( মনক কিয় পুলিছে এৰেষ্ট কৰিব আহিলে ! কি অপৰাধ কৰিলে মনে ? )
মনৰ বুকু খন কঁপি উঠিল | হাৰে কোনো অপৰাধ নকৰাকৈ পুলিচে এৰেষ্ট কৰিব আহিছে কিন্তু কিয় ! অংকিতে পুলিচক দেখি আচৰিত |
- আপোনালোক ?
অংকিতে সুধিছিল |
- হয়,আমি ৰঙিয়া আৰক্ষীৰ সহযোগত গুৱাহাটী আৰক্ষী আহিছোঁ |
- কিন্তু কিয় ?
মনে সুধিলে |
- বিৰাজ কাকতিৰ হত্যাৰ চেষ্টাৰ অপৰাধত আৰু বিৰাজ কাকতিৰ পৰা পইচাঁ চোৰ কৰাৰ অপৰাধত মনক গ্ৰেপ্তাৰ কৰিবলৈ |
- কি !
মন আৰু অংকিতে একেলগে কৈ উঠিলে |
- দাদা তই,,,,,,,
- ভাইটি !/p>
অংকিতে ঘৰত সোমাই গ'ল | আৰু ওলাই আহিল |
- হু এয়া ল' , মই আৰু তই চোৰ কৰা পইচাৰে নপঢ়ো |
- ভাইটি,,,,
- চুপ,তই মহা প্রৱঞ্চক,তই প্রতাৰক,তই হত্যাকাৰী ,তই অপৰাধী |
মনে হাতজোৰ কৰি আঠু কাঢ়ি বহি পৰিল |
- ওলাই যা আজিয়ে , আৰু কেতিয়াওঁ এইখন ঘৰত ভৰি নিদিবি | এইখন সমাজে আজি আমাক
হাঁহিব | আমি এজন চোৰ , হত্যাকাৰীৰ ভায়েক |
মনে মাথো কান্দিছে , সি অংকিতক একো ক'ব পৰা নাই |
- কেতিয়াও ভৱা নাছিলো মোৰ দাদা যে এজন অপৰাধী | হ'ব যা , ভন্টিক জীয়াই থকা দিন কেইটা মই চাম | তাইক কেতিয়াওঁ কষ্ট পাব নিদিওঁ,আৰু শুন যদি পাৰো কেতিয়াবা জেইলত গৈ তোক লগ কৰি আমাৰ লগত খৰছ কৰা ক'লা টকাবোৰ ওভতাই দি আহিম |
- এই ভাইটি , মই তোক হাতজোৰ কৰিছো , মই এইবোৰ একো বুজা নাই অ , কিন্তু বুজাও কেনেকে ! ঐ শুনছোন !>
বাহিৰত ইমান হাল্লা শুনি ,তৰালী ওলাই আহিছিল |
- দাদা কিয় ইমান হাল্লা হৈছে ?
লাহে লাহে সিহঁতৰ তাত ওচৰ চুবুৰীয়া মানুহ বোৰ ভৰি পৰিছিল |
ইমান মানুহ ! সকলোৱে মাথোঁ তৰালীক চাই আছিলে
- দাদা তই নামাত কিয় !
- নাই ভন্টী সি আজি মাতিব নোৱাৰে !
অংকিতে কৈছিল |
- সৰু দা
- সি মানুহ হত্যা কৰি আহিছে ,পইচা চুৰি কৰিছে
- নাই , মিছা কথা দাদাই মানুহ হত্যা কৰিব
নোৱাৰে |
- সঁচা কথা , সেইকাৰণে সি আজি ৰাতিপুৱাই আহি ঘৰ ওলাইছে |
- সৰু দা
- অ ভন্টি , আমি এজন হত্যাকাৰী ককায়েকৰ ভায়েক - ভনীয়েক |
সি কান্দিছিল |
- মই জানোঁ দাদাই যদি মানুহ হত্যা কৰিছে সেয়া মাত্র আমাৰ কাৰণে কৰিছে,যদি সি পইচা চোৰ কৰিছে সেয়াওঁ আমাৰ কাৰণে কৰিছে | কিন্তু দাদাই ভুল কৰিছে , এয়া অপৰাধ কৰিছে |
- ঐ ভন্টি,নাই অ' মই মানুহ হত্যা কৰা নাই |
মনে হুকহুকাই কান্দিছিলে |
- আমাৰ ঘৰত ইমান মানুহ কোন আহিছে সৰু দা ?
- আমাৰ ঘৰত পুলিছ আহিছে , তাক নিবলৈ ,,,,,,
- ছাৰ , মই আপোনালোকক দেখা নাই , আচলতে মই অন্ধ ছাৰ | কিন্তু ছাৰ অকমান সময় ৰ'বছোন দে |
অসহায় তৰালীৰ কথাত পুলিচ অফিচাৰ মনদীপ ডেকাৰ হৃদয় খন হাহাকাৰ কৰি উঠিল |/p>
তৰালী ঘৰৰ ভিতৰত সোমাই গ'ল | আৰু কিছু সময় পাছত ওলাই আহিল হাতত এখন দা লৈ | সকলো আচৰিত তৰালীয়ে কি মনক কাটিব নে আৰক্ষীক কাটিব |
- ঐ সৰু দা শুন !
- ভন্টি তই এইবোৰ,,,,
অংকিতে কৈছিল |
- তই মনে মনে থাক , মোক দাদাৰ ওচৰত লৈ ব'ল
- তই
- লৈ ব'ল ,,,,,
অংকিতে তাইক মনৰ কাষত লৈ আহিছিল |
- দাদা তইটো যাবিয়ে , হো এইখন ল' , তই যোৱাৰ আগতে সৰু দা আৰু মোক কাটি দুছেওঁ কৰ , তই যোৱাৰ আগত আৰু দুটা হত্যা কৰি থৈ যা | ল'
- ভন্টী
মনে চিঞঁৰি উঠিছিল |
- দাদা আমি কিমান ডাঙৰ হ'লো অনুভৱ কৰিবই পৰা নাছিলো অ ,আজিওঁ সৰু দা আৰু মই তোৰ দহ আৰু আঠ বছৰীয়া ভায়েক ভনীয়েক যেনে লাগে |
- আমি আৰু দেৰি নকৰো , দাস ইয়াক হেণ্ডকাফ লগাওঁক |
মনে শেষ বাৰৰ বাবে ভনীয়েকৰ গাল খন স্পৰ্শ কৰিলে |
- ভন্টি,আহো দে,ভালকৈ থাকিবি | মই বৰ কষ্টত থাকিম অ,,,,,
- হ'ব তই এই হত্যা কৰা হাত দুখনৰে মোৰ গাল খন নুচুবি দাদা |
- ভন্টি,,,,,,
পুলিছে মনক লৈ গ'ল,গাড়ীত বহাই দিলে,তৰালীয়ে মনৰ বুকুৰ মাজত সোমাই উচুপি উঠিলে | মনে কান্দিছে,সি আজি বোবা হৈ পৰিছে | এটা হত্যাৰ চেষ্টাৰ অপৰাধত মনক লৈ গ'ল |
এনেকৈয়ে ভাগেনে সপোন
এনেকৈয়ে ছিগে নে বান্ধোন
কোনে ক'ব মোক আজি
কোনে ক'ব বাৰু কোন বাৰু
মোৰ আপোন !!!
মনক চিধাই বিৰাজ কাকতিৰ কাষলৈ লৈ অনা হ'ল | বিৰাজ কাকতি মেডিকেলত সংজ্ঞাহীন অৱস্থাত পৰি আছিলে | মন আচৰিত,
ময়ূৰীয়ে মনক দেখি কালি মূৰ্ত্তি ধাৰণ কৰিলে |
- এয়াই মোৰ প্রতিদান,আপোনাক থাকিবলৈ দি আজি মই মোৰ দেউতাক হেৰুৱাৰ পথত | পইচা যদি লাগেই মোক নক'লে কিয় ? মোৰ দেউতাক হত্যা কৰি পইচা নিয়াৰ ইমান ডাঙৰ সাহস কিয় কৰিছিল ? কিয় !
- মই,,,,,,
মনে কৈছিল |
- চুপ, মন এখেতক নি লক আপত ভৰাই থোৱা |
ময়ূৰীয়ে পুলিছ অফিচাৰ মনক কৈছিলে |
- চিপাহী ইয়াক নি লক আপত ভৰাই থোৱা |
চিপাহীয়ে ৰিক্সাৱালা মনক লৈ গ'ল |
- ময়ূৰী তুমি খুড়াদেউৰ কাষত থাকা,বাকীবোৰ মই চম্ভালিম |
কথা খিনি কৈ অফিচাৰ মন ওলাই আহিছিল মেডিকেলৰ পৰা । পুলিচ অফিচাৰ মন আৰু ময়ূৰী একে শ্রেণীতে পঢ়া , সিহঁত শৈশৱৰ বন্ধু | গতিকে মনে যিমান পাৰে সিমান খিনি দায়িত্ব ল'লে |
আজি ঘটনাৰ দুদিন হ'ল | মানুহ জনৰ কোনো উন্নতি হোৱা নাই , মেডিকেলত সংজ্ঞাহীন অৱস্থাতে পৰি আছে |
আহকচোন আমি মন ৰিক্সাৱালাৰ ভায়েক ভনীয়েক নো কেনেকে আছো এবাৰ চাওঁ |
আজি অসহায় তৰালী আৰু অংকিত | যিখন ঘৰত একমাত্র উপাৰ্জনকাৰী আছিলে মন আজি সেই মুখ্য মানুহজনৰ অনুপস্থিতিত ঘৰ খন পানীত হাঁহ নচৰা অৱস্থা | কিন্তু ঘৰ চলিব
কেনেকে | সেয়েহে অংকিতে সিদ্ধান্ত ল'লে সি আজি ৰঙিয়া চহৰত কাম বিচাৰি যাৱ |
- ভন্টি
- সৰু দা
- ইয়াত ভাত কেইটা সাজি থৈছো | তই দিনত খাবি , মই আহোতে পলম হ'ব পাৰে |
- কি বনাইছ ?
- একো নাই,কাষত তেল,নিমখ আৰু জলকীয়া দি থৈছো |
- দাদা মই এনেকে খাই বিৰাত ভালপাওঁ |
অংকিতে বুজি পালে তাইৰ সান্তনাৰ ভাষা |
- হ'ব ,মই আহো,,,,,,,
অংকিত ওলাই গ'ল,তৰালিয়ে যে আজি মনক বৰকৈ মনত কৰিছে , কি যে হ'ল ঘৰ খনত |কিছু সময় পাছত সিহঁতৰ ঘৰত ওচৰৰে নাহৰ আহিলে |
- তৰালী ঐ তৰালী
- কোন ?
- মই নাহৰ দা
- অ নাহৰ দা সোমাই আহা |
নাহৰ সোমাই আহিছিলে, তাইৰ অৱস্থা দেখি নাহৰৰ বুকু খন খুন্দা মাৰি ধৰিলে |
- তৰালী ভাত খালি ?
- উম খালো |
- ঐ নাহৰ দা,আমাৰ ঘৰত যে ইমান নিগনি হৈছে নহয়,মই ৰাতি শুৱই নোৱাৰো | তুমি মোক নিগনি মৰা দৰৱ এটা আনি দিয়া না |
- কি !
- উম | হ'ব বাৰু দে মই আনি দিম |
- এতিয়াই আনা না |
- উফ ঠিক আছে বাৰু,ৰহ মই আনি আছোঁ |
নাহৰ ওলাই গ'ল |
তৰালীয়ে আৰু অংকিতক কষ্ট দিব নোৱাৰে , তাই নহ'লে সি কৰবাত গৈ সুখৰে থাকিব পাৰিব | কিন্তু আজি তাইৰ কাৰণেহে সি কষ্ট কৰি থাকিব লগা হৈছে | সেয়েহে আজি তাই নিগনি মৰা দৰৱ খাই মৰি থাকিব | তাই আৰু অংকিতৰ জীৱন ধংস কৰিব নোৱাৰে , তাই মানুহে কোৱা শুনিছে নিগনি মৰা দৰৱ খালে হেনো মানুহ মৰি থাকে | আজি তাই ও সেয়াই খাৱ | আৰু তাই এনেকুৱা পংগু জীৱন লৈ জীয়াই থকাৰ কোনো অৰ্থ নাই |
কিছু সময় পাছত নাহৰ আহি পালে | সি তাইক যথেষ্ট মৰম কৰে | সেয়েহে তাই যি কয় সেয়া সি ও পালন কৰে |
- হু ল' তৰালি মই আহো,এতিয়া মই বজাৰত যাম |
- উম , ঠিক আছে যোৱা তেন্তে |
এইফালে চহৰ খনত অংকিতে কাম বিচাৰি ঘূৰিছে |
সি বনমালী বুক ষ্টলত সোমাল |
- দাদা মাত দিব চোন |
- উম কোৱা
- মই , মানে কাম বিচাৰি আহিছোঁ
- ক'ত ঘৰ ?
হঠাৎ ওচৰৰ পৰা এজনে চিঞঁৰিলে
- ঐ এইজন সেই হত্যাকাৰী জনৰ ভায়েক মন ৰিক্সাৱালাৰ
- কি ! নাই নাই মোৰ ওচৰত কাম নাই দে
- দাদা মই বেয়া নহয়,মোৰ ঘৰত অন্ধ ভন্টী এজনী আছে , তাইৰ কথা চিন্তা কৰিহে মই কাম বিচাৰি আহিছোঁ |
- নাই নাই,বেলেগত বিচৰা |
সি হতাশ মনৰে বিদায় মাগিলে , আজি ককায়েকৰ কু- কৃৰ্তী সিহঁতৰ তাত ও বিয়পিলে | সি অকমান আহি এখন ফাৰ্মাচী দেখিলে |
- দাদা
- অ কোৱা
- আপোনাৰ ফাৰ্মাচীত কাম কৰা ল'ৰা লাগিব নেকি ?
- তই সেই ৰিক্সাৱালাজনৰ ভায়েক নহয় জানো ?
- হয়
- নাই দে তহঁতক কাম দিব নোৱাৰি কাক কেতিয়া হত্যা কৰিবি ঠিক নাই |
- দাদা মই
- ভালে ভালে আতৰ হ' !
অংকিত ভাগৰি পৰিল,এবাৰ আকাশলৈ চালে , ভগবান তুমি সঁচাই আছা নে নাই | এইফালে তাৰ ভোক লাগিছে,পকেটত পইচা নাই | কি কৰিব সি ভাবি নাপালে |
এইফালে তৰালীয়ে পানীৰ সৈতে দৰৱ খিনি মিহলাই ল'লে |
- সৰু দা তই মোক ক্ষমা কৰিবি | মই আৰু নোৱাৰো তোক কষ্ট দিব | মই,আহো অহা জনমত আকৌ তোৰ ভনী হৈ জন্ম ধৰিম | বিদায় সৰু দা |
ক্ৰমশঃ ✍🏻
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment