বিয়াৰ হাই উৰুমি বন্ধ হ'ল | ময়ূৰিৰ সৰ্ব শৰীৰ কপিছিল | কি হব বাৰু | কিয় স্মৃতিবোৰ উভতি আহিল | মনে বাৰু কি কৰিব যদি সি বিয়া ত্যাগ কৰি গুছি যায় ! নাই নাই তেনে হব নোৱাৰে | ( Assames love story )
- ভাৰ্গৱ ?
- তোমাৰ বিয়াৰ শুভক্ষনত আহি উপস্থিত হৈছোঁ |বিয়াৰ কাৰ্য্যসূচী আগবাঢ়ক |
ভাৰ্গৱে ময়ূৰীক কৈছিলে | সি ৰভাতলীৰ আলহী বোৰৰ সৈতে একেলগে বহিছিল | ময়ূৰীয়ে ওৰণিৰ ফাকেৰে আকৌ তাৰ ফালে চাইছিল | কিয় আহিছে সি ! আকৌ অশান্তিৰে ভৰি পৰিব নেকি ময়ূৰীৰ জীৱন |
দাউ দাউ কৈ জ্বলি উঠিছিল হোমযজ্ঞৰ জুই কুৰা | পৰোহিতে উচ্ছাৰন কৰি গৈছিল মন্ত্র | আয়তীৰ বিয়া নাম উৰুলিয়ে ৰজনজনাই তুলিছিল বিয়া ঘৰ |
হোমৰ জুই জ্বলিছে
আমাৰ সীতাই কান্দিছে
কান্দিছে সীতাৰ মাকে হে,,,,
ৰামচন্দ্রলৈ যাৱ চিৰদিনলৈ
আহিব অতিথি হৈ হে |
উৰুলি উৰুলি বিয়া নামৰ মাজতে হোমযজ্ঞৰ পাছতে মন-ময়ূৰীৰ বিয়াৰ সামৰনি পৰিলে | দৰা - কইনাক ভিতৰলৈ নিয়া হ'ল | আলহী অতিথি সকলো ঘৰাঘৰি গ'ল | একমাত্র থাকি গ'ল অতিথিৰ আসনত ভাৰ্গৱ | আজি তাৰ কোনোবা এচুকত বিষ উঠিছে | তথাপি সি সহ্য কৰিছে বা কৰিব ই লাগিব | ময়ূৰীৰ মাকে ভাৰ্গৱ দেখাৰ লগে লগে খংত জ্বলিছিল | ঘৃনাত মুখ কোচাইছিল | কিন্তু তেওঁ বহুত ধৰ্য্য ধৰি আছিল | কাৰন সন্মানৰ কথা এষাৰ আছে |
- ময়ূৰী মই অকনমান শুই যাওঁ
মনে ময়ূৰীক কৈছিলে |
- উম শুৱা |
তাই মন অকনমান আতৰত থকাটো বিচাৰিছিল | কাৰন তাইৰ ভাৰ্গৱৰ লগত কথা আছিল | মন বিচনাত পৰাৰ লগে লগে তাই ভাৰ্গৱৰ ওচৰত আহিছিল |
ভাৰ্গৱৰ হিয়া খন আজি প্রথম বাৰৰ বিষাই গৈছিল | সৰগৰ অপ্সৰা ময়ূৰীক দেখি | সি উচুপি উঠিছিল | সি বলিয়া হৈ পৰিছিল ময়ূৰীৰ ৰূপ দেখি | এয়াই জীৱন কেতিয়াবা নিজৰ ভুলৰ কাৰনে কাৰোবাক হেৰুৱাব লগা হয় |
- তুমি কিয় আহিছা ?
