এইসমূহ কথা মনত ৰাখক : Assamese Fact - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Wednesday, April 20, 2022

demo-image

এইসমূহ কথা মনত ৰাখক : Assamese Fact

PhotoGrid_1650430359532

প্ৰিয় পাঠকসকল, ফেংচুই শব্দৰ অৰ্থ হ'ল বায়ু আৰু পানী।আহক আজি আমি জানো এই ফেংচুইৰ বিষয়ে কিছুমান উপায় বা পদ্ধতি ।(Assamese Fact)


ফেংচুইৰ কিছুমান উপায় বা পদ্ধতি- ফেংচুই চীনৰ বাস্তু -শাস্ত্ৰ। ইয়াত ভৱন নিৰ্মাণ তথা ভৱনত ৰখা পৱিত্ৰ বস্তু সমূহৰ বিষয়ে বিস্তাৰিত ৰূপত পোৱা যায়।


ফেং আৰু চুই শব্দৰ অৰ্থ হ'ল বায়ু আৰু জল। এই শাস্ত্ৰ পঞ্চতত্বৰ ওপৰতে আধাৰিত। বাস্তু শাস্ত্ৰৰ দৰে ফেংচুইতো ঘৰ আৰু ইয়াৰ আশে-পাশে থকা বস্তুসমূহৰ বিষয়ে কোৱা হয়। 


ইয়াত সেইসমূহ বস্তুৰ বিষয়ে কোৱা হয় যিবোৰ ঘৰত ৰাখিলে " গুড্ লাক্" ( ভাল দিন) আহি যায়। ফেংচুইৰ অনুসৰি কোনো ঘৰত " চী" অৰ্থাৎ প্ৰাণ শক্তিৰ প্ৰৱেশ তেতিয়াহে হ'ব যেতিয়া তাৰ মূখ্য দোৱাৰ সঠিক ৰূপত থাকিব।


ফেংচুইৰ দ্বাৰা কোৱা বিভিন্ন উপায়সমূহৰ পৰা আমি সৌভাগ্যৰ প্ৰাপ্তি কৰিব পাৰোঁ। ফেংচুইৰ মতে বায়ুত যেতিয়া বিম্ব চাইস্ম(সজোৱা বস্তু) বাজে তেতিয়া ঘৰখন সুখ -সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ পৰে আৰু অনেক প্ৰকাৰৰ বাস্তু দুখ আঁতৰ হয়।


ফেংচুইত বিম্ব চাইস্ম,ক্ৰিস্টল, ড্ৰেগণ,লাফিং বৌদ্ধ, প্লাষ্টিকৰ ফুল, কাছ, জাহাজ , মুদ্ৰা আদিৰ বহুত মহত্ব আছে। ইয়াক নিজৰ ঘৰ বা অফিচৰ কোনো নিৰ্ধাৰিত ঠাইত ৰাখিলে সৌভাগ্যৰ প্ৰাপ্তি হোৱাৰ লগতে সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব পাৰি। আহঁক আজি এই ফেংচুইৰ কিছুমান উপায়ৰ বিষয়ে জানি লওঁ।(Assamese Fact)


১.লাফিং বৌদ্ধ-  লাফিং বৌদ্ধক ফেংচুইত বহুত শুভ বুলি গণ্য কৰা হয়। তেওঁৰ মূৰ্ত্তি ডয়িংৰূমৰ ঠিক সন্মুখত ৰাখক ,যাতে ঘৰত সোমায়েই প্ৰথম দৃষ্টি তাত পৰে।ই ঘৰলৈ সৌভাগ্য আনে।


২. ডাইনিং টেবুল-  ফেংচুইৰ কিছুমান উপায় ডাইনিং টেবুলতো কৰিব লাগে। গোলাকাৰ ডাইনিং টেবুল ফেংচুইত শুভ বুলি মনা হয়। গতিকে ঘৰলৈ এনে ধৰণৰ টেবুল আনিব লাগে কিন্তু চকীৰ সংখ্যা সমান হ'ব লাগে।


৩. ফেংচুইৰ মুদ্ৰা- ঘৰৰ দৰ্জাৰ হেন্দেলত ফেংচুই মুদ্ৰা ওলমাই ৰাখিলে ঘৰলৈ ধন সম্পত্তি আৰু সৌভাগ্য আহে। তিনিটা পুৰণি ফেংচুই মুদ্ৰা ৰঙা ৰঙৰ সূতা বা ৰীৱণত বান্ধি ওলমাই থলে ঘৰৰ সকলো লোকেৰে লাভ হয়।মনত ৰাখিব যে এই মুদ্ৰা ঘৰৰ ভিতৰৰ ফালে উলমাব লাগে,বাহিৰৰ ফালে নহয়।


৪. মাছৰ একুৰিয়াম- ফেংচুইত মাছ সফলতাৰ প্ৰতীক। ফেংচুইৰ অনুসৰি ঘৰত মাছৰ একুৰিয়াম ৰাখিলে সুখ সমৃদ্ধি আহে। ঘৰত এটা সৰু একুৰিয়ামত সোণালী ৰঙৰ মাছ ৰাখিলে সৌভাগ্যৰ অৰ্জন হয় ।


৫. বেম্বৌ ট্ৰী ( বাঁহ গছ)- যদি ঘৰত নিগেটিভ শক্তিৰে ভৰি আছে তেতিয়া তেনে পৰিস্থিতিত ঘৰত বেম্বৌ ট্ৰীৰ উপযোগীতা গুৰুত্বপূৰ্ণ। বেম্বৌ ট্ৰীয়ে ঘৰত সকৰাত্মক শক্তিৰ বৃদ্ধি কৰে। ইয়াক আপুনি নিজৰ অফিচ বা ঘৰত থলে লাভৱান হ'ব পাৰিব।


৬. নিমখ বা ফিটকিৰি-  বাথৰূমত এটা পাত্ৰত নিমখ বা ফিটকিৰি ৰাখক। প্ৰত্যেক মাহে সেই পাত্ৰৰ নিমখখিনি সলনি কৰক। কোৱা হয় যে এই নিমখে বায়ুত থকা নকৰাত্মক শক্তিক দূৰ কৰি নিজৰ ভিতৰত সমাহিত কৰি লয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

(Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages