কেইটামান মন কৰিবলগীয়া যুক্তাক্ষৰ জানো আহক : Assamese consonants - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 10, 2025

কেইটামান মন কৰিবলগীয়া যুক্তাক্ষৰ জানো আহক : Assamese consonants

 

Assamese consonants

কেইটামান মন কৰিবলগীয়া যুক্তাক্ষৰ ( Assamese consonants )

 

১) স্বৰচিহ্ন যোগৰ ফলত ৰূপৰ পৰিৱৰ্তন হোৱা স্বৰচিনযুক্ত আখৰ:


গ + উ = গু — গুৱাহাটী 


ৰ + উ = ৰু — ৰুগীয়া


শ + উ = শু — শুৱনি


হ + উ = হু — হুদু


ৰ + ঊ = ৰূ — ৰূপ


হ + ঋ = হৃ — হৃদয়


২) ৰূপৰ পৰিৱৰ্তন হোৱা যুক্তাক্ষৰ:


ক্ + ত = ক্ত — ভক্ত 


ক্ + ৰ= ক্ৰ — ক্ৰম


ক্ + স= ক্স— নক্সা


ক্ + ষ= ক্ষ— ক্ষমা


গ্ + ধ  = গ্ধ— দুগ্ধ


জ্ + ঞ = জ্ঞ — জ্ঞাতি


ঞ্ + চ = ঞ্চ — অঞ্চল 


ঞ্ + ছ = ঞ্ছ —বাঞ্ছা


ঞ্ + জ = ঞ্জ — আঞ্জা


ট্ + ট = ট্ট— ঠাট্টা 


ণ্ + ঠ = ণ্ঠ — কণ্ঠ 


ণ্ + ড = ণ্ড — ব্ৰহ্মাণ্ড 


ন্ + থ = ন্থ — মন্থৰ


ত্ + থ = ত্থ — কপিত্থ


( আচলতে, থ্থ—>ত্ থ = ত্থ )


ত্ + ত = ত্ত —উত্তৰ


ত্ + ন = ত্ন — ৰত্ন 


ত‌্ + ৰ = ত্ৰ — ত্ৰাস


ত্ + ৰ + উ = ত্ৰু— ত্ৰুটি/ত্ৰুটী


দ্ + ৰ = দ্ৰ— দ্ৰৱ 


দ্ + ৰ + উ = দ্ৰু— দ্ৰুত 


ধ্ + ৰ + উ= ধ্ৰু— ধ্ৰুৱ


ব্ + ধ = ব্ধ — লব্ধ 


দ্ + ধ = দ্ধ — আবদ্ধ 

( আচলতে, ধ্ধ—> দধ = দ্ধ)


স্ + ক = স্ক — নমস্কাৰ


স্ + খ  = স্খ — স্খলন


স‌্ + প = স্প — স্পৰ্শ 


(অৰ্থাৎ, এনে যুক্তাক্ষৰবোৰত স-টোৰ চেহেৰাটোৰ পৰিৱৰ্তন লক্ষ্যণীয়। ) ( Assamese consonants )


ষ্ + প = ষ্প —পুষ্প


ষ্ + ক = ষ্ক — পৰিষ্কাৰ 


ষ্ + ণ= ষ্ণ — কৃষ্ণ


স্ + ত  = স্ত — স্তৰ 


ষ্ + ট = ষ্ট— কষ্ট 


স্ + থ = স্থ — স্থাৱৰ 

 বহুতেই(স্থ= স্ + হ ) বুলি ভুল কৰে।


হ্ + ন = হ্ন— মধ্যাহ্ন


হ্ + ণ = হ্ণ — অপৰাহ্ণ 


হ্ + ম =হ্ম— ব্ৰহ্মপুত্ৰ 


ক্ষ্ + ণ = ক্ষ্ণ — তীক্ষ্ণ


( কিন্তু, ঘ্ + ন = ঘ্ন )


ক্ষ্ + ম = ক্ষ্ম— যক্ষ্মা


ক্ + ম = ক্ম —ৰুক্ম


( 'ম' যোগ হ'লে যুক্তাক্ষৰটোত ম-টোৰ চেহেৰাটো লক্ষ্যণীয়। )


যদি আপোনাৰ ঘৰত প্ৰাক-প্ৰাথমিক বা প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী আছে তেন্তে 'আৰ্ট পেপাৰত' সুন্দৰকৈ দুখন 'চাৰ্ট' তৈয়াৰ কৰি তেওঁলোকৰ পঢ়া টেবুলৰ সমুখত ওলোমাই থ'লে উপকাৰ পাব। স্কুলবোৰতো এই কামটো কৰিব পাৰি।


( বি.দ্ৰ. এই লেখাটিৰ আধাৰ গ্ৰন্থ: অসমীয়া যুক্তাক্ষৰ,

লেখক: কুমুদ বৰা। )

No comments:

Post a Comment

Advertisement

Pages