- ময়ূৰী
- নামাতিবা ময়ূৰী বুলি,মই মাত্র সুধিছোঁ তুমি কিয় আহিছা ? নে এদিন মোক ধংসৰ গৰাহত পেলাই তুমি শান্তি পোৱা নাই ! নে তুমি মই বিচাৰি পোৱা সুখ খিনিত বিষ ধালিব আহিছা |
- হাৰে শুনাছোন ময়ূৰী |
- একো নুশুনো ,তোমাৰ কথা শুনাৰ মোৰ ধৰ্য্য নাই |
- তুমি শুনিব লাগিব ময়ূৰী | তুমি শুনিৱ লাগিব |
- মই তোমাক ঘৃনা কৰো ভাৰ্গৱ |
- এদিনটো ভাল পাইছিলা মোক ?
- সেয়া অতীত আছিল | এতিয়া মাত্র মোৰ মনে প্রানে আছে মন |
- কিন্তু
- শুনা ভাৰ্গৱ তোমাৰ নিছিনা পুৰুষ বোৰে কিমান জনী নাৰীক প্রতৰনাৰ দৰে দুখৰ মাল্যবৰন কৰিছা হিচাপ আছে |
- ময়ূৰী মোক বুজিব চেষ্টা কৰা |
- কি চেষ্টা কৰিব লাগে হা ? মোৰ জীৱনত কোন ভাৰ্গৱ আছিল সেয়া মই পাহৰি গৈছোঁ |
তাই কান্দি দিছিল | তাইৰ চকুপানীয়ে তাইৰ কাজল বোৰ ধুই নিছিলে |
- তুমি ওলাই যোৱা প্লীজ মোৰ সুখ বোৰত বিষ নিদিবা |
তেনেতে বাহিৰত কিছু চিঞঁৰ বাখৰ শুনি মন ওলাই আহিছিল |
- ময়ূৰী মই তোমাক পিন্ধোৱা শিৰৰ সিন্দুৰ খিনি ?
- তোমাৰ বিষাক্ত সিন্দুৰ খিনি মই মছি পেলাইছোঁ,অ মছি পেলাইছোঁ |
মনৰ আৰু কথা শুনাৰ ধৰ্য্য নাথাকিল | সি দৌৰি কোঠাৰ ভিতৰত সোমাল | লগে লগে বন্ধ কৰি দিলে কোঠাৰ দৰ্জা | ফেকুৰী ফেকুৰী সৰু ল'ৰাজনৰ দৰে সি কান্দিলে | এজনী আনৰ পত্নীক সি বিয়া পাতিছে ! আজি তাৰ বিয়াৰ দিনাই এনে এটা দিন সি বাৰু কেনেকে সহ্য কৰে | কেনেকে,,,,,,সন্মুখৰ বেৰত আৰি থোৱা ভগবান শিৱৰ ফটো খনক চাই সি ক'লে
" ভগবান তুমি ইমান নিষ্ঠুৰ কিয় হৈছা ? কিয় খেল খেলিছা মোৰ জীৱনক লৈ ! মোৰ কি ভুল ভগবান ! মাত্র অকমান সুখ বিচাৰি আকৌ মই বন্দী জীৱনৰ ডাঙৰ দুখৰ মাজত | তুমি কোৱা ভগবান আজি মই কি সিদ্ধান্ত লম ! কি কৰিম মই ,,,,, নাই নাই জীৱনত হাৰ নমনা মনে আজি হাৰি গৈছে ! মই মৰিম,মই আৰু জীয়াই থাকিব নোখোজো ভগবান ,মই জীয়াই থাকিব নোখোজো "
সঁচা কথা কব লাগিলে মনৰ জীৱনটো এটা জটিল অংক | য'ত আজি সেই অংকটোৰ লগত সি পৰাজয়ৰ দিশে |
মৰমে কান্দিছে
মৰমে হাঁহিছে
মৰমে পগলা কৰে
এইফালে ময়ূৰী ভাৰ্গৱৰ বাক বিতণ্ডা চলিয়ে থাকিল |
- মাত্র শিৰত সিন্দুৰ কন দিলে মই তোমাৰ পত্নী নহয় | বাকি দায়িত্ব বোৰ
- ময়ূৰী মই আশা কৰিছিলো তুমি এদিন মোলৈ অপেক্ষা কৰিবা |
- অপেক্ষা ! কিমান দিন অপেক্ষা কৰিছা তুমি জানা ?
