নিজৰ ধৰ্মক উপহাস কৰাৰ আগতে নিজৰ ধৰ্মৰ বিষয়ে জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Wednesday, September 21, 2022

demo-image

নিজৰ ধৰ্মক উপহাস কৰাৰ আগতে নিজৰ ধৰ্মৰ বিষয়ে জানি লওক : Religious Studies

PhotoGrid_Site_1663730941776


আশ্ৰমত ৰাতিপুৱা আমাৰ 4 বজাৰ পৰা 5 বজালৈ এটা ক্লাছ হয় ।  আজিৰ বিষয় আছিল পিতৃপক্ষ । Religious Studies )


পিতৃপক্ষ ভাদ মাহৰ পূৰ্ণিমাৰ দিনা  আৰম্ভ হৈ মহালয়াৰ দিনা শেষ হয় । এইখিনি সময়ত পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে হিন্দু ধৰ্মত বিশ্বাস কৰাসকলে পিণ্ডডান কৰে । শ্ৰাদ্ধ পাতি পিণ্ডডান কৰাৰ নিয়ম । 


শ্ৰাদ্ধ মানে হল যিটো শ্ৰদ্ধাৰে দিয়া হয় । 

পিণ্ডডানত যি ভোগ দিয়া হয় , সেই ভোগ কাউৰিক খাব দিয়া হয় । কাউৰিক কিয় খাব দিয়ে ইয়াৰ কাৰণ বুজাই গুৰুজীয়ে কলে যে কাউৰী হল পৃথিৱীৰ এনে এটা জীৱ , যিটোৱে কেৱল আমি দিয়া পিণ্ড পূৰ্ব পুৰুষলৈ লৈ যাব পাৰে । 


ইয়াৰ পিছত তেওঁ কলে যে 

তুমি কেতিয়াবা আঁহত গছৰ পুলি ৰুই পাইছা নেকি ? 

তুমি কেতিয়াবা আঁহত গছৰ কলম কৰি বা গ্ৰাফটিং কৰি পাইছা নেকি ? 


তুমি কেতিয়াবা বট গছৰ পুলি ৰুইছা নেকি ? 

বট গছৰ গ্ৰাফটিং বা কলম কৰি পাইছা নেকি ? 

আচলতে আঁহত আৰু বট এই দুইবিধ গছৰ পুলি ৰুব নোৱাৰে মানুহে , মানুহে ইয়াৰ পুলি সেই গছৰ ওচৰে পাজৰে নাপায় । কেতিয়াবা নলাৰ ওপৰত , কেতিয়াবা গাঁওৰ তিনিআলিত বা কেতিয়াবা  জাৱৰ পেলোৱা dustbin ৰ ওচৰত । 


এনে কিয় হয় তেওঁক সুধাত তেওঁ কলে যে ;

আঁহত আৰু বট গছৰ বিজৰ পৰা পুলি হবলৈ যি process হয় , সেইটো কাউৰীৰ পেটত হয় । কাউৰীয়ে সেই বীজ খাই যত বিষ্ঠা ত্যাগ কৰে , সেই ঠাইত আঁহত বা বট গছৰ পুলি হয় ।


সাধাৰণতে কাউৰীক  জাৱৰৰ  দম , নলা নৰ্দমাৰ আদিত সঘনাই আমি দেখা পাওঁ খাদ্য খাই থকা । এইবোৰৰ পৰা carbon dioxide খুব বেছি নিৰ্গত হৈ থাকে । 


কাউৰী এই ঠাইত বেছি থাকে বাবে সেই ঠাইত বিষ্ঠা এৰিলে তাত আঁহত বা বট গছৰ পুলি জন্মে ।  আঁহত গছে খুব বেছি পৰিমানে oxygen দিয়ে  । আৰু  সেই নলা নৰ্দমা বা জাৱৰ পেলোৱা ঠাই সমূহ বা মৰা জীৱ জন্তু পেলোৱা ঠাই সমূহৰ পৰা co2  শোধন কৰি অক্সিজেনত পৰিণত কৰে । 


ইয়াৰ পিছত তেওঁ কলে যে হিন্দু কেৱল এটা মাত্ৰ ধৰ্ম নহয় , ই এটা বিশ্ব সংস্কৃতি । হিন্দুৱে সদায় কেৱল 'বসুদেৱ কুটুম্বকম' ক বিশ্বাস কৰে । 


কাউৰীৰ কণী হয় ভাদ মাহত ।  ভাদ মাহত যাতে সেই কণীবোৰৰ পৰা পোৱালি হৈ ভালদৰে লালিত পালিত হয় আৰু সেই লালন পালন কৰাত কিঞ্চিত সহায় হওঁক বুলি কাউৰিক শ্ৰাদ্ধৰ ভোগ দিয়া হয় । Religious Studies )


সেই ভোগ কাউৰীয়ে মুখত লৈ গৈ নিজৰ পোৱালীক দিয়ে । পিছত পোৱালি ডাঙৰ হৈ আকৌ যত যত দৰকাৰ , সেই ঠাইত আঁহত আৰু বট গছৰ বৃদ্ধি কৰে । 

গাঁওবোৰত জনসংখ্যা বৃদ্ধি হলে co2 ৰ মাত্ৰা বাঢ়ি যায়  আৰু ভাদ মাহত পিতৃ পিক্ষৰ সময়ত সকলোৱে একেলগে কাউৰিক ভোগ দিয়ে । কাউৰিযে খাদ্য পালে  এই পশেষত সঘনাই অহা যোৱা কৰিলে বিষ্ঠা এৰে আৰু সেই বিষ্ঠাত আঁহত আৰু বট গছৰ জন্ম হয় । যিয়ে গাওঁত co2 ৰ পৰিমাণ কমাই অক্সিজেনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে ।


তেওঁ আগলৈ কলে যে ,

হিন্দু ধৰ্মত আমি প্ৰকৃতিৰ ঋণ এটা জনমত পৰিশোধ কৰিব নোৱাৰো । প্ৰকৃতিৰ ঋণ মানে সেইবোৰ ঋণ , যিবোৰ প্ৰকৃতিয়ে আমাক বিনামূলীয়াকৈ দিছে । 

বায়ু , পানী , খাদ্য আদি । 

এজন মানুহ মৰাৰ পিছতো সেই ঋণ শেষ নহয় । সেয়ে পুত্ৰই বা তেওঁৰ পৰৱৰ্তী প্ৰজন্মই সেই ঋণ পৰিশোধ কৰাৰ বাবে পিতৃ পক্ষ পাতি প্ৰকৃতিৰ বায়ুৰ ঋণ , খাদ্যৰ ঋণ আৰু পানীৰ ঋণ পৰিশোধ কৰাৰ চেষ্টা কৰে । 


সেইবাবেই হিন্দু ধৰ্মত পিতৃপক্ষ পতা হয় আৰু সেইবাবেই শ্ৰাদ্ধৰ ভোগ কাউৰিক দিয়ে প্ৰথমে । 

যদি আপুনিও হিন্দু ধৰ্মত জন্ম লৈছে , তেন্তে গৰ্ব কৰক যে আপুনি সেই মহান ধৰ্মৰ অংশ । টুলুঙা মন্তব্য দি নিজৰ ধৰ্মৰ ওপৰতে সন্দেহ কৰি , নিজৰ ধৰ্মক উপহাশ কৰাৰ আগতে নিজৰ ধৰ্মৰ বিষয়ে জানি লওক ।


গৰ্বৰে share কৰক আৰু সকলোকে জনাওঁক 'বসুদেৱ কুটুম্বকম' কাক কয় ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


.com/img/a/

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages