"বিদায়
যদিও বা সত্য,বিদায় জনোৱাটো যে কিমান কষ্টকৰ। তুমি মোৰ আইতা নহয় তুমি মোৰ মা , মোৰ প্ৰথম গৰাকী শিক্ষয়ত্ৰী, প্ৰথম গৰাকী বান্ধৱী, মোৰ আদৰ্শ।। তোমাৰ গাত ভৰি তুলি শোৱা, তোমাৰ চিৰিপনি এছাৰীৰ কোব খোৱা, তোমাৰ লগত snow powder সানি আবেলি উজানবজাৰ ঘৰৰ পদূলিত থিয় হৈ বাতৰুৱাবোৰক চোৱা, আলহীৰ ঘৰলৈ ফুৰিবলৈ গৈ ফুলৰ পুলি চোৰ কৰা। মোৰ নাম দিছিলা তুমি "বৰ্ষা ৰাণী বিষয়া". সৰুতে কোনোবাই মোৰ নাম সুধিলে দুটা নাম কওঁ বৰ্ষা ৰাণী বিষয়া আৰু মুন্নী বৰুৱা ।
মোৰ এতিয়াৰ ব্যস্ততা দেখি সদায় সোধা 'তই ইমান কষ্ট কেনেকৈ কৰিব পাৰ?"
মোক আটাইতকৈ ভালকৈ বুজি পোৱা একমাত্ৰ মানুহ আছিলা তুমি আইতা।আত্মাৰ সম্বন্ধ চিৰযোগমীয়া।। আমি আকৌ লগ পাম।
I lost my biggest support system today !!😥
My grandmother Biju Bala Baruah left for her heavenly abode ! 😶" - বৰ্ষা ৰাণী বিষয়া
অৱশ্যে আইতা গৰাকীৰ মৃত্যুৰ কাৰন উল্লেখ কৰা নাই অভিনেত্ৰী গৰাকীয়ে।আমাৰ তৰফৰ পৰাও আইতা গৰাকীৰ আত্মাৰ সদ্গতি কামানা কৰিলো…ঔঁ শান্তি
No comments:
Post a Comment