যীচুতকৈ বেছি ভয়ঙ্কৰ অমানৱীয়তাৰ উদাহৰণ হয়তো একো নাই : ( Religious Studies ) - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 25, 2021

যীচুতকৈ বেছি ভয়ঙ্কৰ অমানৱীয়তাৰ উদাহৰণ হয়তো একো নাই : ( Religious Studies )

Religious Studies

      পৃথিৱীত হয়তো এনে কোনো সৎ ব্যক্তি নাই, যি যীচুতকৈ বেছি অত্যাচাৰ পাইছে ৷ যীচুতকৈ বেছি ভয়ঙ্কৰ অমানৱীয়তাৰ উদাহৰণ হয়তো এতিয়ালৈকে একো নাই ৷( Religious Studies )

Religious Studies
যীচুতকৈ কৰুণ বেদনাৰ উদাহৰণ এই পৃথিৱীত আৰু আন ক’তো নাই। কিয় এই নিষ্ঠুৰতা ? কিয় এই চৰম অমানৱীয়তা ? 


   কাৰণ-- সত্যতা ৷ কেৱল সঁচা আৰু বাস্তৱ কথাবোৰ কোৱাৰ বাবেই, যীচু সীমাহীন অত্যাচাৰৰ বলি হ’ব লগীয়া হ’ল। কেৱল মানৱীতাৰ প্ৰচাৰ কৰাৰ বাবেই, যীচু হিংসাৰ চিকাৰ হ’বলগীয়া হ’ল। কেৱল মানৱ প্ৰেমৰ বাণী বিলোৱাৰ বাবেই, যীচু ক্ৰুছত বন্দী হ’ব লগা হ’ল ৷ কেৱল সকলো মানুহক সমানভাৱে আপোন কৰাৰ বাৰ্তা সমাজলৈ বিয়পাই দিয়াৰ বাবেই, যীচু এচাম হৃদয়হীন মানুহৰ জিঘাংসাৰ বলি হ’ব লগীয়া হ’ল ৷ 


      ইতিহাসে তেওঁকহে উজ্জ্বলাই ৰাখে, যি সততা আৰু মানবীয়তাৰ বাবে জীৱন উচ্চৰ্গা কৰে ৷ দানৱৰ কাহিনীও ইতিহাসৰ পাতে পাতে থাকে ৷ কাৰণ মানৱৰ অত্যাচাৰৰ কাহিনীৰ খলনায়ক, দানৱ এক চৰিত্ৰ হিচাপে উল্লেখ থাকিবই লাগিব ৷ কিন্তু তাৰ মূল্যায়নত, ইতিহাসে ঔচিত্যতাৰ নিদৰ্শন সদায় দেখুৱাই আহিছে ৷ যীচুখ্ৰীষ্টক মনত ৰখা, শ্ৰদ্ধাঞ্জলি জনোৱা মানুহে, যীচুক ক্ৰুছবিদ্ধ কৰা অসুৰবোৰৰ লিডাৰ Pontius Pilate ক কিন্তু যুগে যুগে ঘৃণা কৰি আহিছে ৷ এইয়া ইতিহাসৰ সঠিক উপস্থাপনৰ ফল ৷  


     মোৰ জীৱনৰ ১০ টা বছৰ মই মেঘালয়ত কটাইছিলো ৷ তাৰে তিনিবছৰ জয়ন্তীয়া হিলচত আৰু ৭ বছৰ মেঘালয়ৰ ৰাজধানী শ্বিলঙত ৷ আমি শ্বিলং চিটিৰ মাজমজিয়াৰ, লাবান লাষ্ট ষ্টপৰ আৱাসী হৈ  থাকোতে, মই দেওবাৰে সদায় গীৰ্জালৈ গৈছিলো ৷ প্ৰতিবছৰে ২৪ ডিচেম্বৰৰ মাজনিশা, লাইমুখৰাৰ কেথাড্ৰেলত যীচুৰ জন্মদিনৰ কেক কটা অনুষ্ঠানত উপস্থিত আছিলো  দীৰ্ঘসময়। শ্বিলঙত থকা আমি, খ্ৰীষ্টান উৎসৱ বিলাক পালন কৰিছিলো ৷ কাৰণ আমাৰ আশে পাশে সকলো খাচী মানুহৰ বসতি। আমাৰ তিনিওটা সন্তানে, শ্বিলঙৰ কনভেন্টত পঢ়া-শুনা কৰিলে। সিহঁতৰ সকলো বন্ধু-বান্ধৱ খ্ৰীষ্টান ৷ গতিকেই আমি খ্ৰীষ্টান সমাজৰ লগত ওতঃপোত ভাৱে জড়িত আছিলো ৷ আনকি প্ৰতিবছৰে নবেম্বৰ মাহত, আমাৰ ঘৰত গীৰ্জাও হৈছিল ৷ 


কি এই “গীৰ্জা” ?


       আমাৰ হিন্দু ধৰ্মত যেনেকৈ সত্যনাৰায়ন পূজা, বিষ্ণু পূজা, নাম-কীৰ্তন, আদি পাতে, ঠিক তেনেকৈ শ্বিলঙৰ খ্ৰীষ্টান সমাজত, বছৰি এবাৰ “গীৰ্জা” পাতে ৷ “গীৰ্জা”ত ওচৰৰ চাৰ্চৰ ফাদাৰ আৰু ব্ৰাদাৰ, নানসকল আহি বাইবেল পাঠ কৰে ৷ তেওঁলোকৰ নিয়মত ধৰ্মীয় কাম কৰে ৷ গৃহস্থৰ লগতে, তাত উপস্থিত থকা আলহী, অতিথি ওচৰ চুবুৰীয়াই, ফাদাৰে বৰ্ণনা কৰা বাইবেলৰ কথাবোৰ মন দি শুনে ৷ তাৰ পাছত খোৱা-বোৱা হয় ৷ যিয়ে যেনেকৈ পাৰে সাধ্যনুসাৰে অতিথিক আপ্যায়ন কৰি বিদায় দিয়ে ৷  সাধাৰণতে এই কামটো সন্ধিয়া হয় ৷ মই শ্বিলঙত এটা কথা দেখিছিলো যে, কোনো খাচী মানুহে দিনটোৰ কাম-কাজ খতি কৰি ধৰ্মীয় কামত ব্যস্ত নাথাকে। সকলো “গীৰ্জা” সন্ধিয়াহে হয়। এই অনুষ্ঠানটোকে শ্বিলঙৰ সৰল ভাষাত “গীৰ্জা” বুলি কোৱা হয় ৷ 


     খ্ৰীষ্টান সকলৰ মাজত, ধৰ্মই এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে ৷ যিটো মই মোৰ হিন্দু ধৰ্মত কোনোদিন দেখা পোৱা নাই ৷ শ্বিলঙত থাকোতে, হিন্দু ধৰ্মৰ ধৰ্মীয় অভাৱ কিছুমান মোৰ বৰকৈ অনুভৱ হৈছিল ৷ নিজকে বৰ অজ্ঞানী যেন লাগিছিল ৷ খ্ৰীষ্টান ৰাজ্য এখনত দীৰ্ঘকাল ধৰি বসবাস কৰাতো বৰ সহজ কাম নহয় ৷ দুদিনৰ বাবে ফুৰিবলৈ যোৱা শ্বিলং আৰু বছৰ বছৰ ধৰি বাস কৰা শ্বিলঙৰ মাজত আকাশ পাতাল প্ৰভেদ ৷ প্ৰথমেই প্ৰভেদ আহে ধৰ্মৰ ৷ এই প্ৰভেদ শ্বিলঙৰ সমাজ ব্যৱস্থাই আনে ৷ শ্বিলঙত শনি আৰু দেওবাৰে ৰাজ্য চৰকাৰৰ বন্ধৰ দিন। শ্বিলঙৰ নাগৰিকে প্ৰতি শনিবাৰে ঘৰ চাফা কৰে ৷ পুৱাৰে পৰা সন্ধিয়ালৈকে তেওঁলোকে ঘৰৰ মকৰা জাল চাফা কৰাৰ পৰা আদি কৰি, খিৰিকিৰ গ্লাচলৈকে চিকচিকিয়া কৈ পৰিষ্কাৰ  কৰে ৷ কাপোৰ ধোৱে আৰু গাড়ীবোৰ ধোৱে ৷ গা ধোৱাতো কোনো গ্যাৰান্তি নাই ৷ কোনোৱে ধোৱে, কোনোৱে নোধোৱে ৷ ঘৰবোৰ কিন্তু মুখ দেখাকৈ চাফা ৷ বাচন-বৰ্ত্তনবোৰ জিলিকি থাকে ৷ গা ধোৱা কথা বৰকৈ আলোচনা নকৰাই ভাল ৷ এনেও বৰ ঠাণ্ডা তাত ৷ শনিবাৰেই তেওঁলোকে বজাৰ সমাৰো কৰি লয় ৷ ( Religious Studies )


       দেওবাৰে পুৱাতেই উঠি সকলোৱে খুব সুন্দৰকৈ সাজ-পোচাক কৰি, গহনা গাঠৰি পিন্ধি, ল’ৰাবোৰে চুট টাই পিন্ধি, ছোৱালীবোৰে সুন্দৰ ৰং বিৰঙী ফ্ৰক আৰু নেট বা চাটিনৰ গাউন পিন্ধি গীৰ্জালৈ যায়। শ্বিলঙৰ দেওবাৰবোৰ খুব ভাললগা ৷ দেওবাৰটো তেওঁলোকে প্ৰাণভৰি উপভোগ কৰে। প্ৰতি দেওবাৰে ৷ কিন্তু সেই উপভোগৰ মূল উদ্দেশ্যও একান্তই ধৰ্মীয় ৷ সাজি-কাচি পোনতেই তেওঁলোক চাৰ্চলৈ যায় ৷ প্ৰত্যেকৰে হাতত এখন সৰু, ক’লা কভাৰৰ কিতাপ ৷ সেইখন বাইবেল ৷ সৰুৰ পৰা বয়সস্থজনলৈকে সকলোৰে হাতত সৰু সৰু বাইবেল ৷ চাৰ্চত গৈ তেওঁলোকে Prayer ত ভাগ লয় ৷ দেওবাৰৰ দিনটোত প্ৰতিটো গীৰ্জাত, প্ৰতি এক ঘন্টাৰ মূৰে মূৰে Prayer হয় ৷ কোনো কোনো চাৰ্চত ইংৰাজী, হিন্দী, খাচী আদি তিনিওটা ভাষাতে Prayer হয় ৷ ফাদাৰে যীচুৰ বাণীবোৰ চাৰ্চত Pray কৰা সকলোকে সৰল ভাষাত বুজাই দিয়ে ৷ 


        ফাদাৰে নিজৰ চিন্তাধাৰাৰে, যীচুৰ বাণীৰ আলম লৈ, সমাজলৈ সত্য আৰু শান্তিৰ বাণী বিলায় ৷ প্ৰতিজন মানুহক কৰ্মমূখী হ’বলৈ প্ৰেৰণা যোগায় ৷ মানুহক অনিষ্ট নকৰাকৈ, নিজৰ কাম কৰি যাবলৈ উপদেশ দিয়ে ৷ তাৰো মাজত কিন্তু যীচুৱেই যে শ্ৰেষ্ঠ, সেই কথা বাৰে বাৰে দোহাৰিবলৈ নাপাহৰে ৷ 


       শ্বিলঙত থাকোতে, দেওবাৰে ৰাতিপুৱা মই প্ৰায়েই গীৰ্জালৈ গৈছিলো ৷ চাৰ্চৰ কাঠৰ বেঞ্চত বহি সাঁতুৰিছিলো বাইবেলৰ বিশাল সাগৰখনত ৷ চাৰ্চত থকা ঈশ্বৰ পুত্ৰ যীচুৰ ভাস্কৰ্য্যত, থৰ হৈ গৈছিল মোৰ সিক্ত দুনয়ন ৷ প্ৰতিদিনেই চাৰ্চত বহি মই কৰুণাৰ সাগৰ যীচুলৈ চাই কান্দিছিলো ৷ প্ৰতিদিনেই যীচুক সুধিছিলো----


“ তোমাৰ শৰীৰত স্থাপিত কৰা গঁজালত হাতুৰীৰ কোববোৰ, তুমি কেনেকৈ সহ্য কৰিছিলা যীচু ?”


   গীৰ্জাৰ ভিতৰত থকা যীচুৰ প্ৰতিমূৰ্তিৰ প্ৰসাৰিত দুবাহুত, মোৰ সমস্ত Negativity বোৰ সমৰ্পন কৰিছিলো ৷ মানুহ হোৱাৰ পথত খোজ কাঢ়িবলৈ, যীচুৰ পৰা মই প্ৰেৰণা পাইছিলো ৷ যীচুৰ চকুৰ সেই নিৰ্লিপ্ত বেদনাই, বাৰে বাৰে আঘাত কৰে মোৰ বুকুৰ কোণত ৷ বাৰে বাৰে মই মানুহ হোৱাৰ চেষ্টা কৰোঁ। বাৰে বাৰে মই হত্যা কৰোঁ, মোৰ বুকুৰ ভিতৰত মোৰ অজানিতে লুকাই থাকিব পৰা, দানৱীয় সম্ভাৱনাবোৰক ৷ বগা সাজৰ যীচুৰ বুকুত থকা ক্ৰুছডাল মোৰ বুকুত আঁকি, তাত দৃঢ়তাৰ এটা এটা কঠিন গঁজালেৰে ক্ৰুছবিদ্ধ কৰোঁ, মোৰ ভগৱান প্ৰদত্ত সকলো বিয়োগাত্মক আৱেগক। হিংসা, ঈৰ্ষা, ঘৃণা, বিভেদ, অমানৱীয়তাক মই প্ৰতিদিনে ক্ৰুছবিদ্ধ কৰিব বিচাৰো ৷ 


    খ্ৰীষ্টান ধৰ্মই এনে এক সমাজ ব্যৱস্থাৰ সৃষ্টি কৰিছে, য’ত প্ৰতি সপ্তাহত এদিন বাইবেলৰ নিৰবিচ্চিন্ন চৰ্চা হয়। প্ৰজন্ম প্ৰজন্ম ধৰি একেখিনি ধৰ্মীয় কথাকে, চাৰ্চৰ ফাদাৰে সমাজখনৰ উঠি অহা কণ কণ শিশুহঁতকে ধৰি সকলো মানুহক শিকাই আহিছে ৷ ধৰ্মীয় কথাৰ সুপৰিকল্পিত আলোচনা হৈছে প্ৰতি দেওবাৰে ৷ দেওবাৰে চাৰ্চত যাবলৈ তেওঁলোকৰ সৰু বৰ সকলো মানুহৰ উৎসাহ দেখি, মোৰ নিজকে বৰ দুখীয়া যেন অনুভৱ হৈছিল ৷ সঁচাকৈয়ে আমি হিন্দু মানুহবোৰ ধৰ্মীয় আলাপ আলোচনাত অতি দুখীয়া ৷ আমি হিন্দুবোৰৰ ধৰ্মীয় আলোচনাৰ কোনো Hard and Fast Rule নাই ৷ আমাৰ সন্তানবোৰ বাধ্যতামূলকভাৱে মন্দিৰ, নামঘৰ আদিলৈ, সপ্তাহত অতিকমেও এটা দিন এঘন্টাৰ বাবে যাবই লাগিব বুলি, সমাজৰ Soft but Hardly Motivated নিয়ম নাই ৷ আমাৰ সন্তানে দিনটোত এবাৰ ভগৱানক পূজা কৰিবই লাগিব বুলি, আমাৰ কোনো কাঢ়া নিৰ্দ্দেশ নাই ৷ আমাৰ হিন্দুৰ সন্তানে, গীতাৰ কমেও এফাঁকি শ্লোক জানিবই লাগিব বুলি, কোনো জৰুৰী অঘোষিত ঘোষণা নাই ৷ গতিকেই আমাৰ হিন্দু ধৰ্মৰ বেছিভাগ স্তাৱকৰ কাম, কেৱল আন ধৰ্মক গালি পৰাতেই সীমাবদ্ধ ৷ 


   মই মোৰ জীৱনত এনে কোনো হিন্দুৰ ঘৰ দেখা নাই, যি ঘৰ মানুহৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰ বছৰ বছৰ জুৰি সপ্তাহৰ এটা নিৰ্দিষ্ট বাৰত, হাতত ধৰ্মপুথি এখন লৈ, বা এনেয়ে নিয়মীয়াকৈ মন্দিৰলৈ গৈছে ৷ মোৰ বংশ-পৰিয়াল, আত্মীয়-কুটুম, বন্ধু-বান্ধৱ কাৰো ঘৰতেই দেখা নাই ৷ প্ৰতি সপ্তাহে সপ্তাহে এটা দিনত মন্দিৰ, নামঘৰলৈ গৈ ধৰ্মৰ বাণী সমূহৰ নিৰলস আলোচনা শুনা হিন্দু ধৰ্মৰ কোনো নতুন প্ৰজন্মক মই দেখা নাই। এই ক্ষেত্ৰত সত্ৰ, কৃষ্ণ গুৰু আশ্ৰম, চাইবাবাৰ আশ্ৰম, বা অনান্য আশ্ৰমত থাকি লোৱা দুখীয়া শিশুসকলৰ কথা মই কোৱা নাই ৷ তেওঁলোকক আলোচনালৈ নানো ৷ কাৰণ অভাৱেহে তেওঁলোকক আশ্ৰমত থাকি ধৰ্মালোচনা কৰিবলৈ বাধ্য কৰাইছে ৷ মই আনসকল শিশু, যুৱক-যুৱতীৰ কথাহে কৈছো ৷ হিন্দু ধৰ্মত এই প্ৰথা নায়েই ৷ মন্দিৰৰ পূজা-পাতৰ মন্ত্ৰ শিকোৱাৰ কামো বামুণৰ মাজতে সীমাবদ্ধ ৷ হিন্দুৰ পূজাৰী জন্মগতভাৱে হয় ৷ চৰ্ত্ত--- জন্মগত বামুণ হ’বই লাগিব ৷ গতিকে আন সাধাৰণ মানুহ ধৰ্মীয় পূজা-পাতৰ চৰ্চা কৰিবলৈ আগ্ৰহীও নহয় আৰু বামুণে সেই সুযোগো আন মানুহক নিদিয়ে ৷ আন আন ধৰ্মীয় ব্যৱস্থাতো এই নিয়ম নাই ৷ শঙ্কৰ সংঘয়ো নতুন প্ৰজন্মক প্ৰতি সপ্তাহত এটা দিন নামঘৰলৈ গৈ, ধৰ্মালোচনা কৰিবলৈ কোনো ধৰাবন্ধা নিয়ম কৰাৰ কথা আমি শুনা নাই ৷ 


      ইছলামত শুক্ৰবাৰে প্ৰতিজন ল’ৰা, ডেকা, বুঢ়া মছজিদলৈ যায় ৷ মহিলাসকলে ঘৰতে নামাজ পঢ়ে ৷  খ্ৰীষ্টানসকলো দেওবাৰে যায়। আমি হিন্দুবোৰ কি বাৰত যাওঁ ? কোনোবাই ক’ব পাৰিবনে ? চাকি জ্বলাবলৈ যেতিয়াই তেতিয়াই মন্দিৰ, নামঘৰলৈ যোৱা আৰু ভাদ মাহত টকা এগাল খৰছ কৰি, মানুহক দেখুৱাই শৰাই দিয়াৰ কথা মই কোৱা নাই ৷ ভাদ মাহ ধৰ্মৰ আলোচনা নহৈ, গামোছা, কাপোৰ, আৰু মিঠাই, পায়সৰ প্ৰদৰ্শনী মেলা হৈ পৰিছে ৷ প্ৰতি সপ্তাহত নামঘৰত প্ৰতিজন হিন্দু একগোট হৈ, বিজ্ঞজনৰ পৰা গীতাৰ বাণীৰ পৰ্য্যালোচনা শুনেনে ? বিজ্ঞসকলো এইক্ষেত্ৰত সময় দিবলৈ আগ্ৰহীনে ?


    আমাৰ নামঘৰ মানেই এগাল টকাৰ শ্ৰাদ্ধ ৷ টকা নথকা জনে শৰাই দিব নোৱাৰে বা কম বস্তুৰে শৰাই দি হীনমন্যতাত ভোগে ৷ গতিকে পিছৰবাৰ আৰু নামঘৰলৈকে নাযায় ৷ 


      গীৰ্জাত কিন্তু খোৱাৰ কাৰবাৰ নাই ৷ কেৱল যীচুৰ বাণীহে নিত্য নতুন দৃষ্টিভঙ্গীৰে পৰ্য্যোলোচনা কৰা হয় ৷৷ সমসাময়িক সময়ৰ দৈনন্দিন যাত্ৰাত, যীচুৰ বাণীৰ প্ৰাসঙ্গিকতাৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰা হয় প্ৰতিদেওবাৰে ৷ যিটো ব্যৱস্থা হিন্দু ধৰ্মত তেনেই বিৰল ৷ 


      আমি ধৰ্মৰ তিক্ততাৰে বৰ বেয়াকৈ অভিজ্ঞ ৷ মই ভাবো, খ্ৰীষ্টান আৰু ইছলাম সমাজৰ দৰেই, প্ৰতি সপ্তাহত এটা দিন বাধ্যতামূলকভাৱে গীতাৰ চৰ্চা হোৱা উচিত ৷ তেতিয়াহে নতুন প্ৰজন্মই ধৰ্ম কাক কয় বুজি পাব ৷ গীতাই শিকোৱা সমতাৰ কথা অনুধাৱন কৰিব। গীতাই শিকোৱা সৰ্বধৰ্মৰ সমানতাৰ কথা উপলব্ধি কৰিব ৷ গীতাই শিকোৱা মানৱতাৰ পাঠ আহৰণ কৰিব ৷ গীতাত বৰ্ণিত কৰ্মযোগৰ কথা মানি চলিব ৷ আৰু ধৰ্ম প্ৰকৃততে কি, সেই কথা হৃদয়ঙ্গম কৰিব পাৰিব ৷ আৰু তেতিয়াই এচাম হিন্দুৰ মনৰ পৰা, ধৰ্মীয় বিভেদ নাইকিয়া হৈ যাব ৷ মানুহবোৰ প্ৰকৃতপক্ষত ধাৰ্মিক হৈ পৰিব ৷ লোভে সৃষ্টি কৰা অতিধাৰ্মিকবোৰক নিয়ন্ত্ৰণ কৰিবলৈ, হিন্দু সমাজব্যৱস্থাত সাপ্তাহিক ধৰ্মআলোচনা জৰুৰী কৰা যাওক ৷ পাৰিবনে ? 


যীচুৰ এই জন্মদিনত মই শ্ৰদ্ধাৰে সুঁৱৰিলো, সময়ে ক্ৰুছবিদ্ধ কৰা সেই মহাত্মাক ৷ ক্ৰুছ সজাজনক আজি কোনেও মনত ৰখা নাই ৷ গঁজাল মৰাবোৰক কোনেও পূজা কৰা নাই ৷ কিন্তু ক্ৰুছবিদ্ধ যীচু, ভগৱান হৈ আজিও জীৱিত। 


মোৰ সকলো খ্ৰীষ্টান বন্ধুলৈ বৰদিনৰ শুভকামনা জনালোঁ ৷ 


লোভ, মোহ ত্যাগ কৰি এখন সুন্দৰ বিশ্ব গঢ়িব নোৱাৰিলে, মানৱ জাতিৰ কল্যাণ নহ’ব ৷ গীতাত কৈছে---


“লোভতে উদ্ভৱে মোহ,

 মোহতে স্মৃতি বিভ্ৰম ৷

স্মৃতি ভ্ৰমে বুদ্ধি নাশ,

তাতেসে আত্মনাশন ৷”


লোভ, মোহ, কাম, ক্ৰোধৰ সম্বৰণ বাইবেল, কোৰাণ আৰু গীতাৰ মূলমন্ত্ৰ ৷ তিনিওখন ধৰ্মগ্ৰন্থৰ এই মূলবাণীক সৰোগত কৰি, আমি সকলো সকলোৰে সহোদৰ হৈ, এক শান্তিৰ অসম গঢ়ি তোলো আহক ৷ ( Religious Studies )


সৰ্বধৰ্ম সমভাব 🙏


Religious Studies )


শিখা শৰ্মা

গুৱাহাটী

২২/১২/২০২১

No comments:

Post a Comment

Advertisement

Pages