আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Thursday, August 31, 2023

demo-image

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 PhotoGrid_1625959326733

 


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

১৩ ভাদ , বৃহস্পতিবাৰ ইং ৩১ আগষ্ট ২০২৩ ।     ( Horoscope Today )


 *সূৰ্য্যোদয়* ঘ:- ৫/৫/১৭ *সূৰ্য্যাস্ত* ঘ:- ৫/৪১/৪৫

*ৰাশি:-*  কুম্ভ ৰাশি।

*তিথি :-* পূৰ্ণিমা । ঘ:- ৭/৪৫/৩১ লৈ। 

*নক্ষত্ৰ :-* শতভিষা।ৰা: ঘ:- ৭/৪০/৫  লৈ।

*শুভ সংখ্যা:-* ১/৫

*শুভ ৰং:-* হালধীয়া/ সোনালী।

*আদ্যঋতু হলে :-* দূৰ্ভগা যোগ। 

*মৰণত দোষ*:- নাই। ৰা:ঘ:- ৭/৪০/৫ যোৱাত দ্বিপদ।

*যাত্ৰা:-* বাযু কোনত নাই।ঘ:- ৭/৪৫/৩১  যোৱাত পূৱ দিশত নাই।

*যোগিনী* :- বাযু কোনত ।ঘ:- ৭/৪৫/৩১  যোৱাত পূৱ দিশত ।

*ভক্ষাভক্ষ্য* :- মাটিমাহ , মাছ মাংস খোৱা নিষেধ। ঘ :- ৭/৪৫/৩১ যোৱাত কোমোৰা খোৱা নাই।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত  ব্যস্ততাৰ মাজেৰে দিনটো ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব, ভ্ৰমণত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ সম্পদ বাঢ়িব, লগতে যান বাহন ক্ৰয় কৰিবলৈ সক্ষম   হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, আন ব্যক্তিৰ সকলে কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব নহ'লে তেওলোকে মনত দুখ কষ্ট পাৱলগীয়া হ'ব পাৰে।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত  আমোদ প্ৰমোদৰ মাজেৰে দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, সফলতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশত কষ্ট পোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, খেলুৱৈ সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য ভয় বৃদ্ধি  কৰাৰ ৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, সমাজ কৰ্মী বা ৰাজনীতি লগত জড়িত ব্যক্তি সকলে সামাজিক কৰ্মত আগুৱাই যাবলৈ সক্ষম হব,  যদিও আজি আপুনি সজাগ নহ'লে লগ বন্ধুৰ পৰা প্ৰতাৰিত হোৱাৰ  যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, সামাজিক সন্মান লাভ কৰিব, লগতে আজি আপুনি কৰ্মত স্বীকৃতি লাভ কৰাৰ যোগ দেখা যায়।    ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব,বিবাহ প্ৰাৰ্থী সকলে ভাল খৱৰ লাভ কৰিব পাৰে, যদিও আজি আপোনাৰ মনত মানসিক ক্লেষ আহিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি নৰজ ৰাখাটো ভাল হ'ব।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভাল ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, কৰ্মত যশস্যা বাঢ়িব যদিও আজি আপুনি আৰ্থিক দিশত সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বন্ধু বান্ধৰ পৰা সহাৰি লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ স্বাস্থ্যৰ উন্নতি হোৱাৰ  যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত  দেহ মনত সামান্য ভাগৰ ভাৱ অনুভৱ কৰিব পাৰে, শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে আজি ছোৱালী সকলে সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, শত্ৰু পৰাজয় হ'ব, যদিও আজি আপোনাৰ মনত উদ্বেগ ভাৱ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

    ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages