চিমেণ্ট নোহোৱাকে কেনেকৈ ৰামসেতুৰ নিৰ্মাণ কৰা হৈছিল: Assamese Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 30, 2021

চিমেণ্ট নোহোৱাকে কেনেকৈ ৰামসেতুৰ নিৰ্মাণ কৰা হৈছিল: Assamese Religious Studies

Assamese Religious Studies

প্ৰভু ৰামৰ বান্দৰ সেনাৰ দ্বাৰা নিৰ্মিত ৰামসেতুৰ বিষয়ে অকল ৰামায়ণতে নহয় । ইয়াৰ বিৱৰণ তুলসী দাসৰ দ্বাৰা ৰচিত ৰামচৰিত্ৰ মানসত আৰু কেইবাখনো ধৰ্ম গ্ৰন্থটো পোৱা যায়।(Assamese Religious Studies)


এইটোৱে কাৰণ যে এই সেতুৰ লগত হিন্দু ধৰ্মৰ লোকসকলৰ মান্যতা জড়িত হৈ আছে। আন্তঃৰাষ্ট্ৰীয় স্তৰত ৰামসেতুক এডেম্স ব্ৰিজ নামেৰে জনা যায়।

এই সেতু দেখি পৃথিৱীৰ NASA ও আচৰিত হৈ পৰে।NASA য়ে আজিলৈকে এইটো জানিব পৰা নাই যে একো খুঁটা নোহোৱাকৈ এই সেতুৰ নিৰ্মাণ কেনেকৈ হ'ল আৰু সেতু নিৰ্মাণ কৰোতে দিয়া শিল বা পাথৰ কিয় ডুবি নগ'ল আৰু ওপঙি থাকিল।


 আজি আমি আপোনালোকক এই সেতুৰ বিষয়ে ক'বলৈ উলাইছোঁ যাৰ বৰ্ণনা বাল্মিকী ৰামায়ণত কৰা হৈছে । লগতে এইটোও কম যে এই সেতু নিৰ্মাণ কৰোতে দিয়া শিল বা পাথৰ কিয় ডুবি নগ'ল।


ৰামায়ণৰ যুদ্ধকাণ্ডত বৰ্ণিত কথাসমূহৰ অনুসৰি যেতিয়া ৰক্ষসক ৰজা ৰাৱণে মা সীতাক চল কৰি বলপূৰ্বক ভাৱে হৰণ কৰি নিজৰ লগত লংকালৈ লৈ গৈছিল। তেতিয়া প্ৰভু শ্ৰীৰামে বান্দৰৰ সহায় লৈ বিশাল সমুদ্ৰত এই সেতুৰ নিৰ্মাণ কৰিছিল। ৰামায়ণৰ অনুসৰি এই সেতুৰ নিৰ্মাণ প্ৰভু শ্ৰীৰামৰ সেনাই পাচঁদিনৰ ভিতৰতে কৰিছিল।


ৰামায়ণৰ গ্ৰন্থ অনুসৰি যেতিয়া লংকাপতি ৰজা ৰাৱণে প্ৰভু শ্ৰীৰামৰ পত্নী সীতাক হৰণ কৰি লংকালৈ লৈ গৈছিল, তেতিয়া প্ৰভু শ্ৰীৰামে ভাতৃ লক্ষ্মণৰ লগত লগ হৈ সীতাক বিচাৰিবলৈ ধৰিলে।বনত বিচাৰি বিচাৰি যেতিয়া তেওঁলোক আগবাঢ়িলে তেতিয়া তাত তেওঁলোকে আঘাতপ্ৰাপ্ত অৱস্থাত জটায়ু পক্ষীক লগ পালে। জটায়ু পক্ষীয়ে প্ৰভু শ্ৰীৰামক ক'লে যে আপোনাৰ পত্নীক এনেকুৱা এটা ৰাক্ষসকে লৈ গৈছে যি বহুত দূৰত এখন সমুদ্ৰ পাৰ কৰি লংকা নামৰ ঠাইত থাকে। যেতিয়া প্ৰভু শ্ৰীৰামে বান্দৰ সেনাৰ লগত সমুদ্ৰ ওচৰ গৈ পালে। তেতিয়া তেওঁ ভাবিলে যে এই সমুদ্ৰখন পাৰ কেনেকৈ হ'ব পৰা যায়। 


অলপ সময়ৰ ভাবি প্ৰভু শ্ৰীৰামে প্ৰথমতে সমুদ্ৰ দেৱক যাবলৈ ৰাস্তা দিবলৈ ক'লে। যেতিয়া তিনিদিন হৈ যোৱাৰ পাছতো সমুদ্ৰদেৱে প্ৰভু শ্ৰীৰামৰ বিনতি নুশুনিলে তেতিয়া তেওঁৰ খঙ উঠিল আৰু সমুদ্ৰখন শুকোৱাই পেলোৱাৰ উদ্দেশ্যেৰে ধনু কাঁড় হাতত ল'লে। এইবোৰ দেখি সমুদ্ৰ দেৱে ভয় খালে আৰু তৎক্ষণাৎ শ্ৰীৰামৰ সন্মুখত প্ৰকট হৈ ক'লে-হেই প্ৰভু আপুনি খঙ নকৰিব। আপুনি যদি লংকালৈ যাব বিচাৰে তেতিয়া মোৰ ওপৰত সেতু বা পুলৰ নিৰ্মাণ কৰক। এইবোৰ শুনি প্ৰভু শ্ৰীৰামে সমুদ্ৰ দেৱক ক'লে -হেই সমুদ্ৰ আপোনাৰ ওপৰত সেতু নিৰ্মাণ কৰাটো কেনেকৈ সম্ভৱ হ'ব। 

(Assamese Religious Studies)

তেতিয়া সমুদ্ৰ দেৱে হাত জোৰ কৰি ক'লে- হেই প্ৰভু আপুনি সৰ্বজ্ঞানী আৰু আপুনি এইটোও জানে যে আপোনাৰ বান্দৰ সেনাত নল আৰু নীল নামৰ দুটা বান্দৰ আছে আৰু সিহঁত দুয়োজনে এইটো বৰদান পাই থৈছে যে এওঁলোকে পানীত যি বস্তুৱে পেলাওঁক সি কেতিয়াও ডুবি নাযায় আৰু মই আপোনাক বচন দিছোঁ সেতু নিৰ্মাণ কৰোতে ব্যৱহাৰ কৰা পাথৰবোৰক মই পানীৰ ধৌওত বৈ যাবলৈ নিদিওঁ। ইমানখিনি কৈ সমুদ্ৰ দেৱে প্ৰভু শ্ৰীৰামৰ আজ্ঞা লৈ নিজৰ স্থানলৈ গুচি গ'ল।


সমুদ্ৰ দেৱ যোৱাৰ পাছত প্ৰভুৰ বান্দৰ সেনা নল আৰু নীলৰ নেতৃত্বত সেতু নিৰ্মাণ কাৰ্য চলিবলৈ ধৰিলে। সেতু নিৰ্মাণৰ কাৰণে পাথৰ, গছৰ ডাল, গছৰ শকত শিপা,ডাঙৰ ডাঙৰ পাত আদি বিভিন্ন ধৰণৰ জৰুৰী বস্তু গোটাই লোৱা হ'ল। তাৰ পিছত নল আৰু নীলৰ সহায়ত বান্দৰ সেনাই কেৱল পাচঁদিনতে সেতু নিৰ্মাণ কৰি উলিয়ালে। নল আৰু নীলৰ সহায়ত যি পাথৰ সমুদ্ৰত পেলোৱা হৈছিল সেইবোৰ পানীত ওপঙিবলৈ ধৰিছিল আৰু তাৰ পাছত সেইবোৰক গছৰ শিপাৰে বান্ধি দিয়া হৈছিল। নিৰ্মাণ সম্পূৰ্ণ হোৱা পাছত এই সেতুখন দৈৰ্ঘ্য ৩০ কিলোমিটাৰ আৰু বহল ৩ কিলোমিটাৰ আছিল। 


ৰামসেতু নিৰ্মাণ কৰি থাকোঁতে এটা ঘটনা ঘটিছিল।যিটো নাজানিলে ৰামসেতুৰ কাহিনীটো আধৰুৱা যেন লাগে। ৰামায়ণৰ অনুসৰি যেতিয়া সকলো বান্দৰে সমুদ্ৰৰ ওপৰত সেতুৰ নিৰ্মাণ কৰি আছিল। তেতিয়া লক্ষ্মণে দেখিছিল যে প্ৰভু শ্ৰীৰামে বহুত সময় ধৰি একেটা দিশৰ ফালেই চাই আছে। তেতিয়া লক্ষ্মণে প্ৰভু শ্ৰীৰামক সুধিলে আপুনি ইমান দেৰিৰ পৰা এই দিশত কাক চাই আছে। হেই লক্ষ্মণ তাত তুমি কেৰ্কেটুৱাটো দেখিছা নে? লক্ষ্মণে ক'লে- অ' দেখিছোঁ।কেৰ্কেটুৱাটোৱে বাৰে বাৰে সমুদ্ৰৰ পাৰলৈ গৈ নিজকে বালিত লুটুৰি পুটুৰি কৰি আছে আৰু যিবোৰ বালি তাৰ গাত লাগি গৈছে সেইবোৰ গৈ সেতুট জোঁকাৰি থৈ আহে।এইটো শুনি লক্ষ্মণে ক'লে -সি অকল বালিৰ লগত খেলি আছে আৰু বেলেগ একো কথা নাই। তেতিয়া প্ৰভু শ্ৰীৰামে ভায়েক লক্ষ্মণক ক'লে -নহয় অনুজ তুমি এই কেৰ্কেটুৱাটোৱে কৰা কাৰ্যৰ বিষয়ে বুজি পোৱা নাই। আহা তোমাক কেৰ্কেটুৱাটোৰ মুখৰ পৰাই তাৰ মনৰ ভাব শুনাও।



 তাৰ পাছত দুয়োজন সেই কেৰ্কেটুৱাটোৰ ওচৰলৈ গ'ল। প্ৰভু শ্ৰীৰামে কেৰ্কেটুৱাটোক সুধিলে- তুমি এইবোৰ কি কৰি আছা? তেতিয়া কেৰ্কেটুৱাটোৱে 

প্ৰভু শ্ৰীৰামক প্ৰণাম কৰি ক'লে- হেই প্ৰভু এই বান্দৰৰ দ্বাৰা নিৰ্মিত এই পুণ্য কামত অলপ সহযোগ কৰিছোঁ। ইমানেই কৈ যেতিয়া কেৰ্কেটুৱাটোৱে আকৌ নিজৰ কাম কৰিবলৈ যাবলৈ ধৰিলে প্ৰভু শ্ৰীৰামে কেৰ্কেটুৱাটোক ৰখাই সুধিলে- তোমাৰ দ্বাৰা পেলোৱা অলপ বালিৰে কি হ'ব? তেতিয়া কেৰ্কেটুৱাটোৱে ক'লে-প্ৰভু আপুনি ঠিকেই কৈছে মোৰ নিচিনা এটা সৰু প্ৰাণীয়ে এই মহান কাৰ্যত কি কৰিব পাৰে।এই কাৰ্য মই একো আশা বা আকাংক্ষাত কৰা নাই। এই কাৰ্য মই নিজৰ আত্ম সন্তুষ্টিৰ বাবে কৰিছোঁ। অধৰ্মত জয়ী হোৱা এই কাৰ্যত যিমান কৰিব পাৰোঁ তাকে মই কৰি আছোঁ।


কেৰ্কেটুৱাটোৰ এই কথাবোৰ শুনি প্ৰভু শ্ৰীৰামৰ চকুত চকু পানী বৈ আহিল। তাৰ পাছত তেওঁ সেই কেৰ্কেটুৱাটোক উঠাই নিজৰ হাত তলুৱাত লৈ তাক মৰম কৰিবলৈ ধৰিলে। ধৰা হয় যে কেৰ্কেটুৱাটোৰ গাত যি ধাৰৰ দৰে দেখা যায় সেইবোৰ প্ৰভু শ্ৰীৰামে হাত ফুৰোৱাৰ ফলতেই হ'ল। 


এইসমূহটো পৌৰাণিক কথা। কিন্তু আপোনালোকে এইটো জানি আচৰিত হ'ব যে বিজ্ঞানেও মানে ৰামসেতু কাল্পনিক নহয়।আজিৰ পৰা হাজাৰ বছৰ আগতে এই সেতু আছিল । ১৪৮০ খ্ৰীষ্টাব্দত এটা চক্ৰবাদৰ ফলত এই সেতু ভাগি পৰিছিল আৰু সমুদ্ৰৰ পানী বঢ়াৰ ফলত এই সেতুখন ডুবি গ'ল । ইয়াৰ উপৰিও বৈজ্ঞানিক সকলে এইটোও কয় যে এই সেতু বেলেগ ধৰণৰ পাথৰেদি নিৰ্মাণ কৰা হৈছিল।যাৰ ফলত এই পাথৰ ডুবি নগ'ল আৰু ওপঙি থাকিল। বিজ্ঞানৰ ভাষাত এই পাথৰক পিয়োমাইছ নামেৰে জনা যায়। যিবোৰ দেখিবলৈ মজবুত যেন লাগে। কিন্তু ই পানীত সম্পূৰ্ণ ৰূপে ডুবি নাযায় আৰু ওপঙি থাকে।  


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


(Assamese Religious Studies)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত




No comments:

Post a Comment

Advertisement

Pages