গো-হত্যা নিষিদ্ধৰ দাবীৰে সত্যৰঞ্জনৰ অনশন - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 13, 2020

গো-হত্যা নিষিদ্ধৰ দাবীৰে সত্যৰঞ্জনৰ অনশন


 গো-হত্যা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা তথা আন দুটা বিশেষ দাবী উত্থাপন কৰি আজি গুৱাহাটীৰ চচলত অনশন আৰু ধৰ্ণা কাৰ্য্যসূচীত বহিল হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা তথা তেওঁৰ আন কেইবা গৰাকীও সহযোগী।"জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰা"ৰ বেনাৰত অনুষ্ঠিত হোৱা আজিৰ এই অনশন আৰু ধৰ্ণা কাৰ্যসূচীত এগৰাকী মুছলমান সম্প্ৰদায়ৰ যুৱকেও অংশগ্ৰহণ কৰি গো-সুৰক্ষাৰ হকে নিজৰ মত পোষণ কৰে বুলি জানিব পৰা গৈছে।
উক্ত যুৱকজন হোজাই জিলা লংকাৰ ইকবাল হুছেইন বুলি সত্যৰঞ্জন বৰাই তেওঁৰ ফেচবুক পেজত সাদৰি কৰিছে।লগতে তেওঁ কৈছে যে "অসমীয়াৰ জাতীয় সত্তা আৰু হিন্দু সভ্যতা-সংস্কৃতিক বিশ্বাস কৰা, আস্থা ৰখা এনে প্ৰতিগৰাকী যোগ্য মুছলমানক আমি আদৰণী জনাইছো"।সত্যৰঞ্জন  বৰাৰ আন দুটা দাবী হৈছে অসমত গৰুৰ অবৈধ বেপাৰ বন্ধ কৰা আৰু অনতিপলমে ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা।



No comments:

Post a Comment

Advertisement

Pages