অভিমানৰ অভিমানী ( দ্বিতীয় খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Friday, September 9, 2022

demo-image

অভিমানৰ অভিমানী ( দ্বিতীয় খণ্ড ) : Assamese Storyboard

PhotoGrid_Site_1662636292445


এদিন দুদিন কৰি দিনবোৰ পাৰ হৈ গ'ল । আজি নিয়ৰ বৃষ্টিৰ ওচৰত যাব । ১ বছৰৰ পিছত প্ৰথম বাৰৰ বাবে সিহঁতে লগ পাব , দুইতাৰে মনত বহুত আনন্দ । শুই উঠিয়েই বৃষ্টিয়ে নিয়ৰক call কৰিলে ....;; Assamese Storyboard )


:: ঐ ওলাইছা নে আহিবলৈ ?


:: নাই অ' ... উঠাই নাই ,আজি নাযাও , পিছত কেতিয়াবা যাম হ'ব ?


:: হৈ নেকি ? তুমি ... তুমি নালাগে আহিব মোৰ ওচৰত , কিয় মিছা কথা কোৱা ? কিয় মোক মিছা আশা দিছিলা আৰু মোক কেতিয়াও নামাতিবা ! জানানে কিমান আশা কৰিছিলোঁ তুমি আহিবা বুলি.. কিন্তু .... ( তাই কান্দিছে )


:: তুমি যে অলপো ধেমালি বুজি নোপোৱা । কিয় মানে সৰু ছোৱালীৰ দৰে অলপ কথাতে কান্দি দিয়া ! মই গৈ আছোঁ অ' পাগলী আৰু ২ ঘণ্টাত পাই যাম...


:: সঁচা ...


:: কিয় মিছা ক'ম ; আহি আছোঁ ..


:: গাড়ী মাত শুনা নাই যে ..


:: ৰাখি থৈছে , যাব অলপ পিছত .. কোৱা মোৰ পাগলী জনীক কি লাগিব ? কি ভাল পোৱা ?


:: মোক একো নালাগে মাথোঁ তুমি ভালদৰে আহা । তুমি জানা ন তোমাৰ সৰু সৰু কথাতে মোৰ দুঃখ লাগে , নকবা না যি টি কথা ;


:: হ'ব দিয়া আৰু নকওঁ , ঘৰত ক'লা নে মই যোৱা কথা..? Assamese Storyboard )


:: মাই জানে ; কিন্তু .. দেউতাক মই ক'ব নোৱাৰোঁ ভয় লাগে , মই তোমাক বেলেগত লগ কৰিম ! তুমি আহি পোৱা আগত মোক ক'বা !


:: কিন্তু .. ঘৰত নগৈ বাহিৰত লগ কৰিলে জানো ভাল হ'ব ? কি ভাবিব মা , দেউতাই গ'ম পালে ?


:: মাক , মই কৈছোঁ বাৰু আহা তুমি মই কিবা এটা কৰিম , মাক ক'ম বাৰু দেউতাক ক'বলৈ ... প্ৰথম চাৰিআলি আহি লোৱা মই তাতে তোমাক লগ কৰিম বাকী কথা পিছত পাতিম মই এতিয়া ওলাই লওঁ !


:: ঠিক আছে তেন্তে ... মই পোৱাৰ আগত call কৰিম ...


:: উম্‌ .. হ'ব দিয়া এতিয়া ৰাখিছোঁ ... love you ❤️


:: Love You 2 ❤️❤️


****


          পুৱা ১১ মান বজাতে নিয়ৰ গৈ বৃষ্টীয়ে কোৱা চাৰিআলিটো পালেগৈ । বৃষ্টি ৰৈ আছিল তাৰ বাবে । 


          সি তাইৰ কাষৰলৈ গ'ল , অভিমানী জনীয়ে লাজ কৰিছে ; হাঁহি এটা মাৰি বেলেগ এফালে ঘূৰি দিলে ।


:: তোমাৰ লাজো আছে নেকি ? মই ভাবিছিলো অকল খং হে আছে , কান্দিব জানা , কাজিয়া কৰিব জানা , লাজ কৰিব জানা বুলি ভবাই নাছিলোঁ !


          ( নিয়ৰে ধেমালি সুৰতে ক'লে কথাষাৰ , অভিমানী বৃষ্টি জনী লাজতে এবাৰ ৰঙা , এবাৰ বগা পৰিল , নিয়ৰৰ ওচৰত নিজকে অপ্ৰস্তুত যেন অনুভৱ কৰিলে । তাই মুখেৰে একো নামাতিলে নিয়ৰে আকৌ তাইক ধেমালি সুৰতে ক'লে ) 


:: যদি এনেদৰে অভিমান কৰিব বাবেই আহিছিলা মই ঘূৰি যাওঁ ; নে কি কোৱা ?


:: কি লাজ কৰিলোঁ মই , প্ৰথম লগ পাইছো লাজ নালাগে নেকি অলপ , সেইবুলিয়েই এনেকৈ কয় নেকি ? 


:: সঁচাই তোমাৰ লগত ধেমালি কৰিবও নোৱাৰিম যি দেখিছোঁ !


:: হ'ব.. এতিয়া মানুহৰ আগত এনেদৰে ৰৈ থাকিবা নে ব'লা ২ km মান আগৰ পাৰ্ক এখন আছে তাতেই বহো অলপ ! 


:: উম্‌.. বলা তাতেই যাওঁ , 


          ( বৃষ্টিয়ে auto এখন মাতিছিল নিয়ৰে বাধা দিলে ..)


:: নালাগে auto ...


:: কিয় ? ইমান দূৰ কেনেকৈ যাবা ?


:: খোজ কাঢ়ি যাম , তোমাৰ লগত কথা পাতি পাতি ...


:: হ'ব নেকি ; ইমান দূৰ আহিছা নালাগে খোজ কাঢ়িব । 


:: নালাগে কৈছোঁ নে । মই ইমান দূৰ খোজ কাঢ়ি অহা নাই নহয় । ব'লা যাও ..


          দুইতাই খোজ কাঢ়ি আগবাহিল ! মেইন ৰোডৰ পৰা আঁতৰি service ৰোডেৰে আগ বাঢ়ি গ'ল ;


:: কি হ'ল আজি ইমান ঠাণ্ডা , ইমান সৰু ছোৱালীৰ দৰে হৈ আছা যে ? 


:: নাই ভাবিছোঁ তোমাক লগ পোৱা প্ৰথম দিনটো কথা ,


:: উম্‌..  ভাবিছিলা নে এনেকৈ যে এদিন লগ পাম বুলি ?


:: নাই .. ভবা নাছিলোঁ কিন্তু...


:: কিন্তু ... কি ?


:: কিন্তু .. কল্পনা কৰিছিলোঁ এদিন তুমি মই এনেদৰে থাকিব পৰা হ'লে .. আজি সঁচা হ'ল !


          ( হঠাৎ speed ত bike এখন সিহঁতৰ কাষেৰে পাৰ হৈ গ'ল । নিয়ৰে তাইক টানি আনি বুকুৰ মাজত সোমাৱাই ল'লে , বৃষ্টিৰ বহুত ভাল লাগিল কিন্তু এনেদৰে যে মানুহৰ আগত তাইক তেনেকৈ টানি আনিব ভবাই নাছিল , অনিচ্ছা সত্বেও তাই তাৰ বুকুৰ মাজৰ পৰা ওলাই আহিল )


:: Sorry ....


:: কিয় ?


:: কিয় কৈছোঁ বুজা নাই নেকি ?


:: উম্‌.. ইমান ভয় নে মই মৰিম বুলি ?


          নিয়ৰে হাতেৰে তাইৰ মোক খন বন্ধ কৰি দিলে ।


:: আৰু নক'বা , নোৱাৰোঁ শুনিব !


:: ঠিক আছে নকওঁ !


          খোজত খোজ মিলাই আগুৱাই গ'ল দুইয়ো , লাহে লাহে বৃষ্টি আঙুলি বোৰ নিয়ৰৰ আঙুলিত স্পৰ্শ কৰিব ধৰিলে আৰু এটা সময়ত বৃষ্টি আঙুলিবোৰ নিয়ৰৰ আঙুলি ফাকত সোমাই পৰিল , হাতত হাত ধৰি আগুৱাই গ'ল ....


       ******


            ( আগলৈ )


         🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( তৃতীয় খণ্ড )-

https://www.smj24.in/2022/09/assamese-storyboard_2.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages