মন ময়ূৰীৰ বিয়া ( খণ্ড নং ৩০ ): Assamese love story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 23, 2021

মন ময়ূৰীৰ বিয়া ( খণ্ড নং ৩০ ): Assamese love story

  

Assamese love story

 বিবাহৰ এদিন পিছতে কৰ্ম ব্যস্ততাৰ অযুহাত দেখাই ভাৰ্গৱে উৰা মাৰিছিল বাংগালোৰলৈ ( Assamese love story )| এই ফালে নৱবিবাহিতা পত্নী ময়ূৰীয়ে ক্ষন গনাৰ বাহিৰে অন্য উপায় নাছিল | মস্ত ঘৰটোত ভাৰ্গৱৰ মাক আৰু তাই | এতিয়া তাইৰ বোৱাৰী জীৱনটোত এনেকুৱা লাগিছে যেন সময় বোৰ নাযায়! ইউনিভাৰছিতিৰ পৰা নিজৰ কৰ্তব্য সামৰি আহিয়ে তাই সোমায় পৰে নিজৰ কোঠাত | 


       এইফালে আজি দুদিন হ'ল ৰাইমাই ভাৰ্গৱক অভিমান কৰি আছে | যিটো ভাৰ্গৱৰ মুঠেওঁ সহ্য হোৱা নাই | কাৰন ৰাইমা অবিহনে ভাৰ্গৱ আধৰুৱা | ৰাইমা হ'ল এজনী কলিকতাৰ ছোৱালী | কৰ্মসূত্রে বাংগালোৰতে সিহতৰ চিনাকী | আজি চমাহ হ'ল সিহত একেলগে থকা | আনুষ্ঠিনাকিতা বিবাহৰ পৰিবৰ্তে সিহতে গোপন বিবাহ পাশত আৱদ্ধ হৈছিল | ৰাইমাৰ কথা সি এবাৰ তাৰ মাকৰ আগত উলিয়াইছিল | কিন্তু তাৰ মাকে সন্মতি নিদিয়ে | মাকৰ মন এজনী অসমীয়া ছোৱালী বোৱাৰী কৰাৰ | ৰাইমা হ'ল বেংগলী ছোৱালী | সেয়েহে মাকৰ পচন্দ নহ'ল | এইফালে ভাৰ্গৱে মাকৰ কথা নাকচ কৰিব ও নোৱাৰে | মাকৰ ইচ্ছা পূৰণ কৰিবলৈ সি বাংগালোৰৰ পৰা মাত্র বিশ দিনৰ চুটিত আহিছিল | আৰু মাকে পচন্দ কৰা ময়ূৰীক বিয়া পাতি সি পুনৰ বাংগালোৰলৈ উৰা মাৰিছিল | আজি সেই ৰাইমাই তাক অভিমান কৰিছে | কাৰন যিদিনা খন ময়ূৰী সেই খন ঘৰত ভৰি দিছিল সেইদিনা বাৰে বাৰে ফোন কৰিওঁ ৰাইমাই ভাৰ্গৱক পোৱা নাছিল |

ৰাইমা অত্যাধুনীক বিচনা খনত তাৰ ফালে পিঠি দি শুই আছিল | সি ভয় ভয় কৈ ৰাইমাক পাছফালৰ পৰা আলিংগন কৰিছিল | কিন্তু তাই বাৰে বাৰে তাৰ হাত খন গুছাই দিছিল | সি পুনৰ ৰাইমাৰ গাত হাত খন ঠোৱাৰ লগে লগে ৰাইমাই উচাত মাৰি উঠি আহিব লওঁতে ভাৰ্গৱে তাইক জোৰকৈ বুকুৰ মাজত সোমাই লৈছিল |ভাৰ্গৱৰ বুকুৰ মাজত ৰাইমাই সোমাই গৈছিল | ভাৰ্গৱে মৰমৰে তাইৰ চুলি খিনিত হাত ফুৰাই তাইৰ গাল খনতে গাল খন লগাই তাইক সুধিছিল |

- জানু খং কিয় কৰিছা

ভাৰ্গৱে ৰাইমাক সুধিছিল |

- নামাতিবা

তাই অভিমান কৰি কৈছিল |

- কি হ'ল তোমাৰ কোৱাছোন |

- তুমি মোক তোমাৰ ঘৰত লৈ যাৱ লাগিৱ |

- কি ! 

ভাৰ্গৱৰ বুকুখন কপি উঠিল ,ৰাইমাই এইবোৰ কি কব লৈছে বাৰু |

- কোৱা নিবা

- তোমাৰ হৈছে কি জানু ?

- একো হোৱা নাই ,মাত্র মোক উত্তৰ লাগে |

- হব নিম বাৰু,কিন্তু তুমি আজি ,,,,,

- মোৰ সন্দেহ হৈছে !

- সন্দেহ হৈছে ?

- অহ,সন্দেহ তোমাৰ ঘৰত এজনী পত্নী আছে |

ভাৰ্গৱ ! আচৰিত ,ৰাইমাই গম পালে নেকি তাৰ বিয়াৰ খৱৰ ! নাই নাই তাই বাৰু কেনেকে গম পাব | কাৰন এই বিয়া কোনো আনুষ্ঠানিকতাৰে হোৱা নাই | আৰু ৰাইমাক কব বা কোনে !

তেনেতে ভাৰ্গৱৰ ফোনটো বাজি উঠিল | সি লাহেকৈ ফোনটোৰ ডিচপ্লে লৈ চালে " ময়ূৰী " | সি ৰাইমাৰ কাষৰ পৰা উঠি আহিল |

Assamese love story )

- ক'ত যোৱা ?

- আমাৰ ইক্সিকিউতিভ ইঞ্জিনিয়াৰ এজনে ফোন কৰিছে | অকমান ৰোৱা কথা খিনি পাতি লওঁ |

সি ৰাইমাৰ ওচৰৰ পৰা অকনমান আতৰত আহিল |  ৰাইমাৰ মনত আকৌ সন্দেহ জন্মিল | এই ৰাতি বাৰ বজাত ইঞ্জিনিয়াৰৰ ফোন ! আগতে কেতিয়াওঁ অহা নাছিলে | মানে ভাৰ্গৱ ,,,,,,

- হেল্ল'

- কি কৰিছা ?

- চোৱা এতিয়া মোৰ সময় নাই !

ভাৰ্গৱৰ কথা শুনি ময়ূৰীৰ বুকুখন হাহাকাৰ কৰি উঠিল |

- সময় নাই !

- অ মই অফিচৰ কামত ব্যস্ত আছো

- অফিচৰ কামত ! এই ৰাতি খন |

- প্রশ্ন নকৰিবা ,মই হে জানো মোৰ কাম ৰ হেচা | তোমালোক ঘৰত থকাবোৰে কি বুজিবা |

- খং কিয় কৰিছা ?

- নাই কৰা ,হব ৰাখা এতিয়া | আৰু শুনা যেতিয়া তেতিয়া ফোন নকৰিবা,প্রয়োজনত মই কৰিম | বাই গোডনাইট |

সি ফোনটো কাতি দিছিল | ময়ূৰীৰ দুচকুৰে চকুপানী বাগৰি আহিছিল | হাৰে এইজন কেনে স্বামী ঘৰত নৱবিবাহিতা পত্নী অথচঃ ফোন এটা কৰিব সময় নাই | ইমানে ব্যস্ত নে | নে মাকক সন্তুষ্ট কৰিবলৈ এই বিয়াত সন্মতি দিছিল ভাৰ্গৱে | ময়ূৰী আজি চক্ৰবেহুত আৱদ্ধ হৈ পৰিল |


              সময় গতিশীল | এই সময় কাৰোবাবে ৰৈ নাথাকে | চাওঁতে চাওঁতে ময়ূৰী আৰু ভাৰ্গৱৰ বিয়াৰ আজি এবছৰ হৈ গ'ল | তাইৰ ভিতৰৰ দুখ বোৰৰ বহিঃপ্রকাশ কেতিয়া ও হব দিয়া নাই | এচটা দুখৰ কলীয়া মেঘ হৃদয়ৰ গোপন স্থানত সাঁচি ৰাখি বাহিৰত প্রকাশ কৰিছিল তাই পূৰ্ণিমাৰ নিশাৰ জোনটোৰ দৰে এটা উজ্বল হাঁহি | এয়াই ময়ূৰী যাৰ সততা,ধৰ্য্য ,একাগ্রতাই জীৱনৰ প্রধান অস্ৰ | তাই কোনো মানুহৰ চকুত ভাৰ্গৱক দুৰ্বল সজাৱ বিচৰা নাছিল | তাইৰ মাক দেউতাকেওঁ জনা নাছিল ভাৰ্গৱ আৰু ময়ূৰীৰ সম্পৰ্ক ত যে ঘূনে ধৰিছে | তাইৰ দৈনন্দিন দুটাই কাম | এটা তাইৰ চাকৰি অইনটো ভাৰ্গৱৰ মাকৰ শুশ্রুষা | 


           আজি এবছৰে ভাৰ্গৱক ঘৰলৈ অহাৰ অনুমতি দিয়া নাই ৰাইমাই | তাই তাৰ লগত জেদ ধৰিলে যদিহে ভাৰ্গৱ ঘৰত আহে তেন্তে ভাৰ্গৱে তাইক ও ঘৰত আনিৱ লাগিব | কিন্তু ভাৰ্গৱে ৰাইমাক কেনেকে লৈ আনিৱ | যিখন ঘৰত বোৱাৰী ৰ ৰূপত ইতিমধ্যে ময়ূৰী আছে | সি উপায় বিহীন হৈ ৰাইমাৰ বেহুৰ মাজতে আৱদ্ধ হৈ থাকিল | কাৰন ৰাইমাক সি হোৰুৱাব নোখোজে | ৰাইমাক সি বহুত ভাল পায় হয়টো নিজৰ জীৱনতকৈ ও বেছি | 


             আজি চাৰিদিন হ'ল ভাৰ্গৱৰ মাকৰ গা বেয়া | ময়ূৰীয়ে মেডিকেলত ভৰ্ত্তি কৰাইছে | কিন্তু ডাক্তৰৰ ৰিপ'ৰ্ট মতে এইবাৰ ভাৰ্গৱৰ মাকক বচাব পৰা নাযাৱ | সেয়েহে উপায় বিহীন হৈ আজি ময়ূৰীয়ে প্রায় এবছৰৰ মূৰত ভাৰ্গৱলৈ ফোন লগালে | যিদিনাই ভাৰ্গৱে তাইক ফোন কৰিব মানা কৰিছিল সেইদিনাৰ পৰাই তাই ভাৰ্গৱক কেতিয়াওঁ যোগাযোগ কৰা নাছিল | মাত্র এটা যন্ত্রৰ দৰে সকলো সহ্য কৰি গৈছিল | 

- হেল্ল'

- তোমাৰ মা অসুস্থ | ডাক্তৰে কৈছে তেওঁ আৰু বেছি দিন দিন জীয়াই নাথাকিব | 

- মা এতিয়া ক'ত আছে ?

- মেডিকেলত |

- তুমি ভালে আছা ময়ূৰী ?

- মোৰ খৱৰ লব নালাগে | মাত্র মাৰ শেষ আশা তুমি পূৰণ কৰা | ৰাখিছো |

- হেল্ল' হেল্ল' ময়ূৰী |

ইতিমধ্যে ময়ূৰীয়ে ফোনটো কাতি দিছিল |


                  মানুহ জনীয়ে বিচনাত অসহ্য যন্ত্রনাত কেকাই আছে | পুত্রৰ মুখ খন এবাৰ চোৱাৰ হেপাঁহত অপেক্ষাৰে ৰৈ আছে | ময়ূৰীৰ আজি অনুভৱ হ'ল | যেন ভাৰ্গৱে তাৰ মাকক ৰক্ষনা বেক্ষনা দিয়াৰ বাবে হে বিয়া পাতিছিল | তথাপি ময়ূৰীয়ে বৰ সুন্দৰকৈ নিজৰ কৰ্তব্য কৰি গৈছিল |

- বোৱাৰী

মানুহজনীয়ে কেকাই কেকাই ময়ূৰীক মাতিছিল |

- মা

- তোমাৰ বহুত কষ্ট হৈছে নহয় নে ?

- নাই মা ,এয়া মোৰ আপোনাৰ প্রতি দায়িত্ব আৰু কৰ্তব্য |

- বেচেৰী মোৰ লগত নিশা টোপনিক্ষতি কৰি মুখ খন তোমাৰ শুকাই গৈছে | ব'লা মোক ঘৰলৈ লৈ ব'লা | যি দুদিন থাকো ঘৰতে সাস্তি খাই মৰিম |

- নাই মা তেনেকে নকব | আপুনি ভাৱ হব লাগিব | নহ'লে সেই প্রকাণ্ড ঘৰটোত মই কাৰ সৈতে থাকিম |

- এবাৰ ভাৰ্গৱ ৰ মুখ খন চাৱ মন গৈছে | সি আহিবনে ?

- মই ফোন কৰিছোঁ মা | আহিব

- তাৰ মুখ খন এবাৰ চাৱ পাৰিলে মই শান্তিত মৰিব পাৰিম বোৱাৰী | অ শান্তিত মৰিব পাৰিম |

- আহিব মা আপুনি ধৰ্য্য ধৰক চোন |


         এজনী মাতৃৰ এয়া যে এক আশা | দহ মাহ দহ দিন গৰ্ভত ৰখাৰ পাছত প্রসৱ কৰা মৰমৰ সন্তানটোক ডাঙৰ কৰাৰ পাছত এয়া এজনী মাতৃৰ শেষ আশা | 


                বিচাৰিছো মাথো এবাৰ

                    আহি দিয়া দিয়া দেখা

                    জীৱনৰে শেষ নিশা |


   - ৰাইমা মাৰ গা ভাল নাই ,মই,এবাৰ ঘৰৰ পৰা আহো |

- লগত মই ও যাম |

- তুমি,নালাগে ৰাইমা | 

- কিন্তু কিয় ?

- তুমি সেই পৰিবেশত মিলিব নোৱাৰিবা | 

- কিয় নোৱাৰিম তুমি যদি পাৰা মই ও পাৰিম |

- তুমি নুবুজা কিয় ! মই অকলে গৈ আহো |

- ঠিক আছে তুমি যদি অকলে যোৱা তেন্তে এইখন চোৱা |

- কি এইখন ?

- খুলি চোৱা |

ভাৰ্গৱে কাগজ খন খুলি পঢ়িলে |

- কি !!!


                          ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন

Assames love story

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages