ৰাম অনন্ত প্ৰভু ভগৱন্ত
ভকত ভয় ভঞ্জন ৷
নিত্য নিৰঞ্জন দানৱ গঞ্জন
সজ্জন জন ৰঞ্জন ৷৷
প্ৰভু ভগৱন্ত চৈতন্য আত্মাৰাম তোমাৰ মহিমা অনন্তা তুমি ভকতৰ সংসাৰ ভয় হৰণকৰ্ত্তা, তুমি নিত্য,চিৰস্থায়ী,অবিনাশী,
নিৰঞ্জন,নিৰ্ম্মল ৷ তুমি দানৱক দমন কৰা,ভকতক ৰক্ষা কৰি আনন্দ দিয়া ৷
সদানন্দ আত্মা চৈতন্য অনন্তক যোগীয়ে হৃদয়ত ৰমন কৰি থাকে ৷
এতেসেকে ৰাম পদে পৰম ব্ৰহ্মৰূপক বুলি নিশ্চয় ৷৷
ভগৱানৰ অমৃতময় নাম শ্ৰৱণ কীৰ্ত্তন কৰাৰ ফলত সংসাৰ বন্ধন নাশ কৰি ভকতে পৰম গতি পায় ৷ তেওঁৰ চৰণত শৰণ লৈ তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্ত্তন কৰিলে ৷
দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ এ
সিটো মহাজনে আতি মহাসুখে তৰে ৷৷
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment