সনাতন পৰম্পৰাত কল গছৰ মাহাত্ম : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Friday, March 11, 2022

demo-image

সনাতন পৰম্পৰাত কল গছৰ মাহাত্ম : Religious Studies

.com/img/a/


প্ৰাচীন শাস্ত্ৰ সমূহত বহুত গছ বন , ফুল, পাত আৰু ফল , গুটি আদিৰ বিষয়ে আছে যিবিলাক মহত্ব সনাতন ধৰ্মীয় কামত বহুত বেছি। আমি সৰ্ব সাধাৰণতে দেখি থকা বা দৈনিক ব্যৱহাৰ হৈ থকা বস্তু কিছুমানৰ যে ইমান মূল্য আছে ভাবিবই নোৱাৰি ।( Religious Studies )


আমাৰ ধৰ্মীয় কাম বিলাকত কল অপৰিহাৰ্য বস্তু।

কল নোহোৱাকৈ প্ৰসাদ এভাগ সজালে কিবা যেন আধৰুৱা হ'ল এনে লাগে। কেৱল কল টোৱেই নহয় কল গছৰ পটুৱা, খোল আকৌ পাত বিলাকো আমাৰ ধৰ্মীয় কামত অপৰিহাৰ্য বস্তু।  কিন্তু কল গছৰ সনাতন কাজ কৰ্ম ত   ইমান আদৰ কিয় ---


কল গছক গছ বুলি কোৱা হয় কিন্তু ই দেখাত আন গছৰ নিছিনা নহয়। কল গছক ভগৱানে এনেদৰে সৃষ্টি কৰিছে যে তাৰ প্ৰতিটো অংশই কামত আহে। 


সনাতন শাস্ত্ৰ অনুসৰি  কল গছ অতি পবিত্ৰ গছ। কল গছ পূজা কৰিলে ভগৱান বিষ্ণুৰ কৃপা পাব পাৰি।  কাহিনী অনুসৰি---


প্ৰাচীন কালত  দূৰ্বাশা মুনি বৰ খঙাল মুনি আছিল।  তেওঁ খং উঠিলেই শাপ দি দিয়ে। ভগৱান ব্ৰহ্মাৰ বৰ অনুসৰি তেওঁৰ মূখেৰে কোৱা সকলো কথাই ফলিয়াব।  


এবাৰ মুনি দুৰ্বাসা গভীৰ নিদ্ৰাত থাকোতে তেওঁৰ পত্নী নন্দিনীয়ে বিশেষ কামত আহি জগালেহি।  মহৰ্ষি দুৰ্বাসাই পত্নীক নেদেখাকৈয়ে --কোনে মোক জগাইছহি তই ভস্ম হৈ যায় বুলি শাপ  দি ঘূৰি চাই দেখিলে নিজৰ পত্নী ভস্ম হৈ গৈছে। মুনি দুৰ্বাসাৰ বহুত অনুতাপ হৈ দুখত কি কৰিব ভাবি নাপালে।  সেই সময়তে নন্দিনীৰ পিতাই জীয়েকক মাতি সোমাই আহিলত মুনি দুৰ্বাসাই সকলো কথা ক'লে আৰু  শহুৰেকক তেওঁক শাপ দিবলৈ ক'লে। শহুৰেকে দুৰ্বাসাক ক'লে যে --তেওঁ দুৰ্বাসাক শাপ নিদিয়ে কিয়নো  দুৰ্বাসা সকলো দেৱতাৰে প্ৰিয় । তাৰ পিছত শহুৰেকে দুৰ্বাসাক ক'লে তেওঁ নন্দিনীক দিয়া শাপ টো বৰ দানলৈ সলাই দিয়ক । 


তেতিয়া দুৰ্বাসাই ভস্ম হৈ যোৱা পত্নীৰ ওচৰলৈ গৈ বৰ দিলে যে নন্দিনী কল গছ হিচাপে পৃথিবীত সদায় থাকিব। কোনো ধৰ্মীয় কাম কল গছ নোহোৱাকৈ আধৰুৱা হব। 


 সনাতন সংস্কৃতিত কল পুলিক পবিত্ৰ আৰু শুভ বুলি ধৰা হয়। বাবে বিবাহ আদিত কল পুলি লগাই আদৰা হয়। কলগছৰ পাত বিলাক বহুত পবিত্ৰ  বুলি আৰু ভগৱান গণেশৰ প্ৰিয় বুলি সনাতন পৰম্পৰা ত মান্যতা আছে। 


ভাৰতৰ বিভিন্ন ঠাইত পৰম্পৰা মতে কল গছৰ পটুৱাৰে টোৰণ সজাৰ নিয়ম আছে।  

কল পাতত আৰু খোলত নৈবেদ্য সজোৱা হয়।  


 নন্দিনী লৈ ভগৱান বিষ্ণুৰ আশীৰ্বাদ থকা বাবে কল গছত ভগৱান বিষ্ণু নিবাস কৰে ।  কল গছ  পূজা কৰিলে বিষ্ণুক পূজা কৰা হয়। কল গছ আৰু কল ভগৱান বিষ্ণুৰ বৰ প্ৰিয়। সেয়ে নাৰায়ণ পূজাত কলেৰে ঘোল বনাই প্ৰসাদ   দিয়া হয়। ( Religious Studies )

বৃহস্পতি বাৰ ভগৱান বিষ্ণু আৰু গুৰু বৃহস্পতিৰ দিন। 


কল গছৰ পূজা কৰিলে কি ফল পোৱা যায়---


কল গছ সকলো ঠাইতে সকলো সময়তে পোৱা যায় সেয়ে ইয়াক সমৃদ্ধিৰ প্ৰতিক বুলি ধৰা হয়। কল গছৰ পূজা কৰিলে সমৃদ্ধি বাঢ়ে। 


জ্যোতিষ শাস্ত্ৰ অনুসৰি বৃহস্পতি বাৰৰ দিনা  কল গছ পূজা কৰিলে  গুৰুৰ শুভ দৃষ্টি পাব পাৰি। 


বিবাহিত স্ত্ৰীয়ে বৃহস্পতি বাৰৰ দিনা কল গছক পূজা কৰিলে সাংসাৰিক জীৱন সুখৰ হয় ।


স্ত্ৰীৰ বিবাহত বাধা থাকিলে আৰু বিবাহিত স্ত্ৰীৰ সন্তান জন্মত বাধা থাকিলে বৃহস্পতি বাৰে কল গছক পূজা দি কল গছক প্ৰদক্ষিণ কৰিলে বিবাহ বাধা আৰু  সন্তান বাধা দূৰ হয়।


জ্যোতিষ অনুসৰি জন্ম কুণ্ডলীত যদি মঙ্গলৰ দোষ থাকে তেন্তে বিবাহ হোৱাৰ আগতে কল গছৰ লগত বিয়া পাতি দিব লাগে। 


কোনো লোকে যদি পখৰাজ পিন্ধি ব লাগে,  যদি পইচাৰ অসুবিধাৰ বাবে পিন্ধিব পৰা নাই তেন্তে কল গছৰ শিপা কাটি পিন্ধিলেও একে ফল পাব ।


 কলৰ পাত গণেশ ভগৱানৰ বৰ প্ৰিয়।  সেয়ে গণেশ পূজাত গণেশ ভগৱানৰ আশীৰ্বাদ পাবৰ বাবে  কলৰ পাত অৰ্পণ কৰা হয়।  


পুহ মাহৰ শুক্লা একাদশীত ব্ৰতত থাকি ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক কল অৰ্পণ কৰিলে সুখ সমৃদ্ধি বাঢ়ে।  


কাতি মাহৰ শুক্লা ষষ্ঠীত সূৰ্য্য দেৱতাৰ নামত কল আগ কৰিলে সূৰ্য্য দেৱতা প্ৰসন্ন হয় আৰু সুদৃষ্টি পৰে। 


পৰিয়ালৰ সুখ শান্তিৰ বাবে কল গছৰ পূজা কৰিব লাগে বুলি প্ৰাচীন শাস্ত্ৰত আছে ।


জুলা শৰ্মা 

নতুন দিল্লী

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


PhotoGrid_1618155598663

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages