আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Thursday, June 13, 2024

demo-image

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

  

PhotoGrid_1718159046032

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

৩০ জেষ্ঠ, বৃহস্পতি বাৰ, ইং ১৩ জুন' ২০২৪  ( Horoscope Today )

১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, প্ৰেমত আনন্দ বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যাত সুনাম অৰ্জন কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে। 


৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব পাৰে, আনন্দ মানে দিনটো পাৰ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন সামান্য হ্ৰাস হ'ব পাৰে, খেতিয়ক সকলে সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে, লগতে আজি আপোনাৰ লগ- বন্ধু বা আত্মীয় পৰিয়ালৰ লগত বিশ্চেদ হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, সমাজ কৰ্মী সকলে ৰাজহুৱা সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সৰু- সুৰা কথাতে আপোনাৰ মনত সামান্য খংঙ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনৰ আনন্দ সামান্য হ্ৰাস হ'ব পাৰে লগতে আজি আপুনি মনৰ পৰা খংঙ আৰু অভিমান ভাৱ পৰিহাৰ নকৰিলে সামান্য ক্ষতি হব পাৰে।( Horoscope Today )

PhotoGrid_1703003158326

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, লটাৰি ধন  লাভৰ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে চিকিৎসাৰ ক্ষেত্ৰত  খেলিমেলিৰ সৃষ্টি হ'ব পাৰে ।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আত্মীয় পৰিয়ালে বাধাৰ সৃষ্টি কৰিব পাৰে যদিও আজি আপুনি কৌশলেৰে কৰ্মবো সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে শুভ বুলি কব পাৰি, পাৰিবাৰিক জীৱনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত  ভয় ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বাঢ়িব, লগতে আজি সৰু সুৰা কথাতে আপোনাৰ মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত আৰ্থিক দিশটো টনকিয়াল হ'ব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব, মনত ভক্তি ভাৱ বাঢ়িব, লগতে আজি আপুনি সজাগ নহ'লে সৰু- সুৰা কথাই আপোনাৰ মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages