বিধি-বিধানেৰে পূজা কৰাৰ লগতে প্ৰতিটো নিয়ম পালন কৰিলে সেইজনৰ কেতিয়াও ধন-সম্পত্তিৰ অভাৱ নহয় : Assamese Fact - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Tuesday, November 1, 2022

demo-image

বিধি-বিধানেৰে পূজা কৰাৰ লগতে প্ৰতিটো নিয়ম পালন কৰিলে সেইজনৰ কেতিয়াও ধন-সম্পত্তিৰ অভাৱ নহয় : Assamese Fact

PhotoGrid_Site_1667297428415


শাস্ত্ৰত বীৰ হনুমানক সংকটক হৰি নিয়া ভগৱান কোৱা হয়।মান্যতা অনুসাৰে ব্যক্তিয়ে-বিধি-বিধানেৰে পূজা কৰাৰ লগতে- প্ৰতিটো নিয়ম পালন কৰিলে-সেইজনৰ কেতিয়াও ধন-সম্পত্তিৰ অভাৱ নহয়,আৰু প্ৰতিটো সমস্যাৰ পৰা মুক্তি লাভ কৰে। Assamese Fact )


শাস্ত্ৰত বীৰ হনুমানৰ বিভিন্ন মুদ্ৰাৰ বিষয়ে কোৱা হৈছে।যত-পাহাৰ উঠাই বীৰ হনুমান,উৰি থকা-হনুমান, পঞ্চমুখী হনুমান, বুকু ফালি থকা হনুমান,লংকা দহন, আৰ্শীবাদ দি থকা,ৰামায়ণ পঢ়ি থকা, সূৰ্য্য গিলি থকা, থিয় হৈ থকা হনুমান, শ্ৰী ৰাম-হনুমানৰ মিলন, এনে ধৰণৰ বহু ছৱি বৰ্ণিত আছে।


*বাস্তু শাস্ত্ৰ অনুসাৰে-বীৰ হনুমানৰ ছৱি দক্ষিণ দিশৰ ফালে চাই থকা লগাব লাগে।এই ছৱি বহি থকা মুদ্ৰাত ৰঙা ৰংৰ হব লাগে।এই দিশত এনে ধৰণৰ ছৱি লগালে-বেয়া শক্তি ঘৰলৈ প্ৰৱেশ কৰিব নোঁৱাৰে।


*বাস্তু শাস্ত্ৰ অনুসাৰে-

বীৰ হনুমানৰ ফটো-শোৱা-কোঠালিত লগাব নালাগে।কাৰণ-বীৰ হনুমান বাল ব্ৰহ্মচাৰী হয়।সেইবাবে শোৱা কোঠাত বীৰ হনুমানৰ ফটো লগোৱাটো অশুভ মনা হয়।


*নকাৰত্মক শক্তিৰ বাবে-

যদি আপোনাৰ ঘৰত নকাৰত্মক শক্তি আছে,তেন্তে ইয়াৰ বাবে আপুনি বীৰ হনুমানৰ শক্তি প্ৰদৰ্শন কৰি থকা মুদ্ৰাৰ ছৱি বা পঞ্চমুখী হনুমানৰ ছৱি মুখ্য দুৱাৰৰ ওপৰত লগাব পাৰে।ইয়াৰ বাহিৰেও-এনে ছৱি সেই ঠাইত লগাব পাৰে-যত আপোনাৰ বেয়া শক্তিৰ আভাস হয়।


*সুখ সমৃদ্ধিৰ বাবে-

ঘৰত সুখ-শান্তিৰ লগতে-নকাৰত্মক ওৰ্জা যাতে প্ৰৱেশ কৰিব নোঁৱাৰে-ইয়াৰ বাবে পঞ্চমুখী হনুমানৰ ছৱি ঘৰত লগোৱাটো শুভ মনা হয়।ইয়াৰ দ্বাৰা উন্নতি মাৰ্গ মুকলি হয়।


*জল সুত্ৰ দোষ-

যদি ঘৰখনত কোনো কাৰণত-জল সম্বন্ধিত বাস্তু দোষ আছে,তেন্তে-ইয়াৰ বাবে-ৰোগ,পৰিয়ালৰ সদস্যৰ মাজত মতানক্য,শক্ৰৰ বাধা দেখিবলৈ পোৱা যায়।এনে দোষক দূৰ কৰিবলৈ পঞ্চমুখী বীৰ হনুমানৰ ফটো-এনে ধৰণে লগাব লাগে যাতে-তেওঁ  দক্ষিণ দিশৰ ফালে চাই আছে। Assamese Fact )


*বীৰ হনুমানৰ এনে ধৰণৰ ছৱি লগোৱাটো শুভ হয়-


যদি ঘৰত শ্ৰী ৰামৰ দৰবাৰৰ ফটো লগোৱা হয়,তেতিয়া বীৰ হনুমানৰ ফটো এনে লগাব লাগে-যত তেওঁ শ্ৰী ৰামৰ শী চৰণত বহি আছে।ইয়াৰ বাহিৰেও-পঞ্চমুখী হনুমান,পৰ্ৱত ডাঙি থকা হনুমান,ভজন গোৱা,আদি,ধৰণৰ হনুমানৰ ফটো লগাব লাগে।


*পৰিস্থিতিৰ লগত জয়ী হবলৈ-


যদি আপুনি-

সাহস,বল,দায়িত্ব আৰু বিশ্বাসক জগাই তুলাৰ লগতে-প্ৰতিটো পৰিস্থিতিতে জয়ী হব বিচাৰে-তেতিয়া ঘৰত পৰ্ৱত ডাঙি থকা বীৰ হনুমানৰ ফটো লগোৱাটো শুভ হয়।


*উন্নতিৰ বাবে-

প্ৰতিটো কামত সফলতা লাভ কৰিবলৈ,চাকৰি,ব্যৱসায়ত-

উন্নতিৰ বাবে-ঘৰত বীৰ হনুমানৰ উৰি থকা মুদ্ৰাৰ ফটো লগোৱাটো শুভ হয়।


*ভক্তি ভাবৰ বাবে-

ভক্তি আৰু বিশ্বাসৰ সংসাৰৰ বাবে-ঘৰত শ্ৰী ৰামৰ ভজন কৰি থকা-বীৰ হনুমানৰ ফটো লগোৱাটো শুভ হয়।


*মংগল দোষৰ মুক্তিৰ বাবে-

যদি শুৱনিত মংগল দোষ আছে,তেন্তে ইয়াৰ বাবে ঘৰৰ দক্ষিণ দিশৰ বেৰত-ৰঙা ৰংৰ বীৰ হনুমানৰ ফটো লগাব লাগে।  (সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages