আমাৰ ভাৰতীয় সংস্কৃতিত শুভ-অশুভ এনেধৰণৰ কথাবোৰ বহুত মহত্ব দিয়া হয়। আমাৰ জ্যোতিষ শাস্ত্ৰ ইমানেই প্ৰসিদ্ধ যে, প্ৰতিটো কথাৰ পাছত লুকাই থকা ৰহস্য বিস্তাৰ ৰূপত কব পাৰে। ( Assamese Fact )
আমাৰ ওচৰে পাজৰে যিবোৰ ঘটনা ঘটি থাকে, সেইবোৰৰ সম্বন্ধ আমাৰ নিকটৱৰ্তী ভৱিষ্যতৰ লগত আছে। আমাৰ শৰীৰৰ গঠন, তিল আদিৰ পিছতো কিবা নহয় কিবা অৰ্থ লুকাই আছে। ঈশ্বৰে প্ৰতিজন মানুহকে বেলেগ বেলেগ ধৰণৰ সৃষ্টি কৰিছে। ৰূপ, ৰং, স্বভাৱ, বিচাৰ-বিবেচনা আদি সকলোৰে পৰা ভিন্ন হয়। সমুদ্র শাস্ত্ৰ আমাৰ বৈদিক সংস্কৃতিৰ এটা অংগ হয়।
#সমুদ্ৰ শাস্ত্ৰত আমাৰ শৰীৰত নিহিত থকা এই চিহ্ন বোৰৰ তথা গঠন শৈলীৰ ওপৰত অধ্যয়ন কৰি মানুহৰ অতীত, বৰ্তমান, ভৱিষ্যতৰ বিষয়ে কোৱা হয়। আমাৰ শৰীৰত থকা বিভিন্ন চিহ্নৰ দ্বাৰা আমি বহু কথা জানিব পাৰো। তাৰেই কিছুমান চিহ্ন আমাৰ বাবে ভাল অৰ্থাৎ সৌভাগ্যশালী হোৱাৰ কাৰণ বুলিও কোৱা হয়। আৰু কিছুমান চিহ্ন দুৰ্ভাগ্যৰ কাৰণ বুলিও জনা যায়।
#এইকেইটা চিহ্ন আমাৰ শৰীৰত থকাটো বহুত ভাগ্যৰ কথা-
১/প্ৰথমে আমি আমাৰ শৰীৰৰ গঠন শৈলীৰ ভিত্তিত কব পাৰোঁ যে, যিবোৰ লোকৰ মুখ গোলাকাৰ হয়, তেওঁলোক বহুত ভাগ্যশালী হয়। তেওঁলোকে ভাল চাকৰি, জীৱনত সফলতা আৰু ভাল জীৱন সংগী পোৱাটো তেওঁলোকৰ ভাগ্যে নিশ্চয় লিখা থাকে।
২/দীঘল নাক আৰু তাত তিল থকা ব্যক্তিকে ভাল বুলি কোৱা হয়। যিসকলৰ কাণ সামান্য ডাঙৰ হয়, তেওঁলোক অত্যন্ত ভাগ্যশালী হয়। ( Assamese Fact )
৩/যিসকল মহিলাৰ শিৰ পোন হয়, তেওঁলোকক ভাল বুলি জনা যায়।
৪/দীঘল আৰু ওখ মূৰৰ ব্যক্তি, যাৰ কপাঁল অলপ কোচ খাই যোৱাৰ দৰে চিন বহে, তেওঁলোক বহু সৌভাগ্য হয়।
৫/মূৰত চুলি নথকা অৰ্থাৎ তপা সুন্দৰতাৰ দৃষ্টিৰ পৰা চালে বেয়া দেখা যায়। কিন্তু জ্যোতিষ শাস্ত্রৰ মতে, যিসকল লোকৰ মূৰত চুলি নাথাকে, তেওঁলোক বেছি ভাগ্যশালী হয়।
৬/যিসকল স্ত্রী আৰু পুৰুষৰ নাভি ভিতৰলৈ সোমোৱা, তেওঁলোক বহুত ভাগ্যশালী হয়।
৭/আমাৰ শৰীৰত জন্মৰে পৰাই যিবোৰ অংশত তিল থাকে, সেইবোৰ শৰীৰত স্হিতি অনুসাৰে বেলেগ বেলেগ অৰ্থ থাকে। দুয়োজোৰ চেলাউৰি মাজত যদি তিল থাকে, তাক সৌভাগ্যৰ প্ৰতীক বুলি কোৱা হয়। ঠিক এনেদৰে সোঁ-হাত, সোঁ-গাল আৰু সোঁ-চকুত থকা তিলো ভাল বুলি কোৱা হয়।
৮/বগা আৰু চফা দাঁত সকলোৱে পচন্দ কৰে, তাৰোপৰি যদি দাঁতৰ মাজত কোনোধৰণৰ ফাক নাথাকে, তেন্তে দেখিবলৈ আৰু ভাল লাগে। কিন্তু সমুদ্র শাস্ত্র অনুসাৰে যিসকল ব্যক্তিৰ দাঁতৰ মাজত ফাক থাকে, তেওঁলোক বেছি সৌভাগ্যশালী হয়। তেওঁলোক আৰ্থিক ভাবেও সবল হয় আৰু চাকৰি ক্ষেত্রত উচ্চপদস্থ হয়। ঠিক সেইদৰে যিসকল ব্যক্তিৰ দাঁত সামান্য বাহিৰলৈ ওলোৱা হয়, তেওঁলোক অলপ জিদ কৰা আৰু বেছি কথা কোৱা স্বভাৱৰ হয়। কিন্তু এওঁলোক ভাগ্যশালীও হয়।
৯/হাত আৰু তলুৱা যদি সদায়ে কোমল আৰু অলপ গুলপীয়া ৰংৰ হয় আৰু সমতলীয়া হয় আৰু যদি হাতৰ ৰেখাবোৰ স্পষ্ট হয়, তেন্তে সেইসকল ব্যক্তি ভাগ্যশালী হয়। হাতত ত্ৰিভূজৰ চিহ্ন থকা ভাগ্যশালী হোৱাৰ প্ৰতীক। দীঘল আৰু পাতল আঙুলিও ভাগ্যৰ গত
দৃষ্টিৰ পৰা ভাল বুলি মনা হয়। ভৰিৰ তলুৱাত সূৰ্য্য, চন্দ্র, নক্ষত্র, শংখ, চক্র, কমল আদিৰ দৰে যদি চিহ্ন থাকে, তেন্তে তেওঁলোক অত্যন্ত ভাগ্যশালী হয়।
১০/সমুদ্ৰ শাস্ত্রৰ মতে আমাৰ চকুৰ দ্বাৰাও ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি। ক'লা আৰু ডাঙৰ চকু যাৰ থাকে, সেইসকল লোক বুদ্ধিমান আৰু ধনবান হয়। সেইদৰে যিসকল ব্যক্তিৰ চেলাউৰী ঘন আৰু জোৰা লগা থাকে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment