আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 15, 2020

আজিৰ ৰাশিফল

 

শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                       ২৯ আঘোণ ,মঙ্গলবাৰ,ইং ১৫ডিচেম্বৰ ২০২০। 

সূৰ্য্যোদয় ঘ:৬/৭/৩১সূৰ্য্যাস্ত ঘ:৪/৩০/২১


ৰাশি -  ধনু ৰাশি।

তিথি - শুক্লা প্ৰতিপদ।ৰা:ঘ:- ৭/৬/৩৬ লৈ।

নক্ষত্ৰ  - মূলা ।ৰা:ঘ: ৯/৩১/৩৯ লৈ।

আদ্যঋতু হলে - প্ৰতিহীনা যোগ।

যাত্ৰা :- পূৱ দিশত নাই । ৰা:ঘ:৭/৬ /৩৬ যোৱাত উত্তৰ দিশত নাই।

যোগিনী :- পূৱ দিশত  । ৰা:ঘ:৭/৬ /৩৬ যোৱাত উত্তৰ দিশত।

মৰণত দোষ:- এপদ।ৰা:ঘ:- ৭/৬/৩৬ যোৱাত দ্বিপদ।

ভক্ষাভক্ষ্য :-  কোমোৰা  খোৱা নিষেধ । ৰা:ঘ:- ৭/৬/৩৬ যোৱাত তিতা খোৱা নিষেধ।


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত শুভ আচনি গ্ৰহণৰ সুযোগ লাভ কৰিব, শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হব, যদিও সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ দেখা যায় ।  

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম স্থান পৰিৱৰ্তন হব পাৰে, ধন লাভ হব যদিও কৰ্মত সজাগ নহলে সন্মান হানি  হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, যদিও মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে সঞ্চিত ধন ক্ষ‌য়  হোৱাৰ  যোগ দেখা যায়‌।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও মনটো সংযমী মনোভাব বাঢ়িব, লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰাপ্য ধন আগমন হব যদিও কৰ্মত সজাগ নহলে মতবিৰোধ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত উত্তম ভোজন লাভ হব, আত্মীয়ৰ শুভ সংবাদ লাভ হব, লগতে যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত বন্ধু লাভ হব, মনৰ আশা পুৰণ হব, কৰ্মত বিপৰীত লিংগৰ পৰা সহাৰি লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, কৰ্ম লাভ হব, লগতে ধন আৰু সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, অৰ্থ লাভ হব, আৱেলি সময়ত কৰ্মত যশস্যা লাভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, যদিও যদিও পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সহায় লাভ হব, সম্পদ লাভ হব,লগতে নতুন কৰ্মত মনোনিবেশ হোৱাৰ যোগ দেখা যায়। 

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত নতুন কৰ্মৰ সন্ধান লাভ কৰিব পাৰে, প্ৰেম আৰু কৰ্মত শুভ, যদিও শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205


বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো বিশেষ লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages