"আছুয়ে অকলে চৰকাৰ গঠণ কৰিব নোৱাৰে" - তৰুণ গগৈ। "কা" সন্দৰ্ভটো বিশেষ মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ। - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 20, 2020

"আছুয়ে অকলে চৰকাৰ গঠণ কৰিব নোৱাৰে" - তৰুণ গগৈ। "কা" সন্দৰ্ভটো বিশেষ মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ।


"বিজেপিত এডমিশ্যন ল’বলৈ সিদ্ধাৰ্থৰ ভৰিত ধৰিছিল হিমন্তই৷ এডমিশ্যন দিয়াজনকে এতিয়া লাঠ মাৰিলে৷ আকৌ ভৰিত ধৰিব কেতিয়াবা, এনেকুৱা মানুহ পৃথিৱীত জন্ম হ’বই নালাগে৷

অসমত CAA বিৰোধী আন্দোলন যিমানেই বেছিকৈ স্বতঃস্ফূৰ্তভাৱে হ’ব ধৰিছে, চৰকাৰে সিমানেই বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে৷ হিমন্তই বেছি জানে, তেওঁতকৈ জনা মানুহ নাই৷ সদনতো অসম চুক্তিক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল হিমন্তই।

১৯৬৬ চনৰ কথা কৈ হিমন্তই ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে৷ অসম চুক্তিক গুৰুত্বহীন কৰিব বিছাৰিছে৷ যদি ১৯৬৬ হয়, তেন্তে ২০১৪লৈ কিয় আহিল ভিত্তিবৰ্ষ?

আছুয়ে মোৰ মিত্ৰতাৰে চৰকাৰ গঠন কৰাৰ প্ৰস্তাৱক নসাৎ কৰাতো মই ভাল পাইছো৷ পাৰে যদি অকলেই কৰক চৰকাৰ৷ মই কৈছো, অকলে নোৱাৰে৷ CAAৰ বিৰুদ্ধে যোৱা মানুহবোৰক একত্ৰিত কৰিবলৈ মই কৈছো।" - তৰুণ গগৈ।

No comments:

Post a Comment

Advertisement

Pages