কিডনী ৰোগৰ কাৰণ আৰু লক্ষণ সমূহ এনেধৰনৰ : Assamese Health Tips - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Wednesday, March 30, 2022

demo-image

কিডনী ৰোগৰ কাৰণ আৰু লক্ষণ সমূহ এনেধৰনৰ : Assamese Health Tips

PhotoGrid_1648617580753

১০মাৰ্চত সমগ্র বিশ্ব জুৰি বৃক্ক দিৱস পালন কৰা হয়।বৃক্কৰ ক্ষতি কৰা কাৰকসমূহ, বৃক্কৰ সৈতে সম্পর্কিত ৰোগ আৰু বৃক্কক কেনেদৰে স্বাস্থ্যৱান কৰি ৰাখিব লাগে, এই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিশ্ব বৃক্ক দিৱস উদযাপন কৰা হয়।( Assamese Health Tips )


 কিডনী বা বৃক্কৰ আকৃতি বীনৰ বীজৰ দৰে। ই হৈছে শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। সেয়হে বৃক্কৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। কেতিয়াবা বৃক্ক বিকল হৈ পৰে। বহুলোকে একেবাৰে শেষতহে বৃক্ক সমস্যাৰ বিষয়ে জানিব পাৰে। তেতিয়া লৈকে তেওঁলোকৰ বৃক্কৰ বহুখিনি ক্ষতিগ্রস্ত হয়। বৃক্ক বিকল হোৱাৰ পূৰ্ৱে প্ৰাৰম্ভিক পৰ্যায়ত কিছুমান লক্ষণে দেখা দিয়ে, কিন্তু মানুহে সেই লক্ষণ বুজি নাপায়, গুৰুত্ব নিদিয়ে। বৃক্কৰ ৰোগ আৰম্ভ হলে এই লক্ষণসমূহে দেখা দিয়ে। এনে নহয় যে আপোনাৰ এই লক্ষণ দেখা দিলে বুলিয়েই বৃক্কৰ ৰোগ হব কিন্তু এই লক্ষণ সঘনে দেখা দিলে চিকিৎসকৰ কাষ চপাটো অতি প্ৰয়োজনীয়। 


আহকচোন, জানি লও লক্ষণ সমূহ কি কি! 


১/ওকালি আহি থকা। 

২/বমি বমি ভাৱি লাগি থকা। 

৩/কম ভোক অনুভৱ কৰা। 

৪/ভাগৰ-দুৰ্বলতা। 

৫) টোপনি অভাৱ।  

৬/খুব কম বা খুব বেছি পৰিমাণে প্ৰস্ৰাৱ কৰা। 

৭/মনোযোগ দিবলৈ অক্ষম। 

৮) ভৰি আৰু গোৰোহাৰ ফুলা। 

৯) মাংসপেশীৰ বিষ। 

১০) উচ্চ ৰক্তচাপ। 

১১) শুকান ছাল। 

১২/চুটি উশাহ। 

১৩/বুকুৰ বিষ। 

( Assamese Health Tips )

কিডনী ৰোগৰ বহুতো কাৰণ থাকিব পাৰে। যেনে-


১/টাইপ ১বা টাইপ ২ডায়বেটিচ। 

২/উচ্চ ৰক্তচাপ। 

৩/পলিচিষ্টিক বৃক্কৰ ৰোগ। 

৪/আনুবংশিক বৃক্কৰ ৰোগ। 

৫/বৰ্ধিত প্ৰষ্টেট। 

৬) কিডনিতে পাথৰৰ সমস্যা। 

৭/কিডনী ফিল্টাৰ কৰা, উপাদানৰ বিসংগতি। 

৮/কিছুমান ৰোগৰ কৰ্কট ৰোগৰ দৰে, স্হিতি যত প্ৰস্ৰাৱ বন্ধ হয়। 

৯/ভাচিকোৰেন্টেৰাল অৰ্থাৎ এক স্হিতি যত প্ৰস্ৰাৱ কিডনীলৈ ঘূৰি আহে। 


১০/কিডনীৰ সংক্ৰমণ অৰ্থাৎ পাইলনফ্ৰাইটিছ। 


যদি কোনোবাই দীৰ্ঘদিন ধৰি, এনে লক্ষণ দেখি আছে, তেন্তে তেওঁ চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত।(সংগ্ৰহিত)


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Health Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages