সপ্তঋষি সকল কিয় বেলেগ বেলেগ : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Tuesday, May 10, 2022

demo-image

সপ্তঋষি সকল কিয় বেলেগ বেলেগ : Religious Studies

PhotoGrid_1652167899149


প্ৰাচীন ভাৰতীয় শাস্ত্ৰ অনুসৰি সন্ধিয়াৰ আকাশৰ সাতোটা উজ্জ্বল নক্ষত্ৰক সপ্তঋষি মণ্ডল বুলি কোৱা হয়। এই সাতটা উজ্জ্বল নক্ষত্ৰ সাত জন ঋষি।( Religious Studies ) 


প্ৰাচীন সংহিতা সমূহৰ এই ঋষি সকলৰ নাম লিখা নাই যদিও পাচৰ ব্ৰাহ্মণ আৰু উপনিষদ সমূহত এই সাত ঋষিৰ নাম উল্লেখ কৰিছে ।

জৈমিনীৰ ব্ৰাহ্মণত প্ৰথম এই ঋষি সকলৰ নাম উল্লেখ কৰিছে -- আগস্ত্য, অত্ৰি,ভৰদ্বাজ, গৌতম,  জমদগ্নি,বশিষ্ঠ আৰু বিশ্বামিত্ৰ ।

শতপথ ব্ৰাহ্মণ আৰু বৃহদাৰণ্যক উপনিষদৰ মতে সপ্তঋষি সকল -- অত্ৰি,  ভৰদ্বাজ,  গৌতম, কাশ্যপ,  বশিষ্ঠ , জমদগ্নি আৰু বিশ্বামিত্ৰ ।

কৃষ্ণ যজুৰ্বেদৰ সন্ধ্যা বন্দনা মন্ত্ৰত আছে  -- অঙ্গিৰস, অত্ৰি, ভৃগু , গৌতম ,কাশ্যপ , কুৎস আৰু বশিষ্ঠ ।

বৃহদ্ সংহিতাত সপ্তঋষি সকলৰ নাম--- মাৰিছি, বশিষ্ঠ, অঙ্গিৰস, অত্ৰি, পুলস্ত্য, পুলাহা আৰু ক্ৰাতো।

वशिष्ठकाश्यपो यात्रिर्जमदग्निस्सगौत। विश्वामित्रभारद्वजौ सप्त सप्तर्षयोभवन्।। ---বিষ্ণু পুৰাণ

বিষ্ণু পুৰাণত থকা সপ্তঋষি সকল-- বশিষ্ঠ, কাশ্যপ, অত্ৰি, জমদগ্নি,গৌতম, বিশ্বামিত্ৰ আৰু ভৰদ্বাজ ।

সপ্তঋষি সকল কিয় বেলেগ বেলেগ ?

প্ৰকৃততে সাত জন সাত জন ঋষি এটা এটা মন্বন্তৰৰ বাবে থাকে । সেই সময় খিনিত এই সপ্তঋষি  সকলে মহাদেৱক বিশ্ব ব্ৰহ্মাণ্ডৰ কাম বিলাকৰ ভাৰসাম্য ৰখাত সহায় কৰে। এই সপ্তঋষি সকল ভগৱান ব্ৰহ্মাৰ মানস পুত্ৰ আৰু ব্ৰাহ্মাক প্ৰতিনিধিত্ব কৰে । এই সপ্তঋষি সকলে চাৰিওটা যুগতে মানৱজাতিৰ কল্যানৰ বাবে মানৱক মাৰ্গদৰ্শন কৰি আহিছে।( Religious Studies ) 


মন্বন্তৰ কি ? 

প্ৰাচীন বৈদিক শাস্ত্ৰ অনুসাৰে চাৰি  যুগ - সত্য যুগ,ত্ৰেতা যুগ,দ্বাপৰ আৰু কলি যুগ এই চাৰি যুগ মিলাই এক মহাযুগ হয় । ৭১ মহাযুগৰ পাচত এক মন্বন্তৰ হয়।
এটা মহাযুগ মানে ৪৩ লাখ ২০ হাজাৰ বছৰ  বুলি কোৱা হয় । ১৪  মন্বন্তৰ লৈ এক কল্প হয় । এক মন্বন্তৰ এজন মনুৰ অধিনত থাকে । সেই মনুৰ নামতে মন্বন্তৰ নাম । বৰ্তমানৰ মনুৰ নাম শ্ৰাদ্ধদেৱ মনু । শ্ৰাদ্ধদেৱ মনুক বৈৱস্বত মনু বা সত্যব্ৰত মনু বুলিও কোৱা হয় ।

প্ৰতিটো মন্বন্তৰ সময় চোৱাত সাত জন ঋষিক সপ্তঋষি হিচাপে ৰাখে। প্ৰথম মন্বন্তৰত সপ্তঋষি আছিল-- মাৰিছি,অত্ৰি, অঙ্গিৰস,পুলাহা, ক্ৰাতো, পুলাষ্ট্য আৰু বশিষ্ঠ।
বৰ্তমান সপ্তম মন্বন্তৰ চলি আছে । এই সময়ত সপ্তঋষি-- কাশ্যপ, অত্ৰি, বশিষ্ঠ, বিশ্বামিত্ৰ, গৌতম, জমদগ্নি আৰু ভৰদ্বাজ ।

জুলা শৰ্মা 
নতুন দিল্লী

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


PhotoGrid_1618155598663

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages