কলহ স্থাপনাৰ দ্বাৰা ঘৰত থকা নকাৰত্মক উৰ্জা শেষ হয় আৰু পূজা ভালদৰে সম্পন্ন হয় : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Tuesday, September 20, 2022

demo-image

কলহ স্থাপনাৰ দ্বাৰা ঘৰত থকা নকাৰত্মক উৰ্জা শেষ হয় আৰু পূজা ভালদৰে সম্পন্ন হয় : Religious Studies

PhotoGrid_Site_1663640894505


নৱৰাত্ৰিত ঘট স্থাপন কৰাৰ মহত্ব আছে।হিন্দু ধৰ্মত মান্যতা আছে যে-কোনো শুভ কাম আৰম্ভ কৰাৰ আগে বা কোনো পূজা পাঠ আৰম্ভ হোৱাৰ আগে ঘট বা কলহৰ স্থাপনা কৰা হয়। ( Religious Studies )


ইয়াৰ দ্বাৰা ঘৰলৈ সুখ সমৃদ্ধি আহে আৰু কামটো ভালদৰে সম্পন্ন হয়।নৱৰাত্ৰীত কলহ স্থাপন কৰাৰ এক বিশেষ মহত্ব আছে।কলহ স্থাপন কৰাৰ দিনৰেপৰা নৱৰাত্ৰিৰ আৰম্ভণি হয়।


মান্যতা অনুসাৰে কলহত-সকলো গ্ৰহ,নক্ষত্ৰ আৰু তীৰ্থৰ নিবাস হয়।ইয়াৰ বাহিৰেও কলহত ভগৱান বিষ্ণু,ব্ৰহ্মা,মহাদেৱ আৰু সকলো নদী,ধাৰ্মিক স্থান,আৰু তেত্ৰিশ কোটি দেৱী-দেৱতা কলহত বিৰাজিত।সেইবাবে কলহৰ স্থাপনাৰ পাছত নৱৰাত্ৰিৰ ব্ৰত আৰম্ভ হয়।পিতৃপক্ষৰ অন্ত হলেই নৱৰাত্ৰি আৰম্ভ হয়।২০২২বৰ্ষৰ ২৬ ছেপ্তেম্বৰত কলহ স্থাপন কৰা হব।


হিন্দু ধৰ্মত যিকোনো ধাৰ্মিক অনুষ্ঠান আৰু বিশেষ সময়ত কলহ স্থাপন কৰা বহুত মহত্বপূৰ্ণ মনা হয়।নতুন ঘৰত প্ৰৱেশ কৰাৰ আগতে কলহ স্থাপন কৰি পূজা কৰা হয়।নৱৰাত্ৰিৰ প্ৰথম দিনা অৰ্থাৎ প্ৰতিপদা তিথিত কলহ স্থাপনাৰ লগতে দেৱীক আবাহন কৰি-৯দিনৰ পূজা আৰম্ভ হয়।কলহ স্থাপনাৰ দ্বাৰা ঘৰত থকা নকাৰত্মক উৰ্জা শেষ হয় আৰু পূজা ভালদৰে সম্পন্ন হয়।


২৬ছেপ্তেম্বৰত কলহ স্থাপনা কৰা হব।


২০২২বৰ্ষৰ আহিন মাহৰ নৱৰাত্ৰিৰ প্ৰতিপদা তিথি-২৬ছেপ্তেম্বৰ-২০২২বৰ্ষৰ পুৱা ৩বাজি ২৩মিনিটৰ পৰা আৰম্ভ হব।যি ২৭ছেপ্তেম্বৰ-২০২২ বৰ্ষৰ পুৱা ৩বাজি ৮মিনিটত শেষ হব।এই শাৰদীয় নৱৰাত্ৰিত দেৱী দূৰ্গাৰ কৃপা লাভ কৰিবলৈ-কলহ স্থাপনাৰ শুভ মুহুত্ব-২০২২ বৰ্ষৰ ২৬ছেপ্তেম্বৰৰ পুৱা ৬বাজি ১১মিনিটৰ পৰা ৭বাজি ৫১মিনিটলৈ থাকিব।ইয়াৰ বাহিৰেও এইদিনা অভিজীত মূহুত্বত দুপৰীয়া ১২বাজি ৬মিনিটৰপৰা ১২বাজি ৫৪মিনিটত কৰিব পৰা যাব।নৱৰাত্ৰিৰ ৯দিন মাৰ ৯টা ৰূপক পূজা কৰা হয়।মা দূৰ্গাৰ বেলেগ বেলেগ ৰূপৰ বেলেগ বেলেগ মহত্ব আছে। ( Religious Studies )


কলহৰ পূজা কি দৰে কৰিব!


নৱৰাত্ৰিত সকলো ধৰণৰ শুভ কাৰ্য্য কৰিব পৰা যায়।মা দূৰ্গা নৱৰাত্ৰিত ভক্তৰ ঘৰলৈ আহে।আৰু শাৰদীয় নৱৰাত্ৰিৰ প্ৰথম দিনা ঘৰৰ মুখ্য দুৱাৰৰ দুয়োফালে স্বাস্তিক বনাব লাগে আৰু দুৱাৰত আম আৰ অশোকৰ পাতৰ মালা লগাব লাগে।


নৱৰাত্ৰিত মাতাৰ মূৰ্তি খৰিৰ আসনত স্থাপন কৰিব লাগে।যত মূৰ্তি বা ফটো স্থাপন কৰিব-তাত প্ৰথমে স্বাস্তিকৰ চিহ্ন বনাব লাগে।ইয়াৰ পাছত ৰোলী আৰু চাউল দি-তাত মাতাৰ মূৰ্তিৰ স্থাপন কৰিব লাগে।ইয়াৰ পাছত বিধি-বিধানেৰে মাতাৰ পূজা কৰিব লাগে।


উত্তৰ আৰু উত্তৰ-পূৰ্ৱ দিশত অৰ্থাৎ ঈশাণ কোণক পূজাৰ বাবে সৰ্বোত্তম স্থান মনা হয়।আপুনিও যদি প্ৰতি বছৰে কলহ স্থাপনা কৰে-তেতিয়াহলে এই দিশতে কলহ ৰাখিব লাগে আৰু মাতাৰ আসন সঁজাব লাগে।


শাস্ত্ৰত কলহত নাৰিকল ৰখাৰ বিষয়ে কোৱা হৈছে। অধমুখ শুত্ৰ,বিবৰ্ধনায়ে,ওৰ্ধবস্য বস্ত্ৰ বহুৰোগ বৃধ্যে।প্ৰাচীমুখ বিত বিনাশনায়,তস্তমাত শুভ সমুখ্য নাৰীলেংশ।অৰ্থাৎ কলহত নাৰিকল ৰখাৰ সময়ত এই কথা ধ্যান দিব লাগে যে-নাৰিকলৰ মুখ যাতে তলৰ ফালে নহয়।পূজা স্থানত ৰঙা কাপোৰ পাৰিহে-মা দূৰ্গাৰ প্ৰতিমা স্থাপিত কৰিব লাগে। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



Advertisement

Pages