজনীয়ে জীৱনৰ বিষাদৰ পৃষ্ঠাবোৰ |এখন বহুত মৰমৰ ঘৰ | শান্তি নামৰ এচাতি বতাহ বলি থকা ঘৰ | মোৰ স্বামী অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী | অভাৱ নোহোৱাকে চলি আছিল আমাৰ ঘৰখন | বৰ সুন্দৰভাৱে আমাৰ দিনবোৰ গৈছিল | আৰু এদিনা খন মই গৰ্ভৱতী হ'লো| কিছুদিন পাছত আমাৰ জীৱনত আহিল আমাৰ ডাঙৰ সন্তান ৰাহুল |
সি আমাৰ সপোন,সি আশা |
- তৰু
- কওঁক,,,
- আমাৰ ৰাহুল ক ভাল মানুহ বনাব লাগিৱ |
- ল'ৰা ডাঙৰ হোৱাই নাই,আপুনি সপোন দেখিলে ?
- খেতি কৰিব লাগিলে আগৰ পৰাই সাজু লাগিব|
মোৰ মানুহ জনে সন্তানক লৈ সপোন দেখা আৰম্ভ কৰিলে | সদায় গধূলি নিজৰ কৰ্তব্য স্থলীৰ পৰা আহিলে তাৰ কাৰনে বিভিন্ন বস্তু লৈ আহে |
- এইবোৰ নো কিয় আনিব লাগে |
- ৰাহুল ৰ কাৰনে আনিছো আকৌ |
- এনেকে অযথা খৰছ কৰাতকৈ অকমান সঞ্চয় কৰিব শিকক |
- হে থোৱা হে | আমাৰ ল'ৰা ডাঙৰ হ'লে দেখিবা নহয় আমাৰ একো অভাৱে নহব|
লাহে লাহে ৰাহুল ডাঙৰ হ'ল | আমাৰ জীৱনলৈ আহিল আমাৰ সৰু ল'ৰা ৰাজ |
দুটা ল'ৰাকলৈ আমি সপোন দেখি আগুৱাই গ'লো |
- তৰু ,চাবা মই ইহত দুটাক মানুহ বনাই হে এৰিম |
- হব হব ইমান ও আশা নকৰিব |
- চাই থাকা তুমি |
মাজতে বহুটো ঘাট-প্রতিঘাটৰ মাজেৰে সিহতে হাইস্কুলীয়া জীৱন শেষ কৰিলে | সিহতৰ সাফল্যত আমি আনন্দিত হৈছিলো |গৌৰৱ বোধ কৰিছিলো |
এদিনা খন সিহতক উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ পথালো | ৰাহুল আৰু ৰাজ এতিয়া ইঞ্জিনিয়াৰিংৰ ছাত্র |
সিহতক এনেকে পঢ়াব পৰা সামৰ্থ আমাৰ নাছিল | কিন্তু দেউতাকে চৰকাৰৰ ওচৰত শিক্ষা ঋনৰ বাবে আবেদন কৰি সিহতৰ পঢ়াৰ ব্যৱস্থা কৰিলে | সিহতৰ তাত মহানগৰীৰ আধুনীকতাৰ বতাহ বলিল |
- ঐ তৰু দেখিলা আমাৰ ল'ৰা দুদিন পাছত ইঞ্জিনিয়াৰ হৈ ওলাব|
- ইমান অহংকাৰ নকৰিব,পতন হব |
- অহংকাৰ কৰা নাই | আমি আৰামত খাব পাৰিম |
- যানো ভগবানে কি কৰে !
সময়বোৰ গ'ল | মাজে মাজে সিহতৰ চিঠিবোৰ পিয়নে ঘৰত আহি দি যায় |
- ঐ তৰু ,তৰু
- বাপৰে ইমানকে চিঞৰিছে কিয় ?
- আমাৰ মইনা হতে চিঠি পঠাইছে |
সিহতৰ চিঠি অহা বুলি কলে আমাৰ মনটো ভাল লাগিছিল | কাৰন ল'ৰা দুটাৰ মনৰ বাতৰি গম পালে বৰ ভাল লাগে |
তেওঁ আনন্দ মনৰে চিঠি খন খুলিলে | আৰু চিঠিখন পঢ়াৰ শেষত মই মানুহ জন লক্ষ্য কৰিলো কিবা যে চিন্তাত বিভোৰ হ'ল |
- কি হ'ল আপোনাৰ ?
- হেই তৰু | আমাৰ ল'ৰা ডাঙৰ হ'ল |
- মানে
- মানে সিহতে বিলাসিতা কি বুজি পোৱা হ'ল|
- কিনো কৈ আছে এইবোৰ মই বুজি পোৱা নাই |
- সিহতৰ লগৰীয়াবোৰ আভিজাত্য ঘৰৰ |সিহত বোৰৰ আগত বোলে আমাৰ ইহতৰ লাজ লাগে | ইহতক পইচাঁ লাগে,,,,
- কিমান
- পঞ্চাশ হাজাৰ |
- কি পাগল হৈছে সিহত,কি কৰিব এতিয়া |
- ইমান খিনি দিলো যেতিয়া মাত্র এইখেনি দিব নোবাৰিম নে পাৰিম |প্রয়োজনত মই দেহৰ অংগ বিক্ৰী কৰিম |
মানুহজন ভাগি পৰিছিল | চিন্তাই খুলি খুলি খাইছিল | মই সোঁণৰ খাৰু আৰু চেইন বিক্ৰী কৰিলো |
- এয়া লওঁক |
- কি
- পঞ্চাশ হাজাৰ টকা |
- কত পালা তুমি,,,,
- সাঁচতীয়া ধন |
কথাখিনি কৈ মই কান্দিছিলো | সিহতক পইচাঁ খিনি দিলো | কেইদিন মান পাছত ঘৰলৈ ৰাহুল আহিল |
- দেউতা
- ক' মইনা ,,,,
- মই আৰু ৰাজ লগৰীয়াৰ লগত অসমৰ বাহিৰত ফুৰিব যাম | পইচাঁ প্রয়োজন |
- কিমান ?
- এক লাখ | কাৰন আমি দুজন ন ? এইখেনি লাগিবই ন ?
তাৰ কথাত মোৰ খং উঠিছিল ঘৰ খনৰ অৱস্থা সিহতে ভাবি নাচায় |
- মইনা এইবাৰ পইচাঁ দিব নোৱাৰো |
- তেতিয়া হ'লে জন্ম কিয় দিছিলা ?
তাৰ কথাষাৰত মোৰ চকুপানী বৈ আহিছিল |
- দেউতা আমাৰ পথাৰৰ মাটি খিনি বিক্ৰী কৰা,আমিটো খেতিয়ক নহয় |
- মইনা সেইখিনি মোৰ পিতৃ সম্পওি |
- শুনা যদি পইচাঁ দিৱ নোবাৰা,আমি যে তোমালোকৰ সন্তান আছিলো পাহৰি যাবা |
মানুহজনে হাতযোৰ কৰি তাক কৈছিল |
- অ মইনা তহতক বৰ কষ্টত ডাঙৰ কৰিছো |বহুত মৰম কৰো তহতক | হব মই মাটি খিনি বিক্ৰী কৰি তহতক পইচাঁ দিম |
শেষত আমাৰ পথাৰৰ মাটি খিনি বিক্ৰী কৰি সিহতক পইচাঁ দিলো | তেনেকে দুখৰ মাজত ও আশা লৈ জীয়াই থাকিলো | সিহত ইঞ্জিনিয়াৰিং পাছ কৰিলে | দুয়ো অসম চৰকাৰৰ দুজন সুদক্ষ বিষয়া হ'ল | কিন্তু লাহে লাহে সিহতে আমাৰ লগত সম্পৰ্কবোৰ ত্যাগ কৰিলে | আমাৰ অনুমতি অবিহনে সিহতে এদিনা বৈবাহিক বান্ধোনত বান্ধ খালে | দুয়ো দুজনী সম্ভ্রান্ত ঘৰৰ ছোৱালী বিয়া পাতিলে | আৰু এদিনা খন বোৱাৰী হত আমাৰ ঘৰত আহিলে | তেতিয়া অনুভৱ কৰিছিলো আমি যেন সেইখন ঘৰৰ চাকৰ-চাকৰনী হে | কিন্তু ডাঙৰ চাকৰী কৰাৰ পাছত ও সিহতে দেউতাকৰ সামন্য পেঞ্চনৰ টকা কেইটা ও হাত কৰে |ৰাজৰ চাকৰি জিব্রুগড় লৈ স্থানন্তৰিত হ'ল |
- দাদা
সি ৰাহুল ক কিবা কব বিচাৰিছিল |
- ক' ৰাজ,,,,
- মই বুঢ়াক ডিব্রুগড়লৈ লৈ যাম তই বুঢ়িক ইয়াত ৰাখিবি |
তাৰ কথাত বৰ দুখ পাইছিলো | যাক মৰমত মইনা বুলি মাতো সিহতে আজি আমাক বুঢ়া-বুঢ়ি বুলি সম্বোধন কৰিলে |
- তৰু,,,,,,- কওঁক
- মই যাবলৈ ওলালো |
- দেহৰ যতন লব | সময়মতে খোৱা - লোৱা কৰিব |
- কেতিয়াওঁ ভবা নাছিলো তৰু এদিন যে দুয়ো এনেকে এৰা-এৰি হ'ম |সময় বৰ নিষ্ঠুৰ |
- ভাগ্য ,এদিন সপোন দেখিছিল নহয় ল'ৰা ডাঙৰ হব,ইঞ্জিনিয়াৰ হব আমি ৰাজসুখত খাম |
- আৰু কেতিয়াবা দেখা দেখি হম নে ?
- কিয় কান্দিছে আপুনি !
তেখেতক লৈ গ'ল | মই অকলসৰীয়া হ'লো |যিজন মানুহ প্রতিপল মোৰ ওচৰত আছিল তেওঁ আজি কত আৰু মই কত | লক্ষ্য কৰিছিলো মোক লৈ ৰাহুল সন্তুষ্ট নহয় | মই যেন এটি বোজা | কিছুদিন পাছত ৰাহুলৰ এটা ল'ৰা সন্তান জন্ম পালে | যি নহক নাতি পোৱালীৰ মুখ দেখিলো ( Assamese story )|
- মা তই যে একো কাম নকৰ কিয় ?
- মোৰ গাটো বেয়া অ মইনা |
- হু গা বেয়া,বহি বহি খাব পালে গা ভাল ক'ত হব ?
ৰাহুলে বাৰু কি কৈছে | সি আমাৰ সন্তান হয়নে !
- অঞ্জলিৰ মূৰৰ বিষ যা ঘৰৰ কাম খিনি কৰ |
মোৰ দেহাটো কিমান অসুস্থ সি এবাৰ ভাৱি নাচালে | মাত্র তাৰ পত্নীৰ কথা হে গুৰুত্ব দিলে |
এনেকে সিহতৰ ককৰ্থনা শুনি হ'লে ও জীয়াই থাকিব শিকিলো |
নাতি পোৱালীটো বৰ মৰম ল'গা হ'ল | এদিনা খন তাক মই মৰমত এটা চুমা খাইছিলো |
তেনেতে বোৱাৰী আহি দেখিলে,,,
- ছি : ছি : কি কৰিছে !
- বোৱাৰী ?
- সেইখন মুখেৰে তাক কিয় চুমা খাইছে | তাৰ স্ক্রীন প্রব্লেম হব| আজিৰ পৰা তাক নুচুব |
সাধাৰন নাতি পোৱালীটোক মৰম কৰা অধিকাৰ কনো সিহতে কাঢ়ি নিলে | সেইফালে মানুহজনে বা আৰু কিমান যন্ত্রনা সহি আছে |
ৰাতিপুৱাঁই ৰাহুল অফিচত যাব ওলাল | সি গাড়ী ষ্টাৰ্ট কৰিলে |
- ডাঙৰ মইনা !
- আকৌ মাতিলি নে পিছপিনৰ পৰা |
- মোৰ বৰ জ্বৰ উঠিছে | মেডিচিন,,,,
- হব সেইবোৰ বাহানা বন্ধ কৰ |
কথাখিনি কৈ সি গুছি গ'ল | সচাঁকে মোৰ গাটো বহুত বেয়া আছিলে | কিন্তু সিহতে নুবুজে | কিয় বাৰু ইমান সলনি হ'ল সিহত |
কিন্তু তাৰ কিছু সময়ৰ পাছত ডাঙৰ মইনা অফিচৰ পৰা ঘূৰি আহিল | মূৰত বেণ্ডেজ |
সন্তানৰ এই অৱস্থাত মাতৃৰ বুকুই সহ্য নকৰে | মই মোৰ জ্বৰৰ যন্ত্রনা পাহৰি তাৰ ওচৰত দৌৰি গ'লো |
- কি হ'ল মইনা তোৰ,কত দুখ পালি ? চাওঁ মইনা ,,,,,
সি তাৰ হাতখনৰে মোক একপ্রকাৰ জোৰকৈ আতৰাই দিলে |
- আতৰি যা, পিছপিনৰ পৰা মাত দিছিলি নহয় এতিয়া এক্সিডেন্ট হ'ল শান্তি পালি ? তই মাতৃৰ নামত কলংক | কুলক্ষনী তই ,,,,
তাৰ কথাত মই হিয়া ধাকুৰী কান্দিলো | হে ভগবান মোৰ ভাগ্য এয়া |
তাক দেখি তাৰ পত্নী অঞ্জলী দৌৰি আহিল |
- কি হ'ল তোমাৰ,কত কি হ'ল ?
- নাই একো হোৱা নাই দিয়া চিন্তা কৰিব নালাগে |
মই আৰু ধৰ্য্য ধৰিব নোবাৰিলো | মই তাক হাতযোৰ কৰিলো |
- ডাঙৰ মইনা মোৰ ভূল ক'ত ? এজনী মাতৃ হিচাপে মই তহতৰ সকলো দায়িত্বই পালন কৰিলো | কিন্তু আজি মোক কিয় এই ব্যৱহাৰ কৰিলি ডাঙৰ মইনা ? কিয় ?
- তই আমাৰ ঘৰ খনৰ বোজা | তোৰ আৰু মই দায়িত্ব ল'ব নোবাৰো | ওলাই যা মোৰ ঘৰৰ পৰা | মই আৰু তোৰ মুখখন ও চাব নিবিচাৰো |
কথাখিনি কৈ সিহত ভিতৰত গৈছিল | আজি মানুহজন কাষত থকা হ'লে | এদিন সপোন দেখিছিলো আৰু আজি সকলো মৰহি গ'ল | ইমান যন্ত্রনা আৰু মই সহ্য নকৰো | মই সিহতৰ ঘৰৰ পৰা ওলাই আহিলো | আৰু আহি আহি এইখিনি পালো |
আমি আচৰিত হৈছিলো | কেনেকে একোজন শিক্ষীত সন্তানে নিজৰ মাতৃ-পিতৃক পাহৰি যাব পাৰে ? বহুতে কব খোজে সেয়া বোৱাৰী জনীৰ কাৰনে হয় | সেই কথাটো নুই কৰিব নোবাৰি | কিন্তু কথা হ'ল নিজৰ সন্তান ভাল হ'লে বোৱাৰী ও থিক হব | আৰু এয়া আমাৰ আশ্রমৰ কাৰনে একো নতুন কথা নহয় কিন্তু দুখ লাগিল ইয়াতে শিক্ষীত হৈ এজনী মাতৃক নিজৰ ঘৰৰ পৰা উলিয়াই দিয়াটো |সেই শিক্ষাৰ যানো কিবা মূল্য আছে ??
শেষত অসহায় মাতৃজনী আমাৰ আশ্রমৰ এজনী মাতৃ হ'ল |
- বোপাহত মোৰ মানুহজনৰ ও যদি একে অৱস্থা | যদি তেওঁ এনেকে গুছি আহে,তোমালোকে,,,
- আপুনি চিন্তা নকৰিৱ | আমিও আপোনাৰ সন্তান ,আমাৰ ও দায়িত্ব আছে |
আমি মাত্র এষাৰ কথাই কম
মা,তুমি অনন্যা |||
( সেইদিনা এই মহিলাজনী এনেকে ওলাই আহিছিল | এখন সম্ভান্ত ঘৰৰ মাতৃ | স্নেহা ডেকাৰ অনুৰোধত এয়া মোৰ কাল্পনিক ৰূপ ,ধন্যবাদ স্নেহা )
এনেধৰন গল্প আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.গল্প.in
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assames love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment