এটা ডাঙৰ বানপানী আহিছিল। পানী শুকাওঁতে বহুত দিন লাগিছিল। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘৰলৈ উভতি অহাৰ দিনা আমাৰ ঘৰখন সম্পূৰ্ণকৈ পানীৰ তলৰ পৰা ওলাইছিল। ( Assamese Storyboard )
মহাকালৰূপী বানে গৰকি যোৱা বুকুৰ আপোন ঘৰখন কিবা অচিনাকি অচিনাকি লাগিছিল। আইতাৰ সন্ধিয়াৰ সাধুকথাৰ চোতালখন বোকাৰে লুতুৰি-পুতুৰি হৈ আছিল।
আমাৰ সৰু ঘৰটোৰ বাৰাণ্ডাখনৰ এটা কোণত পানীত উঁটি অহা এবোজা মেটেকা তেতিয়াও লাগি আছিল। ঘোলা বাঢ়নি পানীত চিকমিকাই উঠা আচহুৱা বৰণৰ বেলিটোৱে মোৰ বুকুত এক অচিনা ভয়ৰ সৃষ্টি কৰিছিল। হাতত কাৱৈ লাঙি জালখন লৈ খুড়াই মোক ক'লে- 'সোণ, বাৰাণ্ডাত লাগি থকা মেটেকাখিনি তয়েই আঁতৰাই থ'বি, মই জাল পাতিবলৈ যাওঁ।'
খুড়াৰ আজ্ঞা পালি মই মেটেকাবোৰ আঁতৰাবলৈ আৰম্ভ কৰিলোঁ। এইদৰে মেটেকাবোৰ আঁতৰাই থাকোঁতে হঠাতে মেটেকাৰ মাজৰ পৰা এটা সাপে ৰূদ্ৰ মূৰ্তি ধাৰণ কৰি মোৰ ফালে চোঁচা মাৰি আহিল। মই কি কৰিম, কি নকৰিম বুলি হাতত থকা কটাৰীখনকে তাৰ গালৈ মাৰি পঠালোঁ। কটাৰীখন তাৰ গাত লাগিল, সি একে ঠাইতে ৰৈ দিলে। ওচৰ চাপি দেখোঁ, সাপটোৰ নেজডাল চিগি গ'ল। তাৰ নেজডালৰ পৰা তেজ ওলাবলৈ ধৰিলে। বুকুখনে হাহাকাৰ কৰি উঠিল। মই প্ৰায়বোৰ সাপকেই চিনি পাওঁ, সেয়ে মই নিশ্চিত হ'লো, সেইটো এটা বিষাক্ত চকৰি ফেটী।
সি অৱশ, যন্ত্ৰণা কাতৰ। মই তাৰ কাষ চাপি গ'লো। যদিও মই জানিছিলোঁ, তাৰ দংশনত মোৰ মৃত্যু নিশ্চিত হ'ব, কিয়নো বানপানীৰ বাবে সকলো হাস্পতাল বন্ধ আছিল, এন্টভেনম সকলোতে উপলব্ধও নহয়। মই মানুহ, আত্মৰক্ষা কৰিব মই জানো, সেয়ে ভয়ক একাষৰীয়া কৰি মই তাৰ আৰু কাষ চাপি গৈছিলোঁ।
সি তাৰ অৱশ দেহাটো পেলাই মূৰটো লৰাই আছে। প্ৰথমতে মই তাৰ মূৰত পানী ঢালি দিলোঁ। মাৰি এডালেৰে সাপটো দাঙি মুকলি ঠাইলৈ আনিলোঁ। এটা সময়ত সাপটো মই হাতত উঠাই ল'লো। তাক যে মই পুনৰ আক্ৰমণ নকৰোঁ সিও চাগৈ নিশ্চিত হৈছিল। তাক কোঁচত লৈয়েই মই বাৰীৰ পৰা কেঁচা হালধি এডোখৰ বিচাৰি আনিলোঁ। পীৰা এখনতে খুন্দি, তাৰ ক্ষত স্থানত হালধি লগাই দিলো। মাৰ চাদৰৰ টুকুৰা এটা ফালি আলফুলকৈ বান্ধি দিলো। ( Assamese Storyboard )
প্ৰায় এঘন্টামানৰ পাছত সি যাব পৰা হ'ল। যোৱাৰ পৰত সি ডিঙিটো চেপেটা কৰি মোৰ ফালে চাই ফণা খন তুলি ধৰিছিল, যেন মোক কৃতজ্ঞতাৰ চুমাহে দিছিল!! মোৰ দুচকুত আনন্দৰ চকুলো, আজি যদি মোৰ বাবেই তাৰ যদি মৃত্যু হ'লহেঁতেন তেনে মই নিজক কেতিয়াও ক্ষমা কৰিব নোৱাৰিলোহেঁতেন। মই তাৰ ফালে চাই হাত জোকাৰিলোঁ- প্লিজ্ মোক বেয়া নাপাবা, ঘটনাৰ আকষ্মিকতাতহে মই তেনে আচৰণ কৰিলোঁ। ঘোলা পানীবোৰ ফালি সাপটো গ'লগৈ।
এবছৰ পাৰ হ'ল। লাহে লাহে মানসপটৰ পৰা সেই ঘটনাটোও নোহোৱা হৈ গ'ল। এদিন পুৱা, শুই উঠিছোহে মাত্ৰ, কুকুৰটোৱে পদূলিমুখত ৰাউচি জুৰিবলৈ ধৰিলে। মই বোলো পুৱাই কি ওলাল! পদূলিলৈ ওলাই গৈ যি দেখিলো, সেয়া মোৰ কল্পনাৰ অগোচৰ আছিল। মই নেজ কটা চকৰি ফেটী সাপটো ৰৈ আছে, লগত এবেগেত এবেগেত মান দীঘল তিনিটা পোৱালি।
মই নিশ্চিত আছিলো- মোক দংশন কৰিবলৈ সিহঁত ইয়ালৈ অহা নাই। মই সাপটোৰ কাষতে আঁঠু কাঢ়ি বহি দিলো। সি ফণা তুলি ধৰিলে, তাৰ সমান্তৰালকৈ পোৱালি কেইটাই সিহঁতৰ সৰু সৰু মূৰ কেইটা মোৰ ফালে দাঙি ধৰিলে।
মই জানিছিলোঁ, পোৱালি কেইটা লৈ, সি মোৰ কাষলৈকে প্ৰথম আহিছে- চা, মই তিনিটা পোৱালি পালোঁ। মোৰ দুচকু ভৰি উঠিছে। সি যেন মোক সেইদিনা তাক মাৰি নেপেলোৱাৰ বাবে কৃতজ্ঞতা জনাবলৈ তাৰ পোৱালি কেইটা দেখুৱাবলৈ আনিছে!!
পাঁচ মিনিটমান মোৰ সৈতে কটাই, সিহঁত গ'লগৈ। আগে আগে ডাঙৰ সাপটো, পাছে পাছে পোৱালি কেইটা, চকুৱে নমনালৈকে মই সিহঁতক চাই থাকিলোঁ।
Nishanta Bordoloi New ৰ সৈতে…
...অনুভৱ
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment