আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, May 25, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today

 

১০ জেঠ, বৃহস্পতি বাৰ ইং ২৫ মে' ২০২৩।   ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপুনি কৰ্মত সজাগ নহ'লে প্ৰাপ্যৰ বঞ্চিত হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য দেহ মনত আঘাত পোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত  মনত উৎসাহ বাঢ়িব, কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, আত্মীয় পৰিয়ালৰ আগমন হ'ব ঘৰলৈ, লগতে আজি আপুনি হঠাতে ধন সন্মান লাভ কৰিব পাৰে।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হ'ব, লগতে আজি শিক্ষক সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  কৰ্মত সামান্য বুদ্ধি হ্ৰাস হ'ব পাৰে,কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জেষ্ঠ্য ব্যক্তিৰ পৰা বাধাৰ সন্মুখীন হোৱা যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, মনৰ আশা পূৰণ হ'ব, লগতে আজি আপুনি ভাল খৱৰ লাভ কৰাৰ যোগ দেখা যায়।  ( Horoscope Today )

Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব পাৰে, সফলতাৰে কৰ্মবোৰ সম্পন কৰিবলৈ সক্ষম হব, কৰ্মত নতুনকৈ সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপোনাৰ দেহ মনত আঘাত পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত নতুন কৰ্মৰ যোগাযোগ কৰিবলৈ সক্ষম হব, সন্মান বাঢ়িব, যদিও আজি আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে সময়বোৰ পাৰ হ'ব, ৰোগ আৰোগ্য হব লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপুনি মনৰ আশা ভংগ হ'বলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।  


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ব্যস্ততাৰ মাজেৰে দিনটোত যান বাহন ক্ৰয় কৰাৰ সুযোগ সুবিধা লাভ কৰিব, সম্পত্তি বাঢ়িব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি পুলিচ প্ৰশাসনৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।   


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত শুভ হ'ব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি ঠগ প্ৰৱঞ্চ‌‌ক পৰা সাৱধান হোৱাটো ভাল হ'ব। ( Horoscope Today )


Horoscope Today


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages