আমাৰ সমাজত, আমাৰ পৰম্পৰা আৰু সংস্কৃতিত আমি বহুত নতুন কথা , নতুন প্ৰথা আৰু নতুন নিয়ম কৰণ সময়ে সময়ে সন্নিৱিষ্ট কৰি আহিছো আৰু বহুত আমাৰ ৰীতি নীতি সময়ৰ গতিত এৰি গৈছো আৰু পাহৰি গৈছো । বৰ্তমান বিশ্বায়নৰ দিনত আনৰ সংস্কৃতি পৰম্পৰা আমাৰ সংস্কৃতিৰ লগত মিলি যোৱাটো কোনো ডাঙৰ কথা নহয় । কিন্তু এনে কিছুমান সংস্কৃতি আৰু পৰম্পৰা আমাৰ সংস্কৃতিৰ মাজত সুমুৱাই লৈছো যিবিলাক বহুত সময়ত আমি পাহৰি যাওঁ আমাৰ ভাৰতীয় সংস্কৃতি নহয় । ( Religious Studies )
যিদৰে জন্মদিনত কেক্ কটাৰ সংস্কৃতি আমাৰ সংস্কৃতিৰ ভিতৰত আহি পৰিল। আজিৰ পৰা ডেৰশ বছৰৰ আগতে এই সংস্কৃতি আমাৰ সংস্কৃতিৰ লগত অহা নাছিল। এই সংস্কৃতি ভাৰতলৈ বৃটিছ সকলে আৰু খৃষ্টীয় ধৰ্মৰ লোক সকলে আনিলে ।
আমাৰ সংস্কৃতিৰ মাজত সোমাই পৰা কেক্ কটা সংস্কৃতিৰ ইতিহাস যদি বিচাৰ কৰি চোৱা যায় তেন্তে দুটা কথা বিচাৰ কৰিব লাগিব--- কেক্ কটাৰ গুৰুত্ব আৰু কেক্ কি অৰ্থত ব্যৱহাৰ হৈছিল।
ইতিহাস অনুসৰি কেক্ আদিতে জন্মদিনত নহয় বিবাহৰ দিনাহে কটা হৈছিল। মধ্য যুগৰ খৃষ্টীয়ান সমাজত কেক্ যুৱতী বা মহিলাৰ প্ৰতীক বুলি ধৰা হৈছিল আৰু বিবাহৰ দিনা কইনাই কেক্ কটাৰ নিয়ম কৰিছিল । তেওঁলোকৰ সমাজত কইনাই কেক কাটিছিল কুমাৰীত্ব হেৰুৱাৰ প্ৰতীক হিচাপে।সেই বিবাহৰ কেক্ কটা নিয়ম পিছৰ কালত জন্মদিনত কটাৰো নিয়ম হলগৈ ।
আমাৰ সন্তানৰে হওক বা যাৰেই জন্ম দিন হওক কেক্ টো কাটোতে ফু মাৰি মম ডাল নুমুৱাই দিব লাগে । এই সংস্কৃতিটো ভাৰতীয় সমাজত এনেদৰে সোমাই পৰিলে যেন এই কাম নকৰিলে আমাৰ জন্ম দিন পাতিব নজনা নিচিনা হয় ।
কিন্তু প্ৰকৃততে ভাল কাম এটা কৰিলে মম ডাল নুমুৱাই পেলাব লাগেনে ? ভাল কাম এটাৰ আৰম্ভণি আমি সদায় চাকি এগছ জ্বলাই কৰো কাৰণ ---
১) কোনো ভাল কাম কৰাৰ আগতে অগ্নি দেৱতাক সেৱা জনোৱা হয় অৰ্থাৎ অগ্নি দেৱতাৰ মাধ্যমেৰে আমাৰ ইষ্ট দেৱতাক সেৱা জনোৱা হয়।
২) আমাৰ মাজত থকা অন্ধকাৰ বা অজ্ঞতা দূৰ হয়
৩) ছাকিৰ পোহৰে যাতে আমাৰ জীৱনটো উদ্ভাসিত কৰি তোলে ।
৪) জুইৰ শিখাই আমাৰ কেউদিশে থকা বেয়া বিলাক ( negativity) শেষ কৰি দিয়ে ।
ॐ अग्निमीळे पुरोहितं यज्ञस्य देवं ऋत्वीजम्। होतारं रत्नधातमम् (ঋগ্বেদ ১.১.১)
বিশ্বৰ প্ৰাচীনতম সাহিত্য ঋগ্বেদৰ প্ৰথম মণ্ডলৰ প্ৰথম সূক্তৰ এই প্ৰথম শ্লোক টো অগ্নি দেৱতাক উদ্দেশ্য কৰি লিখিছে । এই শ্লোকৰ অৰ্থ বহল ভাবে----
হে অগ্নি দেৱতা এই যজ্ঞৰ দ্বাৰা মই আপোনাক স্তুতি কৰিছো । সৃষ্টিৰ আগতেও আপুনি আছে আৰু আপোনাৰ অগ্নি স্বৰূপৰ পৰাই সৃষ্টি আৰম্ভ হৈছে । হে জ্ঞান স্বৰূপ অগ্নি আপুনিয়েই সকলো দ্ৰব্যৰ দাতা , আপুনিয়েই উজ্জ্বল ৰত্নধাৰণ কৰোতা আৰু কৰাওতা, আপুনিয়েই যজ্ঞৰ পৰমাত্মা ।।( Religious Studies )
ঋগ্বেদক দহ মণ্ডলত ভাগ কৰা আৰু এই দহোটা মণ্ডলৰে আৰম্ভণি শ্লোক বিলাক অগ্নি দেৱতাক উদ্দেশ্য কৰি লিখিছে । গোটেই ঋগ্বেদ খনত সৰ্বমুঠ দুশটা শ্লোক অগ্নি দেৱতাৰ নামত আছে ।
ঋগ্বেদত অগ্নি দেৱতাক পৰমাত্মাৰ প্ৰতিৰূপ বুলি কৈছে । অগ্নিয়েই সৃষ্টিৰ আদি ।
আমি যি দেৱতাকে পূজা দিও , যি দেৱী দেৱতাকে সেৱা জনাও, প্ৰাৰ্থনা কৰো অগ্নি দেৱতাৰ মাধ্যমেহে সেই দেৱী-দেৱতালৈ যাব। আমি চাকি জ্বলাই আমাৰ নিজৰ ইষ্ট দেৱতাক সেৱা জনাও বা যজ্ঞত আহুতি দি যি দেৱতাকেই পূজো, অগ্নি দেৱতাইহে আমাক সেই দেৱতাৰ ওচৰ চপাব ।
অগ্নি দেৱতা তিনিটা স্তৰত অৰ্থাৎ পৃথিবীত জুই হৈ, বায়ুমণ্ডলত বিজুলী হৈ আৰু সৰগত সূৰ্য্য হৈ থাকে বুলি প্ৰাচীন শাস্ত্ৰত উল্লেখ আছে । শাস্ত্ৰত আছে এই তিনিটা স্তৰত থাকে বাবেই অনায়াসে আমাৰ বাতৰি নি দেৱতাক জনাব পাৰে ।
অগ্নি দেৱতা আমাৰ একেবাৰে ওচৰত পাই থকা আৰু দৈনিক পাই থকা দেৱতা। অগ্নি দেৱতাই মানৱজাতিৰ কল্যানৰ বাবে কাম কৰে । এই দেৱতাই আমাক আৰু আমাৰ ঘৰ খনক সুৰক্ষা দিয়ে । আমি ভাত মুঠি খাবলৈ হলেও অগ্নি দেৱতা আকৌ সংসাৰ পাতিবলৈ হলেও অগ্নি দেৱতাক লাগে । হোম পুৰি বিয়া হও বা চাকি জ্বলাই বিয়া হও অগ্নি দেৱতা আমাৰ সাক্ষী হৈ থাকে।
ॐ असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ।
ॐ शान्तिः शान्तिः शान्तिः ॥
(বৃহদাৰণ্যক উপনিষদ ১.৩.২৮)
অৰ্থাৎ---
মোক অসত্যৰ পৰা সত্যলৈ লৈ যোৱা ।
মোক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যোৱা।
মোক মৃত্যুৰ পৰা অমৰতালৈ লৈ যোৱা।
ওম শান্তি শান্তি শান্তি।।
জুলা শৰ্মা
নতুন দিল্লী
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment