মা সতীৰ শৰীৰৰ অংগ ক'ত ক'ত পৰিছিল: Assamese Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 29, 2021

মা সতীৰ শৰীৰৰ অংগ ক'ত ক'ত পৰিছিল: Assamese Religious Studies


Assamese Religious Studies

প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ মা সতীৰ দেহৰ অংগ য'ত য'ত পৰিছিল ।তাত অৱস্থিত বা তাত বনোৱা শক্তিপীঠ বা মন্দিৰবোৰৰ বিষয়ে।(Assamese Religious Studies)

আদি শক্তিপীঠৰ সংখ্যা চাৰিটা বা চাৰিখন বুলি কোৱা হয়।কালীকা পুৰাণত শক্তিপীঠৰ সংখ্যা ২৬ বুলি কোৱা হয়। শিৱচৰিত্ৰৰ মতে শক্তিপীঠৰ সংখ্যা ৫১ আৰু তন্ত্ৰ চূৰামণি মাৰ্কেন্দ্ৰীয় পুৰাণৰ মতে শক্তিপীঠৰ সংখ্যা ৫২। ভাৰতত শক্তিপীঠৰ সংখ্যা ১০৮ বুলি কোৱা হয়। 


আদি শক্তিৰ এটা ৰূপ সতীয়ে ভগৱান শিৱৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। কিন্তু এই বিবাহত সতীৰ পিতৃ মহাৰাজ দক্ষ সন্তোষ নাছিল। পাছত দক্ষ ৰজায়ে এখন মহাযগ্যা পাতিলে।তালে সতীক এৰি সকলো দেৱী-দেৱতাকে মাতিলে। সতীয়ে নমতাকৈ যগ্যালে গ'ল আৰু তাৰ পাছত পিতৃ দক্ষ মহাৰাজে ভগৱান শিৱৰ কথা সতীক বেয়া বেয়াকৈ ক'বলৈ ধৰিলে। সতীয়ে এইবোৰ সহ্য কৰিব নোৱাৰিলে আৰু সেই যগ্যাৰ অগ্নিত নিজকে আত্মসমৰ্পন কৰিলে। তাৰ পিছত দুখতে ভগৱান শিৱই সতীৰ দেহটো উঠাই লৈ বিনাশ নৃত্য কৰিবলৈ আৰম্ভ কৰিলে। এইবোৰ ৰখাবলৈ ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে মা সতীৰ দেহটো টুকুৰা টুকুৰ কৰি পেলালে আৰু সতীৰ দেহৰ অংগ য'ত য'ত পৰিছিল তাতে শক্তিপীঠৰ নিৰ্মাণ কৰা হৈছিল।শক্তিপীঠৰ সংখ্যাকলৈ বেলেগ বেলেগ গ্ৰন্থত বেলেগ বেলেগ ধৰণে কোৱা হৈছে। এইসমূহৰ বিষয়ে জানো আহঁক-


১.কাশ্মীৰ বা অমৰনাথ- জম্মু কাশ্মীৰৰ অমৰনাথত মা সতীৰ কন্ঠ পৰিছিল বুলি কোৱা হয়।


২. কইটায়ানী -বিন্দাবন মথুৰাৰ ভূতেশৰত সতীৰ কেশ বা চুলি পৰিছিল।


৩.বিচালাচি- উত্তৰ প্ৰদেশৰ বাৰাণসীৰ মনিকনিকা ঘাটত কাণৰ মনি পৰিছিল।


৪. প্ৰৈয়াগ- উত্তৰ প্ৰদেশৰ এলাহাবাদ চহৰত সতীৰ হাতৰ আঙুলি পৰিছিল।


৫.জ্বালামুখী- হিমালয় প্ৰদেশৰ কাংগৰাত অৱস্থিত। ইয়াত সতীৰ জিভা পৰিছিল।


৬.জলন্ধৰ- জলন্ধৰৰ পাঞ্জাৱত সতীৰ মুৰটো পৰিছিল। 


৭.দেৱীকোশপীঠ- হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ পাচঁ সৰোবৰৰ ওচৰত সতীৰ সোঁ ভৰি পৰিছিল ।এই মন্দিৰভাগক শ্ৰীদেৱীকোশ ভদ্ৰকালীপীঠ নামে জনা যায়।


৮.মগধ- বিহাৰৰ ৰাজধানী পাটনাত অৱস্থিত পটনেশ্ৰৰী দেৱীকে শক্তিপীঠ বুলি কোৱা হয়। ইয়াত সতীৰ সোঁফালৰ ভৰিৰ ওপৰৰ অংশ পৰিছিল।


৯.মানসশক্তি- ত্ৰিপতৰ মানসৰোবৰ তৎত মা সতীৰ সোঁ হাতৰ তলুৱা পৰিছিল।


১০.কৰ্বী- মহাৰাষ্ট্ৰৰ ক'লাপুৰত সতীৰ ত্ৰিনেত্ৰ পৰিছিল।এই ঠাইখিনিক সতীৰ নিজৰ নিবাস বুলি কোৱা হয়।


১১.চৰ্ণস্থান- মহাৰাষ্ট্ৰৰ নাশিকত অৱস্থিত পঞ্চৱতীত সতীৰ থুতৰী পৰিছিল।


১২.আম্বাজী- গুজৰাটৰ বাৰাজকান্ঠা জিলাত মা সতীৰ কলিজাটো পৰিছিল।  


১৩.মনিবেত্ৰিকা- এই শক্তিপীঠ ৰাজস্থানৰ পুচস্কৰত অৱস্থিত। ইয়াক গায়ত্ৰী মন্ত্ৰ নামেৰেও জনা যায়। ইয়াত সতীৰ হাতৰ খাৰু পিন্ধা অংশ পৰিছিল।


১৪.বিৰাট- বিৰাটৰ অম্বিকা এই স্থান জয়পুৰৰ বিৰাটক্ৰমত আছে। ইয়াত সতীৰ সোঁ ভৰিৰ আঙুলি পৰিছিল।


১৫.গোদামবৰী তৎ- অন্ধ্ৰ প্ৰদেশৰ ক'বুৰত মা সতীৰ বাওঁ ফালৰ কোমল অংগ পৰিছিল।


১৬.চুচিমটম- তামিলনাডুৰ কন্যাকুমাৰীৰ ত্ৰিসাগৰ স্থলত মা সতীৰ ওপৰৰ পাৰি দাতঁ পৰিছিল।


১৭.শ্ৰীচেন-  অন্ধ্ৰ প্ৰদেশৰ কুৰনোলৰ ওচৰত সতীৰ গলশীৰা বা কন্ঠ পৰিছিল।


১৮.কাঞ্চী- তামিলনাডুৰ কাঞ্চীপুৰমত সতীৰ কংকাল পৰিছিল।


১৯.কৰ্নিকা আশ্ৰম- তামিলনাডুৰ কন্যাকুমাৰী তিনিখন সাগৰত হিন্দু মহাসাগৰ,আৰব মহাসাগৰ আৰু বঙ্গালৰ ঘাৰিৰ সমগমত সতীৰ পিঠি ভাগ পৰিছিল।


২০.ক্ৰিৰিট- হুগলী নদীৰ পাৰত লাল বাগখৌৰত সতীৰ শিৰৰ ভূষণ বা মুকুট পৰিছিল।


২১.অত্যসচ- লাভপুৰৰ অত্যসচত মা সতীৰ তলৰ ওঠ পৰা বুলি কোৱা হয়। 


২২.নন্দীপুৰ-  চেনেথাৰ নন্দীপুৰত মা সতীৰ ডিঙিৰ হাৰ পৰিছিল।


২৩.নীলসাতী- বলপুৰমৰ নীলসাতীত সতীৰ ডিঙিৰ নলী পৰিছিল।


২৪.বহুলা-কটোৱা জংচনৰ ওচৰৰ গাঁও কেতুগ্ৰামত মা সতীৰ বাহু পৰিছিল বুলি প্ৰচলিত আছে।

(Assamese Religious Studies)

২৫.ত্ৰিচতৌটা- জলপাইগুৰি ছালবাৰী গাওঁৰ ত্ৰিচৰা নদীত মা সতীৰ গৰম অংশ পৰিছিল।


২৬. ত্ৰিভাচ- ত্ৰিভাচৰ মদৰাপুৰত সতীৰ আঁঠু ওচৰৰ অংশ পৰিছিল।


২৭.ইয়ুগাধা- চিৰগ্ৰামত মা সতীৰ ভৰিৰ বুঢ়া আঙুলি পৰিছিল।


২৮.কালীঘাট - কালীঘাট কালী মন্দিৰ নামেৰে প্ৰসিদ্ধ। ইয়াত সোঁ ভৰিৰ বুঢ়া আঙুলিটো এৰি ভৰিৰ আঙুলি চাৰিটা পৰিছিল ।


২৯.বক্ৰেচৰ- বক্ৰেচৰৰ চিনথেয়াত সতীৰ মনটো পৰা বুলি কোৱা হয়।


৩০.কামাখ্যা- গুৱাহাটীৰ কামগীৰি পৰ্বতত সতীৰ যোনিৰ অংশ পৰিছিল।


৩১.জয়ন্তী- মেঘালয়ৰ জয়ন্তীয়া পাহাৰত মা সতীৰ গৰম অংশ পৰিছিল।


৩২.ত্ৰিভু সুন্দৰী- ত্ৰিপুৰাৰ ৰাগকিশোৰ গ্ৰামত মা সতীৰ সোঁ ভৰি পৰিছিল।


৩৩.গীৰ্জাক্ষেত্ৰ- উৎকলৰ উৰিষ্যাৰ পুৰী আৰু য়াচপুৰত মা সতীৰ নাড়ী বা নাভি অংশ পৰিছিল।


৩৪.বেদনাথ-ঝাৰখন্দৰ গিৰিদি দেৱঘৰত মা সতীৰ হৃদয় পৰিছিল বুলি প্ৰচলিত আছে। মানত্য অনুসৰি ইয়াতে মা সতীৰ দাহ সংস্কাৰ কৰা হৈছিল।

 

৩৫.উজ্জেইনি-মধ্য প্ৰদেশৰ উজ্জেইনৰ চিত্ৰাৰ দুটা তৎত মা সতীৰ কিলাকুটি পৰিছিল।


৩৬.চৌৰ-মধ্য প্ৰদেশৰ অমৰ কন্টকা নৰ্মদা মন্দিৰত সতীৰ সোঁ ফালৰ শৰীৰৰ অংশ পৰিছিল।


৩৭.লংকা- শ্ৰীলংকাত সতীৰ নুপুৰ পৰিছিল।


৩৮.গন্ধকী-নেপালৰ গন্ধকী নদীৰ উদগমত মা সতীৰ গাল পৰিছিল।


৩৯.গোহেশ্ৰৰী- নেপালৰ কাঠমাণ্ডুত পশুপতিনাথ মন্দিৰ ওচৰত সতীৰ দুটা আঁঠু পৰিছিল।


৪০.হিংলাজ- পাকিস্তানৰ বলোজিচ স্থানপ্ৰান্তত গাঁঠিৰ অংশ পৰিছিল।


৪১.সুগন্ধ- বাংলাদেশৰ খুলনাত সুগন্ধ নদীত মা সতীৰ  প্ৰবিত্ৰ অংশ পৰিছিল।


৪২.কৰতৈয়া ঘাট- বাংলাদেশৰ ভবানীপুৰৰ বেগৰাৰ কৰতৈয়া নদীৰ তৎত  সতীৰ গৰম তলুৱা পৰিছিল।


৪৩.চতল- বাংলাদেশৰ চত গাওঁত সতীৰ সোঁ কান্ধ পৰিছিল।


৪৪.জেচৌৰ- বাংলাদেশৰ জেচৌৰৰ খুলনাত সতীৰ বাওঁ হাতৰ তলুৱাৰ পৰিছিল।


৪৫.শ্ৰীৰ প্ৰভাতা শক্তিপীঠ-কিছুমানৰ মতে লাডাকত আৰু কিছুমান মতে অসমত আছে ।ইয়াতো সতীৰ দেশৰ অংশ পৰিছিল বুলি কোৱা হয়।


৪৬.পঞ্চসাগৰ শক্তিপীঠ- এই শক্তিপীঠ কোনো নিশ্চিত স্থান জ্ঞাত নহয়।


৪৭.ভৈৰৱ পৰ্বত শক্তিপীঠ- কিছুমানে গুজৰাটৰ ওচৰত আৰু কিছুমানে মধ্য প্ৰদেশৰ উজ্জেইনৰ ওচৰত চিত্ৰানদীত আছে বুলি কোৱা হয় আৰু ইয়াতো সতীৰ দেহৰ অংগ পৰিছিল।


৪৮.মিথিলা শক্তিপীঠ- নেপালৰ জনকপুৰ, বিহাৰৰ সমস্থিপুৰ আৰু চেহেৰচাত ইয়াৰ অৱস্থিত বুলি কোৱা হয়।


৪৯.ৰত্নাৱলী শক্তিপীঠ- তামিলনাডুৰ চেন্নাইত অৱস্থিত।


৫০.কালমাধৱ শক্তিপীঠ- এই শক্তিপীঠ ক'ত আছে নিশ্চিত ৰূপে ক'ব পৰা নাযায়।


৫১.ৰামগীৰি শক্তিপীঠ-কিছুমানে মধ্য প্ৰদেশৰ মৈহৰত আছে বুলি কয়।


এইয়া আছিল মা সতীৰ ৫১ ভাগ শক্তিপীঠ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


(Assamese Religious Studies)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত



No comments:

Post a Comment

Advertisement

Pages