হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই আগবঢ়াইছে এনেবোৰ যুক্তি : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 27, 2021

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই আগবঢ়াইছে এনেবোৰ যুক্তি : Assamese News

 

Assamese News

"ভাৰতৰ দৰে এখন ৰাষ্ট্ৰৰ পিতা বা লক্ষ লক্ষ বছৰীয়া এক সত্তাৰ বাহক ভাৰতীয় সনাতনৰ জাতিৰ পিতা মহাত্মা গান্ধী কেনেকৈ হ'ব পাৰে? ( Assamese News )


তেওঁ আমাৰ নমস্য, তেওঁ অনন্য, তেওঁ মহাত্মা-মহাপুৰুষ হয়; কিন্তু, ভাৰতীয় জাতিৰ পিতা কেনেকৈ ?? 


তাৰমানে, ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা নাইবা ইংৰাজে শাসন কৰাৰ পিছৰ পৰাহে ভাৰতীয় জাতি গঠন হৈছে নেকি ?? যি ভাৰতৰ নাম প্ৰসংগ চাণক্যৰ দিনৰে পৰা আছিল --- তাৰ আগলৈ মানে ৰামায়ণ, মহাভাৰতৰ সময়লৈকে নগ'লোৱেইবা --- সেই ভাৰতৰ জাতি মোহনদাস কৰমচাঁদ গান্ধীয়ে গঠন কৰিব??? 


জানে নে,


"ৰঘূপতি ৰাঘৱ ৰাজা ৰাম 

পতিত পাৱন সীতা-ৰাম"


----- জনপ্ৰিয় এই ভজন ফাঁকিৰ মূল প্ৰণেতা কোন?  শ্ৰীলক্ষ্মাচাৰ্য্য। তেওঁ "শ্ৰী নমো ৰামায়ণম" শীৰ্ষক এখনি বিশ্লেষণাত্মক গ্ৰন্থত লেখিছিল। ( Assamese News )

 মূল ভজনটি হ'ল ---


रघुपति राघव राजाराम

पतित पावन सीताराम ॥


सुंदर विग्रह मेघश्याम

गंगा तुलसी शालग्राम ॥


रघुपति राघव राजाराम

पतित पावन सीताराम ॥


भद्रगिरीश्वर सीताराम

भगत-जनप्रिय सीताराम ॥


रघुपति राघव राजाराम

पतित पावन सीताराम ॥


जानकीरमणा सीताराम

जयजय राघव सीताराम ॥


रघुपति राघव राजाराम

पतित पावन सीताराम ॥


रघुपति राघव राजाराम

पतित पावन सीताराम ॥


- श्री लक्ष्माचर्या [श्री नम: रामायणम् ]


ভাৰতীয় সভ্যতা-সংস্কৃতিৰ গৌৰৱময় চৰিত্ৰবাহক সেই বিশেষ ভজনটোৰ প্ৰথম দুশাৰী লৈ মহাত্মা গান্ধীয়ে----


"ঈশ্বৰ আল্লা তেৰে নাম

সবকৌ সদগতি দে ভগৱান" 


--- কৰি নিজৰ মতে বনাই  পেলাইছিল !!! পৰিণতিত, আমি সেইটোহে জানিলো। মূলটো নাজানিলো। 


যিজন ব্যক্তিয়ে আমাৰ মূল বুনিয়াদী কথাবোৰ সলাই যেতিয়া দুদিনীয়া বিষয় কিছুমানক আমাৰ আগত আগবঢ়াই দিব; আমাৰ মূল সত্তাক সলনি কৰি যিটি কৰিব; তেওঁ কেনেকৈ আমাৰ জাতিৰ পিতা হ'ব পাৰে ??  ( Assamese News )


আৰু, যিজন মানুহৰ মৌনতাৰ বাবেই যেতিয়া চাণক্যৰ সেই অখণ্ড ভাৰত পুনৰ এবাৰ টুকুৰা হৈ পৰিছিল; তেনে স্থলত আমি তেওঁক জাতিৰ পিতা বুলি কেনেকৈ ক'ব পাৰো ??" - সত্যৰঞ্জন বৰা



No comments:

Post a Comment

Advertisement

Pages