অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ইতি ফুকনৰ আজি ওপজা দিন।অভিনেত্ৰী গৰাকীৰ আজিৰ এই বিশেষ দিনটোত জানো আহক তেওঁৰ বিষয়ে বহু নজনা কথা-
: যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ জালুকনিবাৰী অঞ্চলৰ এখনি সৰু গাওঁ বালিজান গাঁৱৰ নিবাসী তথা একালৰ জনপ্ৰিয় নাট্যকাৰ আৰু "মঞ্চপ্ৰাণ" উপাধিৰে বিভূষিত প্ৰয়াত পুষ্প ফুকনৰ নাটিণি গৰাকীয়েই হৈছে বৰ্তমানৰ জনপ্ৰিয় অভিনেত্ৰী ইতি ফুকন। সৰুৰে পৰা অভিনয়ৰ প্ৰতি খোবেই ৰুচি থকা অভিনেত্ৰী গৰাকীৰ পিতৃ জয়ন্ত ফুকন আৰু মাতৃ কৰুণা ফুকনো অভিনয়ৰ ক্ষেত্ৰ খনত পূৰ্বৰে পৰা ওতঃপ্ৰোতভাবে জৰিত আছিল। কিন্তু কৰ্মব্যস্ততাৰ বাবে তেওঁলোক এই ক্ষেত্ৰ খনত বিশেষ আগুৱাই যাব নোৱাৰিল।সেয়ে একপ্ৰকাৰে কবলৈ গলে পিতৃ-মাতৃৰ অভিনয় ক্ষেত্ৰখনত আগবঢ়াৰ আধৰুৱা সপোনকেই যেন পূৰণ কৰিবলৈ অভিনয় জগৎ খনত অতি আগ্ৰহেৰে সোমাই পৰিছে প্ৰতিভাবান অভিনেত্ৰী ইতি ফুকন।সৰু কালৰে পৰা তেওঁ বিভিন্ন নাটক আদিত অভিনয় কৰি যথেষ্ট সফলতা অৰ্জন কৰি আহিছিল।ইয়াৰ পিছতে ২০০৫ চনত অভিনেত্ৰী গৰাকীৰ খুৰাক হিমন্ত ফুকনৰ দ্বাৰা নিৰ্মিত "কমলা কুৱৰী" নামৰ ছবি খনত অভিনয়ৰে পোনপ্ৰথম বাৰৰ বাবে অভিনেত্ৰী ইতি ফুকনে ছবি জগৎ খনত খোজ দিয়ে।তাৰপৰা ক্ৰমান্নয়ে তেওঁ অসমীয়া টেলিভিছন চেনেলত সম্প্ৰচাৰিত ৰ'দালী,বিন্দাছ,দাপোন,টুপ টুপ সপোন সৰে,সাহু বোৱাৰী,এপাহী সুখ এপাহী দূখ আদি জনপ্ৰিয় ধাৰাবাহিকত সুঅভিনয়ৰে অসমৰ দৰ্শকৰ বিপূল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।ইয়াৰ উপৰিও তেওঁ অভিনয় কৰা কেইটিমান জনপ্ৰিয় মিউজিক ভিডিঅ' হৈছে জুবিন গাৰ্গৰ 'চেন'ৰিতা',দিক্ষুৰ 'ৰাধা যাই জমুনালৈ' আৰু ভৃগু কাশ্যপৰ 'দুচকু কাজলে"।ইফালে অভিনেত্ৰী গৰাকীয়ে ভ্ৰাম্যমান ক্ষেত্ৰখনটো অতি কম সময়ৰ ভিতৰতে বিশেষ সফলতা পবালৈ সক্ষম হৈছে।উল্লেখ্য যে ভ্ৰাম্যমান থিয়েটাৰ "বৃণ্ডাবন"ত পোন প্ৰথমবাৰৰ বাবে তেওঁ খোজ দিয়েই 'নেবক'ছ মিডিয়া এৱৰ্দ'ৰ তৰফৰ পৰা শ্ৰেষ্ঠ নবাগত অভিনেত্ৰীৰ বটাঁ লাভ কৰিবলৈ সক্ষম হয়।অৱশ্যে অভিনেত্ৰী গৰাকীক "সূৰ্য্য" থিয়েটাৰত অসমৰ আগশাৰীৰ অভিনেতা যতীন বৰাৰ বিপৰিতে অভিনয় কৰাও দেখিবলৈ পোৱা গৈছিল।
আপোনালোকে জানিলে আচৰিত হব যে এই মোহময়ী অভিনেত্ৰী গৰাকীৰ খং অত্যান্ত বেছি।আৰু কথাৰ প্ৰসংগত তেওঁৰ খঙৰ বাবে তেওঁৰ জীৱনত ঘটা দুটামান আমোদজনক ঘটনা আমাক জনালে যদিও সেইয়া পিছত সময় হলে নিশ্চয় আপোনালোকৰ আগত প্ৰকাশ কৰিম।অভিনেত্ৰী গৰাকীৰ হবিৰ বিষয়ে জানিব বিচৰাত তওঁৰ হবি চিনেমা চোৱা,টিভি চোৱা তথা গান শুনা বুলি কলে আৰু খাদ্যৰ ক্ষেত্ৰত চিকেন অৰ্থাৎ মুৰ্গী মাংস তেওঁৰ খোবেই প্ৰিয়।অতিকৈ সহজ সৰল স্বভাবৰ ইতি ফুকনে তেওঁৰ দেউতাকক সকলোতকৈ অধিক ভাল পাই আৰু অভিনয় ক্ষেত্ৰত তেওঁৰ আদৰ্শ হিচাপে অসমীয়া অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ বুলি আমাক জানিব দিয়ে ।গাঁৱলীয়া পৰিবেশ ভাল পোৱা অভিনেত্ৰী গৰাকীয়ে বলিউলদৰ কোনোবা অভিনেতাৰ লগত অভিনয় কৰাৰ সুযোগ পালে, কোন গৰাকী অভিনেতাৰ লগত অভিনয় কৰিব বিচাৰিব বুলি শুধা এক প্ৰশ্নত তেওঁ মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানৰ কথা উল্লেখ কৰে।
বাৰু যি কি নহওঁক,এই সাক্ষাৎকাৰ সংগ্ৰহ কৰোতে অভিনেত্ৰী গৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ সমূহ সদস্যকে লগ পাইছিলো আৰু তেওৰ পৰিয়ালৰ সকলো সদস্যই তেওঁৰ দৰেই বিন্দাছ আৰু খোলা অন্তৰৰ।অসমৰ অভিনয় জগৎ খনত ইতোৰ পিছত সিটো সফলটা অৰ্জনেৰে জনপ্ৰিয়তাৰ জখলা বগোৱা প্ৰতিভাবান অভিনেত্ৰী ইতি ফুকনে বহু ব্যস্ততাৰ মাজতো আমাক তেওঁৰ মূল্যবান সময়কন দিয়াৰ বাবে তেওঁক অশেষ ধন্যবাদ জনাইছো আৰু Social Media Journalism তৰফৰ পৰা তেওঁলৈ ওপজা দিনৰ অশেষ শুভকামনা জনালো।
বিঃদ্ৰঃ অভিনেত্ৰী গৰাকীৰ সৈতে হোৱা সাক্ষাত্কাৰৰ এই প্ৰতিবেদন বিগত ২০১৭ চনৰ ১০ চেপ্তেম্বৰৰ দিনটোতো আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ পাইছি আৰু আজি পুনৰবাৰ প্ৰকাশ কৰা হৈছে।





No comments:
Post a Comment