মৃত প্ৰেমিকাৰ কপালত প্ৰেমিকে পিন্ধালে সেন্দুৰ : Assamese News - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Saturday, November 19, 2022

demo-image

মৃত প্ৰেমিকাৰ কপালত প্ৰেমিকে পিন্ধালে সেন্দুৰ : Assamese News

PhotoGrid_Site_1668858709910


যোৱা সাত বছৰে চাপৰমুখ কচোৱাৰ এগৰাকী যুৱতীৰ সৈতে মৰিগাঁওৰ যুৱক জনৰ প্ৰেমৰ সম্পৰ্ক আছিল কিন্তু যোৱা কেইবছৰমানৰ পৰা যুৱতী গৰাকী এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল আৰু আজি যুৱতী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে যদিও প্ৰেমৰ এক অনন্য নিৰ্দশন দাঙি ধৰি যুৱকজনে মৃত্যুৰ পিছতো ধৰ্মীয় ৰীতি নীতিৰে মৃত যুৱতী গৰাকীৰ শিৰত সেন্দুৰ পিন্ধাই আজীৱন নিজৰ পত্নীৰ মৰ্যাদা প্ৰদান কৰি নিজৰ সঁচা প্ৰেমৰ বিৰল প্ৰমাণ ৰাখি গল ।( Assamese News ) 


মৃত প্ৰেমিকাৰ কপালত প্ৰেমিকে পিন্ধালে সেন্দুৰ!


শুকুৰবাৰে ৰহাৰ চাপৰমুখৰ কচুৱাত ঘটা এই ঘটনাই চকু সেমেকাই তুলিলে বহুজনৰ। মৃত্যুৰ পিছত প্ৰেমিকে পূৰণ কৰিলে প্ৰেয়সীৰ আশা। মৃত প্ৰেমিকাৰ কপালত প্ৰেমিকে পিন্ধাই দিলে সেন্দুৰ।


চাপৰমুখ কচুৱাৰ যুৱতীগৰাকীৰ নাম প্ৰাৰ্থনা বৰা। এক জটিল ৰোগত আক্ৰান্ত হৈছিল প্ৰাৰ্থনা। শুকুৰবাৰে প্ৰাৰ্থনাই চিৰদিনৰ বাবে এই সংসাৰৰ পৰা বিদায় ল’লে। আধৰুৱা সপোনবোৰ বুকুত বান্ধি কেতিয়াও ঘূৰি নহা পথেৰে গুচি গ’ল প্ৰাৰ্থনা। কিন্তু তাৰ পিছৰ দৃশ্য দেখি উচুপি উঠিল উপস্থিত সকলো।


মৃত্যুৰ পিছতে প্ৰাৰ্থনাৰ ঘৰত উপস্থিত হ’ল প্ৰেমিক বিতোপন তামুলী। প্ৰাৰ্থনা জীয়াই থাকোতে দুয়ো মিলি দেখা সপোন পূৰণ কৰিলে বিতোপনে। নিথৰ দেহৰ কাষত বহি বিতোপনে প্ৰাৰ্থনাৰ কপালত পিন্ধাই দিলে সেন্দুৰ। প্ৰাৰ্থনাৰ ডিঙিত পিন্ধাই দিলে মালা। প্ৰাৰ্থনাৰ মৃতদেহৰ সন্মুখতে নিজেও পিন্ধি ল’লে মালা। এই দৃশ্যই চকু সেমেকাই তুলিলে সকলোৰে।( Assamese News ) 


এক প্ৰেমিক প্ৰেমিকা আজিৰ যুগৰ,

মৃত প্ৰেমিকাৰ কপালত আকিছে সেন্দুৰৰ তিলক

 মুকুট পিন্ধাইছে সেন্দুৰৰে শিৰত

 দিছে বেলিটি আকি বিদায় পৰত।

 

 তুমি যোৱাগৈ মোৰ পত্নী ৰূপত

 জিলিকি থাকিবা তুমি মোৰ মনৰ এলবামত,

 তৰা হৈ জিলিকি থাকিবা মোৰ মন আকাশত

 আমিযে প্ৰেমিক যুগল আজিৰ যুগৰ।

 

তুমি যে অনুপম, প্ৰাৰ্থনা বিতোপন

কোনে কয় আজিৰ প্ৰেমক ভণ্ড,

টকা পইচা, ঐশ্বৰ্য বিভূতিৰে হয় প্ৰেমৰ ভঞ্জন

কাৰোবাৰ হাতত কোনোবা হয় খণ্ড বিখণ্ড.....


 অসুৰো আজি আছে য'ত,

 টুকুৰা টুকুৰে কাটি ধ্বংস কৰে প্ৰেমৰ শস্য.....

 

বিতুপনে এই যুগতো প্ৰেমৰ নামত সুন্দৰতা সানি দেখুৱালে প্ৰেম যে এক অনন্য ঐশ্বৰিক শক্তি 

 যুগে যুগে থাকিবা সমাদৃত হৈ পূজনীয়,

 হৈ ৰব তোমাৰ প্ৰেম বন্ধন গীতি,

 প্ৰাৰ্থনা বিতোপন শিলেৰে নিৰ্মিত ফুলৰ কষটি।

Assamese News ) 

No comments:

Post a Comment

Advertisement

Pages