১৯৮৫ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ কাহিনী ৷ কাইলৈ স্কুলত পতা সৰস্বতী পূজাক লৈ জয়ৰাম হতৰ গাত আনন্দৰ সীমা নাই ৷ ৰাতিপুৱাই পাঁচজন গুৱাহাটীত গৈছে পূজাৰ সামগ্ৰী আৰু প্ৰতিমা আনিব ৷ স্কুল সম্পাদকে পুৱাই বাকীবোৰ কাম সকলোকে ভগাই দিছে ৷ সতৰামক ১০ জন লৰাৰ সতে ৰভা সজাৰ ভাৰ দিলে, প্ৰফুল্লক দৈ আৰু এৱা গাখীৰ যোগাৰ কৰা, বাদলক ডেক্স বেঞ্চ বোৰ পাৰি ভোজ ভাতৰ জেগা কন থান-থিত লগোৱা , অৰুন আৰু কৰুণাক ১০ জন লৰাৰ সতে কলপাত আৰু পতুৱাৰ ব্যৱস্থা কৰা, বৰখেলৰ পৰা দুটা টৌ,চাৰিটা চৰিয়া, দুটা বৰকেৰাহী আৰু পানী থোৱা ধোঙ অনাৰ ভাৰ পৰিল কল্প সাতোবাৰ পুতেক অনন্তৰ ৷ কিন্তু জয়ৰামক অকলে দায়িত্ব দিয়া হৈছিল খেজুৰ পাতেৰে মণ্ডপটো বনোৱা আৰু হোমৰ আমখৰি খিনি যোগাৰ কৰিবলৈ৷ খেজুৰ পাতেৰে মণ্ডপ বনোৱাত সি সিদ্ধহস্ত ৷ বেলেগে তাৰ কামত আউল লগালে সি ভাল নাপাই৷
দিনটো সি অকলেই স্কুলৰ পিছফালৰ জাৰণিখনৰ পৰা খেজুৰ পাত আনি সন্ধিয়াৰ আগে আগে মণ্ডপ সাজি উলিয়াইছিল ৷ সন্ধিয়া গুৱাহাটীৰ পৰা তাহাঁতৰ গাঁৱলৈ অহা একমাত্ৰ বাছখনত পূজাৰ সামগ্ৰী আৰু প্ৰতিমা লৈ লগৰ কেইটাই হৰিধ্বনি কপাই স্কুল পালেহি ৷
সেইদিনা পূজা সমিতিৰ সকলো সদস্যই স্কুলতে ৰাতিটো কটোৱাৰ সিদ্ধান্ত লৈছিল ৷ জয়ৰামে স্কুলত ৰাতি কটাবলৈ অপৰাগ হৈছিল ৷ কাৰণ সি মাকক এৰি শুব নোৱাৰে ৷ বাপেকৰ আকস্মিক মৃত্যুৰ পাছত সি মাকৰ বুকুৰ মাজতেই শুই ডাঙৰ হ'ল৷ এতিয়া সেই অভ্যাসটো স্বভাৱলৈ পৰিবৰ্তন হৈ গৈছে ৷ লগৰবোৰক সি আমখৰিৰ দোহাই দি ঘৰলৈকে জনাবলৈকে ওলাল৷ হোমৰ কাৰণে ৰাতিপুৱাই তাহাঁতৰ ঘৰৰ আমডালৰ ঠানি এটা কাটিব লাগিব গতিকে তাৰ উপায় নাই ৷
কিন্তু লগৰবোৰে তাক নেৰিলে ৷ সিহঁতে তাক ৰাতি ভাত পানী খোৱাৰ পাছতেই ঘৰলৈ থৈ আহিব বুলিও কলে ৷ অবশেষত জয়ৰামে ভোজভাত খাই ৰাতিয়েই ঘৰলৈ ওভতি যোৱাটোৱেই ঠিক কৰিলে ৷ জোনৰ পোহৰত স্কুলৰ খেল পথাৰ খনত সকলো কেইটাই ফুৰ্তিতামাছাৰ মাজত মছগুল হৈ পৰিল ৷ তাৰ মাজতেই বিপিনে দশম শ্ৰেণীৰ ভবানী,বিৰজা ,সন্ধ্যা আৰু পুষ্পাঞ্জলী হতে কাইলৈ কি কি পিন্ধি আহি তাহাঁতৰ বুকু জ্বলাব তাৰো এটা আভাস দিলে ৷ জয়ৰামৰ ধমক খাই হে সি চুপ মাৰিছিল ৷ জয়ৰামে এই ধৰনৰ তুলুঙা কথা ভাল নাপাই ৷
অবশেষত কিশোৰ আৰু জিতুলৰ তত্বাৱধানত নিশাৰ ভোজভাত বনাই হ'ল ৷ কিন্তু তাৰ আগতে তাহাঁতে স্কুলৰ খেলপথাৰ খনৰ কোণৰ দমকলটোৰ পৰা অলপ পানী আনি ধোঙ কেইটাত ভৰাই থোৱাৰ সিদ্ধান্ত ললে ৷ কথা মতেই কাম হ' ল ৷ শেষৰ বাল্টি পানী দমকলটোৰ পৰা লৈ অকলে আহি থাকোতেই জয়ৰামে দেখিলে সিমূৰৰ দীৰ্ঘদিন ধৰি পৰিত্যক্ত হৈ থকা চকিদাৰ আবাসটোৰ পৰা কোনোবা দুটাই তাক হাত বাউল দি মাতিছে ৷ নিশ্চয় উটনুৱা কেইটাৰ মাজৰ কোনোবা দুটা হব৷ দিনত লেজাৰৰ সময়তো তাহাঁতে তাতে মনে মনে গৈ চিগাৰেট হুপে ৷ জয়ৰামে নেদেখা ভাও ধৰি পানী বাল্টি লৈ আগবাঢ়িল ৷
অবশেষত ভোজভাত খাই জয়ৰাম সেই নিশা ঘৰলৈ যাবলৈ ওলাল ৷ দেৰি হোৱাৰ বাবে মাকৰ ছাগে চিন্তাই হৈছে লগৰ ৰাতুল মাধৱ আৰু জগত হতে তাক ঘৰলৈ আগুৱাই থৈ আহিব বিচাৰিছিল যদিও সি তাহাঁতক মানা কৰিলে ৷ সি সেই তিনি কিলোমিটাৰ পথ অকলেই যাব পাৰিব বুলি কলে ৷
জোনাক গলা সেই নিৰল নিস্তব্ধ নিশা মঠাউৰিটোৰে জয়ৰাম হাতত নগা দাখন লৈ ঘৰলৈ বুলি খোজ পেলালে ৷ আধা কিলোমিটাৰ মান বাট অহাৰ পাছতেই ৰাস্তাৰ কাষৰ আহত এজোপাৰ পৰা হুদু জাতীয় নিশাচৰ চৰাই এটাই ধপধপাই উৰা মাৰিলে ৷ জয়ৰামৰ উচপ খাই উঠিল ৷ দাখন সি টানকৈ মুঠা মাৰি এটা গল খেকাৰি মাৰি খৰখেদা কৈ খোজ কাঢ়িব ললে ৷
দুৰৈৰ হুদুৰ মাত এটাই নিজম ৰাতিটোক আৰু বেছি জয়াল কৰি তুলিছিল ৷মথাউৰিটোৰ আশে পাশে জনবসতি অতি সেৰেঙা ৷ নতুন কৈ উঠি অহা যি দুই এঘৰ মানুহ আছে মাঘমহীয়া ঠান্ডাত ইতিমধ্যেই শুই নিহপালি দিলেই ৷সি ভালেমান পথ আহিলেই ৷ আৰু ১ কিলোমিটাৰ মান গলেই সি গাও সোমাই যাব ৷
কিছুদুৰ আগুৱাই যোৱাৰ পাছত জয়ৰামে দেখিলে মথাউৰি কাষৰ মোক্তাৱ খনৰ খেলপথাৰত জোনাকত অনেক মানুহ বহি মেল মাৰি আছে ৷ মানুহ খিনি দেখি তাৰ মনত পুনৰ সাহস উভতি আহিল ৷ কিন্ত জোনাকত সি কাকোৱেই চিনিব নোৱাৰিলে ৷ বগা কাপোৰ পিন্ধা গোটেইকেইজন মুছলমান সম্প্ৰদায়ৰ লোক হব ৷ মোক্তাবত কিবা আলোচনাত হৈছে ছাগে ৷ কেইখোজমান যোৱাৰ পাছত জয়ৰামৰ এনে লাগিল তাৰ পাছে পাছ যেন কোনোবা আহি আছে৷ নগা দাখন টানকৈ মুঠি সি যিমান পাৰে সিমানেই বেগাই খোজ প,ব ললে ৷ মনৰ সন্দেহত সি এপাকত ঘুৰি চাই দেখিলে তাৰ পাছে পাছে মতা, মাইকী ,লৰা ছোৱালী এগাল মান মানুহ সম্পূৰ্ণ নিস্তব্ধহৈ তাৰ পাছে পাছে সমদল বান্ধি আহি আছে ৷ অনুৰাগ মাঘমহীয়া ঠেটুৱৈ লগা জাৰত জ্বৰ ঘমাদি ঘামিবলৈ ধৰিলে সি যিমানেই বেগাই খোজ কাঢ়িব ললে তাৰ অনুভৱ হল জোনাকৰ পোহৰত সেই নিস্তব্ধ সমদলটো ক্ৰমাত তাৰ সমীপ চাপিছে ৷ তা মাইকীৰ লগতে সৰু শিশুৰ হাহি খিকিন্দালিৰ শব্দ ও তাৰ কানত পৰিব ধৰিছে ৷ সি আৰু নোৱাৰিলে এটা বিকট চিঞৰ মাৰি নগা দাখন মুঠিত লৈ ভিৰাই লৰ মাৰিলে ৷ সি পিছলৈ নেচাই মাথো প্ৰানটাকি দৌৰি থাকিল ৷ গাওঁখন সোমাওঁতে পোৱা দলংখন পাৰ হোৱাৰ লগেলগেই কোনোবাই চিঞৰি কোৱা তাৰ কানত পৰিল ৷ ভাল বাছিলি যা বাচা ৷ দিনটোৰ পৰাই তোৰ মুৰাখাম বুলি ভাবি আছিলো৷
জয়ৰাম দৌৰি দৌৰি গৈ কেতিয়া নিজৰ ঘৰ পালগৈ গমেই নেপালে ৷ মাকে চিটিকনি নলগোৱা দুৱাৰখন খুলিয়েই সি মাটিত ধপচ কৈ পঢ়ি যোৱাতহ মাজৰাতিখন হুৱাদুৱা লাগিল ৷
পিছদিনাখন জৰৰ প্ৰকোপত জয়ৰামৰ আৰু সৰস্বতী পূজা খাবলৈ যোৱা নহল ৷
বি:দ্ৰ: ১৯৯৮ চনত প্ৰকাশ কৰা মোৰ জীৱনৰ প্ৰথমখন গল্পপুথি খনৰ প্ৰকাশক মংগলদৈৰ মহ: কোৰবান আলী ডাঙৰীয়াৰ মুখত খুনা এটি ঘটনাৰ আলমত এই ভৌতিক গল্প টো যুগুতাই লিখিলো৷
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment