এই পৃথিৱীত বা মৃত্যু লোকত প্ৰায় ৪৪ লাখ জীৱ-জন্তু বা প্ৰাণীৰ প্ৰজাতিয়ে বসবাস কৰে।এটা প্ৰজাতি মানুহৰো আছে। ( Assamese Fact )
নিজৰ কৰ্মৰ অনুসৰিয়ে সকলোৱে পুণৰ জন্ম লয়। যিসকলে আগৰ জন্মত ভাল কাম কৰে। সেই সকলে মানুহ হৈ জন্ম লয়।
ধৰ্মৰ মতে মানুহে বহুত কষ্ট খাব লগা হয়। আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ মানুহে জন্ম পৰা মৃত্যুলৈকে কি কি কষ্ট সহ্য কৰিব লগা হয়। যিবোৰ ভাগৱত পুৰাণত বৰ্ণনা কৰা আছে।
মৃত্যুৰ পিছত যেতিয়া কোনোবাই আকৌ জন্ম গ্ৰহণ কৰে।সি প্ৰথমতে গৰ্ভত স্থান লয় ।গৰ্ভত থাকোতে শিশুটোৱে বহুত কষ্ট পায় । মাজে মাজে অচেতন ও হৈ পৰে। হাত ভৰি ও ভালকৈ লৰাব নোৱাৰে।
পিঞ্জিৰাত আবদ্ধ হৈ থকা পক্ষীৰ দৰে থাকিব লগা হয়।গৰ্ভত থাকোঁতে শিশুটোৰ পূৰ্বৰ সকলো জ্ঞান বা কথা মনত থাকে। তাৰ পিছত সি বিলাপ কৰিবলৈ ধৰে আৰু ভগৱানক প্ৰাৰ্থনা কৰে, হে প্ৰভু …যেতিয়া জন্ম পিছত আকৌ মোৰ পুণৰ মৃত্যু হ'বয়ে,তেন্তে কিয় পুনৰ মোৰ জন্ম হ'বৰ হৈছে।
যদি সম্ভৱ হয় মোক এই জীৱন-মৃত্যুৰ চক্ৰৰ পৰা মুক্ত কৰক। মই আকৌ জন্ম ল'ব নিবিচাৰোঁ। কাৰণ এই সংসাৰত সকলো মায়া মোহত পৰি যায় আৰু আকৌ এই জন্ম মৃত্যুৰ চক্ৰত সোমাই পৰে।
তাৰ পিছত সি ভগৱান স্মৰণ কৰে আৰু কয় হেই ভগৱান , তুমি সংসাৰধাৰী মই এই গৰ্ভৰ পৰা উলাই তোমাক স্মৰণ কৰি এনেকুৱা উপায় কৰিম যাৰ ফলত মই মুক্তি লাভ কৰোঁ।
তাৰ পাছত সি নিজৰ ওচৰে পাজৰে লেটেৰা দেখি সি আকৌ ভগৱানক প্ৰাৰ্থনা কৰে আৰু কয়, হে ভগৱান মোক ইয়াৰ পৰা কেতিয়া বাহিৰলৈ উলিয়াব।(Assamese Fact )
যেতিয়া শিশুটোৰ জন্ম হয় সি আগৰ সকলো কথা পাহৰি যায়।শিশুটোক মাক-দেউতাকে শুৱাই থওঁতে , সিহঁতৰ কিবা হ'লেও সিহঁতি ক'ব নোৱাৰে। অকল কান্দিবহে পাৰে।যেতিয়া ডাঙৰ হয় আৰু সি বিচৰাৰ দৰে একো নাপায় তেতিয়া তাৰ বা তাইৰ অজ্ঞানতাৰ ফলত খঙ বাহিবলৈ ধৰে।
হিংসা , কাজিয়া আদি কৰে । সকলো বস্তু মোৰ বুলি ক'বলৈ ধৰে।যিটো শৰীৰে মৃত্যুলৈকে কষ্ট দিয়ে সেই শৰীৰটোৰ কাৰণে মানুহে বিভিন্ন ধৰণৰ কৰ্ম কৰে।যাৰ ফলত আকৌ সংসাৰত জন্ম ল'ব লগা হয়।
কোৱা হয় এবাৰ ভগৱান ব্ৰহ্মাই সৰস্বতীৰ ৰূপ দেখি মুগ্ধ হৈ পৰিছিল আৰু হৰিণৰ ৰূপ ধাৰণ কৰি সৰস্বতীক খেদি গৈছিল কাৰণ এইবোৰৰ পৰা বাচিবলৈ সৰস্বতীয়েও হৰিণৰ ৰূপ লৈছিল। সেই কাৰণে মানুহে যিমান পাৰি মায়া মোহত সোমাই পৰিব নালাগে।
বৃদ্ধ বয়সত মানুহে এই পৃথিৱীত তেওঁ কৰা কৰ্মৰ শাস্তিও ভুগিব লগা হয়। যেতিয়া মানুহৰ মৃত্যু কাষ চাপে তেতিয়া গৰ্ভত থাকোঁতে ভবা কথাবোৰ পুণৰ মৃত্যু সময়ত মনত পৰে। মৃত্যুৰ সময়ত কিবা ইচ্ছা থাকি গ'লে পুণৰ গৰ্ভত প্ৰবেশ কৰোতে সেইসমূহ স্মৰণ হোৱাতো নিশ্চিত।
মানুহে মৃত্যুৰ সময়ত ভগৱানক পুণৰ ক্ষমা খুজে আৰু কয় হেই প্ৰভু মোক এই জীৱন আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি দিয়ক। কিন্তু তেতিয়া ভগৱানে কয়- হেই মনুষ্য তোমাৰ যেতিয়া সময় আছিল ভাল কৰ্ম কৰা তুমি নকৰিলা আৰু এতিয়া মুক্তি বিচাৰিছা ।
এনেকুৱা কেতিয়াও নহয় তোমাৰ জন্ম পুণৰ হ'ব আৰু তুমি সেই জন্মত ভাল কাম কৰিবলৈ চেষ্টা কৰিবা।যাতে তুমি মোৰ চৰণত স্থান পোৱা।
তাৰ পিছত যম দূতে মানুহৰ শৰীৰৰ পৰা আত্মাটো উলিয়াই লৈ যায় আৰু থাকি যায় অকল শৰীৰটো। সেই কাৰণে মানুহে জীৱনত যিমান পাৰে সত্ কৰ্ম কৰিব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment