মহাশিৱ ৰাত্ৰিৰ ব্ৰত ৰখাৰ পূৰ্বে এই সমূহ জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Monday, February 28, 2022

demo-image

মহাশিৱ ৰাত্ৰিৰ ব্ৰত ৰখাৰ পূৰ্বে এই সমূহ জানি লওক : Religious Studies

.com/img/a/


মহাশিৱ ৰাত্ৰিৰ দিনা কৰা এই পাঁচটা ভুলে আপোনাৰ বাবে বেয়া পৰিণতি আনিব পাৰে।এই দিনা শিৱ আৰু পাৰ্বতীৰ পূজা শুভকালতহে কৰিব লাগে। ( Religious Studies )


শিৱ ৰাত্ৰিত কি ভুল কৰিব নালাগে। যাৰ ফলত ভগৱান শিৱ যাতে ক্ৰোধিত নহয়। জানো আহঁক। শিৱ ৰাত্ৰিৰ দিনা কি কৰিব।  


মহাশিৱ ৰাত্ৰিৰ দিনা ব্ৰত ৰাখক আৰু ৰাতিপুৱা সোনকালেই শুই উঠি গা ধুই চফা কাপোৰ পিন্ধিব লাগে। শুভকালত মন্দিৰলৈ গৈ মহাদেৱক গাখীৰ  আৰু জল অৰ্পণ কৰক। এইদিনা ভগৱান শিৱৰ নাম ধ্যান কৰি ওমঃ নমঃ শিৱাই মন্ত্ৰ জপ কৰক। এইদিনা আপুনি ভোজন গ্ৰহণ কৰিব নালাগে। যদি আপুনি ব্ৰত ৰাখিছে , তেতিয়া অকল ফল-মূল খাই ব্ৰত সম্পূৰ্ণ কৰিব লাগে। পাৰিলে গোটেই দিনটো

ফল-মূলকে খাওঁক ।


 দ্বিতীয় দিনা ব্ৰত ভাঙক। যদি আপুনি নোৱাৰে  , তেতিয়া এবাৰ ভোজন গ্ৰহণ কৰিব পাৰে। সঁচা অন্তৰে এইসমূহ নিয়ম পালন কৰা ব্যক্তিসকল ভগৱান শিৱৰ বহুত প্ৰিয় হয়। 


এতিয়া জানো আহঁক মহাশিৱ ৰাত্ৰিত কি ভুল কৰিব নালাগে।যাতে ভগৱান শিৱ ক্ৰোধিত নহয়। লাগিলে যিয়ে হওঁক  মহাশিৱ ৰাত্ৰিৰ দিনা মাছ-মাংস ,মদ আদিৰ সেৱন নকৰিব। 


ন'হলেবা আপোনাৰ লগত কিবা হ'ব পাৰে। মহাশিৱ ৰাত্ৰিৰ দিনা দেৰিলৈকে কেতিয়াও নুশুব। ইয়াৰ ফলত আপোনাৰ ভাগ্য বেয়া হৈ পৰিব পাৰে। ভগৱান শিৱ ৰুস্থ হৈ পৰিব পাৰে। মহাশিৱ ৰাত্ৰিৰ দিনা দাইল, চাউল, ঘেঁহুৰে প্ৰস্তুত খাদ্য খাব নালাগে। এইদিনা আপুনি ফল-মূল, গাখীৰ, চাহ, কফি আদি খাব‌ পাৰে।  


যদি আপুনি ভগৱান শিৱক প্ৰসন্ন কৰিব বিচাৰে, তেতিয়া ভুলতে ও এইদিনা ক'লা কাপোৰ নিপিন্ধিব। এইদিনা যিমান পাৰি ৰঙা ৰঙৰ কাপোৰ পিন্ধিব লাগে। এইটো বহুত শুভ আৰু মঙ্গলকাৰী বুলি ধৰা হয়। স্বামী স্ত্ৰীয়ে ভুলতে ও এইদিনা শাৰীৰিক সম্পৰ্ক নকৰিব। অন্যস্থা আপুনি ভগৱান শিৱৰ খঙৰ সন্মুখীন হ'ব লাগিব। দান-পুণ্য কৰিব লাগে। 


 ভগৱান শিৱক যদি প্ৰসন্ন কৰিব বিচাৰে , তেতিয়া এইসমূহ কথা মনত ৰাখক। মহাশিৱ ৰাত্ৰিত ভুলটো শিৱ লিঙ্গত এইসমূহ বস্তু অৰ্পণ নকৰিব। ন'হলেবা গোটেই জীৱন আপুনি সমস্যা সন্মুখীন হ'ব লগা হ'ব পাৰে। আপোনাৰ ব্ৰত ভাগি যাব পাৰে। ভগৱান শিৱ বহুত ক্ৰোধিত হ'ব পাৰে। জানি লওঁক  ন'হলেবা আপুনি ব্ৰত ৰখাৰ একো ফল নাপায়।


১.তুলসী । পুৰণি কথাসমূহৰ অনুসৰি তুলসীক মহালক্ষ্মীৰ স্বৰূপ বুলি কোৱা হয়।মা লক্ষ্মী ভগৱান বিষ্ণুৰ অৰ্ধাংগীনী। ভগৱান বিষ্ণুৰ শালেগ্ৰামৰ পূজাতহে অকল তুলসীৰ ব্যৱহাৰ কৰা হয়। এনেকুৱাত শিৱ লিঙ্গত তুলসীৰ প্ৰয়োগ বৰ্জিত। এনেকুৱা কৰিলে আপুনি পাপৰ সমভাগি হ'ব। এনেকুৱা কাম কেতিয়াও নকৰিব।


২.সেন্দুৰ। সেন্দুৰ একপ্ৰকাৰে শৃংগাৰৰ বস্তু।যি সকলো দেৱীক অৰ্পণ কৰা হয়। কিন্তু ভগৱান শিৱ বৈৰাগী আৰু মহাকাল। সেই কাৰণে তেওঁক সেন্দুৰ অৰ্পণ কৰা নহয়। এনেকুৱা পাপ আপুনি কেতিয়াও নকৰিব। ( Religious Studies )


৩. শিৱ ৰাত্ৰিৰ দিনা যিমান পাৰে। গেৰুৱা ৰঙৰ বস্ত্ৰ পিন্ধিব লাগে। শিৱ হৈ পৰে প্ৰসন্ন। ক'লা কাপোৰ কেতিয়াও পিন্ধিব নালাগে। মন্দিৰত ক'লা কাপোৰ পিন্ধি কেতিয়াও প্ৰৱেশ কৰিব নালাগে।


৪.হালধী। সকলো দেৱী-দেৱতাৰ পূজাত হালধী প্ৰয়োগ কৰা হয়। কিন্তু বহুত মানুহৰ মতে বিনাশৰ দেৱতাক হালধী অৰ্পণ কৰা নহয়। কাৰণ হালধী সুভাগ্যৰ প্ৰতীক।


৫.কেতকী ফুল। পুৰণি কথাসমূহৰ অনুসৰি কেতকী ফুল শিৱ লিঙ্গত অৰ্পণ কৰিব নালাগে। কাৰণ এবাৰ কেতকী ফুলে ভগৱান ব্ৰহ্মাৰ লগত মিলি মিছা‌ কথা কৈছিল। সেই কাৰণে ভগৱান শিৱয়েই খঙতে কেতকী ফুলক শাওঁ দিছিল।



৬.নাৰিকল পানী। পুৰণিক মান্যতাৰ অনুসৰি শিৱ লিঙ্গত নাৰিকল পানী অৰ্পণ কৰিব নালাগে।শুভ বুলি ধৰা নহয়।


৭ . শংখ জল। শংখচূড়ৰ বধ ভগৱান শিৱয়েই কৰিছিল।শংখ সেই অসুৰৰে প্ৰতীক বুলি ধৰা হয়। যি ভগৱান বিষ্ণুৰ ভক্ত আছিল। সেই কাৰণে বিষ্ণু ভগৱানৰ পূজা শংখৰে কৰা হয়।শিৱৰ নহয়।


৮.তিল, ভগৱান বিষ্ণুৰ মলিৰ পৰা উৎপন্ন হোৱা। সেই কাৰণে  ভগৱান শিৱক অৰ্পণ কৰিব নালাগে।


৯.ভগা চাউল। ভগৱান শিৱক চাবুত চাউল অৰ্পণ কৰিব লাগে বুলি শাস্ত্ৰত লিখা আছে। ভগা চাউল অসম্পূৰ্ণ আৰু অশুদ্ধ  হয়। সেই কাৰণে এইসমূহ ভগৱান শিৱক অৰ্পণ কৰা নহয়। এনেকুৱা কাম কেতিয়াও নকৰিব। চাউল অৰ্পণ কৰা আগত চাই লওঁক চাউল ভাগি আছে নেকি।


শিৱ ৰাত্ৰিৰ দিনা এইসমূহ বস্তু অৰ্পণ কৰিলে মানুহৰ ভাগ্য উজ্বল হৈ উঠে। ভগৱান শিৱ অত্যন্ত প্ৰসন্ন।


১.গংগা জল। গংগা ভগৱান বিষ্ণুৰ চৰণৰ পৰা উলোৱা আৰু ভগৱান শিৱৰ জটাৰ পৰা ধৰাত নামিছে । সেই কাৰণে সকলো নদীৰ ভিতৰত গংগা পৰম পবিত্ৰ। গংগা জলেৰে শিৱৰ অভিশেষ কৰিলে মানসিক শান্তি আৰু সুখ প্ৰাপ্ত হয়।


২.কুঁহিয়াৰৰ ৰস।কুঁহিয়াৰক জীৱনত সুখ আৰু মিঠাৰ প্ৰতীক বুলি কোৱা হয়। শাস্ত্ৰত ইয়াক বহুত পবিত্ৰ বুলি গণ্য কৰা হয়। প্ৰেমৰ দেৱতা কামদেৱৰ ধনু কুঁহিয়াৰেদি তৈয়াৰী। দ্ৰেৱপাবৌদিনি একাদশীৰ দিনা কুঁহিয়াৰৰ ঘৰ বনাই ভগৱান বিষ্ণুৰ দেৱী তুলসীৰ পূজা কৰা হয় । চত পৰ্বতো চতী মা কাৰণে কুঁহিয়াৰৰ ঘৰ বনোৱা হয়। মান্যতা অনুসৰি কুঁহিয়াৰৰ ৰসেৰে শিৱ লিঙ্গৰ অভিশেষ কৰিলে ধন-সম্পত্তিৰ প্ৰাপ্তি হয়।


৩. তিনিখন পাতৰ বেলপাত যি কটা বা ফুটা নহয়। তেনেকুৱা বেলপাত ভগৱান শিৱক অৰ্পণ কৰিব লাগে।তিনিখন পাতৰ বেলপাত ব্ৰহ্ম, বিষ্ণু, মহেশ্বৰৰ প্ৰতীক বুলি কোৱা হয়। মহাশিৱ ৰাত্ৰিত বেলপাত অৰ্পণ কৰিলে শিৱ লোকৰ প্ৰাপ্তি হয়।এনেকৈ পুৰাণত কোৱা হৈছে।


৪.ধতুৰা গুটিৰ সমানয়েই ধতুৰা ফুল ভগৱান শিৱৰ অতি প্ৰিয়। ইয়াৰ কাৰণ হ'ল - ই বগা আৰু ঔষধি গুণেৰে ভৰপূৰ। মানসিক শান্তিৰ বাবে ধতুৰা ফুল শিৱ  লিঙ্গত অৰ্পণ কৰিব লাগে।


৫. ৰূপৰ নাগ -নাগিনৰ জোৰা। গ্ৰহৰ অশুভ প্ৰভাৱ কাৰণে, ঘৰৰ সুখ-শান্তি আৰু আৰ্থিক সমস্যা দূৰ কৰিবলৈ মহাশিৱ ৰাত্ৰিত ভগৱান শিৱক নাগ -নাগিনৰ জোৰা অৰ্পণ কৰক। ইয়াৰ দ্বাৰা কালসৰ্প আৰু নাগ দোষ নাইকীয়া হয়।


৬.ধতুৰা। ভাংৰ দৰে ধতুৰাও এবিধ ঔষধ। ভগৱান শিৱ ওপৰত হোৱা বিষৰ প্ৰভাৱ দূৰ কৰিবলৈ ধতুৰাৰ ব্যৱহাৰ কৰা হৈছিল। সেই কাৰণে ভগৱান শিৱৰ ধতুৰা প্ৰিয়। মহাশিৱ ৰাত্ৰিৰ দিনা ধতুৰা শিৱ লিঙ্গত অৰ্পণ কৰক। ইয়াৰ দ্বাৰা শত্ৰুৰ ভয় নাইকীয়া হয়।লগতে ধন সম্বন্ধীয় কামত উন্নতি হয়।


৭.ভাং। ভগৱান শিৱয়ে বিষ প্ৰাণ কৰিছিল। এই বিষৰ উপশম ঘটাবলৈ দেৱতাসকলে বহুত প্ৰকাৰৰ ঔষধৰ প্ৰয়োগ কৰিছিল। ইয়াৰ ভিতৰত ভাং এটা। সেই কাৰণে ভগৱান শিৱয়ে ভাং ভাল পায়। মহাশিৱ ৰাত্ৰিৰ দিনা ভাং  পিচি বা পাত গাখীৰত মিলাই ভগৱান শিৱৰ অভিশেষ কৰিলে ৰোগ দোষৰ পৰা মুক্ত পোৱা যায়। ( Religious Studies )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page





No comments:

Post a Comment

Advertisement

Pages