মহাভাৰতৰ এই ৯ টা মূল সূত্ৰ আজিয়ে বুজি লওঁক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 27, 2021

মহাভাৰতৰ এই ৯ টা মূল সূত্ৰ আজিয়ে বুজি লওঁক : Religious Studies

 

Religious Studies

🕉মহান পৱিত্ৰ মহাভাৰত খন পঢ়িবলৈ সময়ৰ নাটনি হ’লেও  ইয়াৰ পৰা যদি আমি এই ৯টা সূত্ৰ বুজি লওঁ, তেন্তে আমাৰ জীৱন যাপন কৰাৰ উপযোগী তথা জীৱন সাৰ্থক হ’ব পাৰে৷( Religious Studies )  


1. কৌৰৱ : ভুল মাৰ্গেৰে চলিবলৈ ধৰা সন্তানক যদি সময় থাকোঁতেই আপুনি নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা নকৰে, তেন্তে আপুনি পিছত সম্পূৰ্ণ অসহায় হৈ পৰিব৷


2. কৰ্ণ : আপুনি লাগিলে যিমানেই পৰাক্ৰমী কিম্বা বলবান নহওক কিয়, কিন্তু আপুনি যদি অধৰ্মৰ পক্ষত আছে, তেন্তে আপোনাৰ শক্তি/ আপোনাৰ বিদ্যা-শিক্ষা/ বৰদান/ অস্ত্ৰসস্ত্ৰ সকলো নিষ্ফল হৈ পৰিব৷


3. অশ্বত্থামা : সন্তানক ইমান উচ্চাকাংক্ষী তথা মহত্বাকাংশীও কৰি নুতুলিব, যিয়ে নেকি নিজৰেই বিদ্যাৰ অপপ্ৰয়োগ কৰি নিজৰ বিনাশ কৰাৰ লগতে সৰ্বনাশ মাতি আনিব পাৰে৷


4. পিতামহ ভীষ্ম : কেতিয়াও কাৰোবাক নিজৰ মুখেৰে এনে প্ৰতিশ্ৰুতি দিব নেলাগে, যিয়েনেকি এদিন আপোনাক অধৰ্মী বিধৰ্মীৰ সমুখত মূৰ দোঁৱাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাব৷( Religious Studies )  


5. দুৰ্যোধন : সম্পত্তি, শক্তি অথবা ক্ষমতাৰ অপপ্ৰয়োগৰ পৰিণাম আৰু দুৰাচাৰীৰ শেষ পৰিণতি বিনাশ হোৱাটো নিশ্চিত৷


6. ধৃতৰাষ্ট্ৰ : লোভ, মোহ, অজ্ঞানতা, মদিৰা আৰু অন্ধৰ হাতৰ ক্ষমতাইও বিনাশৰ দিশে লৈ যায়৷


7. অৰ্জুন : যদি আপোনাৰ বিদ্যা আৰু বিবেকক সদব্যৱহাৰ কৰে তেন্তে বিজয় নিশ্চিত৷


8. শকুনি : প্ৰত্যেক টো কাৰ্যতে চল, কপটতা কিম্বা ঠগ প্ৰবঞ্চনাৰে আপুনি সফলতা লাভ কৰিব নোৱাৰে৷


9. যুধিষ্ঠিৰ : যদি আপুনি নীতি, ধৰ্ম, কৰ্ম সততাৰে পালন কৰে, তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ কোনো শক্তিয়েই আপোনাক পৰাজিত কৰিব নোৱাৰে৷( Religious Studies )  


🕉 শ্ৰীকৃষ্ণায়ে নমঃ

copied 


Gouranga  Kotoky ৰ পৰা

উৎস : ফেচবুক


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

No comments:

Post a Comment

Advertisement

Pages