যথেষ্ট ব্যয়বাহুল এই সংগ্ৰহালয়লৈ যোৱাৰ পূৰ্বে জানি লওক: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, January 29, 2021

যথেষ্ট ব্যয়বাহুল এই সংগ্ৰহালয়লৈ যোৱাৰ পূৰ্বে জানি লওক:


প্ৰথমেই আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিব বিছাৰো যে,অসমৰ এটা জনজাতিৰ নামত উৎসৰ্গিত তিতাবৰ বজালবাৰীস্থিত "ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়"টো বৰ্তমান এক বহিৰাগত গোষ্ঠীৰ অধীনতহে আছে।
জানিব পৰা মতে সংগ্ৰহালয়টোৰ শুভ উদ্বোধনৰ কিছু সময়ৰ পিছতে ৰাজস্থানৰ এটা পুঁজিপতি গোষ্ঠিয়ে সংগ্ৰহালয়টো নিবিদা যোগে লিজত লয়। আৰু সংগ্ৰাহালয়টো মুকলি কৰা মাত্ৰ দুটা মাহও নহওটেই এতিয়া বহু কিছু বিসংগতীয়ে তাত দেখা দিয়া পৰিলক্ষিত হৈছে।


উল্লেখ্য যে,যথেষ্ট ব্যয়বাহুল এই সংগ্ৰহালয়টোত পৰ্যটকৰ বিনোদনৰ বাবে সংস্থাপিত পাঁচ খন বিদ্যুৎ চলিত পুতলা বাহনৰ ভিতৰত তিনিখন সম্পূৰ্ণ ৰূপে বিকল আৰু এখনৰ অৱস্থা তথৈবছ হৈ থকা দেখিবলৈ পোৱা গল।

অৰ্থাৎ আজিৰ তাৰিখত এনে পাঁচখন বাহনৰ ভিতৰত মাত্ৰ এখন বাহনহে ভালদৰে চলিব পৰা অৱস্থাত আছে।আনন্দ বিনোদনৰ বাবে এই বাহন সমূহ পৰ্যটক সকলৰ বাবে আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু আছিল।আৰু এই বাহন সমূহত কেৱল পাঁচ মিনিট উঠিবৰ বাবে প্ৰতিগৰাকী পৰ্যটকে ১০০ টাকা আদায় দিব লগা হয়।
পৰ্যটক সকলে বাহন খনৰ আমেজ লবলৈ ১০০ টকাকৈ অতিৰিক্ত টিকত সংগ্ৰহ কৰিও বাহনৰ সংখ্যা এতিয়া কম হৈ পৰাৰ বাবে দীঘলীয়া শাৰীপাতি বহু সময় অপেক্ষা কৰিব লগা হোৱাত একাংশ পৰ্যটক অস্বস্তিত পৰিছে।ইয়াৰ উপৰিও পৰ্যটক সকলৰ ব্যক্তিগত বাহন সমূহ পাৰ্কিংৰ বাবে ইয়াত নাই কোনো সুব্যৱস্থা।যাৰ বাবে পৰ্যটকৰ ভিৰ হলে তেওঁলোকৰ বাহন সমূহ বহু দূৰৈত পথৰ কাষতে ৰাখি খোজ কাঢ়ি আহিব লগা হয়।ইয়াৰ ফলত সময়ে সময়ে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা প্ৰকত হোৱাৰ লগতে কোনো নিৰাপত্তা নথকাৰ বাবে পৰ্যটকৰ বাহন চুৰি হোৱাৰো সম্ভাৱনা আছে।


পৰ্যটক সকলৰ বাবে আকৰ্ষণৰ আন এক কেন্দ্ৰবিন্দু আছিল সংগ্ৰহালয়টোত সংস্থাপিত কম্পিউটাৰ গেম সমূহ।কিন্তু বৰ্তমান এনে গেম সমূহৰে এটা কম্পিউটাৰ গেমও বিকল হৈ পৰা বুলি জানিব পৰা গৈছে।এনে কম্পিউটাৰ গেমৰ আনন্দ ভালদৰে লবলৈ হলেও পৰ্যটক সকলে বহু পৰিমানৰ ধন ব্যয় কৰিব লগা হয়।উল্লেখ্য যে সংগ্ৰহালয়টোত প্ৰবেশ কৰোতেই প্ৰতিগৰাকী পৰ্যটকে ৫০ টকাকৈ প্ৰবেশ মাচুল দব লগা হয়।আৰু লগত কেমেৰা নিলে ১৫০ টকা অতিৰিক্তকৈ আদায় দিব লগা হয়।কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে কেমেৰাৰ বাবদ ১৫০ টকা অতিৰিক্ত খৰচ কৰিও সংগ্ৰহালয়টোৰ সকলো ঠাইত আপুনি ফটো তুলিব নোৱাৰে।কাৰন ইয়াৰ কিছু কিছু ঠাইত ফটো তোলা মনা আছে।

লগতে এইটোও জানি লওক যে ইয়ত সংস্থাপিত "লিফ্ট"টো সকলোৱে ব্যৱহাৰ কৰিব নোৱাৰে।লিফ্টটো কেৱল শাৰীৰিক ভাবে সক্ষম আৰু বৃদ্ধ লোক সকলৰ বাবেহে।


বৰ্তমান তাত ভালদৰে কাৰ্য্যক্ষম হৈ থকা "থ্ৰী ডী" ভিডীঅ' উপভোগ কৰিব বিছাৰে যদি কেৱল পাঁচ মিনিটৰ বাবদ আপুনি বহন কৰিব লাগিব ১৫০ টকা।পৰ্যটকক আকৰ্ষিত কৰিবৰ বাবে আন বহু কেইটা বিনোদনৰ থলী  সংগ্ৰহালয়টোত আছে যদিও প্ৰতিটোৰে আনন্দ লবলৈ যাওতে আপুনি ভাগে ভাগে আদায় দিব লাগিব ৮০ ৰ পৰা ১৫০ টকা পৰ্য্যন্ত।গতিকে এতিয়া আপুনি নিজেই এবাৰ অনুমান লগাওক যে, এজন সাধাৰণ পৰ্যটকৰ বাবে কিমান ব্যয়বাহুল হব পাৰে এই সংগ্ৰাহালয়টো? সয়ে এতা কথা কব পাৰি যে, সাধাৰণ লোকৰ বাবে এই সংগ্ৰাহালয়টো সম্পূৰ্ণকৈ প্ৰত্যক্ষ কৰাটো হয়টো সপোনৰো অগোচৰ। আপোনালোকে জানিলে হয়টো আচৰিত হব যে, ইয়াতকৈ আধা খৰচত অসংখ্য বোনোদনৰ থল থকা গুৱাহাটী স্থিত "এক'লেণ্ড"ত গোতেই দিনটো আপুনি আনন্দ উপভোগ কৰিব পাৰে।সেয়ে একাংশই ইয়াত একপ্ৰকাৰৰ লুণ্ঠনৰাজ চলা বুলিও চ'ছীয়েল মিডীয়াত মন্তব্য আগ বঢ়োৱা দেখিবলৈ পোৱা গৈছে।


সংগ্ৰাহালয়টোৰ চৌহদতে আছে এখন ৰেষ্টুৰেণ্ট,আৰু এই ৰেষ্টুৰেণ্টত মাত্ৰ একাপ চাহৰ মূল্য হৈছে ৪০ টকা।ইফালে সংগ্ৰাহালয়টোৱে এটা জনজাতীক প্ৰতিনিধিত্ব কৰিছে সেয়ে ইয়াৰ ৰেষ্টুৰেণ্ট খনত কিছু জনজাতীয় খাদ্য থকাটো হয়টো প্ৰয়োজন আছিল যদিও ইয়াত কিন্তু তেনে খাদ্যৰ কোনো চিন মোকামেই নাই।ইয়াত পাব কেৱল পশ্চিমীয়া দেশৰ বাৰ্গাৰ,ৰ'ল,পিজ্জা ইত্যাদি।

আপোনালোকৰ সুবিধাৰ বাবে কাষৰ ছবি খনৰ যোগেদি ৰেষ্টুৰেণ্টৰ ম্যেনু খন আগ বঢ়ালো।এই সিনতে উল্লেখ কৰিব লাগিব যে,সংগ্ৰাহালয়টো মুকলি হোৱাৰ পিছতে ইয়াৰ দাঁতিকাষৰীয়া ঠাই সমূহত অঞ্চলটোৰ একাংশ থলুৱা লোকে সৰু সৰু হোটেল খোলি নিজকে স্বাৱলম্বী কৰা দেখিবলৈ পোৱা গৈছে।এই সমূহ হোটেলত মাত্ৰ পাঁচ টকাৰ বিনিময়ত একাপ সুন্দৰ জালুক দিয়া ৰঙা চাহ পোৱা যায়।
আৰু অতি কম মূল্যতে ইয়াত উপলব্ধ পকৰি,আলুচ'প ঘোগুনি আদিৰটো সোৱাদেই সুকীয়া।সংগ্ৰাহালয়টোৰ মূল প্ৰবেশ দ্বাৰৰ ঠিক নিলগতে প্ৰনব শইকীয়া নামৰ এনে দোকিনি এজনক কাষৰ ছবি খনত আপোনালোকে দেখিবলৈ পাইছে।খোব সোৱাদ যুক্ত পকৰি পোৱা যায় তেখেতৰ সৰু দোকান খনত গতিকে যদিহে  আপুনি সংগ্ৰাহালয়টোলৈ যায় তেন্তে ইয়াত জালুক দিয়া ৰঙা চাহ আৰু গৰম পকৰিৰ জুতি লবলৈ নাপাহৰিব।


এতিয়া আহো আন এটা প্ৰসংগলৈ,সংগ্ৰহালয়টোৰ চৌহদত আছে এখন শিশু উদ্যানো।ইয়াত অৱশ্যে আপোনাৰ শিশুটোৱে খেলাৰ বাবদ আপুনি কোনো ধৰনৰ মূল্য দিব লগা নহয় যদিও আপুনি হব লাগিব যথেষ্ট সাৱধান।

কাৰন ইয়াত সংস্থাপিত কণমানি সকলৰ খোবেই প্ৰিয় "চি স্ব" নামৰ খেলৰ সঁজুলি বৰ্তমান ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰিছে। কিন্তু এই ক্ষেত্ৰটো কানসাৰ নাই' সংগ্ৰহালয় কৰ্তৃপক্ষৰ।কাষৰ ছবিখন মন কৰিলে দেখিব যে, "চি স্ব" খনত শিশু সকল উঠি খেলোতে তাত ধৰিবৰ বাবে এদাল হেণ্ডেল থাকে যদিও ইয়াৰ দুয়ো মোৰে সেই বিশেষ হেণ্ডেলদাল ছিগি গৈছে।সেয়ে শিশুসকলে ইয়াত উঠোতে হাতেৰে ধৰিবলৈ কোনো সুবধা নোহোৱাৰ ফলত যিকোনো সময়তে কণমানিটো বাগৰি পৰি গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হব পাৰে।


আচৰিত কথা নহয় নে,সংগ্ৰহালয়টো মুকলি কৰা মাত্ৰ এটা মাহ সম্পূৰ্ণ হওতেই যদি সংগ্ৰহালয়টোৰ এনে দূৰৱস্থা দেখিবলৈ পোৱা যায় তেন্তে আৰু কেইটামান দিনৰ পিছত আৰু কি কি দেখিবলৈ পোৱা যাব বাৰু ? আৰু এনে কাৰন সমূহৰ বাবেই বহু দূৰ দূৰনিৰ পৰা আহি পৰ্যটক সকলে লাভ কৰা তিক্ত অভিজ্ঞতাৰ ফলত সংগ্ৰাহলয়টোৰ লগতে ঠাই দোখৰৰো গৰিমা ম্লান হোৱাটো এতিয়া নিশ্চিত হৈ পৰিছে।প্ৰথমতেই কৈছো,সংগ্ৰাহালয়টো বৰ্তমান এক বহিৰাগত গোষ্ঠীয়ে পৰিচালনা কৰি আছে।এফালে তেওঁলোকে পৰ্য্যটক সকলৰ পৰা সোঁৱে-বাঁৱে ধন সংগ্ৰহ কৰাত কোনো ধৰনৰ সুৰুঙা নাই ৰখা আৰু আনফালে হয়টো তেওঁলোকৰ চুড়ান্ত অৱহেলাৰ বাবেই আজি এনে দুৰৱস্থা হৈ পৰিছে এটা অসমীয়া জনজাতীক প্ৰতিনিধিত্ব কৰা সংগ্ৰাহলয়টোৰ। এয়া সমগ্ৰ অসমীয়া জাতিটোৰ বাবে এটা লাজৰ বিষয় নহয় নে ?


সেয়ে সময় থাকোতেই এই ক্ষেত্ৰত সংগ্ৰহালয় কৰ্তৃপক্ষই বিশেষ গুৰুত্ব আৰোপ কৰি ইয়াত দেখা দিয়া বিসংগতি সমূহ অনতিপলমে দূৰ কৰাৰ ব্যবস্থা কৰিবলৈ আহ্বান জনালো।আৰু সাধাৰণ লোকেও যেন সংগ্ৰহালয়টোত প্ৰবেশ কৰি কিছু আনন্দ উপভোগ কৰিব পাৰে তাৰ বাবেও যাতে টিকতৰ মূল্য হ্ৰাস কৰি সৰ্বসাধাৰণক উপকৃত কৰিব বুলি কামনা কৰিলো।


যিহেটো যোৱা ১১ ডিচেম্বৰত খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংগ্ৰহালয়টোৰ শুভ উদ্বোধন কৰিছিল।সেয়ে অসমৰ এটা জনজাতিৰ গৰিমা ম্লান কৰিব পৰা এই বিষয়টো মুখ্যমন্ত্ৰী আৰু পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ দৃষ্টিগোচৰ হোৱাকৈ আমাৰ এই প্ৰতিবেদন দুয়োৰে ফেচবুক পেজত তেগ কৰা হৈছে।সৰ্বসাধাৰণ ৰাইজ আৰু সমূহ অসমবাসীৰ সুবিধা হোৱাকৈ মুখ্যমন্ত্ৰী আৰু পৰ্যটন বিভাগে বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰি এক উচিৎ ব্যৱস্থা হাতত লব বুলি অনুৰোধ জনালো।

No comments:

Post a Comment

Advertisement

Pages