- জানো,কিন্তু সময়ে মোৰ লগত বৰ বেয়াকৈ খেলিলে | ময়ূৰী
ভাৰ্গৱে ময়ূৰীৰ হাত খনত থাপ মাৰি ধৰিছিল |
- হাত এৰা
- ময়ূৰী
- হাত খন এৰি দিয়া,ইয়াত মনে পিন্ধোৱা আঙুঠি আছে তাক তুমি অপবিত্র নকৰিবা |
- কি !
সি হাত খন এৰি দিছিল |
- অ মই তোমাক পাহৰি গৈছো |
- ময়ূৰী এবাৰ মনত পেলোৱা ৰাতি যে তুমি মোৰ বুকুৰ মাজত সোমাই
- please enought ! সেই ঘৃনা লগা অতীত বোৰ আকৌ তুমি মনত পেলাই নিদিবা যি অতীতে মোক প্রতিটো ৰাতি কন্দুৱাইছিল,যি ৰাতিৰ পিছত মোৰ চকুপানী বোৰ শেষ কৰিছিল |
ময়ূৰী হঠাত ঘৰৰ ভিতৰলৈ দৌৰি গৈছিল | ভাৰ্গৱে আকৌ তাইৰ বাবে অপেক্ষা কৰি থাকিল | এখন বিয়াৰ পিছৰ দিনটো কিমান হেপাঁহৰ দিন | কিন্তু আজি নামি আহিল পবিত্র সম্পৰ্ক এটাত অন্ধকাৰ | কি হব ইয়াৰ ভৱিষ্যত | মাত্র বিধাতাৰ লিখনি |ময়ূৰী ওলাই আহিছিল |
- এয়া লোৱা
- কি এয়া
ময়ূৰীৰ চেপা চেপা কান্দোনৰে ফুটো নুফুটোকৈ শব্দ কেইটা ওলাইছিল |
- তুমি দিয়া আঙুঠি,আৰু বিবাহৰ চিন মংগল সূত্র
- থাকক ময়ূৰী থাকক এয়া তোমাৰ ওতৰতে থাকক | এয়া কোনো প্রতিজ্ঞাৰ চিন নহয় | এয়া মাথো প্রীতিৰ উপহাৰ |
- যিজন মানুহক ঘৃনা কৰো ,সেইজন মানুহৰ প্রীতিৰ উপহাৰ মোক নালাগে |
- আজি আচলতে মই তোমাৰ ওচৰলৈ আহিছিলো,ভাৱিছিলো লৈ যাম তোমাক কিন্তু,,,,,,,,
( Assames love story )
আজি তৰালি আৰু ইন্সপেক্টক মনৰ শুভ দিন | কাৰন কাইলৈ সিহতৰ মন্দিৰত হব বিবাহ | তৰালি য়ে আকৌ উঠিব মঞ্চত,তৰালিৰ গীতে আকৌ হৃদয় জয় কৰিব হাজাৰ জন শ্রতাৰ হৃদয় |
- তৰালি
- উম
তেনেতে কোঠাৰ ভিতৰত মনৰ মাক সোমাই আহিল |
- মাজনী তুমি মোৰ লগত সন্ধিয়া বজাৰলৈ ওলাবা,তোমাৰ বজাৰ বোৰ কৰিব লাগিব |
- হব খুড়ী |
- খুড়ী নহয় মা বুলি মাতা |
- মা
বুলি কৈ তৰালিয়ে মনৰ মাকৰ হৃদয়ত সোমাল | তাই উচুপি কান্দিলে | তাই এখন মাতৃৰ বুকুত বহুদিনৰ মূৰত সোমালে |
- নাকান্দিবা ময়ে তোমাৰ মা ! তুমি যদিওঁ মোৰ বোৱাৰী হবা কিন্তু তুমি সদায় মোৰ ছোৱালী হে মনত ৰাখিবা |
কথা খিনি কৈ মনৰ মাক ওলাই গ'ল |
- ঐ ভন্টি
মনে তৰালিক কৈছিল |
- কি ?
- উম তুমি মোৰ ভন্টি |
- কেনেকৈ
- কিয় মায়ে দেখোন ক'লে ,তুমি মাৰ ছোৱালী তেন্তে তুমি মোৰ কি হবা ?
- দুষ্ট
মন আৰু তৰালিয়ে জোৰকৈ হাঁহিলে |
- তৰালি
- কোৱা
- তুমি অকনমান আগত মনটো বেয়া কৰি আছিলা কিয় ?
- মোৰ মৰমৰ দাদা জনলৈ মনত পৰিছিল | মোৰ বিয়া বুলি ক'লে কিমান সুখী হব | সি নিজতকৈ ও বহু বেছি মোক ভালপাইছিল | কিন্তু সি ক'ত হেৰাই থাকিল জানো !
তাই কান্দিছিল |
- চাওঁ,মোলৈ চোৱা
সি তাইৰ চকুপানী খিনি মছি দিছিল |
- তোমাক দাদাৰ ওচৰত মই লৈ যাম আজি | হব
- সঁচা ? দাদা ক'ত থাকে তুমি জানা ?
- উম জানো |
- অ বঢ়িয়া,সি মোক দেখিলে পাগল হৈ যাৱ,মাত্র মাজত এদিন দেখিছিল | অ মই বহুত সুখী মন মই দাদাক লগ পাম | আই লাভ ইউ মন |
তৰালিয়ে মনৰ বুকুৰ মাজত সোমালে |/p>
- ভাৰ্গৱ তুমি যোৱা এতিয়া |
- নাই ময়ূৰী তুমি মোৰ কথা শুনিৱ লাগিব |
- কি শুনিম মই,এতিয়া শুনাৰ প্রয়োজন কি |
তেনেতে মনে অশ্রুসিক্ত নয়নৰে হাতত বেগটো লৈ ওলাই আহিল |
- ময়ূৰী
- মন তুমি
- বিয়াৰ পিছদিনাই সম্পৰ্ক বিচ্ছেদ হোৱা মন-ময়ূৰীৰ বিয়াই চাগে প্রথম কাহিনী পৃথিৱী ত | হোমযজ্ঞ,ৰাইজৰ সন্মুখত তোমাক পত্নী হিচাপে স্বিকৃতি দিয়াৰ পাছত মই গম পালো যে তোমাৰ শিৰত অইনৰ সিন্দুৰ আছে | মই আহো ময়ূৰী,পাৰিলে মোৰ সিন্দুৰ কন মছি দিবা | ধৰি লবা মনৰ মৃত্যু হ'ল,তুমি বিধবা হ'লা আকৌ তুমি তোমাৰ আপোনজনৰ লগত বিয়াত বহিবা | মই কিন্তু তোমাক আমনি নকৰো দে ময়ূৰী |
সি থোকাথুকি মাতেৰে কৈছিল |
- মন তুমি মোক এৰি নাযাবা প্লীজ | মই তোমাক হাতজোৰ কৰি ভিক্ষা খুজিছোঁ ,তুমি উভতি আহা অ মন |
- বিদায় ময়ূৰী | ইতিহাসৰ পৃষ্ঠাত অভিশপ্ত হৈ থাকিব মন-ময়ূৰীৰ বিয়া |
সি কান্ধত বেগটো লৈ চকুপানীৰ মালা গাঠি বিদায় মাগিছিল |
ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assames love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment