২০২২ বৰ্ষৰ শাওনৰ মাহ ১৪ জুলাই পৰা আৰম্ভ হয় ১১ আগষ্ট লৈ থাকিব। ( Religious Studies )
ভগৱান শিৱৰ প্ৰিয় মাহ-শাওনৰ মাহ-এই বছৰৰ ১৪ জুলাই-বৃহস্পতিবাৰৰ পৰা আৰম্ভ হব।আৰু ১১তাৰিখলৈকে থাকিব।হিন্দু পঞ্জিকা অনুসৰি পঞ্চমটো মাহ হয়।শ্ৰৱণ-নক্ষত্ৰ-নামৰদ্ধাৰা এই মাহৰ নাম শাওন হৈছে।কাৰণ এই মাহৰ শেষৰ দিন অৰ্থাৎ পূৰ্ণিমা তিথিত চন্দ্ৰমা শ্ৰৱণ-নক্ষত্ৰত থাকে।শ্ৰাৱনৰ অপঅংশই শাওন হয়।
শাওনৰ মাহত কেইবাটাও বিশেষ ব্ৰত-উৎসৱ পালন কৰা হয়।এয়া চাতুমাৰ্চৰ প্ৰথম মাহো হয়।এই সম্পূৰ্ণ মাহটোত শিৱ ভক্তৰ সমাগম হয়।কিছুলোকে সম্পূৰ্ণ শাওনৰ মাহটো কঠোৰ নিয়মৰ পালন কৰে।যেনে-এবেলা ভোজন কৰে,চেণ্ডেল নিপিন্ধে,আৰু প্ৰতিদিনে মন্ত্ৰ আদি জাপ কৰে।শাওনৰ মাহত কিছু নিয়মৰ পালন সকলোৱে কৰিব লাগে।ইয়াৰদ্বাৰা মহাদেৱ প্ৰসন্ন হয় আৰু শুভ ফল প্ৰদান কৰে।
*সেই নিয়মসমূহ হৈছে-
১)এইসমূহ বস্তু ভগৱান শিৱক অৰ্পণ কৰিব নালাগে-
*শাওনৰ মাহত প্ৰতিজনে মহাদেৱৰ পূজা কৰি পূণ্য লাভ কৰিব বিচাৰে।কিন্তু মহাদেৱৰ পূজা কৰাৰ সময়ত কিছু কথা মন দিব লাগে।নহলে বিপৰীত ফলৰ প্ৰাপ্তি হব পাৰে। ( Religious Studies )
*মহাদেৱক হালধী অৰ্পণ কৰিব নালাগে আৰু কেতেকীৰ ফুল।এই দুটা বস্তু শিৱ পূজাত অমান্য হয়।
*ভগৱান শিৱক ভুলটো শংখৰ দ্বাৰা জল অৰ্পণ কৰিব নালাগে।এই নিয়মৰ লগত সম্বন্ধিত বহু মান্যতা আছে।
২)কৰিব নালাগে বেয়া কাম-
*সাধাৰণতে কোনোৱে এনে কাম কৰিব নালাগে-যি ভুল কাম হয়।কিন্তু শাওন মাহত এই কথা বিশেষ ৰূপে ধ্যান দিব লাগে।শাওনৰ মাহত-মাছ,মাংস,মদ আদি গ্ৰহণ কৰিব নালাগে।আচাৰ-বিচাৰ সম্পূৰ্ণৰূপে সাত্বিক হব লাগে।যাতে কোনো বেয়া কথা মনলৈ নাহে।কাৰোবাৰ প্ৰতি বেয়া ভাৱনা মনলৈ আনিব নালাগে।
৩/গাখীৰ আৰু গাখীৰৰ দ্বাৰা তৈয়াৰী সামগ্ৰী গ্ৰহণ কৰিব নালাগে-
*শাওনৰ মাহত গাখীৰ বা গাখীৰৰ দ্বাৰা তৈয়াৰী বস্তু খাব নালাগে।কাৰণ-এই মাহত সেউজীয়া শাক-পাচলিত বিষ উৎপন্ন হয়ৌ।আৰু এই শাক-পাচলি যেতিয়া গৰু-ম'হ আদিয়ে খায়-তেতিয়া তাৰ প্ৰভাৱ গাখীৰটো পৰে।এনেধৰণৰ গাখীৰ-আৰু গাখীৰৰ দাৰা তৈয়াৰী বস্তু শৰীৰৰ বাবে হানিকাৰক হয়।সেইবাবে শাওনৰ মাহত মহাদেৱক গাখীৰৰে অভিষেক কৰাৰ পৰম্পৰা আৰম্ভ হল।
৪/এই সমূহ কথাটো মন দিব-
*শাওনৰ মাহত পুৱা দেৰিলৈকে শুই নাথাকিব।সোনকালে উঠিবলৈ প্ৰয়াস কৰিব লাগে।যাতে শৰীৰ সুস্থ সবল থাকে আৰু মনটো প্ৰসন্ন হয় থাকে।এনে কৰিলে ভগৱানৰ ভক্তিটো মন লাগি থাকে।শাওনৰ মূলা আৰু বেঙেনা খাব নালাগে।ইয়াৰদ্বাৰা শৰীৰত বিপৰীত প্ৰভাৱ পৰে।লগতে অধিক তেলত বনোৱা খাদ্যৰ পৰাও আঁতৰত থাকিব লাগে।
( Religious Studies )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment