তুলসী বা পবিত্ৰ তুলসী হৈছে লেমিয়াচি (Lamiaceae) পৰিয়ালৰ এক বহুল পৰিচিত উদ্ভিদৰ প্ৰজাতি। ভাৰতৰ স্থানীয় আৰু সমগ্ৰ দক্ষিণ-পূব এছিয়াত যথেষ্ট তুলসীৰ খেতি কৰা হয়।
( Assamese Health tips )
আমাৰ শৰীৰৰ বিভিন্ন সংক্ৰমণ আৰু হৃদযন্ত্ৰ, যকৃত, ছাল, বৃক্ক আদিৰ ৰোগৰ পৰা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তুলসী যথেষ্ট ভাল বুলি প্ৰমাণিত হৈছে। সেয়েহে, তুলসীক 'বনৌষধিৰ ৰাণী' বুলি কোৱা হয়। তুলসীৰ আয়ুৰ্বেদত এক বিশেষ স্থান আছে আৰু লগতে ভাৰতত হিন্দুসকলৰ মাজত ইয়াৰ এক পৱিত্ৰতা আছে। ইয়াক হিন্দুসকলে পবিত্ৰ বুলি গণ্য কৰে আৰু তেওঁলোকে পূজা কৰে।
পুষ্টিগত মূল্য- তুলসী পাতত ভিটামিন A , C আৰু K আৰু খনিজ পদাৰ্থ যেনে কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, আইৰণ আৰু পটাছিয়ামেৰে সমৃদ্ধ। ইয়াত যথেষ্ট পৰিমাণৰ প্ৰ'টিন আছে। এতিয়া জানো আহঁক তুলসীৰ ১১টা লাভালাভ-
১. প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক - তুলসীত ভিটামিন C আৰু জিংকেৰে সমৃদ্ধ। ই প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৰ্ধক আৰু সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে। ইয়াত এণ্টি-বেক্টেৰিয়া, এণ্টি-ভাইৰেল আৰু এণ্টি-ফাংগাল গুণ আছে। যি আমাক বিভিন্ন সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে। তুলসী পাতত থকা টি হেল্পাৰ চেলে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে।
২.জ্বৰ আৰু বিষ হ্ৰাস কৰে - তুলসীৰ বেক্টেৰিয়া-প্ৰতিৰোধী আৰু ভাইৰেল-বিৰোধী গুণাগুণ আছে। যি সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। তুলসীৰ আধা লিটাৰ পানীত গুৰি কৰা ইলাচী দি উতলাই চেনী আৰু গাখীৰৰ সৈতে মিহলি কৰি ঠাণ্ডা কৰি খালে জ্বৰ হ্ৰাস হয় । তুলসীত পোৱা বিষ নাশক গুণে ইউজেনোল নামৰ টাৰ্পেনে শৰীৰৰ বিষ হ্ৰাস কৰে।
৩. চৰ্দি, কাহ আৰু অন্যান্য শ্বাসতন্ত্ৰৰ সমস্যা হ্ৰাস কৰে - তুলসীত থকা কাম্ফিন, কিনিঅ'ল, আৰু ইউজেনোলে বুকুত ঠাণ্ডা অনুভৱ কৰাই আৰু বিষ হ্ৰাস কৰাত সহায় কৰে। তুলসীয়ে ব্ৰংকাইটিছ, হাপানি, ইনফ্লুৱেঞ্জা ৰোধ কৰাত সহায় কৰে। ঠাণ্ডাত মৌ আৰু আদাৰ সৈতে তুলসীৰ পিছি খালে ভাল বুলি কোৱা হয়।
৪.চাপ আৰু ৰক্তচাপ হ্ৰাস কৰে - তুলসীয়ে কম্পাউণ্ড অকিমুমোচাইড A আৰু B ক ৰক্ষণাবেক্ষণ কৰে। এই যৌগটোৱে ৰক্ত চাপ হ্ৰাস কৰে আৰু মগজুৰ নিউৰোট্ৰেন্সমিটাৰ চেৰোটনিন আৰু ডোপামিনৰ ভাৰসাম্য ৰক্ষা কৰে। তুলসীৰ প্ৰতিৰোধী গুণাগুণে ৰক্তচাপ হ্ৰাস কৰে। (Assamese Health tips )
৫.কৰ্কট ৰোধী গুণাগুণ - তুলসীত থকা ফাইটকেমিকেল নামৰ পদাৰ্থ বিধত এণ্টিঅক্সিডেণ্ট গুণাগুণ থাকে । এইবোৰে আমাক ছাল, যকৃত, মুখ আৰু হাঁওফাঁওক কৰ্কটৰোগৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।
৬. হৃদযন্ত্ৰৰ বাবে ভাল- তুলসীত থকা উচ্চতৰ এণ্টিঅক্সিডেণ্ট গুণাগুণে হৃদধমনীয় ৰোগৰ চিকিৎসা আৰু প্ৰতিৰোধত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে যিয়ে তেজৰ লিপিডৰ সমল হ্ৰাস কৰা, ইস্কিমিয়া আৰু ষ্ট্ৰোক হেঁচা দিয়া, উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।
৭. ডায়েবেটিচ ৰোগীৰ বাবে ভাল -তুলসী পাতে ডায়বেটিচ থকা ৰোগীৰ ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে।
৮. বৃক্কৰ পাথৰ বাবে উপযোগী - তুলসীয়ে শৰীৰক ডিটক্সিফাই কৰে । ই শৰীৰত ইউৰিক এচিডৰ স্তৰ হ্ৰাস কৰে, যিটো বৃক্কৰ পাথৰ সৃষ্টি হোৱাৰ মুখ্য কাৰণ। ইউৰিক এচিডৰ স্তৰ হ্ৰাস কৰি সমস্যা ভুগি থকা ৰোগীসকলকো সকাহ দিয়ে।
৯. ভোক কম হোৱা সমস্যাৰ বাবে উপযোগী- তুলসী নিৰাময় সূচক আৰু ই ভোক কম হোৱাৰ সমস্যাত সহায় কৰে। ইয়াক ফ্লেটুলেন্স আৰু ফুলা চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হয়।
১০.ছাল আৰু চুলিৰ বাবে উপকাৰী- তুলসীয়ে দাগ আৰু ছাল পৰিষ্কাৰ কৰাত সহায় কৰে। ই এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ, আৰু ই বয়সৰ চাপ কমোৱাতো সহায় কৰে। তুলসীয়ে চুলিৰ গুৰি শক্তিশালী কৰাত সহায় কৰে। ই চুলি সৰা হৰা সমস্যা নাইকীয়া কৰে। তুলসীৰ এণ্টিফাংগাল গুণে ভেঁকুৰ আৰু ডেণ্ড্ৰাফ নাইকীয়া কৰে ।
১১. কীট প্ৰতিৰোধক হিচাপে কাম কৰে- বহু শতিকা ধৰি , শুকান তুলসীপাতবোৰ সঞ্চিত শস্যৰ সৈতে মিহলি কৰি কীট প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰি অহা হৈছে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Health tips )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment